সমললৈ যাওক

বহল ব্যাকৰণ/নৱম অধ্যায়

ৱিকিউৎসৰ পৰা
[ ১৪০ ]

নবম অধ্যায়।
⸺:✱:⸺
তদ্ধিত প্ৰকৰণ

 ১। যি প্ৰণালীত এটা শব্দত নানাবিধ প্ৰত্যয় যোগ দি নতুন শব্দ প্ৰস্তুত কৰা হয়, তাক তদ্ধিত বোলে, আৰু প্ৰত্যয়বিলাকক তদ্ধিত প্ৰত্যয় বোলা যায়।

 ২। অব্যয় শব্দ আৰু ক্ৰিয়াবিশেষণৰ বাজে প্ৰায় সকলো শব্দত তদ্ধিত প্ৰত্যয় যোগ হয়।

 ৩। তদ্ধিত প্ৰত্যয় দুবিধ:– সংস্কৃত তদ্ধিত প্ৰত্যয় আৰু অসমীয়া তদ্ধিত প্ৰত্যয়। সংস্কৃত প্ৰত্যয় সংস্কৃত শব্দত আৰু অসমীয়৷ প্ৰত্যয় অসমীয়া শব্দত যোগ হয়। কেতবিলাক সংস্কৃত তদ্ধিত প্ৰত্যয় অসমীয়া ভাষাত গ্ৰহণ কৰা হৈছে, সেইবিলাক অসমীয়া শব্দত যোগ দিব পাৰি।


 ৪। ই ঈ ৰ ঠাইত এ, উ ঊ ৰ ঠাইত ও, ঋ ঋ ৰ ঠাইত অৰ হলে সিহঁতৰ গুণ হোৱা বোলে।


 ৫। অ ৰ ঠাইত আ, ই ঈ ৰ ঠাইত ঐ, উ ঊ ৰ ঠাইতঔ,

ঋ ঋ ৰ ঠাইত আৰ হলে সিহঁতৰ বৃদ্ধি হোৱা বোলে।

[ ১৪১ ]  ৬।প্ৰত্যয় শব্দত যোগ দিলে, প্ৰত্যয়ৰ যি অংশ লোপ হয়, তাক ইৎ যোৱা বোলে।

 ৭। শব্দৰ শেষ বৰ্ণৰ আগৰ বৰ্ণক উপধা বোলো।

সংস্কৃত তদ্ধিত প্ৰত্যয়।

 ৮। শব্দত তদ্ধিত প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম।
 (ক) প্ৰত্যয়ৰ ণ ইৎ গলে, শব্দৰ আদি স্বৰ বৃদ্ধি হয়।
কিন্তু সুভগা, দুৰ্ভগা, পৰলোক, সুহৃৎ আদি শব্দৰ দুয়ো পদৰ আদি স্বৰ বৃদ্ধি হয়।
 (খ) প্ৰত্যয়ৰ স্বৰ বৰ্ণ আৰু য পাচত থাকিলে, শব্দৰ শেষৰ অ, আ, ই, ঈ লোপ হয়, কিন্তু উ ঊ গুণ হয়।
 (গ)ঋ, ও, আৰু ঔ-কাৰৰ পাচত থকা প্ৰত্যয়ৰ য স্বৰ বৰ্ণ স্বৰূপ হয়।
 (ঘ)প্ৰত্যয়ৰ ড ইৎ গলে, শব্দৰ শেষ বৰ্ণ লোপ হয়।
 (ঙ) প্ৰত্যয়ৰ ণ ইৎ গলে, ব্যাকৰণ, ন্যায়, দ্বাৰ আদি শব্দৰ আদি স্বৰৰ পৰা হোৱা য আৰু ব মৰি ক্ৰমান্বয়ে ইয়্‌ আৰু উব্ হয়।

 যিবিলাক প্ৰত্যয়ৰ দ্বাৰা সিদ্ধ পদ অসমীয়া সাহিত্যত পোৱা যায়, সেইবিলাক প্ৰত্যয় মাথোন ইয়াত দিয়া

হল।

[ ১৪২ ]  ১। অপত্য অৰ্থত, অৰ্থাৎ ই তাৰ সন্তান, এই অৰ্থাৎ শব্দত ষ্ণ, ফি, ফ্য, ষ্ণেয়, আৰু ষ্ণায়ণ প্ৰত্যয় হয়। ইহঁতৰ য আৰু ন ইৎ যায়, থাকে ক্ৰমে অ, ই, য, এয় আক আয়ন।
 ষ্ণ প্ৰত্যয়ৰ যোগত সিদ্ধ:— মনুৰ সন্তান, মনু + ষ্ণ = মানব, পাণ্ডুব সন্তান, পাণ্ডু+ষ্ণ=পাণ্ডব। সেইদৰে, যদু – যাদব, কুৰু – কৌৰব, দনু – দানব, বসুদেব – বাসুদেব, কশ্যপ — কাশ্যপ, স্ত্ৰী কাশ্যপী, দুহিতৃ দৌহিত্ৰ, স্ত্ৰী দৌহিত্ৰী।
 ঞ্চি প্ৰত্যয়ৰ যোগত সিদ্ধ:– দশৰথৰ সন্তান, দশৰথ+ ঞ্চি = দাশৰথি, ৰাৱণৰ সন্তান, ৰাৱণ + ষ্ণি =ৰাৱণি। সেইদৰে অৰ্জুন – আৰ্জুনি, সুমিত্ৰা – সৌমিত্ৰি, জনক – স্ত্ৰী জানকী, বল্মীক—বাল্মীকি।
 ষ্ণ্য প্ৰত্যয়ব যোগত সিদ্ধ :– অদিতিব সন্তান, অদিতি + ষ্ণ্য = আদিত্য, জমদগ্নিৰ সন্তান, জমদগ্নি + ষ্ণ্য = জামদগ্ন্য। সেইদৰে, গৰ্গ – গাৰ্গ্য ইত্যাদি।
 ঞ্চেয় প্ৰত্যয়ৰ যোগত সিদ্ধ :—ভগিনীৰ সন্তান, ভগিনী +ঞ্চেয় = ভাগিনেয় স্ত্ৰী ভাগিনেয়ী, বিমাতৃৰ সন্তান, বিমাতৃ +ষ্ণেয় = বৈমাত্ৰেয়, স্ত্ৰী বৈমাত্ৰেয়ী, কুন্তী – কৌন্তেয়, ইত্যাদি।
 ষ্ণায়ন প্ৰত্যয়ৰ যোগত সিদ্ধ:– নৰৰ সন্তান, নৰ + ষ্ণায়ন = নাৰায়ণ স্ত্ৰী নাৰায়ণী, দক্ষৰ সন্তান, দক্ষ+ষ্ণায়ন=দাক্ষায়ণ স্ত্ৰী দাক্ষায়ণী। সেইদৰে, কত্য – কাত্যায়ন স্ত্ৰী কাত্যায়ণী। [ ১৪৩ ]  ১০। এই প্ৰত্যয়বিলাকৰ কেতবিলাক অপত্য অৰ্থৰ বাজে অন্য অৰ্থতো শব্দত যোগ হয়। যেনে, ষ্ণ স্বাৰ্থত:— বন্ধু – বান্ধব, ইত্যাদি।
 ষ্ণ ভাবাৰ্থত :— গুৰু – গৌৰৱ, লঘু – লাঘব, শিশু – শৈশৱ ইত্যাদি।
 ষ্ণ সেৱক অৰ্থত :—বিষ্ণু – বৈষ্ণৱ, শিৱ– শৈৱ, শক্তি- শাক্ত, ইত্যাদি।
 ষ্ণ সঙ্গত অৰ্থত:— বিধি—বৈধ, অবিধি—অবৈধ, ইত্যাদি।
 ষ্ণ্য ভাবাৰ্থত:— কৰুণা-কাৰুণ্য, সমীপ—সামীপ্য, ধীৰ — ধৈৰ্য্য, গম্ভীৰ – গাম্ভীৰ্য্য। সেইদৰে, দৈৰ্ঘ্য, চাঞ্চল্য, তাৰতম্য, ইত্যাদি।
 ষ্ণ্য উদ্ভৱ অৰ্থত, অৰ্থাৎ ইয়াত জন্মিছে, এই অৰ্থত :— গ্ৰাম—গ্ৰাম্য, বন—বন্য, ইত্যাদি।

 সম্পৰ্ক বুজাবলৈ কোনো কোনো শব্দত ষ্ণিক প্ৰত্যয় যোগ হয়। ষ্ণিকৰ ষ্ণ ইৎ যায়। যেনে, দেহ সম্পৰ্কে, দেহ+ষ্ণিক = দৈহিক, শৰীৰ সম্পৰ্কে, শৰীৰ + ষ্ণিক = শাৰী- ৰিক। সেইদৰে, মনস্—মানসিক, বৰ্ষ—বাৰ্ষিক, দিন— দৈনিক, মাস—মাসিক, সমাজ-সামাজিক, অনুমান – আনু- মানিক, লোক—লৌকিক, মুখ—মৌখিক, মূল – মৌলিক,

