বহল ব্যাকৰণ/দশম অধ্যায়
দশম অধ্যায়৷
⸺:★:⸺
ধাতু আৰু ক্ৰিয়া প্ৰকৰণ।
ধাতু।
১। ক্ৰিয়াৰ মূলক ধাতু বোলা যায়।
২। ধাতু তিনি বিধ — মৌলিক, যৌগিক, আৰু নাম ধাতু।
৩। যি ধাতুৰ আদিৰ ৰূপ লৰচৰ হোৱা নাই, তাক মৌলিক ধাতু বোলে। যেনে, কৃ, ধৃ, জ্ঞা, পা, দা, ইত্যাদি।
৪। কোনো ধাতুত কোনো প্ৰত্যয় যোগ দি যি নতুন ধাতু প্ৰস্তুত কৰা হয়, তাক যৌগিক বা প্ৰত্যয়ান্ত ধাতু বোলে। যেনে, কৃ ধাতুৰ পৰা কাৰি ধাতু, ধৃ ধাতুৰ পৰা ধাৰি ধাতু, জ্ঞা ধাতুৰ পৰা জ্ঞাপি ধাতু। সেইদৰে, পা ধাতুৰ পৰা পিপাস, শ্ৰু ধাতুৰ পৰা শুশ্ৰূষ, দৃশ ধাতুৰ পৰা দিদৃক্ষ ধাতু। আৰু সেইদৰে ৰুদ ধাতুৰ পৰা বোৰুদ্য, জ্বল ধাতুৰ পৰা জাজ্বল্য, দুল ধাতুৰ পৰা দোদুল্য ধাতু। এই এটাইবিলাক নতুন ধাতু।
সংস্কৃত ভাষাত নিচ্, সন্, আৰু যঙ্, এই তিনি প্ৰত্যয় যোগ দি মূল বা মৌলিক ধাতুৰ পৰা নতুন ধাতু কৰা হয়। আৰু সেই নতুন ধাতু বিলাকত ক্ৰিয়া বিভক্তি বা অন্য প্ৰত্যয় যোগ দিয়া যায়। [ ১৭৬ ] আনক পাঁচি ক্ৰিয়া কৰোৱা অৰ্থত নিচু প্ৰত্যয় যোগ দিয়া হয়।
নিচ্, প্ৰত্যয় যোগ দিলে, কৃ ধাতু কাৰি, ধৃ ধাতু ধাৰি। জ্ঞা ধাতু
জ্ঞাপি হয়।
ইচ্ছা অৰ্থত সন প্ৰত্যয় যোগ দিয়া হয়। সন প্ৰত্যয় যোগ দিলে,
কৃ ধাতু চিকীৰ্ষ, পা ধাতু পিপাস, শ্ৰু ধাতু শুশ্ৰূষ হয়।
ঘনে পতি কৰা অৰ্থত ষঙ্, প্ৰত্যয় যোগ দিয়া হয়। ষঙ প্ৰত্যয়
যোগ দিলে, কদ ধাতু ৰোকদ্য, জল ধাতু জাজ্বল্য, দুল ধাতু দোদুল্য হয়।
ক্যঙ্ প্ৰত্যয় যোগ দি বস্তুৰ নামৰ পৰাও ধাতু প্ৰস্তুত কৰা হয়।
সেই ধাতুক নাম ধাতু বোলে। যেনে, বাষ্প নামৰ পৰা বাষ্পায়,
দ্ৰুম নামৰ পৰা দ্ৰুমায়, দণ্ড নামৰ পৰা দণ্ডায়।
ওপৰত উল্লেখ কৰা সকলোবিলাক প্ৰত্যয় সংস্কৃত, আৰু সিহঁতক
সংস্কৃত ধাতুতহে যোগ দিব পাৰি। অসমীয়াত তেনে প্ৰত্যয় নাই।
কিন্তু ণিচ্, আৰু ক্যঙ্ প্ৰত্যয়ৰ নিচিনা অসমীয়া ভাষাত অন্য প্ৰত্যয়
আছে। তাৰ বিবৰণ পাচত দিয়া যাব।
৫। সংস্কৃত ধাতুৰ ৰূপ আৰু অসমীয়া ধাতুৰ ৰূপ ভিন ভিন। অসমীয়া ধাতুতহে অসমীয়া ক্ৰিয়া বিভক্তি আৰু কৃৎ প্ৰত্যয় যোগ হয়। সংস্কৃত ধাতু অসমীয়াত কেনে ৰূপ লৈছে, তাৰ কেতবিলাক উদাহৰণ তলত দিয়া হল। যেনে:—
সংস্কৃত ৰূপ
|
অসমীয়া ৰূপ
|
সংস্কৃত ৰূপ
|
অসমীয়া ৰূপ
|
সংস্কৃত ৰূপ
|
অসমীয়া ৰূপ
|
সংস্কৃত ৰূপ
|
অসমীয়া ৰূপ
|
ক্ৰিয়া।
৬। ধাতুত বিভক্তি বা প্ৰত্যয় যোগ হলে, তাক ক্ৰিয়া বোলা যায়।
৭। ক্ৰিয়া দুবিধ:— সকৰ্ম্মক আৰু অকৰ্ম্মক।
৮। যি ক্ৰিয়াৰ কাৰ্য্য কোনো বস্তুৰ ওপৰত হয়, তাক সকৰ্ম্মক ক্ৰিয়া বোলে, আৰু বস্তুটোক সেই ক্ৰিয়াৰ কৰ্ম্ম বোলে।
৯। যি ক্ৰিয়াৰ কাৰ্য্য কোনো বস্তুৰ ওপৰত নহয়, তাক অকৰ্ম্মক ক্ৰিয়া বোলে।
