৪৬। নাচ্, হাঁহ, হাগ্, বহ (মানুহ বহা), লৰ ( দৌৰ ), কান্দ, দেখ্, পক আদি কেতবিলাক ধাতুত কেৱল উৱা প্ৰত্যয় হয়। যেনে, নাচ—নচুৱা, হাঁহ—হঁহুৱা, হাগ্—হগুৱা, বহ— বহুৱা, ল—লৰুৱা, কান্দ—কন্দুৱা, দেখ—দেখুৱা, পক -পকুৱা।
৪৭। পেলা, খেলা আদি কেতবিলাক ধাতুত কেৱল ওৱা প্ৰত্যয় হয়। যেনে, পেলা—পেলোৱা, খেলা—খেলোৱা।
ধাতুত ক্ৰিয়া বিভক্তি যোগ দিবৰ যিবিলাক সাধাৰণ নিয়ম আগত দিয়া হৈছে, সেই নিয়ম অনুসাৰেই ধাতুত পাচনি প্ৰত্যয়ো যোগ হয়। তাত বাহিৰে ধাতুত বা প্ৰত্যয়ত আন যি লৰচৰ হয়, তাক উদাহৰণ বিলাকৰ পৰা বুজা যায়।
৪৮। পাচনি প্ৰত্যয় যোগ হলে, ধাতুৰ আদিৰ আ-কাৰ অ-কাৰ হয়।
৪৯। পাচনিত খা ধাতু সদায় খু আৰু শো ধাতু শু হয়।
৫০। ওফৰ্, ওলম্, ওফন্দ, ওলট আদি কেতবিলাক ধাতুৰ পাচনিত দ্বিতীয় আখৰৰ অ-কাৰ ও-কাৰ হয়, নহৈও থাকিব পাৰে। যেনে, ওফৰা বা ওফোৰা, ওলমা বা ওলোমা, ওফন্দা বা ওফোন্দা, ওলটা বা ওলোটা।
পাচনি ধাতু এটাইবিলাক আ-কাৰান্ত হয়, এতেকে অন্য আ-কাৰান্ত ধাতুৰ ভিন ভিন কাল আৰু পুৰুষত যেনে ৰূপ হয়, সিহঁতৰো তেনে ৰূপ হয়।