পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
বহল ব্যাকৰণ।

 নিত্য বৰ্ত্তমান কাল—মই থাকোঁ, তই থাক, তুমি থাকা, সি থাকে, ইত্যাদি।
 স্বৰূপভূত কাল—মই থাকিলোঁ, তই থাকিলি, তুমি থাকিল৷, সি থাকিল, ইত্যাদি।
 সাম্ভব্য ভূত কাল—মই থাকিলোঁহেঁতেন, তই থাকিলিহেঁতেন, তুমি থাকিলাহেঁতেন, সি থাকিলহেঁতেন, ইত্যাদি।
 ভবিষ্যৎ কাল—মই থাকিম, তই থাকিবি, তুমি থাকিবা, সি থাকিব, ইত্যাদি।

অনুজ্ঞা।

 নিত্য বৰ্ত্তমান কাল—তই থাক, তুমি থাকা, সি থাকক, ইত্যাদি।
 ভবিষ্যৎ কাল—তই থাকিবি, তুমি থাকিবা, সি থাকিব, ইত্যাদি।

আছ্।

 ৫৭। আছ্ সকলো পুৰুষৰ নিত্য বৰ্ত্তমান আৰু অপূৰ্ণভূত কালত মাথোন ব্যৱহাৰ হয়। ইয়াৰ বহুবচনত হঁক ব্যৱহাৰ হব পাৰে। যেনে,
 নিত্য বৰ্ত্তমান কাল—মই আছোঁ, তই আছ, তুমি আছা, সি আছে, ইত্যাদি।
 অপূৰ্ণভূত কাল—মই আছিলোঁ, তই আছিলি, তুমি আছিলা, সি আছিল, ইত্যাদি।