কোনটো ক্ৰিয়া সকৰ্ম্মক, আৰু কোনটো অকৰ্ম্মক, তাক বুজিবলৈ বিশেষ টান নহয়। প্ৰত্যেক সকৰ্ম্মক ক্ৰিয়াত, ক্ৰিয়াটো উল্লেখ কৰা মাত্ৰে এটা প্ৰশ্ন ওলায়, অকৰ্ম্মক ক্ৰিয়াত তেনে কোনো প্ৰশ্ন নোলায়। যেনে, [ ১৭৮ ] কোনোবা এজনে যদি কয়, গোপালে নিশা পঢ়িছিল, তেনেহলে প্ৰশ্ন হব, কি পঢ়িছিল? অৰ্থাৎ পঢ়িছিল ক্ৰিয়াই সদায় এটা কৰ্ম্মৰ আকাঙ্ক্ষা কৰে। এতেকে সি সকৰ্ম্মক। কিন্তু গোপাল শুইছিল, এনে বাক্যত সুধিবলৈ কোনো প্ৰশ্ন নোলায়। শুইছিল ক্ৰিয়াই কেৱল কৰ্ত্তাক আশ্ৰয় কৰি আছে, কোনো কৰ্ম্মৰ আকাঙ্ক্ষা নকৰে। এতেকে সি অকৰ্ম্মক।
১০। কোনো কোনো সকৰ্ম্মক ক্ৰিয়াৰ দুটা কৰ্ম্ম থাকে। তেনে বিধৰ ক্ৰিয়াক দ্বিকৰ্মক ক্ৰিয়া বোলে। যেনে, সি তাক কথাটো কৈছিল। ইয়াত কৈছিল ক্ৰিয়াৰ দুটা কৰ্ম্ম, তাক আৰু কথাটো। এতেকে কৈছিল ক্ৰিয়া দ্বিকৰ্ম্মক।
১১। কৰ্ম্মৰ ঠাইত ক্ৰিয়াৰ অনুৰূপ, অৰ্থাৎ ক্ৰিয়াৰ জাতীয় কোনো পদ থাকিলে, অকৰ্ম্মক ক্ৰিয়াও সকৰ্ম্মক হয়, আৰু সেই অনুৰূপ পদ সেই ক্ৰিয়াৰ কৰ্ম্ম হয়। যেনে, এঘুমটি শুলে, মিৰি নাচন নাচিলে, বিকট হাঁহি হাহিলে। ইয়াত ঘুমটি পদ শুলে, নাচন পদ নাচিলে, আৰু হাঁহি পদ হাহিলে ক্ৰিয়াৰ অনুৰূপ, অৰ্থাৎ সেই ক্ৰিয়াৰ সৈতে একে জাতীয়। এতেকে শুলে, নাচিলে, আৰু হাহিলে, যদিও আচলত অকৰ্ম্মক ক্ৰিয়া, ইয়াত সকৰ্ম্মক হৈছে।
১২। কোনো কোনো সকৰ্ম্মক ক্ৰিয়া অকৰ্ম্মক ক্ৰিয়াৰ ৰূপভেদ মাথোন। যেনে, অকৰ্ম্মক পৰ সকৰ্ম্মক পাৰ, অকৰ্ম্মক সোমা সকৰ্ম্মক সুমা, অঃ ফাট সঃ ফাল, অঃ ছিগা সঃ ছিঙ্গ, অঃ ভাগ সঃ ভাঙ্গ, অঃ ওলা সঃ উলিয়া, অঃ নাম সঃ নমা, অঃ থাক সঃ থ ইত্যাদি।
[ ১৭৯ ] ১৩। সকৰ্ম্মক আৰু অকৰ্ম্মক দুয়ো বিধ ক্ৰিয়াৰ ৰূপ দুটা:—সাধ্যা বা সমাপিকা আৰু সিদ্ধা বা অসমাপিকা।
১৪। ক্ৰিয়াৰ যি ৰূপৰ দ্বাৰা কথাৰ ওৰ পৰা বুজায়, সি তাৰ সাধ্যা ৰূপ, আৰু যি ৰূপৰ দ্বাৰা বাকী থকা বুজায়, সি তাৰ সিদ্ধা ৰূপ। যেনে, গোপাল ঘৰলৈ গৈ শুলে। ইয়াত গৈ যা ক্ৰিয়াৰ সিদ্ধা ৰূপ। কিয়নো, গোপাল ঘৰলৈ গৈ বোলাত কথাৰ ওৰ নপৰিল, কবলৈ আৰু কিবা বাকী থাকিল। কিন্তু শুলে বোলাত কথাৰ ওৰ পৰিল, আৰু একো বাকী নৰল। এতেকে শুলে শো ক্ৰিয়াৰ সাধ্যা ৰূপ।
১৫। সাধ্যা ক্ৰিয়াৰ কাল, পুৰুষ, আৰু বচন আছে, সিদ্ধা ক্ৰিয়াৰ নাই। কৰ্ত্তাৰ পুৰুষ আৰু বচনেই সাধ্যা ক্ৰিয়াৰ পুৰুষ আৰু বচন হয়।
১৬। অসমীয়া ভাষাত বচন অনুসাৰে ক্ৰিয়াৰ ৰূপ নলৰে। একবচনৰ ৰূপেই বহুবচনত ব্যৱহাৰ হয়৷ কেৱল প্ৰথম আৰু দ্বিতীয় পুৰুষত, বহু বচনত সকলো কালত ক্ৰিয়াৰ শেষত হঁক যোগ হয়, নহৈও থাকিব পাৰে। যেনে, আমি খাওঁ বা খাওঁহক, খাইছোঁ বা খাইছোঁহঁক, খাইছিলোঁ বা খাইছিলোঁহঁক, খাম বা খামহঁক। তোমালোকে খোৱা বা খোৱাহঁক, খালা বা খালাহঁক, খাইছা বা খাইছাহঁক, খাইছিলা বা খাইছিলাহঁক, খাবা বা খাবাহঁক। সেই দৰে
খালোঁহঁকহেঁতেন, খালাহঁকহেঁতেন ইত্যাদি। [ ১৮০ ]কাল।
১৭। যি সময়ত ক্ৰিয়া হয় তাক ক্ৰিয়াৰ কাল বোলে।
১৮। কাল মুঠত তিনটা:—বৰ্ত্তমান কাল, ভূত কাল, আৰু ভবিষ্যত কাল।
১৯। বৰ্ত্তমান কাল দুবিধ:—নিত্য বৰ্ত্তমান আৰু স্বৰূপ বৰ্ত্তমান কাল।
নিত্য বৰ্ত্তমান কাল।
