পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
বহল ব্যাকৰণ।

আন আন পাচনি ধাতুৰ ৰূপ ওপৰত দিয়া আৰ্হি মতে কৰা যায়। সেই দেখি অধিক ধাতুৰ ৰূপ ইয়াত দিয়া নহল।

অনিয়মিত ক্ৰিয়া।

 ৫২। যিবিলাক ক্ৰিয়াৰ সকলো কালত আৰু পুৰুষত ৰূপ নহয়, সেই বিলাকক অনিয়মিত ক্ৰিয়া বোলে।

 ৫৩। অনিয়মিত ক্ৰিয়া চাৰিটা—নাই, বল্‌, থাক্‌, আৰু আছ।

নাই।

 ৫৪। নাই সকলো পুৰুষত নিত্য বৰ্ত্তমান কালত মাথোন ব্যৱহাৰ হয়, আৰু তাৰ বহু বচনত হুঁক যোগ নহয়। যেনে, মই বা আমি নাই, তই তুমি বা তহঁত নাই, সি সিহঁত আপুনি তেখেত বা তেখেতসকল নাই।

বল।

 ৫৫। বল্ কেৱল অনুজ্ঞাৰ নিত্য বৰ্ত্তমান কালত ব্যৱহাৰ হয়। অনাদৰত আৰু আদৰত ইয়াৰ ৰূপ ভিন ভিন হয়, আৰু বহুবচনত ইয়াৰ পাচত হঁক ব্যৱহাৰ হব পাৰে। যেনে, দ্বিতীয় পুৰুষত অনাদৰত বল বলহঁক, আদৰত বলা বলাহঁক। তৃতীয় পুৰুষত বলক। ইয়াত তৃতীয় পুৰুষৰ ওক বিভক্তি যোগ নহয়।

থাক।

 ৫৬। থাক সকলো পুৰুষৰ নিত্য বৰ্ত্তমান, স্বৰূপ ভূত, সাম্ভব্য ভূত, আৰু ভবিষ্যৎ কালত ব্যৱহাৰ হয়। ইয়াৰ বহুবচনত হুঁক ব্যৱহাৰ হবপাৰে। যেনে,