যোগ—যৌগিক, ইত্যাদি।

[ ১৪৪ ]  ১১। আছে অৰ্থত শব্দত বতু, মতু, ইন, বিন, আলু আদি প্ৰত্যয় যোগ হয়।

বতু, মতু।

 ১২। অ—কাৰান্ত, আ— কাৰান্ত, আৰু ব্যঞ্জনান্ত শব্দৰ পাচত আছে অৰ্থত বতু প্ৰত্যয় হয়, আন শব্দত মতু প্ৰতায় হয়। বতু আৰু মতুৰ উ ইৎ যায়, বৎ আৰু মৎ থাকে। যেনে, ধন আছে, ধন+বতু = ধনবৎ, প্ৰথম বিভক্তিৰ এক বচনত ধনবান, বিদ্যা আছে, বিদ্যা+বতু = বিদ্যাবৎ, প্ৰথমা বিভক্তিৰ এক বচনত বিদ্যাবান। সেইদৰে, গুণ—গুণবান, ৰূপ — ৰূপবান, বল — বলবান, ক্ষমতা — ক্ষমতাবান, লাভ— লাভবান, পুত্ৰ—পুত্ৰবান, ক্ৰিয়াবান, বিদ্যুত্বান, তড়িত্বান, ইত্যাদি। কিন্তু বুদ্ধি আছে, বুদ্ধি+মতু বুদ্ধিমত্, প্ৰথমা বিভক্তিৰ এক বচনত বুদ্ধিমান, শক্তি আছে, শক্তি + মতু = শক্তিমত্, প্ৰথম৷ বিভক্তিৰ এক বচনত শক্তিমান। সেই দৰে, মধু—মধুমান, মতি—মতিমান, শ্ৰী শ্ৰীমান, মূৰ্ত্তি—মূৰ্ত্তিমান, ভক্তি—ভক্তিমান, কীৰ্ত্তি—কীৰ্ত্তিমান, খ্যাতি—খ্যাতিমান, বস্তুমতী (স্ত্ৰী), হনুমান।

 ১৩। স্ত্ৰীলিঙ্গত বানৰ ঠাইত বতী আৰু মানব ঠাইত মতী হয়। যেনে, ধনবান ধনবতী, বিদ্যাবান বিদ্যাৱতী, গুণৱান গুণৱতী, ৰূপৱান ৰূপৱতী, ইত্যাদি,। সেইদৰে, বুদ্ধিমান বুদ্ধিমতী, শক্তিমান শক্তিমতী, শ্ৰীমান শ্ৰীমতী, খ্যাতিমান খ্যাতিমতী, ইত্যাদি।

[ ১৪৫ ]  ১৪। যি শব্দৰ উপধা স্থলত, অৰ্থাৎ শব্দৰ শেষ বৰ্ণৰ আগত ম থাকে তাত মতুৰ ম মৰিব হয়। যেনে, লক্ষ্মী + মতু = লক্ষ্মীবান, ইত্যাদি।

ইন।

 ১৫। এটাতকৈ অধিক স্বৰবৰ্ণযুক্ত অকাৰান্ত আৰু আ—কাৰান্ত শব্দৰ পাচত, আছে অৰ্থত ইন প্ৰত্যয় হয়। ইন প্ৰত্যয় যোগ হলে, শব্দৰ শেষৰ স্বৰ লোপ হয়। যেনে, ধন আছে, ধন + ইন = ধনিন্, প্ৰথম৷ বিভক্তিৰ এক বচনত ধনী, গুণ আছে, গুণ+ইন=গুণিন্, প্ৰথমা বিভক্তিৰ এক বচনত গুণী, সেই দৰে, মান-মানী, জ্ঞান – জ্ঞানী, সুখ- সুখী, দুঃখ–দুঃখী, হস্ত—হস্তী, ইত্যাদি। মানী স্ত্ৰী মানিনী, হস্তী স্ত্ৰী হস্তিনী।

বিন্।

 ১৬। মায়া, মেধা, আৰু অস্ শেষত থকা শব্দৰ পাচত, আছে অৰ্থত, বিন্ প্ৰত্যয় হয়। যেনে, মেধা আছে, মেধা+ বিন্=মেধাবিন, প্ৰথম৷ বিভক্তিৰ এক বচনত মেধাবী, স্ত্ৰী মেধাবিনী। সেইদৰে, মায়া— মায়াবী, স্ত্ৰী মায়াবিনী, তেজস্—তেজস্বী, স্ত্ৰী তেজস্বিনী, তপস্—তপস্বী, স্ত্ৰী তপস্বিনী, পয়স্—স্ত্ৰী পয়স্বিনী, যশস্—যশস্বী স্ত্ৰী যশস্বিনী, ইত্যাদি।

আলু।

 ১৭। দয়া, নিদ্ৰা, কৃপা, শ্ৰদ্ধা আদি কেতবিলাক শব্দৰ পাচত, আছে অৰ্থত আলু প্ৰত্যয় হয়। যেনে, দয়া—দয়ালু, [ ১৪৬ ] নিদ্ৰা—নিদ্ৰালু, তন্দ্ৰা—তন্দ্ৰালু, কৃপা—কৃপালু, শ্ৰদ্ধা—শ্ৰদ্ধালু, ইত্যাদি।

ইষ্ট, ঈয়স্।

 ১৮। বহুতৰ ভিতৰতএটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত ইষ্ঠ প্ৰত্যয় হয়; ই সকলোতকৈ লঘু, লঘু+ইষ্ঠ = লঘিষ্ঠ, ই সকলোতকৈ গুৰু, গুৰু ইষ্ট=গৰিষ্ঠ, ইত্যাদি। ইষ্ট প্ৰত্যয় যোগ কৰাত লঘু আৰু গুৰু শব্দৰ কেনে পৰিবৰ্ত্তন হৈছে, তাক চোৱাঁ। লঘু গুচি লঘ আৰু গুৰু গুচি গৰ হৈছে। সেইদৰে, বল—বলিষ্ঠ, বলীয়ান্, ইত্যাদি।

 ১৯৷ দুটাৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত ঈয়স্ প্ৰত্যয় হয়। যেনে, ইয়াতকৈ ই লঘু, লঘু+ঈয়স্= লম্বীয়স্, প্ৰথম৷ বিভক্তিৰ এক বচনত লঘীয়ান্, স্ত্ৰী লঘীয়সী, সেইদৰে, গুৰু—গৰীয়ান, স্ত্ৰী গৰীয়সী।

 ২০। ইন্ঠ, ঈয়স্ প্ৰত্যয় পাচত থাকিলে, প্ৰশস্থ্য শব্দৰ ঠাইত প্ৰ আৰু জ্য হয়, আৰু বৃদ্ধ শব্দৰ ঠাইত বৰ্ষ আৰু জ্য হয়। জ্য হলে, ঈয়সৰ ঈ মৰি অ হয়। যেনে, প্ৰশস্থ্য— শ্ৰেষ্ঠ, জ্যেষ্ঠ, শ্ৰেয়ান্, জ্যায়ান্, বৃদ্ধ-বৰ্ষিষ্ঠ, জ্যেষ্ঠ, বৰ্ষীয়ান, জ্যায়ান।

 ২১। ইষ্ঠ, ঈয়স্ প্ৰত্যয় পাচত থাকিলে, অল্প শব্দৰ ঠাইত কেতিয়াবা কন্ হয়, নহৈও থাকে। যেনে, অল্প- কনিষ্ঠ বা অল্পিষ্ঠ, কনীয়ান্ বা অল্পীয়ান্।

 ২২। ভূয়িষ্ঠ আৰু ভূয়ান্ শব্দ বহু শব্দত ইষ্ঠ আৰু [ ১৪৭ ] ঈয়স্ প্ৰত্যয় কৰি অনিয়মিত ৰূপে, অৰ্থাৎ নিপাতনত সিদ্ধ হৈছে।

 ২৩। দুটাৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত

তৰ, তম।

তৰ, আৰু বহুতৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ তম প্ৰত্যয় হয়। যেনে, ই ইয়াতকৈ গুৰু—গুৰুতৰ, ই সকলোতকৈ গুৰু—গুৰুতম। সেইদৰে, লঘুতৰ লঘুতম, বৃহত্তৰ বৃহত্তম, ক্ষুদ্ৰতৰ ক্ষুদ্ৰতম, ইত্যাদি।

 ২৪। আছে অৰ্থত শব্দৰ পাচত ইল, শ, ৰ, ল, বল আদি প্ৰত্যয় যোগ হয়। যেনে,

ইল।

 ফেন, পঙ্ক আদি শব্দৰ পাচত, আছে অৰ্থত ইল প্ৰত্যয় হয়। যেনে, ফেন—ফেনিল, পঙ্ক–পঙ্কিল, জটা—জটিল, কুট—কুটিল।

শ।

 লোম, কৰ্ক আদি শব্দৰ পাচত, আছে অৰ্থত শ প্ৰত্যয় হয়। যেনে, লোম—লোমশ, কৰ্ক—কৰ্কশ।

ল।

 আছে অৰ্থত, শব্দৰ পাচত ল প্ৰত্যয় হয়। যেনে, বৎস—বৎসল, মাংস—মাংসল, শীত—শীতল, শ্যাম—শ্যামল, শ্ৰী—শ্ৰীল।
[ ১৪৮ ]

বল।

 ৰজস্ আদি শব্দৰ পাচত, আছে অৰ্থত বল প্ৰত্যয় হয়। যেনে, ৰজস্—ৰজস্বল, শ্ৰী ৰজস্বলা।

 নখ, মুখ আদি শব্দৰ পাচত, আছে অৰ্থত ৰ প্ৰত্যয় হয়। যেনে, নখ—নখৰ, মুখ—মুখৰ, স্ত্ৰী মুখৰা, বন্ধু—বন্ধুৰ, পাণ্ডু— পাণ্ডুৰ।