২০। নিয়ম, অভ্যাস, বা স্বভাৱ বুজাবলৈ নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, জাপানীবিলাকে ভাত খায়, অৰ্থাৎ ভাত খোৱা তেওঁবিলাকৰ অভ্যাস। মই গধূলি ফুৰোঁ, অৰ্থাৎ গধূলি ফুৰা মোৰ অভ্যাস। বসন্তকালত গছে ন পাত ধৰে অৰ্থাৎ বসন্তকালত ন পাত ধৰা গছৰ স্বভাৱ।
স্বৰূপ বৰ্ত্তমান কাল।
২১। ক্ৰিয়া কৰি থকা বুজাবলৈ স্বৰূপ বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই পঢ়িছোঁ, অৰ্থাৎ মই পঢ়ি আছোঁ। সি শুইছে, অৰ্থাৎ সি শুই আছে।
২২। ভূত কাল তিনি বিধ:—স্বৰূপ ভূত, অপূৰ্ণ ভূত, আৰু সাম্ভব্য ভূত।
স্বৰূপ ভূত কাল।
২৩। ক্ৰিয়া কৰা সম্প্ৰতি শেষ হৈছে, এই ভাব বুজাবলৈ [ ১৮১ ] স্বৰূপ ভূত কাল ব্যৱহাৰ হয়। যেনে, সি গল, অৰ্থাৎ সি এইমাত্ৰ গল। মই খালো, অৰ্থাৎ মই এইমাত্ৰ খাই উঠিলোঁ।
অপূৰ্ণ ভূত কাল।
২৪। অতীত হৈ যোৱা কোনো এটা বিশেষ কালত বা কোনো এটা অতীত কৰ্ম্মৰ আগৰ কালত ক্ৰিয়া হোৱা বুজাবলৈ অপূৰ্ণ ভূত কাল ব্যৱহাৰ হয়। যেনে, তুমি যেতিয়া আহিছিলা, মই তেতিয়া গুৰুসেৱা কৰিছিলোঁ৷ আমি লৰালি কালতে এই সাধুকথা শুনিছিলোঁ। মই তাক কথাটো থোৰ ভাঙ্গি কৈছিলোঁ, অৰ্থাৎ অতীত হৈ যোৱা কোনো এটা বিশেষ সময়ত কৈছিলোঁ৷ কোন বিশেষ সময়ত ক্ৰিয়া কৰা হৈছিল, সেই কথা বাক্যত প্ৰকাশ থাকিবও পাৰে, নাথাকিবও পাৰে, ইয়াত, আগৰ দুটা উদাহৰণত প্ৰকাশ আছে, শেষৰটোত নাই, উহ্য আছে।
সাম্ভব্য ভূত কাল।
২৫। কোনো অতীত কালত ক্ৰিয়া কৰিবৰ সম্ভৱ আছিল, কিন্তু সেই কাল উকলি গৈছে, ক্ৰিয়া কৰা নহল, এনে ভাব বুজাবলৈ সাম্ভব্য ভূত কাল ব্যৱহাৰ হয়। এই কালৰ ক্ৰিয়াৰ শেষত সদায় হেঁতেন প্ৰত্যয় যোগ হয়। যেনে, সি অহাহেঁতেন মই তাৰ লগতেই গলোঁহেঁতেন, অৰ্থাৎ কোনো অতীত হৈ যোৱা সময়ত সি আহিবৰ কথা আছিল, [ ১৮২ ] সেই সময়ত সি অহাহেঁতেন মই তাৰ লগতেই গলোঁহেঁতেন কিন্তু সি নাহিল, গতিকে মোৰো যোৱা নহল।
ভবিষ্যৎ কাল।
২৬। আগলৈ ক্ৰিয়া কৰা হব, এনে ভাব বুজাবলৈ ভবিষ্যৎ কাল ব্যৱহাৰ হয়। যেনে, কলি যুগৰ ওৰ পৰিলে, আকৌ সত্য যুগ হব। তেওঁ ছদিন পাচত আহিব।
অনুজ্ঞা।
২৭। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয়, তাক অনুজ্ঞা বোলে।— অনুজ্ঞাৰ দুই পুৰুষ:—দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তাৰ কালো দুটা:—নিত্য বৰ্তমান কাল আৰু ভবিষ্যৎ কাল।
২৮। সকলো কালত দ্বিতীয় পুৰুষত ক্ৰিয়াৰ দুটা ৰূপ হয়, এটা অনাদৰ অৰ্থত (তুচ্ছাৰ্থত) আৰু এটা আদৰ অৰ্থত।
২৯। সম্ভ্ৰম অৰ্থত ক্ৰিয়াৰ ভিন ৰূপ নহয়। সম্ভ্ৰম বুজুৱা সংজ্ঞা শব্দ বা সৰ্ব্বনাম, সকলো তৃতীয় পুৰুষৰ। সেই দেখি ক্ৰিয়াৰ তৃতীয় পুৰুষৰ ৰূপেই সম্ভ্ৰমতো খাটে। যেনে, ডাঙৰীয়াই কৰে, গোসাঁয়ে কৰে, ৰজাই কৰে, আপুনি কৰে, তেখেতে কৰে, সি কৰে, তেওঁ কৰে।
৩০। কাল আৰু পুৰুষ অনুসাৰে ক্ৰিয়াত যিবিলাক
বিভক্তি যোগ হয়, তাক তলত দিয়া হল। [ ১৮৩ ]ক্ৰিয়া বিভক্তি।
কাল | প্ৰথম পুৰুষ মই, আমি |
দ্বিতীয় পুৰুষ। | তৃতীয় পুৰুষ সি, আপুনি, তেখেত | |
তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত তই, তহঁত |
আদৰ অৰ্থত তুমি, তোমালোক | |||
নিত্য বৰ্ত্তমান | ওঁ | অ | আ | এ |
স্বৰূপ বৰ্ত্তমান | ইছোঁ | ইছ | ইছা | ইছে |
স্বৰূপ ভূত | ইলোঁ | ইলি | ইলা | ইলে |
অপূৰ্ণ ভূত | ইছিলোঁ | ইছিলি | ইছিলা | ইছিলে |
সাম্ভব্য ভূত | ইলোহেঁতেন | ইলিহেঁতেন | ইলাহেঁতেন | ইলেহেঁতেন |
ভবিষ্যৎ | ইম | ইবি | ইবা | ইব |
অনুজ্ঞাৰ বিভক্তি।
কাল | দ্বিতীয় পুৰুষ। | তৃতীয় পুৰুষ | |
তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত তই, তহঁত |
আদৰ অৰ্থত তুমি, তোমালোক | ||
নিত্য বৰ্ত্তমান | অ | আঁ | অক বা ওক |
ভবিষ্যত | ইবি | ইবা | ইব |
৩১। ধাতুত ক্ৰিয়া বিভক্তি
যোগ দিবৰ নিয়ম।
(ক) ব্যঞ্জনান্ত ধাতুত বিভক্তিৰ আদি স্বৰ তাৰ শেষ ব্যঞ্জনত যোগ হয়। কিন্তু ধাতুৰ অন্তত ন ম আদি অনুনাসিক বৰ্ণ থাকিলেওঁ বিভক্তিৰ ঁ লোপ হয়।
(খ) অ, আ, আৰু ও-কাৰান্ত ধাতুৰ পাচত স্বৰূপ ভূত সাম্ভব্য ভূত আৰু ভবিষ্যৎ কালৰ বিভক্তিৰ আদিৰ ই লোপ হয়।
(গ) ই-কাৰান্ত ধাতুৰ পাচত সকলো বিভক্তিৰ আদিৰ ই লোপ হয়।
(ঘ) অ, আ, আক ও—কাৰান্ত ধাতুৰ পাচত অ বিভক্তি ৱ, আ বিভক্তি ৱা হয়।
(ঙ) ই–কাৰান্ত ধাতুৰ পাচত অ বিভক্তি য়, অৰ্থ বিভক্তি য়া, আৰু এ বিভক্তি য়ে হয়। কিন্তু ও—কাৰান্ত ধাতুৰ পাচত এ বিভক্তি ৱে হয়।
(চ) ও—কাৰান্ত ধাতুৰ পাচত ওঁ বিভক্তি ও লোপ হয়, কেৱল ঁ ধাতুত যোগ হয়।
(ছ) সকলো বিধ ধাতুৰ পাচত অনুজ্ঞাৰ অ বিভক্তি লোপ হয়।
৩২। সকৰ্ম্মক আৰু অকৰ্ম্মক ধাতুৰ সকলো বিভক্তিত একে ৰূপ। কেৱল হাঁহ, কান্দ, কাহ, নাচ, হাগ, মুত, লৰ, [ ১৮৫ ] শো, ওমল আদি কেতবিলাক ধাতুৰ বাজে আনবিলাক অকৰ্ম্মক ধাতুত তৃতীয় পুৰুষৰ ইলে আৰু ইলেহেঁতেন এই দুই বিভক্তিৰ ল ৰ এ-কাৰ নাথাকে। যেনে, সকৰ্ম্মক ধাতু কৰ— সি কৰিলে, সি কৰিলেহেঁতেন; অকৰ্ম্মক ধাতু পৰ্, সি পৰিল, সি পৰিলহেঁতেন। কিন্তু অকৰ্ম্মক ধাতু কান্দ্—সি কান্দিলে, সি কান্দিলেহেঁতেন। কাহ, নাচ আদি ধাতুৰো এনেকুৱা ৰূপ হয়।
৩৩। সোমা, ওলা, ওপং ওলম আদি ধাতুৰ বাহিৰে আনবিলাক ও-কাৰ যুক্ত বা আদিত ও-কাৰ থকা ধাতুত বিভক্তি যোগ হলে, নিত্য বৰ্ত্তমান কালৰ বাহিৰে আন সকলো কালত তাৰ ও মৰি উ হয়। যেনে, ওপজে, কিন্তু উপজিছে, উপজিছিল, উপজিল, উপজিব ইত্যাদি।
৩৪। ই-কাৰ বা ঈ-কাৰান্ত ধাতুৰ ৰূপ, বিভক্তি যোগ হলে লৰচৰ নহয়।
৩৫। অ আৰু আ—কাৰান্ত ধাতুত দ্বিতীয় পুৰুষৰ আ বা অনুজ্ঞাৰ আ বিভক্তি যোগ হলে, সিহঁত ও—কাৰান্ত হয়। যেনে, ল ধাতু লোৱা বা লোৱাঁ, খা ধাতু খোৱা বা খোৱাঁ।
৩৬। স্বৰূপ বৰ্ত্তমান আৰু অপূৰ্ণ ভূত কালত অ-কাৰান্ত ধাতু ঐ-কাৰান্ত হয়। যেনে, ল-লৈছে, লৈছিল।
৩৭। অনুজ্ঞাৰ দ্বিতীয় পুৰুষত অনাদৰত দি ধাতু দে
আৰু নি ধাতু নে হয়। [ ১৮৬ ]৩৮। মৌলিক ধাতুৰ ৰূপ।
ব্যঞ্জনান্ত সকৰ্ম্মক ধৰ ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
ধৰোঁ |
