গুণমালা

ৱিকিউৎসৰ পৰা
(গুণ-মালাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

॥ শ্ৰীশ্ৰীকৃষ্ণায় নমোনমঃ॥

॥ ঘোষা॥
॥ ৰাম নিৰঞ্জন : পাতক ভঞ্জন॥
॥ পদ॥

নমো নাৰায়ণ         সংসাৰ কাৰণ।
ভকত তাৰণ         তোমাৰ চৰণ॥ ১॥
তুমি নিৰঞ্জন         পাতক ভঞ্জন।
দানৱ গঞ্জন         গোপিকা ৰঞ্জন॥ ২॥
বেদান্ত গায়ক         বংশী বায়ক।
জগত নায়ক         মুকুতি নায়ক॥ ৩॥
ভকতৰ ঋদ্বি         কৰা সৰ্বসিদ্ধি।
বিধাতাৰ বিধি         দীন দয়ানিধি॥ ৪॥
ভকতি ৰোচন         দুখ বিমোচন।
পাতক মোচন         কমল লোচন॥ ৫॥
দৈত অন্তকাৰী         গোৱৰ্দ্ধনধাৰী।
ভৱ ভয়হাৰী         তুমিসি মুৰাৰী॥ ৬॥
কালিক দমিলা         পুতনা শুষিকা।
দেৱক তুষিলা         ব্ৰজক ভুষিলা॥ ৭॥
কেশী বত্স বক         সমস্ত দৈত্যক।
লগাইলা চমক         ডকাইলা যমক॥ ৮॥
তুমি বাৰম্বাৰ         হুয়া অৱতাৰ।
পৃথিৱীৰ ভাৰ         খণ্ডিলা অপাৰ॥ ৯॥
ইন্দ্ৰক দমিলা         ব্ৰহ্মায়ো নমিলা।
বনত ভ্ৰমিলা         গোপীক ক্ৰীড়িলা॥ ১০॥
পশি ৰঙ্গশাল         যত মহামাল।
কৰিয়া আস্ফাল         বধিলা গোপাল॥ ১১॥
তযু গুণ নাম         ধৰ্ম অনুপাম।
মোক্ষ অৰ্থকাম         সাধা প্ৰভু ৰাম॥ ১২॥
মাৰি দশগ্ৰীব         জনকৰ জীৱ।
পাইলা সদাশিৱ         তুমি জগজীৱ॥ ১৩॥
তোহ্মাৰ চৰিত্ৰ         পৰম পৱিত্ৰ।
পাতকীৰ মিত্ৰ         কৰিলা বিচিত্ৰ॥ ১৪॥
পতিত পাৱন         এভৱ ভাৱন।
অসুৰ ধাৱন         তুমি সি বামন॥ ১৫॥
অগতিৰ গতি         ত্ৰিজগত পতি।
তোহ্মাত ভকতি         থাকোক সম্প্ৰতি॥ ১৬॥
শ্যামল শৰীৰ         জলদ ৰুচিৰ।
গহীন গম্ভীৰ         গুণৰ মন্দিৰ॥ ১৭॥
কুণ্ডলে মণ্ডিত         অসুৰ দণ্ডিত।
পাতক খণ্ডিত         তুমিসি পণ্ডিত॥ ১৮॥
দাৰিদ্ৰ্য মৰ্দ্দন         কৰুণা সদন।
বংশী বদন         মুৰুতি মদন॥ ১৯॥
হাস্য দৰিশন         পাপ কৰি ছন।
দোষ মৰিষণ         কাম বৰিষণ॥ ২০॥
জগত আধাৰ         দৈৱকী কুমাৰ।
সংসাৰতে সাৰ         চৰণ তোহ্মাৰ॥ ২১॥
তুমি ভগৱন্ত         মহিমা অনন্ত।
তাৰিলাহা সন্ত         পুৰুষ মহন্ত॥ ২২॥
তুমি সুবত্সল         পুৰুষ নিশ্চল।
নাহি কিছু চল         ভকত বত্সল॥ ২৩॥
তুমি অৱতৰি         অসুৰ সংহৰি।
সৃষ্টি আছা ধৰি         দেৱ শ্ৰীহৰি॥ ২৪॥
অঘাসুৰ ঘালি         মহা বলশালী।
দামিলাহা কালী         তুমি বনমালী॥ ২৫॥
কৰি পৰাভৱ         খেদাইলা দানৱ।
ভকত বান্ধৱ         তুমিসি মাধৱ॥ ২৬॥
কৰি অৱিচ্ছেদ         দৈত কৰি ভেদ।
খাণ্ডিলাহা খেদ         উদ্ধাৰিলা বেদ॥ ২৭॥
জগতক বশ্য         কৰিলা অৱশ্য।
ভৈলা মহামত্স্য         ব্ৰহ্মাৰ নমস্য॥ ২৮॥
তুমি মহাহংস         আসি নিজ অংশ।
হুয়া যদু বংস         বধিলাহা কংস॥ ২৯॥
জগত নিঃশেষ         সৱাতো প্ৰৱেশ।
ভৈলা হৃষিকেশ         নজানি উদ্দেশ॥ ৩০॥
তুমি পীতাম্বৰ         কৰি আড়ম্বৰ।
বধিলা সম্বৰ         প্ৰভু বিশ্বম্ভৰ॥ ৩১॥
তুমিসে অচ্যুত         আনন্দে আপ্লুত।
ভকত বহুত         কৰিলা মুকুত॥ ৩২॥
ধৰি মত্স্য কায়         সত্যব্ৰত ৰায়।
প্ৰলয় অপায়         তাৰিলা লীলায়॥ ৩৩॥
কূৰ্ম কলেৱৰ         ধৰিলা মন্দৰ।
মথিলা সাগৰ         নভৈলা ভাগৰ॥ ৩৪॥
বৰাহ শৰীৰ         পৃথিৱী উদ্ধাৰি।
হিৰণ্যাক্ষ বীৰি         মাৰিলাহা ছিৰি॥ ৩৫॥
নৰসিংহ ৰূপু         ভৈলা দিব্যবপু।
বধিলাহা ৰিপু         হিৰণ্যকশিপু॥ ৩৬॥
ভৈলা অদিতিত         বামন উদিত।
মূৰুতি ললিত         বলিক ছলিলা॥ ৩৭॥
জামদগ্নি ৰাম         কাটি চামে চাম।
ক্ষত্ৰিয়ৰ নাম         নথৈলা সংগ্ৰাম॥ ৩৮॥
ভৈলা কৌশল্যাত         শ্ৰীৰাম জাত।
ৰাৱন বিঘাত         কৰিলা লঙ্কাত॥ ৩৯॥
ৰাম হলধৰ         ৰোহিণী কুমাৰ।
মাৰিলা ইতৰ         দ্বিৱিদ বানৰ॥ ৪০॥
বুদ্ধৰূপে ছন্ন         কৰি বেদগণ।
মুহিলাহা মন         তেজিয়া সজ্জন॥ ৪১॥
হুয়া কল্কী চণ্ড         যতেক পাষণ্ড।
কৰি খণ্ড খণ্ড         বিহিলাহা দণ্ড॥ ৪২॥
ধৰি বাৰম্বাৰ         দশ অৱতাৰ।
পৃথিৱীৰ ভাৰ         খণ্ডিলা অপাৰ॥ ৪৩॥
কৃষ্ণৰ কিঙ্কৰে         ৰচিলা শঙ্কৰে।
হৰি হৰি নৰে         বোলা নিৰন্তৰে॥ ৪৪॥