ইত

 উৎপত্তি হৈছে, এই অৰ্থত শব্দৰ পাচত ইত প্ৰত্যয় হয়। যেনে, পুষ্প—পুষ্পিত, ফল—ফলিত, পল্লব—পল্লবিত, দুঃখ— দুঃখিত, কলঙ্ক—কলঙ্কিত, কণ্টক—কণ্টকিত, অঙ্কুৰ—অঙ্কুৰিত, মঞ্জৰি—মঞ্জৰিত, পুলক—পুলকিত, আনন্দ—আনন্দিত, পণ্ডা—পণ্ডিত।

মিন্‌।

 পাৰ্গত অৰ্থত, বাচ্ শব্দত মিন প্ৰত্যয় হয়। যেনে, বাচ্‌—বাগ্মী। আছে অৰ্থত, স্ব( বিভূতি ) শব্দত মিন প্ৰত্যয় হয়। যেনে, স্ব—স্বামী।

মাত্ৰ।

 ২৫। পৰিমাণ বুজাবলৈ শব্দৰ পাচত মাত্ৰ প্ৰত্যয় হয়। যেনে, কিঞ্চিৎ—কিঞ্চিন্মাত্ৰ, অণু—অণুমাত্ৰ, নাম—নামমাত্ৰ,

ধনিষ্ঠা—ধনিষ্ঠামাত্ৰ। [ ১৪৯ ]

ইমন।

 ২৬। ভাবাৰ্থত শব্দৰ পাচত ইমন্ প্ৰত্যয় হয়। ইমন্ প্ৰত্যয় হলে, কেতিয়াবা আচল শব্দৰ ৰূপ লৰে (উদাহৰণ চোৱাঁ)। উদাহৰণবিলাক প্ৰথমা বিভক্তিৰ এক বচনৰ৷ যেনে, মহৎ—মহিমা, গুৰু—গৰিমা, লঘু—লঘিমা, প্ৰিয়— প্ৰেম, দীৰ্ঘ—দ্ৰাঘিমা, ৰক্ত—ৰক্তিমা, নীল—নীলিমা।

 বহু+ইমন্=ভূমা, এই শব্দ অনিয়মিত ৰূপে নিপাতনত সিদ্ধ।

ত্ব,তা

 ২৭। ভাবাৰ্থত শব্দৰ পাচত ত্ব আৰু তা প্ৰত্যয় হয়। যেনে, প্ৰভুৰ ভাব প্ৰভুত্ব, গুৰুৰ ভাব গুৰুত্ব বা গুৰুতা। সেই দৰে, লঘুত্ব বা লঘুতা, উচ্চ—উচ্চতা, ভদ্ৰ—ভদ্ৰতা, অমৰ— অমত্ব, দেব-দেবত্ব, শিষ্ট—শিষ্টতা, নম্ৰ—নম্ৰতা, সৰল— সৰলতা, দুৰ্ব্বল—দুৰ্ব্বলতা, কৃশ—কৃশতা, মনুষ্য—মনুষ্যত্ব, পশু—পশুত্ব, দূৰ—দূৰতা, দীৰ্ঘ—দীৰ্ঘতা।

তীয়।

 ২৮। সংখ্যা পূৰ হোৱা বুজাবলৈ দ্বি আৰু ত্ৰি সংখ্যা বাচক শব্দৰ পাচত তীয় প্ৰত্যয় হয়। যেনে, দ্বি—দ্বিতীয়, ত্ৰি—তৃতীয় ( ইয়াত ত্ৰি তৃ হৈছে )।

থট্।

 ২৯। সেই অৰ্থ বুজাবলৈ চতুৰ্ আৰু ষষ্ সংখ্যা বাচক [ ১৫০ ] শব্দৰ পাচত থট্ প্ৰত্যয় হয়। থটৰ ট ইৎ যায়। যেনে, চতুৰ—চতুৰ্থ, ষ য—ষষ্ঠ।

মট্।

 ৩০। সেই অৰ্থ বুজাবলৈ পঞ্চন্, সপ্তন্, অষ্টন্‌, নবন্, আৰু দশন সংখ্যা বাচক শব্দৰ পাচত মট্‌ প্ৰত্যয় হয়। মটৰ ট ইৎ যায়, আৰু শব্দৰ ন্ লোপ হয়। যেনে, পঞ্চন—পঞ্চম, সপ্তন—সপ্তম। সেইদৰে, অষ্টম, নবম, দশম।

ডট্।

 ৩১। সেই অৰ্থ বুজাবলৈ একাদশন্, দ্বাদশন্, ত্ৰয়োদশন্, চতুৰ্দ্দশন্ সংখ্যাবাচক শব্দত ডট্ প্ৰত্যয় হয়। ডটৰ ড, ট্‌ ইৎ যায়, আৰু শব্দৰ ন্ লোপ হয়। যেনে, একাদশন—একাদশ। সেইদৰে, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ।

তম, ডট্।

 ৩২। সেই অৰ্থত বিংশতি, ত্ৰিংশৎ আদি সংখ্যাবাচক শব্দত তম আৰু ডট্ প্ৰত্যয় হয়। ডটৰ ড, ট্‌ ইং যায়। যেনে, বিংশতি—বিংশতিতম বা বিংশ, ত্ৰিংশৎ—ত্ৰিংশত্তম বা ত্ৰিংশ।

ম।

 ৩৩। সেই কালত উৎপত্তি, এই অৰ্থত আদি, প্ৰথ, আৰু মধ্য শব্দৰ পাচত ম প্ৰত্যয় হয়। যেনে, আদি—আদিম,

প্ৰথ—প্ৰথম, মধ্য—মধ্যম। [ ১৫১ ]

ত্যণ্।

৩৪। সেই ঠাইত উৎপত্তি, এই অৰ্থত দক্ষিণ৷ আৰু

পশ্চাৎ শব্দৰ পাচত ত্যণ, প্ৰত্যয় হয়। ত্যণৰ ণ্ ইৎ যায়, শব্দৰ আদি স্বৰ বৃদ্ধি হয় আৰু অন্তৰ ব্যঞ্জন লোপ হয়। যেনে, দক্ষিণ৷—দাক্ষিণাত্য, পশ্চাৎ—পাশ্চাত্য।

ব্য, ডুল।

 ৩৫। ই ইয়াৰ ভ্ৰাতা, এই অৰ্থত পিতৃ শব্দৰ পাচত ব্য, আৰু মাতৃ শব্দৰ পাচত ডুল প্ৰত্যয় হয়। ডুলৰ ড ইৎ যায়, আৰু মাতৃ শব্দৰ ঋ—কাৰ লোপ হয়। যেনে, পিতৃৰ ভ্ৰাতা, পিতৃ—পিতৃব্য, মাতৃৰ ভ্ৰাতা, মাতৃ—মাতুল।

ডামহ।

 ৩৬। ই ইয়াৰ পিতৃ, এই অৰ্থত, পিতৃ আৰু মাতৃ শব্দৰ পাচত ডামহ প্ৰত্যয় হয়। ডামহৰ ড ইৎ যায়, আৰু শব্দৰ অন্তৰ। ঋ—কাৰ লোপ হয়। যেনে, পিতৃ—পিতামহ, মাতৃ— মাতামহ।

ময়ট্।

 ৩৭। ইয়াৰে প্ৰস্তুত বা ইয়াৰ দ্বাৰা পৰিপূৰ্ণ, এই অৰ্থত শব্দৰ পাচত ময়ট্ প্ৰত্যয় হয়। ময়টৰ ট্‌ ইৎ যায়। যেনে, স্বৰ্ণেৰে প্ৰস্তুত, স্বৰ্ণময়, ৰত্নেৰে প্ৰস্তুত, ৰত্নময়, জলেৰে পূৰ্ণ, জলময়। সেইদৰে, দয়াময়, কৃপাময়, অগ্নিময়।

ধাচ্।

 ৩৮। সিমান বিধ, এই অৰ্থ বুজাবলৈ সংখ্যাবাচক শব্দৰ [ ১৫২ ] পাচত ধাচ্ প্ৰত্যয় হয়। ধাচৰ চ্, ইৎ যায়। যেনে, বহু বহুধা, শত—শতধা, দ্বি—দ্বিধা।

দা।

 ৩৯। কাল বুজাবলৈ সৰ্ব্বনাম শব্দৰ পাচত দা প্ৰত্যয় হয়। যেনে, সৰ্ব্ব—সৰ্ব্বদা, এক–একদা।

থা, দানীম্।

 ৪০। সৰ্ব্ব অন্য আদি শব্দৰ পাচত থা প্ৰত্যয় হয়, আৰু তব্, ইদম্ আদি শব্দৰ পাচত দানীম্ প্ৰত্যয় হয়। যেনে, সৰ্ব্ব—সৰ্ব্বথা, অন্য—অন্যথা, তদ্—তদানীম্ ইত্যাদি।

 অধুনা শব্দ ইদম্ শব্দৰ পৰা অনিয়মিতৰূপে নিপাতনত সিদ্ধ।

তন।

 ৪১। সেই কালত উৎপত্তি, এই অৰ্থত শব্দৰ পাচত তন প্ৰত্যয় হয়। যেনে, অ্য—অদ্যতন, পুৰা—পুৰাতন, সদা— সনাতন (ইয়াত সদাৰ দ মৰি ন হৈছে)।

ডিম।

 ৪২। অগ্ৰ, পশ্চাৎ, অন্ত শব্দৰ পাচত ডিম প্ৰত্যয় হয়। ডিমৰ ড ইৎ যায়, আৰু শব্দৰ শেষ স্বৰ আৰু তাৰ পাচত থকা ব্যঞ্জন লোপ হয়। যেনে, অগ্ৰ—অগ্ৰিম, পশ্চাৎ— পশ্চিম্, অন্ত—অন্তিম।

তস্।

 ৪৩। কোনো কোনো শব্দৰ সপ্তমী বিভক্তিৰ ঠাইত [ ১৫৩ ] তস্ প্ৰত্যয় হয়। যেনে, প্ৰথম——প্ৰথমতঃ, ফল-ফলতঃ, সাধাৰণ—সাধাৰণতঃ, স্বভাব—স্বভাবতঃ।

চসাৎ।

 88। পৰা বা হোৱা অৰ্থত শব্দৰ পাচত চসাৎ প্ৰত্যয় হয়। চসাতৰ চ ইৎ যায়। যেনে, উদৰ—উদসাৎ, ভষ্ম— ভষ্মসাৎ, অগ্নি—অগ্নিসাৎ, আত্মন্—আত্মসাৎ, ভূমি—ভূমিসাৎ (শেষ শব্দ দুটা কি পৰিবৰ্ত্তন হৈছে চোৱাঁ)।

আকিন্!