ধৰ |
ধৰা |
ধৰে | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ধৰ |
ধৰাঁ |
ধৰক, ধৰোক |
ব্যঞ্জনান্ত অকৰ্ম্মক পৰ্ ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
পৰোঁ |
পৰ |
পৰা |
পৰে |
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
স্বৰূপ ভূত |
পৰিলোঁ |
পৰিলি |
পৰিলা |
পৰিলে | ||
অনুজ্ঞা। | ||||||
নিত্যবৰ্ত্তমান |
১ম পু: নাই |
পৰ |
পৰাঁ |
পৰক, পৰোক |
অ-কাৰান্ত সকৰ্ম্মক ক ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
কওঁ |
কৱ |
কোৱা |
কয় | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ক |
কোৱাঁ |
কক, কওক |
অ—কাৰান্ত অকৰ্ম্মক ৰ ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
ৰওঁ |
ৰৱ |
ৰোৱা |
ৰয় | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ৰ |
ৰোৱাঁ |
ৰক, ৰওক |
আ—কাৰান্ত সকৰ্ম্মক গা ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
গাওঁ |
গাৱ |
গোৱা |
গায় |
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
সাম্ভব্য ভূত |
গালোহেঁতেন |
গালিহেঁতেন |
গালাহেঁতেন |
গালেহেঁতেন | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
গা |
গোৱাঁ |
গক, গাওক |
আ—কাৰান্ত অকৰ্ম্মক যা ধাতু।
যা ধাতু স্বৰূপ বৰ্ত্তমান, পূৰ্ণ ভূত, আৰু অপূৰ্ণ ভূত কালত গৈ হয়, স্বৰূপ ভূত আৰু সাম্ভব্য ভূত কালত গ হয়, আৰু সেই বিভক্তি বিলাকৰ আদিৰ ই লোপ হয়।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
যাওঁ |
যাৱ |
যোৱা |
যায় | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
যা |
যোৱাঁ |
যাক, যক, যাওক |
ই—কাৰান্ত সকৰ্ম্মক দি ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
দিওঁ |
দিয় |
দিয়া |
দিয়ে | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
দে |
দিয়াঁ |
দিয়ক, দিওক |
ঈ—কাৰান্ত সকৰ্ম্মক জী ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
জীওঁ |
জীয় |
জীয়া |
জীয়ে |
অনুজ্ঞা। | ||||||
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
জী |
জীয়াঁ |
জীয়ক, জীওক |
ও—কাৰান্ত সকৰ্ম্মক ৰো ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
ৰোঁ |
ৰোৱ |
ৰোৱা |
ৰোৱে | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ৰো |
ৰোৱাঁ |
ৰোৱক, ৰোওক |
ও—কাৰান্ত অকৰ্ম্ম শো ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
শোঁ |
শোব |
শোৱা |
শোৱে | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
শো |
শোৱাঁ |
শোৱক, শোওক |
পাঁচনী ক্ৰিয়া।
৩৯। আন মানুহক পাঁচি ক্ৰিয়া কৰোৱাঁ বুজাবলৈ মূল ধাতুত কেতবিলাক প্ৰত্যয় যোগ দিয়া হয়। সেই প্ৰত্যয় বিলাকক পাঁচনি প্ৰত্যয় বোলা যায়।
৪০। পাঁচনি প্ৰত্যয় যোগ দিলে ধাতু ক্ৰিয়া নহয়, এটা নতুন ধাতু হয়। সেই ধাতুক পাচনি ধাতু বোলা যায় (সংস্কৃত নিজন্ত ধাতু)।
