পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
বহল ব্যাকৰণ।

 আনক পাঁচি ক্ৰিয়া কৰোৱা অৰ্থত নিচু প্ৰত্যয় যোগ দিয়া হয়। নিচ্, প্ৰত্যয় যোগ দিলে, কৃ ধাতু কাৰি, ধৃ ধাতু ধাৰি। জ্ঞা ধাতু জ্ঞাপি হয়।
 ইচ্ছা অৰ্থত সন প্ৰত্যয় যোগ দিয়া হয়। সন প্ৰত্যয় যোগ দিলে, কৃ ধাতু চিকীৰ্ষ, পা ধাতু পিপাস, শ্ৰু ধাতু শুশ্ৰূষ হয়।
 ঘনে পতি কৰা অৰ্থত ষঙ্, প্ৰত্যয় যোগ দিয়া হয়। ষঙ প্ৰত্যয় যোগ দিলে, কদ ধাতু ৰোকদ্য, জল ধাতু জাজ্বল্য, দুল ধাতু দোদুল্য হয়।
 ক্যঙ্ প্ৰত্যয় যোগ দি বস্তুৰ নামৰ পৰাও ধাতু প্ৰস্তুত কৰা হয়।
সেই ধাতুক নাম ধাতু বোলে। যেনে, বাষ্প নামৰ পৰা বাষ্পায়, দ্ৰুম নামৰ পৰা দ্ৰুমায়, দণ্ড নামৰ পৰা দণ্ডায়।
 ওপৰত উল্লেখ কৰা সকলোবিলাক প্ৰত্যয় সংস্কৃত, আৰু সিহঁতক সংস্কৃত ধাতুতহে যোগ দিব পাৰি। অসমীয়াত তেনে প্ৰত্যয় নাই। কিন্তু ণিচ্, আৰু ক্যঙ্ প্ৰত্যয়ৰ নিচিনা অসমীয়া ভাষাত অন্য প্ৰত্যয় আছে। তাৰ বিবৰণ পাচত দিয়া যাব।

 ৫। সংস্কৃত ধাতুৰ ৰূপ আৰু অসমীয়া ধাতুৰ ৰূপ ভিন ভিন। অসমীয়া ধাতুতহে অসমীয়া ক্ৰিয়া বিভক্তি আৰু কৃৎ প্ৰত্যয় যোগ হয়। সংস্কৃত ধাতু অসমীয়াত কেনে ৰূপ লৈছে, তাৰ কেতবিলাক উদাহৰণ তলত দিয়া হল। যেনে:—

সংস্কৃত ৰূপ
কৃ
মৃ
দা
পত

অসমীয়া ৰূপ
কৰ্‌
মৰ্‌
দি
পৰ্‌

সংস্কৃত ৰূপ
ধৃ
পা
ণৃৎ
হৃ

অসমীয়া ৰূপ
ধৰ্‌
পি
নাচ্‌
হৰ্‌