॥ ঘোষা॥
॥ হৰি হৰি ৰাম : হৰি হৰি ৰাম॥
॥ পদ॥

নমো লক্ষ্মীপতি         জগতৰ গতি।
চৰণে প্ৰণতি         কৰিলো সম্প্ৰতি॥ ৪৫॥
গুণ চিন্তামণি         সংসাৰ তাৰণী।
পাপৰ অগনি         ঘুষিয়োক চানি॥ ৪৬॥
ইতি বিতোপন         ধৰ্ম সনাতন।
আকাসে কীৰ্তন         কৰে সাধুজন॥ ৪৭॥
শুনিও দশম         আতি নিৰুপম।
কৃষ্ণৰ পৰম         জনম কৰম॥ ৪৮॥
দৈত্যে ভিড়িল         ভাৰে পীড়িল।
দুখ সাক্ষী দিল         পৃথিৱী কান্দিল॥ ৪৯॥
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে         আসি ভগৱন্তে।
জন্মিলা জলন্তে         দৈৱকীত হন্তে॥ ৫০॥
অদ্ভুত বালক         কুটিল অলক।
ৰত্নৰ তিলক         শোভে কপোলক॥ ৫১॥
হষিত বয়ন         কমল নয়ন।
ৰুচিৰ দশন         পীত বসন॥ ৫২॥
কিৰীটি কুণ্ডল         কৰে জলমল।
কৌস্তভে উজ্জ্বল         শোভে কম্বুগল॥ ৫৩॥
হস্ত চাৰিখন         অতি বিতোপন।
কেয়ূৰ কঙ্কণ         প্ৰকাশে ভুষণ॥ ৫৪॥
বহল হৃদয়         বনমালা তয়।
পৰি গুঞ্জৰয়         ভ্ৰমৰে ৰঞ্জয়॥ ৫৫॥
ৰতনে ৰচিত         মেখলা কটিত।
পাট ভুনি পীত         লোটয় মাটিত॥ ৫৬॥
উৰু কৰীকৰ         জঙ্ঘা মনোহৰ।
কনক ৰত্নৰ         ৰঞ্জিত হোড়ৰ॥ ৫৭॥
চৰণ পল্লৱ         পদ্ম অভিনৱ।
নূপুৰৰ ৰৱ         শুনন্তে উত্সৱ॥ ৫৮॥
আঙ্গুলিৰ পান্তি         নখচন্দ্ৰ কান্তি।
দেখি খণ্ডে ভ্ৰান্তি         তাপ উপশান্তি॥ ৫৯॥
ৰঙা পদ তলে         অঙ্কুশ কমলে।
চিহ্ন সকলে         অতিশয় জ্বলে॥ ৬০॥
জগতৰ তাত         আছন্ত তথাত।
চাৰি অস্ত্ৰ হাত         প্ৰকাশে সাক্ষাত॥ ৬১॥
দেখি দুয়ো প্ৰাণী         এন্তে চক্ৰপাণি।
চাৰি অস্ত্ৰ হাত         বোলে স্তুতিবাণী॥ ৬২॥
মনে অনুমানি         শিশুৰূপ ভৈলা।
কৃষ্ণে কথা কৈলা         কোলে তুলি লৈলা॥ ৬৩॥
বসুদেৱ সন্ত         লৈয়া লৰিলন্ত।
ফণায়ে অনন্ত         ছত্ৰ ধৰিলন্ত॥ ৬৪॥
নমনিয়া কূল         যমুনা বিপুল।
চড়াই তাৰ কূল         পাইলন্ত গোকুল॥ ৬৫॥
কৃষ্ণক থৈলন্ত         কন্যাক লৈলন্ত।
বসুদেৱ সন্ত         দুনাই আসিলন্ত॥ ৬৬॥
নন্দে দেখিল         পুত্ৰ উপজিল।
উত্সৱ মিলিল         মহাদান দিল॥ ৬৭॥
নন্দ যশোদাৰ         গৃহত অপাৰ।
কৰিলা বিহাৰ         জগত আধাৰ॥ ৬৮॥
অনেক যন্ত্ৰণা         কৰিয়া মন্ত্ৰণা।
আসিলা পুতনা         শুষিলা চেতনা॥ ৬৯॥
পৰম সঙ্কট         দধিদুগ্ধ ঘ্ট।
সহিতে শকট         কৰিলা উলট॥ ৭০॥
দৈত্য চক্ৰবাত         ভৈল স্কন্ধপাত।
কৃষ্ণৰ লীলাত         পৰিয়া শিলাত॥ ৭১॥
তুমি অন্তৰ্য্যামী         মাতৃ কোলগামী।
তুলিলাহা হামি         জগতৰ স্বামী॥ ৭২॥
জগত নিখিল         গৰ্ভত দেখিল।
বিস্ময় মিলিল         যশোদা ডৰিল॥ ৭৩॥
আসি গৰ্গ ঋষি         গোপনত বসি।
জাত কৰ্ম ৰাশি         কৰিলা হৰিষি॥ ৭৪॥
বিধিৱতে নাম         থৈলা কৃষ্ণৰাম।
কহি গুণ গ্ৰাম         গৈলা নিজ ধাম॥ ৭৫॥
পাছে ব্ৰজ পুৰে         ৰঙ্গে ভ্ৰমি ফুৰে।
সোণাৰ নূপূৰে         ৰুণ ঝুণ কৰে॥ ৭৬॥
অগনি সৰ্পক         যান্ত ধৰিবাক।
দেখি দেন্তহাক         নুশুনন্ত তাক॥ ৭৭॥
গোপীকাৰ ঘৰে         পশি দামোদৰে।
অপকাৰ কৰে         দেখি নিৰন্তৰে॥ ৭৮॥
গোপীগণ আসি         যশোদাত হাসি।
কৃষ্ণ চেষ্টাৰাশি         কহন্ত প্ৰকাশি॥ ৭৯॥
দেখিলে গোৱালী         শিশু বনমালী।
নানা চতুৰালী         কৰন্ত ধুৰ্তালি॥ ৮০॥
কি কহিব আই         কৃষ্ণৰ অপায়।
নোদোহন্তে গায়         বত্সক পিয়ায়॥ ৮১॥
ঘৰে পশি যায়         দধি দুগ্ধ খায়।
বানৰে খুৱায়         ভাঙিয়া পেলায়॥ ৮২॥
কি ভৈল দুৰ্জন         তোমাৰ নন্দন।
কৃষ্ণৰ কাৰণ         নৰহে জীৱন॥ ৮৩॥
হেন বাণী শুনি         লাজে চক্ৰপাণি।
নেত্ৰে বহে পানী         দেখি নন্দৰাণী॥ ৮৪॥
স্নেহ সম্পজিল         সাৱটি ধৰিল।
আশ্বাস কৰিল         মুখে স্তন দিল॥ ৮৫॥
সঙ্গে শিশুগণ         খেলে নাৰায়ণ।
মৃত্তিকা ভক্ষণ         কৰিলা তেখন॥ ৮৬॥
দেখি শিশুজাক         বোলে যশোদাক।
শুনি ৰাণী তাক         খঙ্গে বোলে বাক॥ ৮৭॥
কেনে মাটি খাইলি         অৰে বনমালী।
নাখালোহোঁ বুলি         দেখায় মুখ মেলি॥ ৮৮॥
সকল জগত         দেখন্ত গৰ্ভত।
হৰিক মনত         স্মৰন্ত ডৰত॥ ৮৯॥
বোলন্ত বিস্ময়         মোহৰ তনয়।
মনুষ্য নহয়         ঈশ্বৰ নিশ্বয়॥ ৯০॥
দিনেক প্ৰভাতে         ৰাণী নিজহাতে।
দধিক তথাতে         মথন্ত সাক্ষাতে॥ ৯১॥
আসি দেৱহৰি         মথনিত ধৰি।