৪১। পাঁচনি ধাতুত ক্ৰিয়া বিভক্তি বা কৃৎ প্ৰত্যয় যোগ হলে, তেতিয়া তাক পাচনী ক্ৰিয়া বোলে।[ ১৯৩ ] ৪২। আ, উৱা, আৰু ওৱা, এই তিনটা পাচনি প্ৰত্যয়। পাচনি প্ৰত্যয় যোগ দিলে, অকৰ্ম্মক ধাতুও সকৰ্ম্মক হয়।
৪৩। সৰহ ভাগ ধাতুত ইচ্ছা অনুসাৰে আ বা ওৱা যোগ দিব পাৰি, কোনো কোনো ধাতুত আ বা উৱা যোগ দিব পাৰি। কোনো কোনোটোত আ যোগ নহয়, কেৱল উৱা বা ওৱা যোগ হয়। এতেকে বুজা যায় যে প্ৰত্যেক মূল ধাতুৰ দুটা দুটা পাচনি ধাতু হয়, আৰু সেইদৰে সিহঁতৰ ক্ৰিয়াৰ ৰূপো দুই ৰকম হয়।
88। কৰ্, ধৰ্, মা, নি, দি, গা, ধো ( কাপোৰ আদি ধোৱ৷), পি, কিন্, লৰ্ (ঠাই সলোৱা), আদি কেতবিলাক ধাতুত আ আৰু ওৱা প্ৰত্যয় হয়। যেনে, কৰ—কৰা, কৰোৱা; ধৰ—ধৰা, ধৰোৱা; মাৰ—মৰা, মৰোৱা; নি— নিয়া, নিওৱা; দি-দিয়া, দিওৱা; গা—গোৱা, গোওৱা; ধো—ধোৱা, ধোওৱা; পি–পিয়া, পিওৱা; কিন্—কিনা, কিনোৱা; লৰ—লৰা, লৰোৱা।
৪৫। পঢ়, শুন্, ধো (গা ধোৱা), শো, খা, মুত্ আদি কেতবিলাক ধাতুত আ আৰু উৱা প্ৰত্যয় হয়। যেনে, পঢ়—পঢ়া, পঢ়ুৱা; শুন্—শুনা, শুনুৱা; ধো—ধুৱা, ধুউৱা; শো—শুৱা, শুউৱা; খা—খুৱা, খুউৱা; মুত—মুতা, মুতুৱা।[ ১৯৪ ] ৪৬। নাচ্, হাঁহ, হাগ্, বহ (মানুহ বহা), লৰ ( দৌৰ ), কান্দ, দেখ্, পক আদি কেতবিলাক ধাতুত কেৱল উৱা প্ৰত্যয় হয়। যেনে, নাচ—নচুৱা, হাঁহ—হঁহুৱা, হাগ্—হগুৱা, বহ— বহুৱা, ল—লৰুৱা, কান্দ—কন্দুৱা, দেখ—দেখুৱা, পক -পকুৱা।
৪৭। পেলা, খেলা আদি কেতবিলাক ধাতুত কেৱল ওৱা প্ৰত্যয় হয়। যেনে, পেলা—পেলোৱা, খেলা—খেলোৱা।
ধাতুত ক্ৰিয়া বিভক্তি যোগ দিবৰ যিবিলাক সাধাৰণ নিয়ম আগত দিয়া হৈছে, সেই নিয়ম অনুসাৰেই ধাতুত পাচনি প্ৰত্যয়ো যোগ হয়। তাত বাহিৰে ধাতুত বা প্ৰত্যয়ত আন যি লৰচৰ হয়, তাক উদাহৰণ বিলাকৰ পৰা বুজা যায়।
৪৮। পাচনি প্ৰত্যয় যোগ হলে, ধাতুৰ আদিৰ আ-কাৰ অ-কাৰ হয়।
৪৯। পাচনিত খা ধাতু সদায় খু আৰু শো ধাতু শু হয়।
৫০। ওফৰ্, ওলম্, ওফন্দ, ওলট আদি কেতবিলাক ধাতুৰ পাচনিত দ্বিতীয় আখৰৰ অ-কাৰ ও-কাৰ হয়, নহৈও থাকিব পাৰে। যেনে, ওফৰা বা ওফোৰা, ওলমা বা ওলোমা, ওফন্দা বা ওফোন্দা, ওলটা বা ওলোটা।
পাচনি ধাতু এটাইবিলাক আ-কাৰান্ত হয়, এতেকে অন্য আ-কাৰান্ত ধাতুৰ ভিন ভিন কাল আৰু পুৰুষত যেনে ৰূপ হয়, সিহঁতৰো তেনে
ৰূপ হয়। [ ১৯৫ ]৫১। পাঁচনি ধাতুৰ ৰূপ।
পাচনি কৰা ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
কৰাওঁ |
কৰাব |
কৰোৱা |
কৰায় | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
কৰা |
কৰোঁৱা |
কৰাক, কৰাওক |
পাচনি কৰোৱা ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
কৰোৱাওঁ |
কৰোৱাৱ |
কৰোৱা |
কৰোৱায় |
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
সাম্ভব্য ভূত |
কৰোৱালোহেঁতেন |
কৰোৱালিহেঁতেন |
কৰোৱালাহেঁতেন |
কৰোৱালেহেঁতেন | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
