পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
বহল ব্যাকৰণ।

ধৰি ধৰ্ ধাতুৰ সিদ্ধা ৰূপ, ইয়াৰ পাচত নি ধাতুৰ ইব প্ৰত্যয়ান্ত কৃদন্ত পদ নিব আছে।

 ৬১। এইবিলাক ধাতুৰ ভাব বাচ্যৰ কৃদন্ত পদো আন ধাতুৰ সিদ্ধা ক্ৰিয়াৰ পাচত থাকিব পাৰে। যেনে, কথাটো কৈ দিলতে সি উচাপ খাই উঠিল। ইয়াত দিলতে কৃদন্ত পদ কৈ সিদ্ধা ক্ৰিয়াৰ পাচত আছে।

অসমীয়া নাম ধাতু।

 ৬২। বস্তুৰ নামৰ পৰা হোৱা ধাতুবিলাকক নাম ধাতু বোলা যায়৷

 ৬৩। এইবিধ ধাতু কৰিবলৈ অসমীয়া ভাষাত তিনটা প্ৰত্যয় ব্যৱহাৰ হয় :—আ, ইয়া, আৰু উৱা।

 ৬৪। এই তিনি প্ৰত্যয়ৰ ভিতৰত কোনটো কেনে শব্দত বা নামত যোগ দিব পাৰি, তাৰ বন্ধা নিয়ম নাই। উৱা প্ৰত্যয় সম্বন্ধে এটা নিয়ম আছে বুলিব পৰা যায়। ই প্ৰায় উ-কাৰ অন্তত থকা নামত যোগ হয়। চমু কথা, প্ৰত্যয়বিলাকৰ ব্যৱহাৰ উদাহৰণ চাই বুজি লব লাগিব। সেই দেখি তলত কিছুমান নাম ধাতুৰ উদাহৰণ দিয়া হল :—

নাম   প্ৰত্যয়   ধাতু নাম   প্ৰত্যয়   ধাতু
ডোল ডোলা মাৰি ইয়া মৰিয়া
বোল বোলা গুলি গুলীয়া
চৰ চৰা গাল গলি