পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
বহল ব্যাকৰণ।

কোনোবা এজনে যদি কয়, গোপালে নিশা পঢ়িছিল, তেনেহলে প্ৰশ্ন হব, কি পঢ়িছিল? অৰ্থাৎ পঢ়িছিল ক্ৰিয়াই সদায় এটা কৰ্ম্মৰ আকাঙ্ক্ষা কৰে। এতেকে সি সকৰ্ম্মক। কিন্তু গোপাল শুইছিল, এনে বাক্যত সুধিবলৈ কোনো প্ৰশ্ন নোলায়। শুইছিল ক্ৰিয়াই কেৱল কৰ্ত্তাক আশ্ৰয় কৰি আছে, কোনো কৰ্ম্মৰ আকাঙ্ক্ষা নকৰে। এতেকে সি অকৰ্ম্মক।

 ১০। কোনো কোনো সকৰ্ম্মক ক্ৰিয়াৰ দুটা কৰ্ম্ম থাকে। তেনে বিধৰ ক্ৰিয়াক দ্বিকৰ্মক ক্ৰিয়া বোলে। যেনে, সি তাক কথাটো কৈছিল। ইয়াত কৈছিল ক্ৰিয়াৰ দুটা কৰ্ম্ম, তাক আৰু কথাটো। এতেকে কৈছিল ক্ৰিয়া দ্বিকৰ্ম্মক।

 ১১। কৰ্ম্মৰ ঠাইত ক্ৰিয়াৰ অনুৰূপ, অৰ্থাৎ ক্ৰিয়াৰ জাতীয় কোনো পদ থাকিলে, অকৰ্ম্মক ক্ৰিয়াও সকৰ্ম্মক হয়, আৰু সেই অনুৰূপ পদ সেই ক্ৰিয়াৰ কৰ্ম্ম হয়। যেনে, এঘুমটি শুলে, মিৰি নাচন নাচিলে, বিকট হাঁহি হাহিলে। ইয়াত ঘুমটি পদ শুলে, নাচন পদ নাচিলে, আৰু হাঁহি পদ হাহিলে ক্ৰিয়াৰ অনুৰূপ, অৰ্থাৎ সেই ক্ৰিয়াৰ সৈতে একে জাতীয়। এতেকে শুলে, নাচিলে, আৰু হাহিলে, যদিও আচলত অকৰ্ম্মক ক্ৰিয়া, ইয়াত সকৰ্ম্মক হৈছে।

 ১২। কোনো কোনো সকৰ্ম্মক ক্ৰিয়া অকৰ্ম্মক ক্ৰিয়াৰ ৰূপভেদ মাথোন। যেনে, অকৰ্ম্মক পৰ সকৰ্ম্মক পাৰ, অকৰ্ম্মক সোমা সকৰ্ম্মক সুমা, অঃ ফাট সঃ ফাল, অঃ ছিগা সঃ ছিঙ্গ, অঃ ভাগ সঃ ভাঙ্গ, অঃ ওলা সঃ উলিয়া, অঃ নাম সঃ নমা, অঃ থাক সঃ থ ইত্যাদি।