 ৪৫। নিৰাশ্ৰয় অৰ্থত এক শব্দৰ পাচত আকিন্ প্ৰত্যয় হয়। যেনে, এক—একাকিন, প্ৰথমা বিভক্তিৰ এক বচনত একাকী, স্ত্ৰী একাকিনী।

চ্বি

 ৪৬। আগে নাছিল এতিয়া হল, এই অৰ্থত, কৃ বা ভূ ধাতুৰ কৃদন্ত পদ কোনো শব্দৰ পাচত থাকিলে, সেই শব্দৰ পাচত চ্বি প্ৰত্যয় হয়। চ্বি ইৎ যায়, আৰু শব্দৰ শেষৰ অ-কাৰ মৰি ঈ-কাৰ হয়, আৰু অন্য হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে, দূৰ+চ্বি+ভূত = দূৰীভূত, বশ+চ্বি+ভূত = বশীভূত। সেইদৰে, মূলীভূত, লঘূকৰণ।

⸻⸺

[ ১৫৪ ]

অসমীয়া তদ্ধিত প্ৰত্যয়।

 ৪৭।শব্দত তদ্ধিত প্ৰত্যয় যোগ কৰিবৰ সাধাৰণ নিয়ম:—

 (ক) ব্যঞ্জনান্ত শব্দত প্ৰত্যয়ৰ আদিৰ স্বৰ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, তাম্+ঈ = তামী, কপাহ+ঈ = কপাহী।

 (খ) আদিত স্বৰবৰ্ণ থকা প্ৰত্যয় পাচত থাকিলে, অকাৰান্ত আৰু আকাৰন্ত শব্দৰ অ, আ লোপ হৈ শব্দ ব্যঞ্জনান্ত হয়। যেনে, যদুবংশ+ঈয়া = যদুবংশীয়া, দুটা+ ঈয়া=দুটীয়া৷ কিন্তু অনি প্ৰত্যয় থাকিলে নহয়, কেৱল অনিৰ অ মাথোন লোপ হয়। যেনে, চপৰা+অনি = চপৰানি, বকৰা+অনি = বকবানি।

 (গ) প্ৰত্যয়ৰ আদিত যি স্বৰবৰ্ণ থাকে, শব্দৰ শেষত সেইবিধৰ স্বৰবৰ্ণ থাকিলে, সি লোপ হয়। যেনে, বালি+ঈয়া=বালীয়া৷

 (ঘ) ই, ঈ, উ বা ঐ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ য় আৰু আ য়া হয়। যেনে, চাপৰি+আল= চাপৰিয়াল, চাপৰি+অনি = চাপৰিয়নি, আফু+অনি = আফুয়নি, আখৈ + আ = আখৈয়া।

 (ঙ) উ, ঊ, ও বা ঔ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অৱ আৰু আ ৱা হয়। যেনে, কচু+অনি = কচুৱনি, ঔ+ অনি = ঔৱনি। [ ১৫৫ ]  এইবিলাক সালসলনিৰ বাজে শব্দত বা প্ৰত্যয়ত আৰু যি লবচৰ হয়, তাক উদাহৰণ চাই বুজিব লাগে।

ঈ।

৪৮। ইয়াৰে প্ৰস্তুত, এই অৰ্থত শব্দৰ পাচত ঈ প্ৰত্যয় হয়। ঈ প্ৰত্যয় হলে শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, তামেৰে প্ৰস্তুত, তাম—তামী, বাঁহেৰে প্ৰস্তুত, বাঁহ—বাঁহী। সেইদৰে, পিতল—পিতলী, কপাহ—কপাহী।

 ৪৯। স্বাৰ্থত কোনো কোনো শব্দত ঈ প্ৰত্যয় হয়। যেনে, কঙ্গাল—কঙ্গালী, বঙ্গাল—বঙ্গালী, বেঙ্গুলী।

 ৫০। আছে আৰু তৎপৰ অৰ্থত শব্দত ঈ প্ৰত্যয় হয়। যেনে, ধন আছে, ধন—ধনী, জ্ঞান আছে, জ্ঞান—জ্ঞানী। সেইদৰে, মান—মানী, দান–দানী, সুখ—সুখী, দুখ—দুখী, ভোগ—ভুগী, ৰোগ—ৰুগী, কাজ—কাজী।

 ধনী, মানী আদি শব্দ সংস্কৃত তদ্ধিৰ ইন্‌ প্ৰত্যয় কৰিও সিদ্ধ কৰা যায়। কিন্তু সেই শব্দবিলাকত বিভক্তি যোগ নিদিলে, সিহঁতৰ তেনে ৰূপ নহয়, ধনিন্, মানিন্ ৰূপত থাকিলহেঁতেন। ধনী, মানী সংস্কৃতৰ প্ৰথমা বিভক্তিৰ একবচনৰ পদ। সিহঁতক অসমীয়াত মূল শব্দ বুলি ধৰি লৈ অসমীয়া বিভক্তি যোগ দিলে, বিভক্তিৰ ওপৰত বিভক্তি যোগ দিয়৷ হয়। অৰ্থাৎ সিহঁতত এবাৰ সংস্কৃত শব্দ বিভক্তি যোগ দি আকৌ অসমীয়া বিভক্তি যোগ দিবলগীয়া হয়। এই কথা অসঙ্গত। সেই দেখি এনেবিলাক শব্দ অসমীয়া তদ্ধিতৰ ঈ প্ৰত্যয়ৰ দ্বাৰা সিদ্ধ হৈছে [ ১৫৬ ] বুলি ধৰা যুগুত। বিশেষতঃ সংস্কৃতত দুঃখ শব্দত ইন্ প্ৰত্যয় কৰি দুঃখী হৈছে, কিন্তু কোনো অসমীয়াই দুঃখী নোবোলে অসমীয়া শব্দ দুখ, তাত ঈ প্ৰতায় কৰি দুখী হৈছে। সেইদৰে সংস্কৃত ভোগী, অসমীয়া ভুগী, সংস্কৃত ৰোগী, অসমীয়৷ ৰুগী বা ৰুগীয়া৷

 ৫১। ব্যৱসায় বা জীবিকা বুজাবলৈ শব্দত ঈ প্ৰত্যয় হয়। যেনে, মৌজাদাৰৰ ব্যৱসায়; মৌজাদাৰ—মৌজাদাৰী, সাধনিদাৰৰ ব্যৱসায়, সাধনিদাৰ—সাধনিদাৰী। সেই দৰে, গোলাদাৰ—গোলাদাৰী, মহলদাৰ—মহলদাৰী।

 ৫২। ইয়াত জন্ম বা বাস, এই অৰ্থত শব্দৰ পাচত ঈ প্ৰত্যয় হয়। যেনে, জাপানত জন্ম, জাপান—জাপানী, হিন্দুস্থানত বাস বা জন্ম, হিন্দুস্থান—হিন্দুস্থানী, সেই দৰে, পঞ্জাবী, নেপালী, মাদ্ৰাজী।

ঈয়া।

 ৫৩। আছে অৰ্থত, শব্দৰ পাচত ঈয়া প্ৰত্যয় হয়। ঈয়৷ প্ৰত্যয় হলে, শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, পানী আছে, পানী+ঈয়া =পনীয়া, মাটি আছে, মাটি+ঈয়া = মটীয়া। সেই দৰে, জঁট—জঁটীয়া, ডাঁৰি—ডঁৰীয়া, নাল—নলীয়া, বালি—বালীয়া, ডাব—ডবীয়া, আৰু যেনে, জোল—জুলীয়া, লোণ—লুণীয়া, যোৰ—যুৰীয়া, সমান—সমনীয়া, গোঁফ—গুফীয়া।

 আৰু যেনে, (ব্যৱসায় অৰ্থত) ঢোল—ঢুলীয়া, খোল— [ ১৫৭ ] খুলীয়া, কালি—কালীয়া, তাল—তালীয়া, মলা—মলীয়া, তেল—তেলীয়া, নোমল—নুমলীয়া,

 ৫৪। ঈয়া প্ৰত্যয় যোগ দিলে বালি, আৰু কালি শব্দৰ শেষ স্বৰ বৰ্ণৰ আগৰ আ মৰি অ নহয়। যেনে, বালীয়া, কালীয়া৷

