পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
বহল ব্যাকৰণ।

সেই সময়ত সি অহাহেঁতেন মই তাৰ লগতেই গলোঁহেঁতেন কিন্তু সি নাহিল, গতিকে মোৰো যোৱা নহল।

ভবিষ্যৎ কাল।

 ২৬। আগলৈ ক্ৰিয়া কৰা হব, এনে ভাব বুজাবলৈ ভবিষ্যৎ কাল ব্যৱহাৰ হয়। যেনে, কলি যুগৰ ওৰ পৰিলে, আকৌ সত্য যুগ হব। তেওঁ ছদিন পাচত আহিব।

অনুজ্ঞা।

 ২৭। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয়, তাক অনুজ্ঞা বোলে।— অনুজ্ঞাৰ দুই পুৰুষ:—দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তাৰ কালো দুটা:—নিত্য বৰ্তমান কাল আৰু ভবিষ্যৎ কাল।

 ২৮। সকলো কালত দ্বিতীয় পুৰুষত ক্ৰিয়াৰ দুটা ৰূপ হয়, এটা অনাদৰ অৰ্থত (তুচ্ছাৰ্থত) আৰু এটা আদৰ অৰ্থত।

 ২৯। সম্ভ্ৰম অৰ্থত ক্ৰিয়াৰ ভিন ৰূপ নহয়। সম্ভ্ৰম বুজুৱা সংজ্ঞা শব্দ বা সৰ্ব্বনাম, সকলো তৃতীয় পুৰুষৰ। সেই দেখি ক্ৰিয়াৰ তৃতীয় পুৰুষৰ ৰূপেই সম্ভ্ৰমতো খাটে। যেনে, ডাঙৰীয়াই কৰে, গোসাঁয়ে কৰে, ৰজাই কৰে, আপুনি কৰে, তেখেতে কৰে, সি কৰে, তেওঁ কৰে।

 ৩০। কাল আৰু পুৰুষ অনুসাৰে ক্ৰিয়াত যিবিলাক বিভক্তি যোগ হয়, তাক তলত দিয়া হল।