পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
বহল ব্যাকৰণ।

নাম
কিল



গিৰ্‌ গিৰ

ভুকু

 

প্ৰত্যয়






ওৱা

 

ধাতু
কিলা



গিৰ্‌ গিৰা

ভুকুৱা

   

নাম
লাথি
হুকি
গোৰ
হাঁচি
ডাবি
ৰিং
টাঙন
সুহুৰি

 

প্ৰত্যয়
ইয়া






 

ধাতু
লথিয়া
হুকিয়া
গুৰিয়া
হাঁচিয়া
ডবিয়া
ৰিঙিয়া
টঙনিয়া
সুহুৰিয়া

 ৬৫। হুৰ্-হুৰ্, গিৰু-গিৰ্, আদি অনুকাৰ শব্দৰ নাম ধাতু কৰিবলৈ হলে, সিহঁতত সদায় আ প্ৰত্যয় যোগ দিয়া হয়। যেনে, হুৰ্‌হুৰা হুবহুৰাইছে, গিৰ্‌গিৰা গিৰগিৰাইছে, খিল্‌খিলা খিলখিলাইছে, বিজ্‌বিজা বিজবিজাইছে, শুংশুঙা শুংশুঙাইছে, খল্‌খলা খলখলাইছে, টপ্‌টপা টপটপাইছে ইত্যাদি।

 ৬৬। ক্ৰিয়াত ক্ৰিয়া বিভক্তি আৰু শব্দত তদ্ধিত প্ৰত্যয় যোগ দিবৰ যিবিলাক নিয়ম আগত দিয়া হৈছে, নাম ধাতু কৰোঁতেও সেইবিলাক নিয়ম খাটে।

 ৬৭। নাম ধাতু এটাইবিলাক আ-কাৰান্ত হয়। এতেকে মৌলিক আ-কাৰান্ত ধাতুৰ ভিন ভিন কালত আৰু পুৰুষত যেনে ৰূপ হয়, সিহঁতৰো তেনে ৰূপ হয়।

⸻⸺