পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম অধ্যায়৷
⸺:★:⸺
ধাতু আৰু ক্ৰিয়া প্ৰকৰণ।
ধাতু।

 ১। ক্ৰিয়াৰ মূলক ধাতু বোলা যায়।

 ২। ধাতু তিনি বিধ — মৌলিক, যৌগিক, আৰু নাম ধাতু।

 ৩। যি ধাতুৰ আদিৰ ৰূপ লৰচৰ হোৱা নাই, তাক মৌলিক ধাতু বোলে। যেনে, কৃ, ধৃ, জ্ঞা, পা, দা, ইত্যাদি।

 ৪। কোনো ধাতুত কোনো প্ৰত্যয় যোগ দি যি নতুন ধাতু প্ৰস্তুত কৰা হয়, তাক যৌগিক বা প্ৰত্যয়ান্ত ধাতু বোলে। যেনে, কৃ ধাতুৰ পৰা কাৰি ধাতু, ধৃ ধাতুৰ পৰা ধাৰি ধাতু, জ্ঞা ধাতুৰ পৰা জ্ঞাপি ধাতু। সেইদৰে, পা ধাতুৰ পৰা পিপাস, শ্ৰু ধাতুৰ পৰা শুশ্ৰূষ, দৃশ ধাতুৰ পৰা দিদৃক্ষ ধাতু। আৰু সেইদৰে ৰুদ ধাতুৰ পৰা বোৰুদ্য, জ্বল ধাতুৰ পৰা জাজ্বল্য, দুল ধাতুৰ পৰা দোদুল্য ধাতু। এই এটাইবিলাক নতুন ধাতু।

 সংস্কৃত ভাষাত নিচ্, সন্‌, আৰু যঙ্, এই তিনি প্ৰত্যয় যোগ দি মূল বা মৌলিক ধাতুৰ পৰা নতুন ধাতু কৰা হয়। আৰু সেই নতুন ধাতু বিলাকত ক্ৰিয়া বিভক্তি বা অন্য প্ৰত্যয় যোগ দিয়া যায়।