ৰৈলা ৰঙ্গ কৰি         দেখিলা সুন্দৰী॥ ৯২॥
আনিয়া নন্দন         বদনে চুম্বন।
কৰি ঘনে ঘন         পিয়াইলন্ত স্তন॥ ৯৩॥
দুগ্ধ উথলিয়া         পৰয় দেখিয়া।
পুত্ৰক এৰিয়া         গৈলা লৱৰীয়া॥ ৯৪॥
কেশৱে কুপিলা         ধৰি পটাশিলা।
ভাণ্ডক ভাঙ্গিলা         যশোদা দেখিলা॥ ৯৫॥
বাৰি লৈলা কৰে         দেখি দামোদৰে।
নামি উড়লৰে         লড় দিলা ডৰে॥ ৯৬॥
যশোদা খেদন্ত         ভয়ে ভগৱন্ত।
কান্দন্ত কাম্পত         বাড়ি এড়িলন্ত॥ ৯৭॥
কৰে ধৰি আনি         উডুখলে টানি।
বান্ধি চক্ৰপাণি         চলি গৈলা ৰাণী॥ ৯৮॥
উড়ল ঘসাই         বৃক্ষত লগাই।
উভাৰি পেলাই         ৰঙ্গে আছে চাই॥ ৯৯॥
দুই দেৱৰৰ         দিব্য ৰূপধৰ।
কৰিয়া কাতৰ         চলি গৈলা ঘৰ॥ ১০০॥
কিবা ভৈলা বুলি         নন্দে বান্ধ মেলি।
মলচিল ধূলি         কোলে লৈলা তুলি॥ ১০১॥
গোপন সুন্দৰী         বজাৱে চাপৰি।
আঙ্গি-ভঙ্গি কৰি         নাচে দেৱ হৰি॥ ১০২॥
পসাৰি ডাকিল         কোনে লৈবা ফল।
শুনিয়া চলিল         কৃষ্ণ দয়াশীল॥ ১০৩॥
ধান্যক দিলন্ত         ফলক লৈলন্ত।
ৰত্ন অপৰ্যপ্ত         ভাণ্ড ভৰিলন্ত॥ ১০৪॥
গকুল ভৱন         তেজি নাৰায়ণ।
পাছে বৃন্দাবন         কৰিলা গমন॥ ১০৫॥
বত্স অসুৰ         পৰম দন্দুৰ।
কৰি মষিমূৰ         নিলা যমপুৰ॥ ১০৬॥
আসি বকগোটে         গিলিলেক চোটে।
তাক ধৰি ঠোঠে         ছিৰিলা আস্ফোটে॥ ১০৭॥
সৰ্পৰূপে আসি         অঘে তুলি হাসি।
বদন প্ৰকাশি         গিলিল গৰাসি॥ ১০৮॥
ভেটিলন্ত গল         ভকত বত্সল।
এৰি মূত্ৰ মল         মৰিল নিষ্খল॥ ১০৯॥
তাৰ কৰি কাল         বত্স বত্সপাল।
জীয়ায়া তত্কাল         বজাইলা গোপাল॥ ১১০॥
সঙ্গে শিশুগণ         ৰঙ্গে নাৰায়ণ।
অন্নব্যঞ্জন         কৰিলা ভোজন॥ ১১১॥
গোৰখ দামুৰি         ব্ৰহ্মা কৰি চুৰি।
থৈয়া ঢাকি ঘূৰি         গৈলা নিজ পুৰি॥ ১১২॥
বত্স বত্সপাল         হুয়া সেহিকাল।
আপুনি গোপাল         গৈলা ব্ৰজশাল॥ ১১৩॥
অনেক বিভূতি         কৃষ্ণৰ মুৰুতি।
দেখিয়া বিস্মৃতি         ব্ৰহ্মা ভৈলা ভীতি॥ ১১৪॥
যেন মৃতৱত         পৰিল হংসত।
নাহি আৰ তত         চেতন গাৱত॥ ১১৫॥
ব্ৰহ্মা মৰন্ত         দেখি জীলন্ত।
ৰূপ ঢাকিলন্ত         দুনাই জীলন্ত॥ ১১৬॥
হংসযান এৰি         চৰণৰ পৰি।
নানা তুতি কৰি         গৃহে গৈলা লৰি॥ ১১৭॥
ধেনুকাক মাৰি         গাছক আছাৰি।
তাল ফল পাৰি         ভুঞ্জাইলা মুৰাৰি॥ ১১৮॥
তৃষ্ণায়ে আকুল         হুয়া গোপকূল।
যমুনাৰ কূল         গৈয়া হুৱা ভুল॥ ১১৯॥
খাইল বিষজল         ভৈলন্ত বিহ্বল।
জীৱন্তে বিকল         মৰিল সকল॥ ১২০॥
দেখি নাৰায়ণ         অমৃত নয়ন।
চাহিলা তেখন         লভিলা চেতন॥ ১২১॥
কদম্বে চড়িলা         হ্ৰদত পড়িলা।
কালিয়ে ঝড়িলা         শিৰত চড়িলা॥ ১২২॥
ফণাৰ উপৰে         দেৱ দামোদৰে।
উঠি নৃত্য কৰে         সিটো সৰ্প মৰে॥ ১২৩॥
নাগ পত্নিচয়         বুলিলা বিনয়।
কালিক নিৰ্ভয়         দিলা কৃপাময়॥ ১২৪॥
তীৰত চড়িলা         জ্ঞাতিয়ে বেঢ়িলা।
গলত বান্ধিলা         যশোদা কান্দিলা॥ ১২৫॥
নিকালি কালিক         পিলা বনাগ্নিক।
গোপ গোপিকাক         ৰঞ্জিলা অধিক॥ ১২৬॥
প্ৰলম্ব অশিষ্ট         চিন্তিলা অনিষ্ট।
মাৰিলা গৰিষ্ঠ         ৰাম বলিষ্ঠ॥ ১২৭॥
বেঢ়ি মঞ্জুবন         লাগে হুতাশন।
দেখি গোপগণ         ভৈলা ভয় মন॥ ১২৮॥
পাছে নাৰায়ণে         সদয় নয়নে।
তাৰি ৰঙ্গমনে         আনিলা তেখনে॥ ১২৯॥
বসন্ত গ্ৰীষ্মত         বৰ্ষা শৰতত।
ক্ৰীড়া নানামত         কৰিলা ব্ৰজত॥ ১৩০॥
এক চিত্ত কৰি         গোপৰ কুমাৰী।
সাধে ব্ৰত ধৰি         স্বামী হৈবা হৰি॥ ১৩১॥
বস্ত্ৰ থৈয়া তীৰে         কেৱল শৰীৰে।
যমুনাৰ নীৰে         স্নানৈ ধীৰে ধীৰে॥ ১৩২॥
কৃষ্ণে কৰি লীলা         বস্ত্ৰক হৰিলা।
কদম্বে চড়িলা         হাসি বস্ত্ৰ দিলা॥ ১৩৩॥
কৰ্মক উচ্ছাদ         বিপ্ৰক বিষাদ।
পত্নীক প্ৰসাদ         দিলাহা আহ্লাদ॥ ১৩৪॥
বদতি শঙ্কৰ         শুনা সৱে নৰ।
আন পৰিহৰ         ভজা দামোদৰ॥ ১৩৫॥
দিন কতিপয়         জীৱন নিশ্চয়।
যাইবা যমালয়         নাহিকে সংশয়॥ ১৩৬॥
বিনা লক্ষ্মীপতি         নাহি আন গতি।
জানিয়া সম্প্ৰতি         কৰিয়ো ভকতি॥ ১৩৭॥
তেৱেসে নিস্তৰি         পুৰুষ উদ্ধাৰি।
হৃদি ৰূপ ধৰি         মুখে বোলা হৰি॥ ১৩৮॥
কৃষ্ণ গুণ নাম         ধৰ্ম অনুপাম।
এৰি আন কাম         বোলা ৰাম ৰাম॥ ১৩৯॥

