পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
বহল ব্যাকৰণ।

কাল।

 ১৭। যি সময়ত ক্ৰিয়া হয় তাক ক্ৰিয়াৰ কাল বোলে।

 ১৮। কাল মুঠত তিনটা:—বৰ্ত্তমান কাল, ভূত কাল, আৰু ভবিষ্যত কাল।

 ১৯। বৰ্ত্তমান কাল দুবিধ:—নিত্য বৰ্ত্তমান আৰু স্বৰূপ বৰ্ত্তমান কাল।

নিত্য বৰ্ত্তমান কাল।

 ২০। নিয়ম, অভ্যাস, বা স্বভাৱ বুজাবলৈ নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, জাপানীবিলাকে ভাত খায়, অৰ্থাৎ ভাত খোৱা তেওঁবিলাকৰ অভ্যাস। মই গধূলি ফুৰোঁ, অৰ্থাৎ গধূলি ফুৰা মোৰ অভ্যাস। বসন্তকালত গছে ন পাত ধৰে অৰ্থাৎ বসন্তকালত ন পাত ধৰা গছৰ স্বভাৱ।

স্বৰূপ বৰ্ত্তমান কাল।

 ২১। ক্ৰিয়া কৰি থকা বুজাবলৈ স্বৰূপ বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই পঢ়িছোঁ, অৰ্থাৎ মই পঢ়ি আছোঁ। সি শুইছে, অৰ্থাৎ সি শুই আছে।

 ২২। ভূত কাল তিনি বিধ:—স্বৰূপ ভূত, অপূৰ্ণ ভূত, আৰু সাম্ভব্য ভূত।

স্বৰূপ ভূত কাল।

 ২৩। ক্ৰিয়া কৰা সম্প্ৰতি শেষ হৈছে, এই ভাব বুজাবলৈ