কৰোৱা |
কৰোওৱা |
কৰোৱাক, কৰোৱাওক |
নিত্য বৰ্ত্তমান কালৰ ২য় পুৰুষৰ আদৰত সূত্ৰ মতে কৰোৱাৱা হব লাগে, কিন্তু তেনে ৰূপ চলিত নাই। অনাদৰৰ ৰূপেই আদৰতো চলে। আৰু অনুজ্ঞাৰ নিত্য বৰ্ত্তমান কালৰ ৩য় পুৰুষৰ ৰূপ কৰোৱাওক যদিও ব্যাকৰণ মতে শুদ্ধ, ব্যৱহাৰত নাই, বা অতি বিৰল।
পাচনি শুৱা ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
শুৱাওঁ |
শুৱাব |
শুৱাওৱা |
শুৱায় |
অনুজ্ঞা। | ||||||
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
শুৱা |
শুউৱা |
শুৱাক, শুৱাওক |
পাচনি শুউৱা ধাতু।
কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
শুউৱাওঁ |
শুউৱাব |
শুউৱাওৱা |
শুউৱায় | ||
অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
শুউৱা |
শুউওৱাঁ |
শুউৱাক, শুউৱাওক |
শুৱা ধাতুৰ নিত্য বৰ্ত্তমান কালত দ্বিতীয় পুৰুষৰ আদৰত যি ৰূপ হয় সি বৰ চলিত নাই, আৰু শুউৱা ধাতুৰ সেই কালত দ্বিতীয় পুৰুষৰ অনাদৰত, আৰু অনুজ্ঞাৰ আদৰত যি ৰূপ হয, তাৰো প্ৰচলন কম। [ ১৯৮ ] আন আন পাচনি ধাতুৰ ৰূপ ওপৰত দিয়া আৰ্হি মতে কৰা যায়। সেই দেখি অধিক ধাতুৰ ৰূপ ইয়াত দিয়া নহল।
অনিয়মিত ক্ৰিয়া।
৫২। যিবিলাক ক্ৰিয়াৰ সকলো কালত আৰু পুৰুষত ৰূপ নহয়, সেই বিলাকক অনিয়মিত ক্ৰিয়া বোলে।
৫৩। অনিয়মিত ক্ৰিয়া চাৰিটা—নাই, বল্, থাক্, আৰু আছ।
নাই।
৫৪। নাই সকলো পুৰুষত নিত্য বৰ্ত্তমান কালত মাথোন ব্যৱহাৰ হয়, আৰু তাৰ বহু বচনত হুঁক যোগ নহয়। যেনে, মই বা আমি নাই, তই তুমি বা তহঁত নাই, সি সিহঁত আপুনি তেখেত বা তেখেতসকল নাই।
বল।
৫৫। বল্ কেৱল অনুজ্ঞাৰ নিত্য বৰ্ত্তমান কালত ব্যৱহাৰ হয়। অনাদৰত আৰু আদৰত ইয়াৰ ৰূপ ভিন ভিন হয়, আৰু বহুবচনত ইয়াৰ পাচত হঁক ব্যৱহাৰ হব পাৰে। যেনে, দ্বিতীয় পুৰুষত অনাদৰত বল বলহঁক, আদৰত বলা বলাহঁক। তৃতীয় পুৰুষত বলক। ইয়াত তৃতীয় পুৰুষৰ ওক বিভক্তি যোগ নহয়।
থাক।
৫৬। থাক সকলো পুৰুষৰ নিত্য বৰ্ত্তমান, স্বৰূপ ভূত,
সাম্ভব্য ভূত, আৰু ভবিষ্যৎ কালত ব্যৱহাৰ হয়। ইয়াৰ
বহুবচনত হুঁক ব্যৱহাৰ হবপাৰে। যেনে, [ ১৯৯ ] নিত্য বৰ্ত্তমান কাল—মই থাকোঁ, তই থাক, তুমি থাকা,
সি থাকে, ইত্যাদি।
স্বৰূপভূত কাল—মই থাকিলোঁ, তই থাকিলি, তুমি
থাকিল৷, সি থাকিল, ইত্যাদি।
সাম্ভব্য ভূত কাল—মই থাকিলোঁহেঁতেন, তই থাকিলিহেঁতেন, তুমি থাকিলাহেঁতেন, সি থাকিলহেঁতেন, ইত্যাদি।
ভবিষ্যৎ কাল—মই থাকিম, তই থাকিবি, তুমি থাকিবা,
সি থাকিব, ইত্যাদি।
অনুজ্ঞা।
নিত্য বৰ্ত্তমান কাল—তই থাক, তুমি থাকা, সি থাকক,
ইত্যাদি।
ভবিষ্যৎ কাল—তই থাকিবি, তুমি থাকিবা, সি থাকিব,
ইত্যাদি।
আছ্।
৫৭। আছ্ সকলো পুৰুষৰ নিত্য বৰ্ত্তমান আৰু অপূৰ্ণভূত
কালত মাথোন ব্যৱহাৰ হয়। ইয়াৰ বহুবচনত হঁক ব্যৱহাৰ
হব পাৰে। যেনে,
নিত্য বৰ্ত্তমান কাল—মই আছোঁ, তই আছ, তুমি আছা,
সি আছে, ইত্যাদি।
অপূৰ্ণভূত কাল—মই আছিলোঁ, তই আছিলি, তুমি
লগৰীয়া বা সহায়কাৰী ক্ৰিয়া।