॥ ঘোষা॥
॥ কহ হৰি ৰাম : নকৰা বিৰাম॥
॥ পদ॥

লৈয়া গোপ সঙ্গ         কৰি মখ ভঙ্গ।
বাসৱৰ খঙ্গ         তোলাই ভৈলা ৰঙ্গ॥ ১৪০॥
ইন্দ্ৰে ক্ৰোধিলা         মেঘ পাঞ্চি দিলা।
শিলা বৰষিলা         প্ৰলয় মিলিলা॥ ১৪১॥
ইন্দ্ৰৰ দৰ্পক         নাশি মন্দৰক।
তুলি উপৰক         ৰাখিলা ব্ৰজক॥ ১৪২॥
গৰ্ব পৰ্বতৰ         নামি পুৰন্দৰ।
কৰিয়া কাতৰ         চলি গৈলা ঘৰ॥ ১৪৩॥
শৰত শীতল         শশাঙ্ক ধৱল।
বৃন্দাবন স্থল         দেখি কুতূহল॥ ১৪৪॥
আতি সুললিত         ৰঙ্গে গাইলা গীত।
গোপিকা সহিত         কৰিলন্ত নৃত্য॥ ১৪৫॥
লৈয়া গোপী মিলি         কৰি ঠেলা ঠেলি।
কণ্ঠে বাহু মিলি         কৰিলন্ত কেলি॥ ১৪৬॥
যৈচন মাতঙ্গে         হস্তিনীৰ সঙ্গে।
আতি অঙ্গে অঙ্গে         ফুৰে লীলা ৰঙ্গে॥ ১৪৭॥
কৃষ্ণৰ মূৰতি         আতি আসকতি।
গোপৰ যুৱতী         ভ্ৰম ভৈল মতি॥ ১৪৮॥
বসি ঠাৱে ঠাৱে         কৃষ্ণগুণ গাৱে।
আতি প্ৰেমভাৱে         দিৱস গৱাৱে॥ ১৪৯॥
সৰ্পেক মিলিল         নন্দক গিলিল।
পাৱে পৰশিল         সিও নিস্তৰিল॥ ১৫০॥
শঙ্খচূড় মাৰি         গোপৰ কুমাৰী।
আনিলা উদ্ধাৰি         ঈশ্বৰ মুৰাৰি॥ ১৫১॥
বৰুণ কিঙ্কৰে         নন্দক সত্বৰে।
নিল আড়ম্বৰে         জলৰ ভিতৰে॥ ১৫২॥
কৰে কোলাহল         গোৱালসকল।
ভকতবত্সল         পসিলন্ত জল॥ ১৫৩॥
ভয় সম্পজিল         বৰুণ যজিল।
পিতৃক তুষিল         আশ্চৰ্য মিলিল॥ ১৫৪॥
উদ্ধাৰি নন্দক         দেখাই বৈকুণ্ঠক।
ব্ৰজৰ লোকক         দিলা আনন্দক॥ ১৫৫॥
প্ৰলম্ব অশিষ্ট         চিন্তিলা অনিষ্ট।
মাৰিলা বলিষ্ঠ         ৰাম গৰিষ্ঠ॥ ১৫৬॥
অৰিষ্ট অসুৰ         আইল গোপপুৰ।
তাক কৰি চুৰ         নিলা যমপুৰ॥ ১৫৭॥
কেশী দানৱ         কৰে পৰাভৱ।
শুনি গলাৰৱ         ধাইলন্ত মাধৱ॥ ১৫৮॥
গোকোলত পশি         কৰি ধসমসি।
কৃষ্ণক পৰশি         সিও গৈল নাশি॥ ১৫৯॥
ময়ৰ তনয়         ব্যোম দুৰাশয়।
কৰিয়া দুৰ্নয়         গৈল যমালয়॥ ১৬০॥
নাৰদেও আসি         কৃষ্ণক উপাসি।
বচন প্ৰকাশি         গৈলন্ত সম্ভাষি॥ ১৬১॥
কংসে পাঞ্চালি         অক্ৰূৰে বাঞ্চিল।
ভকতি সাঞ্চালি         চেতন নাছিল॥ ১৬২॥
কৃষ্ণ খোজচয়         দেখি মহাশয়।
ভৈলন্ত বিস্ময়         নসহে হৃদয়॥ ১৬৩॥
ৰোম শিহৰি         জাম্প দিয়া পৰি।
কৃষ্ণ কৃষ্ণ ৰড়ি         ফুৰন্ত বাগৰি॥ ১৬৪॥
অনন্তৰে গৈয়া         কৃষ্ণক দেখিয়া।
প্ৰেম উপজিয়া         দ্ৰৱ ভৈল হিয়া॥ ১৬৫॥
পাৱত পৰিল         লোতক ঝৰিল।
ভকতি কৰিল         মাধৱে ধৰিল॥ ১৬৬॥
কৰিলা সাদৰ         দেৱদামোদৰ।
বিচেষ্টা কংসৰ         জানি নিৰন্তৰ॥ ১৬৭॥
কৰিলা পয়ান         পুৰুষ পুৰাণ।
অনেক নিশান         বজাইলা বিষাণ॥ ১৬৮॥
দেখি গোপীচয়         নসহে হৃদয়।
ক্ৰন্দন কৰয়         লোতক ঝৰয়॥ ১৬৯॥
দূতক পঠাইল         মাধৱে বুজাইল।
ঘোঁৰাক ডকাইল         অক্ৰুৰে খেদাইল॥ ১৭০॥
চলে ৰথখান         বায়ুৰ সমান।
কৰিবে মধ্যাহ্ন         ৰাখিলন্ত যান॥ ১৭১॥
ৰথ তৰুতলে         থৈয়া মহাবলে।
অক্ৰূৰে সচলে         বুৰ দিলা জলে॥ ১৭২॥
অনন্ত শয্যাত         কৃষ্ণক সাক্ষাত।
দেখি প্ৰণিপাত         কৰি ষোড়হাত॥ ১৭৩॥
নানা তুতি ৰড়ি         পাছে ৰথে চৰি।
মথুৰা নগৰী         গৈলা দৰদৰি॥ ১৭৪॥
অক্ৰূৰক হৰি         পঠাই আগকৰি।
চাহিবে নগৰী         চলি গৈলা হৰি॥ ১৭৫॥
গজগতি লীলা         মথুৰা ভ্ৰমিলা।
প্ৰজায়ে দেখিলা         আনন্দ মিলিলা॥ ১৭৬॥
বঢ়াই আতি ৰতি         গোপৰ সঙ্গতি।
কৰি লীলা গতি         যান্ত লক্ষ্মীপতি॥ ১৭৭॥
যতেক সুন্দৰী         আঞ্জলিক ভৰি।
পুষ্পবৃষ্টি কৰি         পূঁজিলন্ত হৰি॥ ১৭৮॥
দেখন্তে মূৰুতি         আনন্দে স্ফূৰুতি।
হোৱে বিচুৰুতি         যতেক যুৱতী॥ ১৭৯॥
জুৰাই মন প্ৰাণ         কৰে বহুমান।
নেত্ৰে কৰে পান         নভাসয় আন॥ ১৮০॥
ৰজকৰ কাল         কৰিয়া তত্কাল।
বস্ত্ৰ ভাল ভাল         লৈলন্ত গোপাল॥ ১৮১
বেশকাৰজন         পিন্দাইলা বসন।
সাৰূপ্য তেখন         দিলা নাৰায়ণ॥ ১৮২
মালা অনুপাম         দিলেক সুদাম।
বৰ মন কাম         দিলা কৃষ্ণ ৰাম॥ ১৮৩
পিন্ধাইল সুন্দৰী         চন্দন সাদৰি।
তাইক ঋজু কৰি         থৈলা দেৱহৰি॥ ১৮৪
পশি যাগ শাল         ধৰিয়া তত্কাল।
ধনুক দুফাল         কৰিয়া গোপাল॥ ১৮৫
পাছে নাৰায়ণ         সঙ্গে গোপগণ।
কৰিয়া ভোজন         কৰিয়া শয়ন॥ ১৮৬
প্ৰভাতে ৰজনী         দুন্দুভিৰ ধ্বনি।
ৰামকৃষ্ণ শুনি         লৰিলা আপুনি॥ ১৮৭
দ্বাৰৰ ওচৰ         পাইলা যদুবৰ।
দেখিয়া কুঞ্জৰ         ভেটিলা সত্বৰ॥ ১৮৮
কৃষ্ণে তাক পাৰি         দশন উভাড়ি।
মাৰিলন্ত বাড়ি প্        ৰাণ গৈল ছাড়ি॥ ১৮৯
স্কন্ধে হস্তী দন্ত         সভা পশিলন্ত।
শোভে লক্ষ্মীকান্ত         ৰঙ্গে লোকে চান্ত॥ ১৯০
চন্দ্ৰৰ মণ্ডল         বদন বিমল।
তাতে ঘৰ্ম্মজল         ৰঞ্জে গণ্ডস্থল॥ ১৯১
আইলো যুজো বুলি         চানুৰে হাম্ফুলি।
আছাড়িয়া তুলি         মাৰিলা সমূলি॥ ১৯২
মুষ্টিক ধৰিল         সমৰ কৰিল।
ৰামে সংহৰিল         লীলায়ে মাৰিল॥ ১৯৩
আনো যত মাল         কৰয় আস্ফাল।
ধৰিলা তত্কাল         বধিলা গোপাল॥ ১৯৪
বজাৱে বাজন         ৰঙ্গে নাৰায়ণ।
সঙ্গে শিশুগণ         কৰন্ত ভ্ৰমণ॥ ১৯৫
চৰণ চলাই         নূপুৰ বজাই।
নাচে যদুৰাই প্        ৰজা আছে চাই॥ ১৯৬
কৃষ্ণৰ কিঙ্কৰ         ৰচিল শঙ্কৰ।
শুনা সৱ নৰ         কৰ্ম্ম কেশৱৰ॥ ১৯৭
কত তপসাই         নৰ তনু পাই।
ভকতি বিনাই         ব্যৰ্থে আয়ু যায়॥ ১৯৮
আবে বুধজন         এৰা আন মন।
যাৱত চেতন         ভজা নাৰায়ণ॥ ১৯৯
নকৰা বিমতি         কলিত সম্প্ৰতি।
বিনা লক্ষ্মীপতি         নাহি আন গতি॥ ২০০
জানি হেন কৰা         কৃষ্ণক সুমৰা।
আপোনো নিস্তৰা         পুৰুষ উদ্ধাৰা॥ ২০১
মাধৱৰ নাম         ধৰ্ম্ম অনুপাম।
এড়ি আন কাম         বোলা ৰাম ৰাম॥ ২০২



