পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
বহুল ব্যাকৰণ।

৩১। ধাতুত ক্ৰিয়া বিভক্তি
যোগ দিবৰ নিয়ম।

 (ক) ব্যঞ্জনান্ত ধাতুত বিভক্তিৰ আদি স্বৰ তাৰ শেষ ব্যঞ্জনত যোগ হয়। কিন্তু ধাতুৰ অন্তত ন ম আদি অনুনাসিক বৰ্ণ থাকিলেওঁ বিভক্তিৰ ঁ লোপ হয়।

 (খ) অ, আ, আৰু ও-কাৰান্ত ধাতুৰ পাচত স্বৰূপ ভূত সাম্ভব্য ভূত আৰু ভবিষ্যৎ কালৰ বিভক্তিৰ আদিৰ ই লোপ হয়।

 (গ) ই-কাৰান্ত ধাতুৰ পাচত সকলো বিভক্তিৰ আদিৰ ই লোপ হয়।

 (ঘ) অ, আ, আক ও—কাৰান্ত ধাতুৰ পাচত অ বিভক্তি ৱ, আ বিভক্তি ৱা হয়।

 (ঙ) ই–কাৰান্ত ধাতুৰ পাচত অ বিভক্তি য়, অৰ্থ বিভক্তি য়া, আৰু এ বিভক্তি য়ে হয়। কিন্তু ও—কাৰান্ত ধাতুৰ পাচত এ বিভক্তি ৱে হয়।

 (চ) ও—কাৰান্ত ধাতুৰ পাচত ওঁ বিভক্তি ও লোপ হয়, কেৱল ঁ ধাতুত যোগ হয়।

 (ছ) সকলো বিধ ধাতুৰ পাচত অনুজ্ঞাৰ অ বিভক্তি লোপ হয়।

 ৩২। সকৰ্ম্মক আৰু অকৰ্ম্মক ধাতুৰ সকলো বিভক্তিত একে ৰূপ। কেৱল হাঁহ, কান্দ, কাহ, নাচ, হাগ, মুত, লৰ,