পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
বহল ব্যাকৰণ।

শো, ওমল আদি কেতবিলাক ধাতুৰ বাজে আনবিলাক অকৰ্ম্মক ধাতুত তৃতীয় পুৰুষৰ ইলে আৰু ইলেহেঁতেন এই দুই বিভক্তিৰ ল ৰ এ-কাৰ নাথাকে। যেনে, সকৰ্ম্মক ধাতু কৰ— সি কৰিলে, সি কৰিলেহেঁতেন; অকৰ্ম্মক ধাতু পৰ্, সি পৰিল, সি পৰিলহেঁতেন। কিন্তু অকৰ্ম্মক ধাতু কান্দ্—সি কান্দিলে, সি কান্দিলেহেঁতেন। কাহ, নাচ আদি ধাতুৰো এনেকুৱা ৰূপ হয়।

 ৩৩। সোমা, ওলা, ওপং ওলম আদি ধাতুৰ বাহিৰে আনবিলাক ও-কাৰ যুক্ত বা আদিত ও-কাৰ থকা ধাতুত বিভক্তি যোগ হলে, নিত্য বৰ্ত্তমান কালৰ বাহিৰে আন সকলো কালত তাৰ ও মৰি উ হয়। যেনে, ওপজে, কিন্তু উপজিছে, উপজিছিল, উপজিল, উপজিব ইত্যাদি।

 ৩৪। ই-কাৰ বা ঈ-কাৰান্ত ধাতুৰ ৰূপ, বিভক্তি যোগ হলে লৰচৰ নহয়।

 ৩৫। অ আৰু আ—কাৰান্ত ধাতুত দ্বিতীয় পুৰুষৰ আ বা অনুজ্ঞাৰ আ বিভক্তি যোগ হলে, সিহঁত ও—কাৰান্ত হয়। যেনে, ল ধাতু লোৱা বা লোৱাঁ, খা ধাতু খোৱা বা খোৱাঁ।

 ৩৬। স্বৰূপ বৰ্ত্তমান আৰু অপূৰ্ণ ভূত কালত অ-কাৰান্ত ধাতু ঐ-কাৰান্ত হয়। যেনে, ল-লৈছে, লৈছিল।

 ৩৭। অনুজ্ঞাৰ দ্বিতীয় পুৰুষত অনাদৰত দি ধাতু দে আৰু নি ধাতু নে হয়।