পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
বহল ব্যাকৰণ।

সংস্কৃত ৰূপ
স্থা
গম
শী
কৃত
ৰন্‌জ
ক্ৰি
নী

অসমীয়া ৰূপ
থাক্‌
যা
শো
কাট্
ৰজ্‌
কিন্
নি

সংস্কৃত ৰূপ
হস্
পঠ
ক্ৰন্দ্‌
দৃশ্‌
ভন্‌জ
শ্ৰু
উদ

অসমীয়া ৰূপ
হাঁহ
পঢ়্‌
কান্দ্‌
দেখ
ভাঙ্গ্‌
শুন্
উঠ্‌, ইত্যাদি


ক্ৰিয়া।

 ৬। ধাতুত বিভক্তি বা প্ৰত্যয় যোগ হলে, তাক ক্ৰিয়া বোলা যায়।

 ৭। ক্ৰিয়া দুবিধ:— সকৰ্ম্মক আৰু অকৰ্ম্মক।

 ৮। যি ক্ৰিয়াৰ কাৰ্য্য কোনো বস্তুৰ ওপৰত হয়, তাক সকৰ্ম্মক ক্ৰিয়া বোলে, আৰু বস্তুটোক সেই ক্ৰিয়াৰ কৰ্ম্ম বোলে।

 ৯। যি ক্ৰিয়াৰ কাৰ্য্য কোনো বস্তুৰ ওপৰত নহয়, তাক অকৰ্ম্মক ক্ৰিয়া বোলে।

 কোনটো ক্ৰিয়া সকৰ্ম্মক, আৰু কোনটো অকৰ্ম্মক, তাক বুজিবলৈ বিশেষ টান নহয়। প্ৰত্যেক সকৰ্ম্মক ক্ৰিয়াত, ক্ৰিয়াটো উল্লেখ কৰা মাত্ৰে এটা প্ৰশ্ন ওলায়, অকৰ্ম্মক ক্ৰিয়াত তেনে কোনো প্ৰশ্ন নোলায়। যেনে,

১২