পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
বহল ব্যাকৰণ।

 ৪২। আ, উৱা, আৰু ওৱা, এই তিনটা পাচনি প্ৰত্যয়। পাচনি প্ৰত্যয় যোগ দিলে, অকৰ্ম্মক ধাতুও সকৰ্ম্মক হয়।

 ৪৩। সৰহ ভাগ ধাতুত ইচ্ছা অনুসাৰে আ বা ওৱা যোগ দিব পাৰি, কোনো কোনো ধাতুত আ বা উৱা যোগ দিব পাৰি। কোনো কোনোটোত আ যোগ নহয়, কেৱল উৱা বা ওৱা যোগ হয়। এতেকে বুজা যায় যে প্ৰত্যেক মূল ধাতুৰ দুটা দুটা পাচনি ধাতু হয়, আৰু সেইদৰে সিহঁতৰ ক্ৰিয়াৰ ৰূপো দুই ৰকম হয়।

 88। কৰ্, ধৰ্‌, মা, নি, দি, গা, ধো ( কাপোৰ আদি ধোৱ৷), পি, কিন্‌, লৰ্ (ঠাই সলোৱা), আদি কেতবিলাক ধাতুত আ আৰু ওৱা প্ৰত্যয় হয়। যেনে, কৰ—কৰা, কৰোৱা; ধৰ—ধৰা, ধৰোৱা; মাৰ—মৰা, মৰোৱা; নি— নিয়া, নিওৱা; দি-দিয়া, দিওৱা; গা—গোৱা, গোওৱা; ধো—ধোৱা, ধোওৱা; পি–পিয়া, পিওৱা; কিন্—কিনা, কিনোৱা; লৰ—লৰা, লৰোৱা।

 ৪৫। পঢ়, শুন্, ধো (গা ধোৱা), শো, খা, মুত্ আদি কেতবিলাক ধাতুত আ আৰু উৱা প্ৰত্যয় হয়। যেনে, পঢ়—পঢ়া, পঢ়ুৱা; শুন্—শুনা, শুনুৱা; ধো—ধুৱা, ধুউৱা; শো—শুৱা, শুউৱা; খা—খুৱা, খুউৱা; মুত—মুতা, মুতুৱা।

১৩