১৩। সকৰ্ম্মক আৰু অকৰ্ম্মক দুয়ো বিধ ক্ৰিয়াৰ ৰূপ দুটা:—সাধ্যা বা সমাপিকা আৰু সিদ্ধা বা অসমাপিকা।
১৪। ক্ৰিয়াৰ যি ৰূপৰ দ্বাৰা কথাৰ ওৰ পৰা বুজায়, সি তাৰ সাধ্যা ৰূপ, আৰু যি ৰূপৰ দ্বাৰা বাকী থকা বুজায়, সি তাৰ সিদ্ধা ৰূপ। যেনে, গোপাল ঘৰলৈ গৈ শুলে। ইয়াত গৈ যা ক্ৰিয়াৰ সিদ্ধা ৰূপ। কিয়নো, গোপাল ঘৰলৈ গৈ বোলাত কথাৰ ওৰ নপৰিল, কবলৈ আৰু কিবা বাকী থাকিল। কিন্তু শুলে বোলাত কথাৰ ওৰ পৰিল, আৰু একো বাকী নৰল। এতেকে শুলে শো ক্ৰিয়াৰ সাধ্যা ৰূপ।
১৫। সাধ্যা ক্ৰিয়াৰ কাল, পুৰুষ, আৰু বচন আছে, সিদ্ধা ক্ৰিয়াৰ নাই। কৰ্ত্তাৰ পুৰুষ আৰু বচনেই সাধ্যা ক্ৰিয়াৰ পুৰুষ আৰু বচন হয়।
১৬। অসমীয়া ভাষাত বচন অনুসাৰে ক্ৰিয়াৰ ৰূপ নলৰে। একবচনৰ ৰূপেই বহুবচনত ব্যৱহাৰ হয়৷ কেৱল প্ৰথম আৰু দ্বিতীয় পুৰুষত, বহু বচনত সকলো কালত ক্ৰিয়াৰ শেষত হঁক যোগ হয়, নহৈও থাকিব পাৰে। যেনে, আমি খাওঁ বা খাওঁহক, খাইছোঁ বা খাইছোঁহঁক, খাইছিলোঁ বা খাইছিলোঁহঁক, খাম বা খামহঁক। তোমালোকে খোৱা বা খোৱাহঁক, খালা বা খালাহঁক, খাইছা বা খাইছাহঁক, খাইছিলা বা খাইছিলাহঁক, খাবা বা খাবাহঁক। সেই দৰে খালোঁহঁকহেঁতেন, খালাহঁকহেঁতেন ইত্যাদি।