॥ ঘোষা॥
॥ ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম॥
পদ

কংসে পাৰে গালি         শুনি বনমালী।
দেৱে চাঙ্গ চালি         চৰিলা আটালি॥ ২০৩
কেশত কংসৰে         ধৰি বাম কৰে।
টানি আড়ম্বৰে         পেহ্লাইলা ঈশ্বৰে॥ ২০৪
পাচে দামোদৰে         তাহাৰ উপৰে।
জগতৰ ভৰে         পৰিলা সত্বৰে॥ ২০৫
মৰি কংস ৰায়         ধৰি দিব্য কায়।
বৈকুণ্ঠক পাই         থাকিলা লীলায়॥ ২০৬
পাছে যদুৰাই         কংসক ঘসাই।
ফুৰাইলা লীলাই         লোকক দেখাই॥ ২০৭
তাৰ অষ্টভাই ক্        ৰোধে আসে ধাই।
দেখি যদুৰাই         মাৰিলা কোবাই॥ ২০৮
পিতা মাতাৰ         নিহল লোহাৰ।
ছোড়ি বাৰম্বাৰ         কৰি নমস্কাৰ॥ ২০৯
এন্তে চক্ৰপাণি         মনে অনুমানি।
দৰে দুয়ো প্ৰাণী         নোবোলন্ত বাণী॥ ২১০
মায়া আৱৰিল         কৃষ্ণক ধৰিল।
ক্ৰন্দন কৰিল         লোতক ঝড়িল॥ ২১১
কৃষ্ণত ভকতি         কৰি মহামতি।
উগ্ৰসেন তথি         ভৈলন্ত নৃপতি॥ ২১২
পাছে নন্দ পাশ         আসি শ্ৰীনিবাস।
কহে প্ৰিয় ভাষ         কৰিয়া আশ্বাস॥ ২১৩
সুনা বজ্ৰপতি         চলা শীঘ্ৰ গতি।
শোক মোক প্ৰতি         তেজিয়ো সম্প্ৰতি॥ ২১৪
দিন কতমান         থাকি ইটো স্থান।
তব সন্নিধান         কৰিবো প্ৰয়াণ॥ ২১৫
শুনি গোপ কুল         হিয়ে যেন শূল।
কান্দিয়া আকুল         আসিয়া গোকুল॥ ২১৬
গৰ্গ পুৰুহিত         শাস্ত্ৰৰ বিহিত।
যজ্ঞ উপবিত         দিলা হৰষিত॥ ২১৭
ৰঙ্গে ৰাম হৰি         ব্ৰহ্মচৰ্য্য ধৰি।
অৱন্তি নগৰী         গৈলা লীলা কৰি॥ ২১৮
গুৰুক বিনয়         কৰি কৃপাময়।
পঢ়িলন্ত তয়         যত শাস্ত্ৰচয়॥ ২১৯
পাছে শাস্ত্ৰ জানি         গুৰু বাক্য মানি।
মৰা পুত্ৰ আনি         দিলা চক্ৰপাণি॥ ২২০
গোপীৰ প্ৰেমক         জানি উদ্ধৱক।
পঠাই গোকুলক         বজাইলা নন্দক॥ ২২১
কৃষ্ণক স্মৰিল         চেতন হৰিল।
ক্ৰন্দন কৰিল         লোতক ঝৰিল॥ ২২২
কৃষ্ণৰ বচন         শুনি গোপীগণ।
প্ৰেমত ক্ৰন্দন         কৰে অণুক্ষণ॥ ২২৩
উদ্ধৱে বুজাইল         কিছু শ্ৰুতি পাইল।
কৃষ্ণ গুণ গাইল         দিবস গোৱাইল॥ ২২৪
কৃষ্ণে কৰি লীলা         বাক্য সাম্ফলিলা।
কুঁজীকো তুষিলা         মথুৰা ভ্ৰমিলা॥ ২২৫
গৃহে অক্ৰুৰৰ         গৈলা দামোদৰ।
অক্ৰুৰে বিস্তৰ         কৰিল সাদৰ॥ ২২৬
মাগধ ৰাজ্যৰ         সেনা বাৰেবাৰ।
কৰিয়া প্ৰহাৰ         মাৰিলা অপাৰ॥ ২২৭
দ্বাৰকা সকলে         নিৰ্ম্মিলাহা জলে।
প্ৰজাক সকলে         নিলা যোগ বলে॥ ২২৮
কাল যবনৰ         আগে মনোহৰ।
দেখাই কলেৱৰ         যান্ত দামোদৰ॥ ২২৯
যেন নৱঘন         তনু বিতোপন।
সুপীত বসন         কমল নয়ন॥ ২৩০
কিৰীটি কুণ্ডলে         অলঙ্কাৰ জ্বলে।
হাৰ বক্ষস্থলে         পদ্মমালা গলে॥ ২৩১
ৰত্নৰ মোলান         বাহু চাৰিখান।
নাহিকে সমান         সৰ্ব্বাঙ্গ সুঠান॥ ২৩২
আজানু লম্বিত         মেখলা কটিত।
পাট ভুমি পীত         লোটয় মাটিত॥ ২৩৩
চৰণ পল্লৱ         নূপূৰৰ ৰৱ।
সুনন্তে উত্‍সৱ         চলন্ত মাধৱ॥ ২৩৪
যবনে দেখিল         পাছত খেদিল।
লাগক নেদিল         গহ‌বৰে পশিল॥ ২৩৫
মুচকুন্দ ৰায়         শুতিয়া তথায়।
আছে নিদ্ৰা যায়         তাঙ্ক গৈলা পায়॥ ২৩৬
মাৰিলা চৰণে         জাগিলা তেখনে।
চাহিল নয়নে         মাৰিল তেখনে॥ ২৩৭
দেখিল নৃপতি         পাছে যদুপতি।
কৰিলন্ত স্তুতি         অনেক ভকতি॥ ২৩৮
কৈলা উপদেশ         মাধৱে নিঃশেষ।
ৰাজা ছাড়ি দেশ         এৰাইলন্ত ক্লেশ॥ ২৩৯
কৃষ্ণ পদে ৰতি         কৰে মহামতি।
পাইলন্ত নৃপতি         ভগৱন্ত গতি॥ ২৪০
বেৱত নৃপতি         দুহিতা ৰেৱতী।
বিহাইলন্ত তথি         বলো মহামতি॥ ২৪১
ভীষ্মক দুহিতা         ৰূপে আনন্দিতা।
কৰে সুচৰিতা         কৃষ্ণপতি চিন্তা॥ ২৪২
তান ভাই জ্যেষ্ঠ         ৰুক্মবীৰ দুষ্ট।
কৃষ্ণৰ অনিষ্ট         চিন্তয় অশিষ্ট॥ ২৪৩
ৰুক্মিণী শুনিল         ৰুক্ম দুষ্টশীল।
মাধৱে বঞ্চিল         শিশুপালে দিল॥ ২৪৪
শোক উথলিল         ক্ৰন্দন কৰিল।
চিত্ত প্ৰবোধিল         উপায় স্ৰজিল॥ ২৪৫
পত্ৰক গোপনে         লিখিয়া আপোনে।
পঠাইল ব্ৰাহ্মণে         দ্বাৰকা ভুবনে॥ ২৪৬
সেহি বাক্য ধৰি         পাছে দেৱ হৰি।
বিদৰ্ভ নগৰী         গৈলা শীঘ্ৰ কৰি॥ ২৪৭
দুষ্ট ৰাজাগণ         জিনি নাৰায়ণ।
ৰুক্মিণী হৰণ         কৰিলা তেখন॥ ২৪৮
ৰুক্মে যুদ্ধ দিল         মাধৱে জিনিল।
চক্ৰক ধৰিল         মৃণ্ডন কৰিল॥ ২৪৯
পাছে দেৱ হৰি         আসি নিজ পুৰী।
ৰুক্মিণী সুন্দৰী         বিহাইলা সাদৰী॥ ২৫০
আৰাধি সূৰ্য্যক         পায়া স্যমত্নক।
সত্ৰাজিতে তাক         আনিলা গৃহক॥ ২৫১
খোজে নাৰায়ণে         নেদিল দুৰ্জ্জনে।
পিন্ধিয়া প্ৰসেনে         চলি গৈল বনে॥ ২৫২
সিংহে দেখিল         তাহাঙ্ক বধিল।
স্যমন্তক মিল         পৰ্ব্বতে চড়িল॥ ২৫৩
দেখি জাম্বৱন্ত         তাক মাৰিলন্ত।
মণিক লৈলন্ত         গৰ্ত্তক গৈলন্ত॥ ২৫৪
উঠি গৈল তঙ্ক         সত্ৰাজিত বঙ্ক।
কৃষ্ণক কলঙ্ক         দিলেক নিঃশঙ্ক॥ ২৫৫
জানিঅ নাৰায়ণ         লৈয়া সেনাগণ।
মণিৰ কাৰণ         প্ৰবেশিলা বন॥ ২৫৬
বুজি সবে তত্ব         গৰ্ত্তৰ বাজত।