 ৫৫। ঐ-কাৰান্ত শব্দৰ পাচত ঈয়া প্ৰত্যয়ৰ ঈ লোপ হয়। যেনে, কৰ্দ্দৈ +ঈয়া =কৰ্দ্দৈয়া, আখৈ+ঈয়া= আখৈয়া৷

 ৫৬। নিজ গাৱঁত বাস, এই অৰ্থত গাওঁ শব্দত ঈয়া প্ৰত্যয় যোগ হৈ নিপাতনত গঞা শব্দ সিদ্ধ হৈছে।

 ৫৭। উৎপত্তি বা সম্বন্ধ অৰ্থত মাহৰ নামৰ পাচত মাহ শব্দ থাকিলে, তাত সদায় ঈয়া প্ৰত্যয় হয়। যেনে, বহাগ মাহৰ কাল, বহাগ মহীয়া, জেঠ মহীয়া, আষাঢ় মহীয়া কেতিয়াবা মাহৰ নামতে ঈয়া প্ৰত্যয় হয়। যেনে, ভাদ— ভদীয়া।

 ৫৮। উৎপত্তি বা সম্বন্ধ অৰ্থত বাৰৰ নামৰ পাচত বাৰ শব্দ থাকিলে, তাতো সদায় ঈয়া প্ৰত্যয় হয়। যেনে, দেওবৰীয়া, সোমবৰীয়া, মঙ্গলবৰীয়া, ইত্যাদি।

 ৫৯। সংখ্যা বোধক শব্দৰ পাচত টা বা টি, বা কোনো সংজ্ঞ৷ শব্দ থাকিলে, ব্যাপ্তি অৰ্থত, তাত সদায় ঈয়া প্ৰত্যয় হয়। যেনে, দুটা—দুটীয়া, এটি—এটীয়া, এঘৰ— এঘৰীয়া, দহজন—দহজনীয়া, এডাল—এডলীয়া, এবছৰ— [ ১৫৮ ] এবছৰীয়া। সেইদৰে, ছমহীয়া লৰা, চাৰিবছৰীয়া ছোৱালী, ইত্যাদি।

 ৬০। সময়বাচক শব্দৰ পাচত সংখ্যাবাচক থাকিলে, সেই সময়ৰ শেষত, এই অৰ্থত, তাত ঈয়া প্ৰত্যয় হয়। যেনে, বছেৰেকৰ অন্তত—বছেৰেকীয়া। সেইদৰে, মাহেকীয়া, পষেকীয়া, ইত্যাদি।

 মাহিলি বিশেষণ পদ নহয়, ক্ৰিয়া বিশেষণ। তাক বিশেষণ স্বৰূপে ব্যৱহাৰ কৰিব নোৱাৰি। এতেকে, মাহিলি কাকত অশুদ্ধ, মাহেকীয়া কাকত। মাহিলি দৰ্ম্মহা অশুদ্ধ, মাহেকীয়া দৰ্ম্মহা। কিন্তু সি মাহিলি এশ ৰূপ দৰ্ম্মহা পায়, শুদ্ধ। কিয়নো, মাহিলি ইয়াত পায় ক্ৰিয়াৰ বিশেষণ স্বৰূপে ব্যৱহাৰ হৈছে। এইখন কাকত মাহিলি ওলায়, এই বাক্যও শুদ্ধ। কিয়নো ইয়াতো মাহিলি ওলায় ক্ৰিয়াৰ বিশেষণ স্বৰূপে ব্যৱহাৰ হৈছে।

উৱা।

 ৬১। আছে আৰু পাৰ্গত অৰ্থত, কেতবিলাক শব্দৰ পাচত উৱা প্ৰত্যয় হয়। উৱা প্ৰত্যয় হল, শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, ৰণত পাৰ্গত, ৰণ—ৰণুৱা, বনত পাৰ্গত, বন—বনুৱা, ধাৰ আছে, ধাৰ— ধৰুৱা। সেইদৰে, সাৰুৱা, ঢলুৱা, মৰুৱা, তেলুৱা কাজুৱা, খনুৱা। পতুৱা, নটুৱা, বদুৱা, হজুৱা, নিকৰুৱা, জাবৰুৱা।

 ৬২। তাত থাকে বা পোৱা যায়, এই অৰ্থত, কেতবিলাক শব্দৰ পাচত উহা প্ৰত্যয় হয়। যেনে, ঘৰত আছে, [ ১৫৯ ] ঘৰ—ঘৰুৱা, পৰত পোৱা যায়, পৰ—পৰুৱা, ডালত থাকে, ডাল—ডলুৱা। সেইদৰে, বজৰুৱা, পথৰুৱা, বিহুৱা, জেঠুৱা, খেলুৱা।

 ৬৩। খোৱা বা সম্বন্ধ অৰ্থত, কেতবিলাক শব্দত উৱা প্ৰত্যয় হয়। যেনে, ভাত—ভতুৱা, মাছ—মছুৱা।

 ৬৪। সদৃশ অৰ্থত, কেতবিলাক শব্দত উৱা প্ৰত্যয় হয়। যেনে, কপাহৰ সদৃশ, কপাহ—কপহুৱা। সেইদৰে, পিত-লুৱা, চকুৱা৷ (দীপচকু)।

 ৬৫। কাজ, সাৰ, হাড়, আৰু লাড়ু আদি শব্দত উৱা প্ৰত্যয় হলে, সিহঁতৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ নহয়। যেনে, (ওপৰত চোৱাঁ) কাজুৱা, সাৰুৱা, হাড়ূৱা, লাড়ুৱা।

 ৬৬। আলাহ আৰু আলান্ধু শব্দত উৱা প্ৰত্যয় হলে, সিহঁতৰ ৰূপ লৰি আলাহ এলাহ হয়, আৰু আলান্ধু এলান্ধু হয়। যেনে, আলাহ এলেহুৱা, আলান্ধু—এলান্ধুৱা, আলান্ধুৱাও হয়।

ওৱা।

 ৬৭। চলায় অৰ্থত হাল, জাল আদি শব্দত ওৱা প্ৰত্যয় যেনে, হাল-হালোৱা, জাল—জালোৱা।

আল।

 ৬৮। আছে বা তাত বাস, এই অৰ্থত, শব্দত আল প্ৰত্যয় হয়। আল প্ৰত্যয় হলে, শব্দৰ শেষৰ অনুস্বাৰ ঙ বা ঙ্গ হয়। যেনে, চাপৰিত বাস চাপৰি—চাপৰিয়াল, দাঁতিত [ ১৬০ ] বাস, দাঁতি—দাঁতিয়াল। সেইদৰে, নদীয়াল, হাৰিয়াল, চকীয়াল, ফাঁকিয়াল।

 আছে অৰ্থত:—ৰাগীয়াল, মুখাল, নেজাল, মঙ্গহাল, নোমাল, পেটাল, দয়াল, কপাল, বিষাল, ধোন্দাল।
 আৰু যেনে, ( আছে অৰ্থত ) খং – খঙাল বা খঙ্গাল, জোং—জোঙাল বা জোঙ্গাল, ৰং—ৰঙুৱাল বা ৰঙ্গুৱাল।

ইয়াল।

 ৬৯। আছে অৰ্থত, কোনো কোনো শব্দত ইয়াল প্ৰত্যয় হয়। ইয়াল প্ৰত্যয় হলে, শব্দৰ শেষৰ অনুম্বাৰ ঙ বা ঙ্গ হয়। যেনে, মৰম—মৰমিয়াল, সাহ—সাহিয়াল, ৰং— ৰঙিয়াল বা ৰঙ্গিয়াল।

উৱাল, ওৱাল।

 ৭০। আছে বা থাকে অৰ্থত, কোনো কোনো শব্দত উৱাল প্ৰত্যয় হয়। যেনে, পাহ আছে, পাহ—পাহুৱাল। সেইদৰে, ভিতৰুৱাল। কোনো শব্দত উৱাল ওৱাল হয়। যেনে, ফাঁট—ফাঁটোৱাল, গৌ—গুৱাল।

আলি, আই, অৰি।

 ৭১। ভাবাৰ্থত বা ব্যৱসায় বুজাবলৈ শব্দৰ পাচত আলি, আই, আৰু অৰি প্ৰত্যয় হয়। যেনে (ভাবাৰ্থত আলি), টেঙৰ—টেঙৰালি চতুৰ—চতুৰালি, দুষ্ট—দুষ্টালি, অজলা—অজলালি, নজনা—নজনালি, লৰা—লৰালি, আমঠ— আমঠালি, আজল্‌মঠ—আজল্‌মঠালি, আকোৰগোঁজা— [ ১৬১ ] আকোৰগোজালি,মুনিহ – মুনিহালি,পুৰুষ—পুৰুষালি, বান্দৰ—বান্দৰালি, ছাগল—ছাগলালি, গৰু—গৰুৱালি।

 আৰু যেনে (ব্যৱসায় বুজাবলৈ), বেজ—বেজালি, ওজা—ওজালি, পুৰুহিত—পুৰুহিতালি, ঘটক—ঘটকালি, নায়ক নায়কালি।

 ৭২। ভাবাৰ্থত, বৰ আৰু মুনিহ শব্দত আই প্ৰত্যয় হয়। আই প্ৰত্যয় হলে, মুনিহ শব্দৰ হ মৰি ষ হয়। যেনে, বৰ—বৰাই, মুনিহ—মুনিষাই।