৫৮। ক্ৰিয়াৰ অৰ্থ বিশেষৰূপে প্ৰবল কৰিবলৈ তাৰ সিদ্ধা ৰূপৰ পাচত ধৰ্, পৰ্, উঠ, পেলা, যা, দি, নি, ল আদি ধাতুৰ সাধ্যা ৰূপ ব্যৱহাৰ হয়। তেতিয়া এইবিলাক ধাতুৰ নিজৰ অৰ্থ নাথাকে, সিহঁত যি ক্ৰিয়াৰ পাচত বহে, সেই ক্ৰিয়াৰ অৰ্থ মাথোন প্ৰবল কৰে। এতেকে সিহঁতক সহায়কাৰী ক্ৰিয়া বা লগৰীয়া ক্ৰিয়া বোলা যায়। লগৰীয়া ক্ৰিয়াৰ কাল আৰু পুৰুষ অনুসাৰে ভিন ভিন ৰূপ হয়। যেনে লাগি ধৰিছে, হৈ পৰিল, কৰি উঠিল, দি পেলালে, মৰি গল, কৈ দিলোঁ, খাই নিলে, চাই লওক, ইত্যাদি।
৫৯। কেতিয়াবা এইবিলাক ধাতুৰো সিদ্ধ৷ ৰূপ আন ধাতুৰ সিদ্ধ৷ ৰূপৰ পাচত থাকে, তেতিয়া বাক্য পূৰ্ণ কৰিবলৈ আন এটা ক্ৰিয়াৰ সাধ্যা ৰূপ ব্যৱহাৰ হয়। যেনে সি পঢ়ি উঠি পেলাই খেলাত লাগিছে। ইয়াত পঢ়ি সিদ্ধা ৰূপৰ পাচত লগৰীয়া উঠ আৰু পেলা ধাতুৰ সিদ্ধা ৰূপ উঠি আৰু পেলাই আছে। বাক্যটো পূৰণ কৰিবলৈ লাগ ধাতুৰ সাধ্যা ৰূপ লাগিছে ব্যৱহাৰ কৰা হৈছে।
৬০। এইবিলাক ধাতুৰ ইব প্ৰত্যয়ান্ত (কৃৎপ্ৰকৰণ
চোৱা) কৃদন্ত পদ আন ধাতুৰ সিদ্ধা ৰূপৰ পাচত থাকিব
পাৰে। যেনে,
তাক পুলিচৰ দাৰগাই ধৰি নিব খুজিছিল। ইয়াত [ ২০১ ] ধৰি ধৰ্ ধাতুৰ সিদ্ধা ৰূপ, ইয়াৰ পাচত নি ধাতুৰ ইব প্ৰত্যয়ান্ত কৃদন্ত পদ নিব আছে।
৬১। এইবিলাক ধাতুৰ ভাব বাচ্যৰ কৃদন্ত পদো আন ধাতুৰ সিদ্ধা ক্ৰিয়াৰ পাচত থাকিব পাৰে। যেনে, কথাটো কৈ দিলতে সি উচাপ খাই উঠিল। ইয়াত দিলতে কৃদন্ত পদ কৈ সিদ্ধা ক্ৰিয়াৰ পাচত আছে।
অসমীয়া নাম ধাতু।
৬২। বস্তুৰ নামৰ পৰা হোৱা ধাতুবিলাকক নাম ধাতু বোলা যায়৷
৬৩। এইবিধ ধাতু কৰিবলৈ অসমীয়া ভাষাত তিনটা প্ৰত্যয় ব্যৱহাৰ হয় :—আ, ইয়া, আৰু উৱা।
৬৪। এই তিনি প্ৰত্যয়ৰ ভিতৰত কোনটো কেনে শব্দত বা নামত যোগ দিব পাৰি, তাৰ বন্ধা নিয়ম নাই। উৱা প্ৰত্যয় সম্বন্ধে এটা নিয়ম আছে বুলিব পৰা যায়। ই প্ৰায় উ-কাৰ অন্তত থকা নামত যোগ হয়। চমু কথা, প্ৰত্যয়বিলাকৰ ব্যৱহাৰ উদাহৰণ চাই বুজি লব লাগিব। সেই দেখি তলত কিছুমান নাম ধাতুৰ উদাহৰণ দিয়া হল :—
নাম | প্ৰত্যয় | ধাতু | নাম | প্ৰত্যয় | ধাতু | ||||
ডোল | আ | ডোলা | মাৰি | ইয়া | মৰিয়া | ||||
বোল | ” | বোলা | গুলি | ” | গুলীয়া | ||||
চৰ | ” | চৰা | গাল | ” | গলি |
নাম |
প্ৰত্যয় |
ধাতু |
নাম |
প্ৰত্যয় |
ধাতু |
৬৫। হুৰ্-হুৰ্, গিৰু-গিৰ্, আদি অনুকাৰ শব্দৰ নাম ধাতু কৰিবলৈ হলে, সিহঁতত সদায় আ প্ৰত্যয় যোগ দিয়া হয়। যেনে, হুৰ্হুৰা হুবহুৰাইছে, গিৰ্গিৰা গিৰগিৰাইছে, খিল্খিলা খিলখিলাইছে, বিজ্বিজা বিজবিজাইছে, শুংশুঙা শুংশুঙাইছে, খল্খলা খলখলাইছে, টপ্টপা টপটপাইছে ইত্যাদি।
৬৬। ক্ৰিয়াত ক্ৰিয়া বিভক্তি আৰু শব্দত তদ্ধিত প্ৰত্যয় যোগ দিবৰ যিবিলাক নিয়ম আগত দিয়া হৈছে, নাম ধাতু কৰোঁতেও সেইবিলাক নিয়ম খাটে।
৬৭। নাম ধাতু এটাইবিলাক আ-কাৰান্ত হয়। এতেকে মৌলিক আ-কাৰান্ত ধাতুৰ ভিন ভিন কালত আৰু পুৰুষত যেনে ৰূপ হয়, সিহঁতৰো তেনে ৰূপ হয়।
⸻⸺