থৈয়া সেনা যত         পশিল গৰ্ত্তত॥ ২৫৭
জিতি ঋক্ষপতি         দেৱ যদুপতি।
স্যমন্ত সহিতি         পাইলা জাম্বৱতী॥ ২৫৮
দ্বাৰকাক আইলা         মণিক দেখাইলা।
কলঙ্ক এৰাইলা         আনন্দক পাইলা॥ ২৫৯
সবাৰ সাক্ষাতে         মণিক তথাতে।
সত্ৰাজিত হাতে         দিলা জগন্নাথে॥ ২৬০
পাছে সত্ৰাজিত         স্যমন্ত সহিত।
কন্যাৰ লগত         দিলন্ত হৰিত॥ ২৬১
কালিন্দী সুন্দৰী         সাধে তপ কৰি।
জানি তাক হৰি         আনিলা সাদৰি॥ ১৬২
মিত্ৰাবিন্দা সতী         অতি ৰূপৱতী।
পায়া যদুপতি         আইলা দ্বাৰাৱতী॥ ১৬৩
জিনি বৃষ সাত         দেৱ যদুনাথ।
সত্যাক তথাত         বিহাইলা সাক্ষাত॥ ২৬৪
আত অনন্তৰে         বিহাইলা সত্বৰে।
ভদ্ৰাক সাদৰে         দেৱ দামোদৰে॥ ২৬৫
বানক প্ৰহাৰি         লক্ষক বিদাৰি।
লক্ষণা কুমাৰী         আনিলা মুৰাৰী॥ ২৬৬
ৰূপে আসৰিসি         অষ্টম মহিষী।
বিইহাইলন্ত হৰি         বিক্ৰম দৰশি॥ ২৬৭
নৰকক মাৰি         আনন্দে মুৰাৰি।
ষোড়শ হাজাৰী         পাইলা দিব্য নাৰী॥ ২৬৮
শুনি প্ৰিয়াবাণী         জিনি বজ্ৰপাণি।
পাৰিজাত আনি         ৰুইলা চক্ৰপাণি॥ ২৬৯
সুধৰ্ম্মা সভাক         পঠাই দ্বাৰকাক।
বুলি স্তুতি বাক         গৈলা দেৱ্জাক॥ ২৭০
দেৱৰ সম্পত্তি         দ্বাৰকাক প্ৰতি।
আনি যদুপতি         কৰিলন্ত ৰতি॥ ২৭১
পৰিহাস কৰি         বুলিলন্ত হৰি।
ৰুক্মিণী সুন্দৰী         শুনি গৈল ডৰি॥ ২৭২
কৃষ্ণ পৰিহাস         শুনিয়া নৈৰাশ।
ভৈলন্ত হতাশ         নোলাই উশাস॥ ২৭৩
মৰ্ম্ম গৈল জ্বলি         পৰিলন্ত ঢলি।
কেশৱে আকুলি         চাৰি বাহু মেলি॥ ২৭৪
ধৰিলন্ত তুলি         মলচিলা ধুলি।
প্ৰিয় বাক্য বুলি         বান্ধিলন্ত চুলি॥ ২৭৫
লভিয়া চেতন         বুলিলা বচন।
প্ৰেমে অনুক্ষণ         ঝৰয় নয়ন॥ ২৭৬
প্ৰিয়ায়ে সহিতে         সকৰুণ চিত্তে।
ক্ৰীড়িলা তহিতে         বদন হাসিতে॥ ২৭৭
ঐকৈক ভাৰ্য্যাত         দশ দশ জাত।
তনয় সাক্ষাত         জগত প্ৰক্ষাত॥ ২৭৮
কৃষ্ণ পুত্ৰ নাতি         ভৰিলেক আতি।
ৰঙ্গে দিলে ৰাতি         বঞ্চে যত জ্ঞাতি॥ ২৭৯
ষোড়শ হাজাৰ         মন্দিৰে অপাৰ।
কিৰূপে বিহাৰ         কৰে সৰ্ব্বসাৰ॥ ২৮০
হেন বিমৰসি         পাছে দেৱঋষি।
দ্বাৰকাত পশি         চাহিয়া হৰিসি॥ ২৮১
ঘৰে ঘৰে নৱ         ঐশ্চৰ্য্য বিভৱ।
কৰন্ত মাধৱ         দেখন্তে উত্সৱ॥ ২৮২
গৃহৰ সম্পদ         দেখিয়া নাৰদ।
নয়ন তবধ         ভৈল নিশবদ॥ ২৮৩
প্ৰদুত্ন্ম তনয়         ভৈলন্ত দুৰ্জ্জয়।
অনিৰুদ্ধ তয়         অতি শোভনয়॥ ২৮৪
তান বিবাহত         বলোৰ হাতত।
আপোন ঘৰত         ৰুক্ম ভৈল হত॥ ২৮৫
ঊষাক হৰিল         বন্ধন কৰিল।
মাধৱে শুনিল         যুদ্ধক চলিল॥ ২৮৬
বানৰ কাতৰে         যুজিলন্ত হৰে।
বিজম্ভণ শৰে         মুহিলা শঙ্কৰে॥ ২৮৭
স্তুতি আৰম্ভিল         মাধৱে দেখিল।
যুদ্ধ উপেখিল         বানক ৰাখিল॥ ২৮৮
দানৱ মুগুধ         এৰিলন্ত যুদ্ধ।
দিল হুয়া শুদ্ধ         ঊষা অনিৰুদ্ধ॥ ২৮৯
কৃষ্ণে ৰঙ্গ পাইলা         দ্বাৰকাক আইলা।
বিবাহ কৰাইলা         বাজন বজাইলা॥ ২৯০
বাম হাতে ধৰি         নৃগক উদ্ধাৰি।
দ্বাৰকাক নগৰী         ৰঙ্গে গৈলা হৰি॥ ২৯১
হৰি দ্বেষী ধন্ধ         ৰাজা জৰাসন্ধ।
কৰিয়া প্ৰবন্ধ         নিপাতিলা স্কন্ধ॥ ২৯২
পশিল শৰণ         যত ৰাজা গণ।
ছোড়াইলা বন্ধন         দেৱ নাৰায়ণ॥ ২৯৩
ৰূপে বিতোপন         দিলা দৰিশন।
দেখি ৰাজা গণ         হৰষিত মন॥ ২৯৪
পাৱত পৰিল         প্ৰেম উপজিল।
লোতক ঝৰিল         ক্ৰন্দন কৰিল॥ ২৯৫
পাছে হৃষীকেশ         গুচাই সব ক্লেশ।
ভুষিয়া অশেষ         পঠাই দিলা দেশ॥ ২৯৬
যুধিষ্ঠিৰ ৰাই         মাধৱক পাই।
অবনত কায়         অৰ্চ্চিল সদায়॥ ২৯৭
ৰাজা শিশুপালে         গৰ্জ্জিল আস্ফালে।
সেহি যজ্ঞশালে         বধিলা গোপালে॥ ২৯৮
কুৰু পাণ্ডুদল         খেলাই পাশা ছল।
মিলাইলা কন্দল         ভকত বত্সল॥ ২৯৯
মহা ভয়ঙ্কৰ         মিলাইলা সমৰ।
পৃথিৱীৰ ভাৰ         হৰিলা ঈশ্বৰ॥ ৩০০
পৌণ্ডক ৰাজাৰ         শুনি অহঙ্কাৰ।
শিৰ ছেদি তাৰ         চিন্তিলাহা মাৰ॥ ৩০১
শালৱ নৃপতি         যুদ্ধক সম্প্ৰতি।
দ্বাৰকাক প্ৰতি         আসিল দুৰ্ম্মতি॥ ৩০২
বেঢ়ি দ্বাৰকাক         হানি অস্ত্ৰজাক।
মিলাইল বিপাক         দেখি খেদি তাক॥ ৩০৩
হাতে চক্ৰ ধৰি         দেৱ শ্ৰীহৰি।
শাল্বক সংহৰি         ৰৈলা ৰঙ্গ কৰি॥ ৩০৪
দ্বাৰকাক থিৰ         কৰি মহাবীৰ।
কাশী নৃপতিৰ         ছেদিলন্ত শিৰ॥ ৩০৫
ৰিপু নৃপ যত         সমৰে শকত।
সবাকো ৰণত         কৰিলাহা হত॥ ৩০৬
বদতি শঙ্কৰ         শুনা সবে নৰ।
ইটো সাৰতৰ         বেদৰ উত্তৰ॥ ৩০৭
হৰি বিনে আৰ         নাহিকে নিস্তাৰ।
অসাৰ সংসাৰ         জানা সাৰেসাৰ॥ ৩০৮
পৰলোক ভয়         এভো নুপজয়।
ঘোৰ যমালয়         গমন নিশ্চয়॥ ৩০৯
কেনমতে তাত         যাতনাৰ হাত।
ঘোৰ উতপাত         এৰাইবা সাক্ষাত॥ ৩১০
পাতক হৰণ         দুৰ্গতি তৰণ।
হৰিৰ চৰণ         পশিয়ো শৰণ॥ ৩১১
ঘোৰ কলিকাল         অধৰ্ম্ম বিশাল।
এৰা আলজাল         ভজিয়ো গোপাল॥ ৩১২
কৃষ্ণ গুণ নাম         ধৰ্ম্ম অনুপাম।
এৰি আন কাম         বোলা ৰাম ৰাম॥ ৩১৩