 ভাবাৰ্থত ভাল শব্দত অৰি প্ৰত্যয় হয়। যেনে, ভাল— ভালৰি।

অনি।

 ৭৩। জুৰি থকা অৰ্থত, শব্দৰ পাচত অনি প্ৰত্যয় হয়। যেনে, ধান—ধাননি, মাহ—মাহনি, বন—বননি, ফুল— ফুলনি, নৰা—নৰাণি, চুৱা—চুৱানি, চুৱাপাত—চুৱাপাতনি, বৰি—বৰিয়নি, বাকৰি—বাকৰিয়নি, চপৰা—চপৰাণি, উলু— উলুৱনি, ঔ—ঔৱনি, ইত্যাদি।

তলী।

 ৭৪। ইয়াত ৰোৱা যায়, এই অৰ্থত ধান, মাহ আদি শব্দত তলী প্ৰত্যয় হয়। যেনে, ধান ইয়াত বোৱে, ধান— ধানতলী, সেইদৰে, মাহতলী, সৰিয়হতলী, কঠিয়াতলি,

ইত্যাদি। [ ১৬২ ]

অতীয়া, অতী।

 ৭৫। উৎপত্তি অৰ্থত, আগ, পাচ আদি শব্দত অতীয়া প্ৰত্যয় হয়। যেনে, আগত জন্মিছে, আগ—আগতীয়া। সেইদৰে, পাচ—পাচতীয়া, শেষ—শেষতীয়া বা শেহতীয়া, তল—তলতীয়া।

 ৭৬। অধিকাৰী, এই অৰ্থত, বাপ শব্দৰ পাচত অতী বা অতীয়া প্ৰত্যয় হয়। যেনে, বাপতী বা বাপতীয়া। পাৰ্গত অৰ্থতো নাম শব্দত তী প্ৰত্যয় হয়। যেনে নামতী:

অক।

 ৭৭। আছে অৰ্থত বুদ্ধি আদি শব্দত, আৰু কৰে অৰ্থত, খেতি আদি শব্দত অক প্ৰত্যয় হয়। যেনে, বুদ্ধি—বুদ্ধিয়ক, খেতি—খেতিয়ক, ফন্দি–ফন্দিয়ক।

অলীয়া, অৰীয়া

 ৭৮। উৎপত্তি বুজাবলৈ গাওঁ আৰু বাৰী শব্দত অলীয়া, আৰু চলোৱা বুজাবলৈ নাও আদি শব্দত অৰীয়া প্ৰত্যয় হয়। যেনে, গাওঁ—গাৱঁলীয়া, বাৰী—বাৰীয়লীয়া, নাও—নাৱৰীয়া বন—বনৰীয়।

 ৭৯। তৎপৰ অৰ্থত মিছা শব্দত অলীয়া প্ৰত্যয় হয়। যেনে, মিছা কোৱাত তৎপৰ, মিছা—মিছলীয়া।

আ।

 ৮০। আছে অৰ্থত, কেতবিলাক শব্দত আ প্ৰত্যয় হয়। [ ১৬৩ ] যেনে, জাঁপৰ—জঁপৰা, ফাঁপৰ—ফঁপৰা, ভোবৰ—ভোবৰা বা ভোবোৰা।

ইয়াৰ।

 ৮১। সদায় কৰে, এই অৰ্থত, কোনো কোনো শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, সদায় যোগায়, যোগান—যোগনিয়াৰ, সদায় মাগে, মাগন —মগনিয়াৰ। সেইদৰে, খাটনি —খাটনিয়াৰ, ভগন— ভগনিয়াৰ, বন্দী—বন্দিয়াৰ, ফন্দি— ফন্দিয়াৰ, ফুট—ফুটিয়াৰ (গুপ্ত কথাৰ বুজপোৱা লোক)।

 ৮২। ভোজনত তৎপৰ, এই অৰ্থত ভোজন শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, ভোজন—ভোজনিয়াৰ।

 ৮৩। দেখিবলৈ শুৱনি, এই অৰ্থত, দেখন শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, দেখন—দেখনিয়াৰ।

ই, এ।

 ৮৪। ক্ৰিয়াৰ গুণ বুজাবলৈ বিশেষ্য আৰু বিশেষণ পদৰ আকাৰান্ত বিলাকত ই আৰু আনবিলাকত এ প্ৰত্যয় হয়। যেনে, ভালে আছে, শীঘ্ৰে যাম, সোনকালে আহিবা, বামে গল, পানীয়ে যাব, শুদাই খালে।

 ৮৫। এনেবিলাক শব্দ কেতিয়াবা দুবাৰ উক্ত হয়। যেনে, মনে মনে থাক, হাতে হাতে দিবি, লাহে লাহে যাবি, নাৱে নাৱে ফুৰিছে, গাৱে গাৱে জনাইছে, ধীৰে ধীৰে কৰ, ইত্যাদি। [ ১৬৪ ]  ৮৬। সম্বন্ধবাচক শব্দ দ্বিতীয় পুৰুষৰ ষষ্ঠী বিভক্তিযুক্ত পদৰ পাচত থাকিলে, অনাদৰত, সম্বন্ধবাচক পদৰ আ— কাৰান্তবিলাকত বৰ, আৰু আনবিলাকত এৰ প্ৰত্যয় হয়, আদৰত আ—কাৰান্তবিলাকত ৰা, আৰু আনবিলাকত এৰা প্ৰত্যয় হয়। কেতিয়াবা ৰা, এৰাৰ, সলনি আঁ প্ৰত্যয়ো হয়। তেতিয়া শব্দত যি লৰচৰ হয়, তাক উদাহৰণত চাই লোৱাঁ। যেনে—
 অনাদৰত—তোৰ মাৰ, পেহাৰ, জেঠাৰ, কিন্তু তোৰ আয়েৰ, বাপেৰ, ভায়েৰ, ভনীয়েৰ, পুতেৰ, জীয়েৰ, ইত্যাদি।
 আদৰত—তোমাৰ মাৰা, পেহাৰা, জেঠাৰা, আয়েৰা, বাপেৰা, ভায়েৰা বা ভাইয়া, ভনীয়েৰা, পুতেৰা বা পোৱাঁ, জীয়েৰা বা জীয়াঁ, বৌৱেৰা বা বৌৱাঁ, বোৱাৰীয়েৰা বা বোৱাৰীয়াঁ ইত্যাদি।

 ৮৭। সম্বন্ধবাচক শব্দ তৃতীয় পুৰুষৰ ষষ্ঠী বিভক্তিযুক্ত পদৰ পাচত থাকিলে, সম্বন্ধবাচক শব্দৰ আকাৰান্তবিলাকত ক, আৰু আনবিলাকত এক প্ৰত্যয় হয়। তেতিয়া শব্দত লৰচৰ হয়, তাক উদাহৰণত চাই লোৱাঁ। যেনে, তাৰ মাক, পেহাক, জেঠাক, বাপেক, ভায়েক, ককায়েক, ভনীয়েক, পুতেক, জীয়েক ইত্যাদি। সম্ভ্ৰমতো এইবিলাক প্ৰত্যয়েই যোগ হয়। যেনে, আপোনাৰ বা তেখেতৰ ভায়েক, ভনীয়েক, দদায়েক ইত্যাদি। [ ১৬৫ ]  ৮৮। সংস্কৃত মূল শব্দ পিতৃ, মাতৃ, ভ্ৰাতৃ আদি শব্দত এনেবিলাক প্ৰত্যয় যোগ নহয়। যেনে, তোৰ পিতৃ, মাতৃ। তোমাৰ পিতৃ, মাতৃ, আপোনাৰ বা তেখেতৰ পিতৃ, মাতৃ। কিন্তু পিতা, মাতা শব্দ সংস্কৃত হলেও, অসমীয়া ভাষাত চিৰকাল ব্যৱহাৰ হোৱা বাবে, সিহঁত অসমীয়া জতুৱা শব্দ যেন হৈছে। সেই দেখি সিহঁতত ওপৰত উল্লেখ কৰা প্ৰত্যয়বিলাক যোগ হয়।

বিশেষ বিশেষ শব্দত বিশেষ বিশেষ প্ৰত্যয়।

 ৮৯। কোনো কোনো প্ৰত্যয় এটা বা দুটা বিশেষ শব্দত মাথোন যোগ হয়। সিহঁতক মুঠত দেখুউৱা হ'ল। প্ৰত্যয় যোগ দিলে শব্দবিলাকত যি লৰচৰ হয়, তাক উদা- হৰণত চাই লোৱা। যেনে—

প্ৰত্যয়।
কি
উৰা
উৱৈ


অনীয়া

 

যি অৰ্থত প্ৰয়োগ।
পাৰ্গত বা অভিলাষ অৰ্থত
 
 
 
 
জোখ বুজাবলৈ

 

সিদ্ধ পদ।
কথকি
দন্দুৰা, স্ত্ৰী দন্দুৰী
মাছুৱৈ, স্ত্ৰী মাছতী
গছুৱৈ
ঘাটুৱৈ, ঘাটৈ
আঠুৱনীয়া

