পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
বহুল ব্যাকৰণ।

লগৰীয়া বা সহায়কাৰী ক্ৰিয়া।

 ৫৮। ক্ৰিয়াৰ অৰ্থ বিশেষৰূপে প্ৰবল কৰিবলৈ তাৰ সিদ্ধা ৰূপৰ পাচত ধৰ্, পৰ্‌, উঠ, পেলা, যা, দি, নি, ল আদি ধাতুৰ সাধ্যা ৰূপ ব্যৱহাৰ হয়। তেতিয়া এইবিলাক ধাতুৰ নিজৰ অৰ্থ নাথাকে, সিহঁত যি ক্ৰিয়াৰ পাচত বহে, সেই ক্ৰিয়াৰ অৰ্থ মাথোন প্ৰবল কৰে। এতেকে সিহঁতক সহায়কাৰী ক্ৰিয়া বা লগৰীয়া ক্ৰিয়া বোলা যায়। লগৰীয়া ক্ৰিয়াৰ কাল আৰু পুৰুষ অনুসাৰে ভিন ভিন ৰূপ হয়। যেনে লাগি ধৰিছে, হৈ পৰিল, কৰি উঠিল, দি পেলালে, মৰি গল, কৈ দিলোঁ, খাই নিলে, চাই লওক, ইত্যাদি।

 ৫৯। কেতিয়াবা এইবিলাক ধাতুৰো সিদ্ধ৷ ৰূপ আন ধাতুৰ সিদ্ধ৷ ৰূপৰ পাচত থাকে, তেতিয়া বাক্য পূৰ্ণ কৰিবলৈ আন এটা ক্ৰিয়াৰ সাধ্যা ৰূপ ব্যৱহাৰ হয়। যেনে সি পঢ়ি উঠি পেলাই খেলাত লাগিছে। ইয়াত পঢ়ি সিদ্ধা ৰূপৰ পাচত লগৰীয়া উঠ আৰু পেলা ধাতুৰ সিদ্ধা ৰূপ উঠি আৰু পেলাই আছে। বাক্যটো পূৰণ কৰিবলৈ লাগ ধাতুৰ সাধ্যা ৰূপ লাগিছে ব্যৱহাৰ কৰা হৈছে।

 ৬০। এইবিলাক ধাতুৰ ইব প্ৰত্যয়ান্ত (কৃৎপ্ৰকৰণ চোৱা) কৃদন্ত পদ আন ধাতুৰ সিদ্ধা ৰূপৰ পাচত থাকিব পাৰে। যেনে,
 তাক পুলিচৰ দাৰগাই ধৰি নিব খুজিছিল। ইয়াত