॥ ঘোষা॥
॥ নমো কৃষ্ণ ৰাম তুমি পূৰ্ণকাম॥
পদ

প্ৰদ্যুম্নক ঘৰে হৰিল সম্বৰে।
মাৰিবাক তৰে পেলাইল সাগৰে॥
দানৱক মাৰি হৃদয় বিদাৰি।
পাইলা নিজ নাৰী আনিলা উদ্ধাৰি॥
ৰামে কৰি লীলা ব্ৰজত ক্ৰীড়িলা।
লাঙ্গল টানিলা যমুনা আনিলা॥
দ্বিবিদ বানৰে উপদ্ৰৱ কৰে।
মাৰিলা সমৰে দেৱ হলধৰে॥
তীৰ্থস্নান কৰি কৰ্ম্মক প্ৰচাৰি।
কুশক প্ৰহাৰি সুত থৈলা মাৰি॥
পৰম দন্দুৰ বল্বল অসুৰ।
কৰি মষিমূৰ নিলা যমপুৰ॥
সাম্যৰ নিদান পুৰুষ পুৰাণ।
কৌৰৱৰ থান কৰিলা পয়াণ॥
কৌৰৱৰ ছল দেখি মহাবল।
জ্বলে ক্ৰোধানল ভেজাইলা লাঙ্গল॥
উভতে নগৰ ভয়ে তৰবৰ।
কৰিয়া কাতৰ দিল কন্যা বৰ॥
সুভদ্ৰা বৰিল অৰ্জ্জুন হৰিল।
বলোৱে শুনিল লাঙ্গল ধৰিল॥
দেখি লক্ষ্মীপতি বুলিলা মিনতি।
তুষ্ট ভৈলা মতি পাণ্ডৱৰ প্ৰতি॥
বলোৰ চৰিত্ৰ অতি বিপৰীত।
হৰয় দূষিত শুনন্তে অমৃত॥
বিপ্ৰ দামোদৰ দ্বাৰকা নগৰ।
গৈল মনোহৰ মাধৱৰ ঘৰ॥
মাধৱে ধৰিল প্ৰণতি কৰিল।
প্ৰেম ওপজিল লোটক ঝৰিল॥
অনেক সাদৰি ভৃঙ্গাৰক ধৰি।
ধুৱাইলন্ত ভৰি অৰ্চ্চিলন্ত হৰি॥
কৰুণ সদন দৈৱকী নন্দন।
কৰিলা বন্দন পিন্ধাইলা চন্দন॥
কহিয়া কাহিনী বুলি প্ৰিয়বাণী।
চাউল-চিড়া আনি ভুঞ্জি চক্ৰপাণি॥
ইন্দ্ৰৰ বিভূতি দিলন্ত ভূমিতি।
পাইলন্ত ভুকুতি অনন্ত মূকুতি॥
দাৰিদ্য ভঞ্জন পাতক গঞ্জন।
ভকত ৰঞ্জন দেৱ নিৰঞ্জন॥
জনকৰ ঘৰ গৈলা দামোদৰ।
নৃপতি বিস্তৰ কৰিল সাদৰ॥
শ্ৰূতদেৱ ৰায় মাধৱক পাই।
অৱনত কায় অৰ্চ্চিলা সদায়॥
কৰিলন্ত তুতি তযু যদুপতি।
গুণ নামে গতি জানিলো সম্প্ৰতি॥
জানো নিৰন্তৰ কৰ্ম্মীৰ মনৰ।
থাকন্তে অনন্তৰ হোৱা দামোদৰ॥
শ্ৰৱণ কীৰ্ত্তন কৰে যিটো জন।
তাতএসে প্ৰসন্ন হোৱা নাৰায়ণ॥
ভকতি বিনয় শুনি কৃপাময়।
মনৰ নিশ্চয় গুচাইলা সংশয়॥
কহিলন্ত পথ পুৰি মনোৰথ।
দ্বাৰকাৰ পথ চলাইলন্ত ৰথ॥
কোন পথে সন্ত ৰাজা পুছিলন্ত।
শুনিয়া মহন্ত শুকে কহিলন্ত॥
শুনা নৃপবৰ বেদৰ উত্তৰ।
ভকতিত পৰ নাহি সাৰতৰ॥
শিৰৰ ৰতন মন্ত্ৰৰ বচন।
শ্ৰৱণ-কীৰ্ত্তন কৰে অনুক্ষণ॥
ইসে পন্থ সন্ত কৈলা ভগৱন্ত।
নপাই আৰ অন্ত সংসাৰে মহন্ত॥
পিতৃৰ বচনে যজ্ঞে ৰঙ্গমনে।
কৰাই বস্ত্ৰ ধনে তুষিলা ব্ৰাহ্মণে॥
গোপিকা সহিতি মিলিলা তহিতি।
ভকতিৰ ৰীতি পীৰিতি কহিলা॥
নন্দ যশোদাক বুলি প্ৰিয় বাক।
গৈলা দ্বাৰকাক যত যদুজাক॥
প্ৰাৰ্থিলন্ত জানি দৈৱকী গোঁসানী।
ছয় পুত্ৰ আনি দিলা চক্ৰপাণি॥
দেৱ কৃপাময় আনি দিলা তয়।
বিপ্ৰৰ তনয় ৰাখি ধনঞ্জয়॥
বীৰত্বে নিপুণ আনন্দে আপোন।
যত হৰি গুণ বৰ্ণাইল অৰ্জুন॥
জগত আধাৰ দৈৱকী কুমাৰ।
সংসাৰ নিস্তাৰ হেতু অৱতাৰ॥
লীলায়ে বিহাৰ কৰিলা অপাৰ।
তাক কহিবাৰ শকতি কাহাৰ॥
শুনা নিৰন্তৰ কৰ্ম্ম কেশৱৰ।