[ ১৬৬ ]  ৮৮। সংস্কৃত মূল শব্দ পিতৃ, মাতৃ, ভ্ৰাতৃ আদি শব্দত এনেবিলাক প্ৰত্যয় যোগ নহয়। যেনে, তোৰ পিতৃ, মাতৃ। তোমাৰ পিতৃ, মাতৃ, আপোনাৰ বা তেখেতৰ পিতৃ, মাতৃ। কিন্তু পিতা, মাতা শব্দ সংস্কৃত হলেও, অসমীয়া ভাষাত চিৰকাল ব্যৱহাৰ হোৱা বাবে, সিহঁত অসমীয়া জতুৱা শব্দ যেন হৈছে। সেই দেখি সিহঁতত ওপৰত উল্লেখ কৰা প্ৰত্যয়বিলাক যোগ হয়।

বিশেষ বিশেষ শব্দত বিশেষ বিশেষ প্ৰত্যয়।

 ৮৯। কোনো কোনো প্ৰত্যয় এটা বা দুটা বিশেষ শব্দত মাথোন যোগ হয়। সিহঁতক মুঠত দেখুউৱা হ'ল। প্ৰত্যয় যোগ দিলে শব্দবিলাকত যি লৰচৰ হয়, তাক উদা- হৰণত চাই লোৱা। যেনে—

প্ৰত্যয়।
অচীয়া
অৰুৱা
উকা
আক
আলি
ওৱালী
এতীয়া
কী
উলা
 
অৰীয়া
হী
অৰি
চা

 

যি অৰ্থত প্ৰয়োগ।
স্বভাৱ বা জাত বুজাবলৈ
তাত চলে, এই অৰ্থত
আছে অৰ্থত
আছে অৰ্থত
 
 
 
সদৃশ অৰ্থত
আছে অৰ্থত
 
তাক চলায় বা কৰে, এই অৰ্থত
তৎপৰ অৰ্থত
তাত থাকে অৰ্থত
 

 

সিদ্ধ পদ।
ঘৰচীয়া
বাটৰুৱা
লাজুকা, স্ত্ৰী লাজুকী
জোনাক
জোনালী, সোণালী
সোণোৱালী
তেলেতীয়া
জোনাকী
পেটুলা, ঠেহুলা,
স্ত্ৰী পেটুলী ঠেহুলী
নাৱৰীয়া, ভাৱৰীয়া
ছলাহী
তলিয়ৰি
তলচা

 ৯২। মাহৰ নামত তদ্ধিত প্ৰত্যয় যোগ দি কৰা প্ৰচলিত মানুহৰ নাম:—

মাহ
বহাগ
জেঠ
আষাঢ়, আহাৰ
শাওন

 

পুং নাম
বহাগু
নাই
আহৰু
শাওনা

 

স্ত্ৰী নাম
বহাগী
নাই
নাই
শাওণী

[ ১৬৭ ]

মাহ
ভাদ
আহিন
কাতি
আঘণ
পুহ
মাঘ
ফাগুন
চত

 

পুং নাম
ভদীয়া
আহিনা
কাতীয়া
আঘণা
পুহা
মাঘূৱা
ফাগুনা
চৈতা

 

স্ত্ৰী নাম
ভাদৈ
আহিনী
নাই
আঘণী
পুহী
মাঘী
ফাগুনী
নাই

 ৯১। বাৰৰ নামত তদ্ধিত প্ৰত্যয় যোগ কৰা প্ৰচলিত মানুহৰ নাম :—

বাৰ
দেও
ৰবি
সোম
মঙ্গল
বুধ
বৃহস্পতি
শুকুৰ
শনি

 

পুং নাম
দেওবৰ
ৰবি বা ৰবীয়া
সোম্বৰ, সোমেশ্বৰ
মঙ্গলা
বুদু বা বুদবৰ
বৃহস্পতীয়া
শুকুৰা
শনি বা শনীয়া

 

স্ত্ৰী নাম
দেওবৰী বা দেওবাৰী
নাই
সোম্বৰী বা সোমবাৰী
মঙ্গলী
বুদু বা বুদবৰী বা বুদবাৰী
নাই
শুকুৰী
নাই

 কেইটামান সংস্কৃত তদ্ধিত প্ৰত্যয়ো অসমীয়াত ব্যৱহাৰ হয়, কিন্তু অসমীয়াত আহি সিহঁতৰ ৰূপ পৰিবৰ্ত্তন হৈছে। সংস্কৃত ময়ট্ প্ৰত্যয় [ ১৬৮ ] অসমীয়া ভাষাত ময় হৈছে। সংস্কৃত ভাষাতো শব্দত যোগ দিবৰ সময়ত ময়টৰ ট ইৎ যায়, কেবল ময় মাথোন শব্দত যোগ হয়। অসমীয়াত ইৎ যাবলৈ প্ৰত্যয়টোত ট নাথাকেই। অসমীয়া ময় প্ৰত্যয়টোক সংস্কৃতৰ পৰা অহা হুবুলি সুকীয়া প্ৰত্যয় বুলিবও পাৰি। সি যেইবা নহওক, সংস্কৃতৰ পৰা অহা হলেও ই জাত অসমীয়া শব্দত যোগ হয়। যেনে, জুই—জুইময়, বোকা বোকাময়, চুৱা—চুৱাময়, ঘৰ—ঘৰময়, গছ—গছময়, হাবিময়, ইত্যাদি।

 সংস্কৃতৰ বতু আৰু মতু প্ৰত্যয়ৰ সলনি অসমীয়াত ৱন্ত আৰু মন্ত প্ৰত্যয় ব্যৱহাৰ হয়। সিহঁতৰ ব্যৱহাৰৰ নিয়মো একে, অৰ্থাৎ অ, আ, আৰু ব্যঞ্জন বৰ্ণ অন্তত থকা শব্দৰ পাচত ৱন্ত আৰু আনবিলাক শব্দৰ পাচত মন্ত প্ৰত্যয় হয়। যেনে, পুত্ৰৱন্ত, ধনৱন্ত, আঢ্যৱন্ত, বিদ্যাৱন্ত। কিন্তু মূৰ্ত্তিমন্ত, বুদ্ধিমন্ত, শ্ৰীমন্ত, হনুমন্ত, ইত্যাদি।

 ৱন্ত আৰু মন্ত, এই প্ৰত্যয় দুটা সংস্কৃত ৰতু আৰু নতু প্ৰত্যয়ৰ ভিন ৰূপ, নে সিহঁত সুকীয়া অসমীয়া প্ৰত্যয়, তাক ঠাৱৰাবলৈ টান। ৰূপত সিহঁত বৰ ভিন, কিন্তু ব্যৱহাৰৰ নিয়মলৈ চালে, সিহঁতক বতু মতুৰ আন ৰূপ যেন বোধ হয়।

অন্য এবিধ তদ্ধিত প্ৰত্যয়।

 জন, জনা, গৰাকী, টো টা টি, কণ কণি, ফেৰা ফেৰি, ডাল ডালি, খন খনি, গছ গছি, পাট পাটি, চটা চটি, এইবিলাক এবিধ শব্দ। সেই দেখি কোনো কোনো অসমীয়া বৈয়াকৰণে ইহঁতক উপশব্দ নাম দিছে। কিন্তু শব্দই হওক বা উপশব্দই হও ইহঁত সদায় তদ্ধিত প্ৰত্যয়ৰ নিচিনা ব্যৱহাৰ হয়। সেই নিমিত্তে ইহঁতক তদ্ধিত প্ৰত্যয়ৰ লগত ধৰা হয়। [ ১৬৯ ]  ৯২। জন—স্ত্ৰীলিঙ্গত জনী। ই মানুহ বুজুৱা সকলো বিধ শব্দৰ পাচত কোনো এজন মানুহক বিশেষকৈ বুজাবলৈ ব্যৱহাৰ হয়। যেনে, মানুহ জন মানুহ জনী এই জন এই জনী, ই জন সি জন, ই জনী সি জনী।

 ৯৩। জনা—ই পুং স্ত্ৰী দুয়ো লিঙ্গত, মানুহ বুজুৱা সকলো বিধ শব্দৰ পাচত কোনো এজন মানুহক বিশেষকৈ বুজাবলৈ অতি সম্ভ্ৰমত ব্যৱহাৰ হয়। যেনে, গোসাঁই জনা, গোসাঁনী জনা, বৰ জনা, ৰাণী জন৷, ৰজা জনা।

 ৯৪। গৰাকী—ই পুং স্ত্ৰী দুয়ো লিঙ্গত মানুহ বুজুৱা সকলে৷ বিধ শব্দৰ পাচত কোনে৷ এজন মানুহক বিশেষকৈ বুজাবলৈ, সম্ভ্ৰমত বা স্নেহত ব্যৱহাৰ হয়। যেনে, মানুহ গৰাকী, ঘৈণী গৰাকী।

 ৯৫। টো—ই বস্তু জন্তু আৰু মানুহ বুজুৱা শব্দৰ পাচত, কোনো এটা বস্তু বা মানুহক বিশেষকৈ বুজাবলৈ, অনাদৰত ব্যৱহাৰ হয়। মানুহ বা জন্তু বুজুৱা শব্দৰ পাচত ব্যৱহাৰ হলে, ইয়াৰ স্ত্ৰী লিঙ্গত জনী হয়। যেনে, ঘৰটো, হাতীটো, লৰাটো, হাতীজনী, ছোৱালীজনী।

 ৯৬।সৰু বা আদৰ বুজাবলৈ টোৰ সলনি টি ব্যৱহাৰ হয়। স্ত্ৰীলিঙ্গত টি টী হয়। যেনে, ঘৰটি, লৰাটি, ছোৱালীটী, চৰাইটি, আইটী, বাইটী, বাপাটি।

