পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
বহল ব্যাকৰণ।

ও—কাৰান্ত অকৰ্ম্ম শো ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

শোঁ
শুইছোঁ
শুলোঁ
শুইছিলোঁ
শুলোঁহেঁতেন
শুম

শোব
শুইছ
শুলি
শুইছিলি
শুলিহেঁতেন
শুবি

শোৱা
শুইছা
শুলা
শুইছিলা
শুলাহেঁতেন
শুবা

শোৱে
শুইছে
শুলে
শুইছিলে
শুলেহেঁতেন
শুব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

শো
শুবি

শোৱাঁ
শুবা

শোৱক, শোওক
শুব

পাঁচনী ক্ৰিয়া।

 ৩৯। আন মানুহক পাঁচি ক্ৰিয়া কৰোৱাঁ বুজাবলৈ মূল ধাতুত কেতবিলাক প্ৰত্যয় যোগ দিয়া হয়। সেই প্ৰত্যয় বিলাকক পাঁচনি প্ৰত্যয় বোলা যায়।

 ৪০। পাঁচনি প্ৰত্যয় যোগ দিলে ধাতু ক্ৰিয়া নহয়, এটা নতুন ধাতু হয়। সেই ধাতুক পাচনি ধাতু বোলা যায় (সংস্কৃত নিজন্ত ধাতু)।

 ৪১। পাঁচনি ধাতুত ক্ৰিয়া বিভক্তি বা কৃৎ প্ৰত্যয় যোগ হলে, তেতিয়া তাক পাচনী ক্ৰিয়া বোলে।