 ৯৭। সংখ্যা বুজুৱা শব্দৰ পাচত টো টা হয়, আৰু সেই [ ১৭০ ] সংখ্যাক তাকৰ বুজাবলৈ টা টি হয়। যেনে, বাৰটা, কুৰিটা, বাৰটি, কুৰিটি।

 ৯৮। পাঁচ, সাত, আঠ আৰু দহ সংখ্যাবোধক শব্দৰ পাচত টা থাকিলে, সিহঁতৰ শেষ বৰ্ণত ও-কাৰ যোগ হয়। যেনে, পাঁচোটা, সাতোটা, আঠোটা, দহোটা। কিন্তু পাচত টি থাকিলে, সিহঁতৰ শেষ বৰ্ণত উ-কাৰ যোগ হয়। যেনে, পাঁচুটি, সাতুটি, আঠুটি, দহুটি।

 ৯৯। টো আৰু টি ভাববোধক কৃদন্ত শব্দৰ পাচতো ব্যৱহাৰ হয়। যেনে, তাৰ পঢ়াটো নহল বা তাৰ পঢ়াটি নহল।

 ১০০। কণ—ই পুং স্ত্ৰী দুয়ো লিঙ্গত সৰু বা আদৰ বুজাবলৈ মানুহ বা জন্তু বুজুৱা শব্দৰ পাচত কোনো এটাক বিশেষকৈ বুজাবলৈ ব্যৱহাৰ হয়। যেনে, লৰাকণ, ছোৱালীকণ, দামুৰিকণ, পোৱালিকণ। তাকে আৰু সৰু বুজাবলৈ কণি ব্যৱহাৰ হয়। কণিৰ স্ত্ৰী লিঙ্গত কণী হয়। যেনে, লৰাকণি, ছোৱালীকণী।

 ১০১। অলপ বুজাবলৈ কণ আৰু কণি বস্তু বুজুৱা শব্দৰ পাচতে৷ ব্যৱহাৰ হয়। যেনে, লোণকণ, তেলকণ, ঘিউকণি, চেনিকণি।

 ১০২। ফেৰা—ই সাধাৰণতঃ বস্তু বুজুৱা শব্দৰ পাচত, তাক বিশেষকৈ দেখুৱাবলৈ ব্যৱহাৰ হয়। যেনে, লোণ ফেৰা, চেনি ফেৰা। তাকে আৰু তাকৰ দেখুৱাবলৈ ফেৰি ব্যৱহাৰ হয়। যেনে, লোণ ফেৰি, চেনি ফেৰি। [ ১৭১ ]  ১০৩। কেতিয়াবা সৰু আৰু আদৰ বুজাবলৈ, মানুহ বুজুৱা শব্দৰ পাচতো ফেৰা আৰু ফেৰি ব্যৱহাৰ হয়। তেতিয়া ফেৰি স্ত্ৰী লিঙ্গত ফেৰী হয়। যেনে, লৰা ফেৰা, ছোৱালী ফেৰা, লৰা ফেৰি, ছোৱালী ফেৰী।

 ১০৪। ডাল–ইও, সেইদৰে নিৰ্দেশ অৰ্থত গোটা আৰু দীঘল বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ ডালি ব্যৱহাৰ কৰা হয়। যেনে, বাঁহডাল, কাঠডাল, শলিডাল, বাঁহডালি, কাঠডালি, শলিডালি।

 ১০৫। খন—ইও, সেইদৰে নিৰ্দেশ অৰ্থত বহল চেপেটা বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ খনি ব্যৱহাৰ হয়। যেনে, ডলাখন, চালনীখন, ঢৰাখন, পাটীখন। সেই দৰে, চুৰিয়াখনি, চেলেংখনি, গামছাখনি।

 আৰু যেনে, নৈখন, বিলখন, সাগৰখন, বজাৰখন, আফিচখন, নাওখন, জাহাজখন, মেলখন, সমাজখন, স্কুলখন। কিন্তু কচাৰিটো, পুখুৰিটো, স্কুলঘৰটো বুজালে স্কুলটোও হয়।

 ১০৬। গছ—সেই দৰে নিৰ্দেশ অৰ্থত, দীঘল লেহুকা বস্তুৰ নামৰ পাচত গছ ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ গছি ব্যৱহাৰ হয়। যেনে, ডোলগছ, জৰীগছ বা ডোলগছি, জৰীগছি, বটিয়াগছ, বটিয়াগছি। এইবিলাক শব্দৰ পাচত ডালো ব্যৱহাৰ কৰা যায়। [ ১৭২ ]  ১০৭। পাট—সেই দৰে, নিৰ্দ্দেশ অৰ্থত, চেপেটা ঠেক বস্তুৰ নামৰ পাচত পাট ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ পাটি ব্যৱহাৰ হয়। যেনে, বঠাপাট বা বঠাপাটি, খাপৰপাট বা খাপৰপাটি, শৰপাট বা শৰপাটি।

 ১০৮। চটা—ইও, সেইদৰে, নিৰ্দেশ অৰ্থত, চেপেটা ঠেক বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ চটি ব্যৱহাৰ হয়। যেনে, চিৰিচটা বা চিৰিচটি, কামিচটা বা কামিচটি, পাটচটা বা পাটচটি। চটাৰ সলনি কেতিয়াবা চলা বা চলি ব্যৱহাৰ হয়।যেনে, পাটচলা (কাঠৰ পাট) বা পাটচলি।

 ১০৯। যি বস্তুৰ নামৰ পাচত পাট ব্যৱহাৰ হয়, সেই বস্তু বৰ ঠেক হলে প্ৰায় চটা ব্যৱহাৰ হয়। যেনে, বঠাপাট কিন্তু চিৰিচটা। বঠাতকৈ চিৰি বহুত গুণে ঠেক।

 ১১০৷ এইবিলাক শব্দ বা প্ৰত্যয় এক শব্দত যোগ হৈ কোনো সংজ্ঞা শব্দৰ আগত বা পাচত থাকিলে, সি তেতিয়া সেই বস্তুটোক বিশেষকৈ নিৰ্দ্দেশ কৰা নুবুজায়, সেই বিধ বস্তুৰ যেই সেই এটাক বুজায়। যেনে, এটা লৰা বা লৰা এটা। ইয়াত যেই সেই এটা লৰাক বুজাইছে।

 ১১১। দুই বা অধিক বুজুৱা শব্দত এই বিলাক প্ৰত্যয় যোগ হৈ যদি সি কোনো সংজ্ঞা শব্দৰ আগত থাকে, তেনেহলে সি সেই বস্তুক বিশেষকৈ নিৰ্দেশ কৰা নুবুজায়, সেই বিধ বস্তুৰ, সেই সংখ্যাৰ যেই সেইবিলাকক বুজায়। [ ১৭৩ ] যেনে, দুডাল বাঁহ। কিন্তু সি সংজ্ঞা শব্দৰ পাচত থাকিলে দুয়ো অৰ্থ বুজাব পাৰে। যেনে, বাঁহ দুডাল। ইয়াত যেই সেই দুডাল বাঁহেো বুজাব পাৰে, বা আগে আনি থোৱা বা উল্লেখ কৰা বিশেষ বাহ দুডালকো বুজাব পাৰে।

 ১১২। বিশেষ্য বিশেষণৰ ভিতৰত বিশেষ্য পদ উহ্য থাকিল, প্ৰত্যয়টো বিশেষণতে যোগ হয়। যেনে, সৰুটো দিয়া ডাঙৰটো ৰাখা, অৰ্থাৎ সৰু বস্তুটো দিয়া, ডাঙৰ বস্তুটো ৰাখা। দুজনী ছাগলীৰ, কলীজনী বাঘে খালে, বগীজনী আছে, ইত্যাদি।

 ১১৩। ডাল, খন, গছ, পাট, আৰু চটা, সধাৰণতঃ মানুহ বুজুৱা শব্দৰ পাচত ব্যৱহাৰ নহয়, কিন্তু নিন্দাৰ্থত কেতিয়াবা ডাল আৰু পাট ব্যৱহাৰ৷ যেনে, এই মানুহডালক বা এই লৰাপাটক নেদেখিছ। মোৰ যি পাটহে লৰা, তেওঁ আমাক নিস্তাৰ কৰিব।

এ, এই।

১১৪। কোনো বস্তু, জন্তু, বা মানুহক ডঢ়াই দেখুৱাবলৈ অব্যয় শব্দৰ বাজে প্ৰায় সকলো বিধ শব্দত এ বা এই প্ৰত্যয় যোগ হয়। যেনে, গোপালেই গৈছিল, ময়ে বা ময়েই দিছিলোঁ, ভালে ভালেই হল, অথনিয়ে বা অথনিয়েই গল। ভবিষ্যৎ কাল বুজালে কেতিয়াবা এই অৰ্থত এ বা এই প্ৰত্যয়ৰ সলনি কে প্ৰত্যয় হয়। যেনে, সি, কালিলৈকে বা

কাইলৈকে যাব। [ ১৭৪ ]

হে।

 ১১৫। ডঢ়াই দেখুৱাবলৈ বস্তু, জন্তু, বা মানুহ বুজুৱা শব্দৰ পাচত হে প্ৰত্যয় হয়। যেনে, মইহে গৈছিলোঁ, অৰ্থাৎ আন কোনো যোৱা নাই। সেইদৰে, গোপালহে তাত আছিল, জিকাটো তিতাহে লাগিছিল, সি কেৱল ওখহে হৈছে, গা চেৰেলা ইত্যাদি।