কৃষ্ণৰ কিঙ্কৰ ৰচিল শঙ্কৰ॥
কত তপসাই নৰ তনু পায়।
ভকতি বিনাই ব্যৰ্থে আয়ু যায়॥
মাধৱেসে পিতা মাধৱেসে মাতা।
মাধৱেসে ধাতা মাধৱেসে দাতা॥
মাধৱত পৰ ত্ৰৈলোক্য ভিতৰ।
নাহিকে ঈশ্বৰ জানা সাৰতৰ॥
মিলিবে মৰণ জগত তৰণ।
কৃষ্ণৰ চৰণ পশিয়ো শৰণ॥
দুৰ্ঘোৰ কলিত চিন্তিয়োক হিত।
মাধৱত চিত্ত দিয়া প্ৰতিনিত॥
আয়ু আলে জালে যাই পাইলে কালে।
ভজিয়ো সকলে ৰাখিবে গোপালে॥
গুন চিন্তামণি দুৰ্গতি তৰণী।
পাপৰ অগনি ঘুষিয়োক চনি॥
নাহিকে চেতন কেদিন জীৱন।
হৰিৰ কীৰ্ত্তন কৰিও যতন॥
কীৰ্ত্তন বিনাই আন পুন্য নাই।
শাস্ত্ৰ অভিপ্ৰায় বুজিয়োক চাই॥
তেবেসে নিস্তৰি আন পৰিহৰি।
হৃদি ৰূপ ধৰি বোলা হৰি হৰি॥



॥ ঘোষা॥

॥ বোলা ৰাম ৰাম ছাড়া আন কাম॥

পদ

কৃষ্ণৰ পৰম জনম কৰম।
ভৈল অনুক্ৰম সম্পুৰ্ণ দশম॥
আৱে একাদশ শুনা কৃষ্ণ যশ।
মুকুতিৰ ৰস ভকতি সৰ্ব্বস॥
ভাৰক সংহৰি পৃথিৱী উদ্ধৰি।
বিমৰিষ কৰি বুলিলন্ত হৰি॥
ইটো যদুকুল ভাৰ সুবিপুল।
লগাই হুলস্থুল কৰিবো নিৰ্ম্মুল॥
অনাই ঋষি বল দিয়াই শাপ ছল।
মিলাইলা মূষল দেখন্ত বিহবল॥
ত্ৰিদশ সহিতি আসি প্ৰজাপতি।
কৰিলন্ত নতি অনেক ভকতি॥
ভকত বান্ধৱ কুল পৰাভৱ।
কৰিবে মাধৱ জানিলা উদ্ধৱ॥
বুজি সবে মত কৃষ্ণৰ আগত।
পৰি দণ্ডৱত বোলে বিৰলত॥
কুলক সংহৰি মোক পৰিহৰি।
বৈকুণ্ঠ নগৰী চলিবাহা হৰি॥
মোৰ প্ৰাণধন তোমাৰ চৰণ।
নপাই নাৰায়ণ তেজিবো জীৱন॥
তোমাৰ কিঙ্কৰ কৰোহো কাতৰ।
নকৰা অন্তৰ মোক দামোদৰ॥
ধৰিয়া চৰণে বিনয় বচনে।
লোতক নয়নে কৰে অনুক্ষণে॥
উদ্ধৱ মহন্ত পৰিয়া কান্দন্ত।
দেখি ভগৱন্ত হাসিয়া বোলন্ত॥
মোহোৰ হৃদয় পাইলা মহাশয়।
মোৰ কুলক্ষয় চলিবো নিশ্চয়॥
ভৈল বিৰকতি সপ্ৰেম ভকতি।
কহিবো সম্প্ৰতি শুনা মহামতি॥
যত মহাজ্ঞান যত যোগ ধ্যান।
কৰিলা ব্যাখ্যান পুৰুষ পুৰাণ॥
দেখাইলন্ত সম কৈলা নিৰুপম।
ভক্তি মুখ্যতম পুৰুষ উত্তম॥
নিৰ্গুণ ভকতি নিৰ্গুণত মতি।
নিৰ্গুণত ৰতি নিৰ্গুণত গতি॥
নিৰ্গুণত জ্ঞান নিৰ্গুণত ধ্যান।
নিৰ্গুণত স্থান কৈলা সৰ্ব্বজ্ঞান॥
জ্ঞানত কৰ্ম্মত কৰি সাৰ তত্ব।
ভকতি যিমত কৰিলোঁ বেকত॥
ব্ৰহ্মা লক্ষী হৰ ইটো কলেৱৰ।
তাতো শ্ৰেষ্ঠতৰ ভক্ত প্ৰিয়তৰ॥
ভকতেসে জ্ঞান ভকতেসে ধ্যান।
ভকত সমান নাহি মোৰ আন॥
দেৱতো তীৰ্থত কৰিয়া ভকত।
তাৰিবে শঙ্কত কহিলো বেকত॥
চিত্তে মোক ধৰি শোক পৰিহৰি।
দ্বাৰকাক এৰি চলা শীঘ্ৰে কৰি॥
দেখিয়োক সম যায়ো নিৰুপম।
বদৰিকাশ্ৰম উদ্ধৱ উত্তম॥
শুনি মহাবীৰ চিত্ত নোহে থিৰ।
কৃষ্ণে পৱে শিৰ দিয়া ঝৰে নীৰ॥
চৰণ নেৰন্ত প্ৰেমত কান্দন্ত।
দেখি ভগৱন্ত প্ৰবোধ বোলন্ত॥
উঠিয়োক সখি হিয়ে মোক দেখি।
বাহিৰে নিৰেখি ভ্ৰমিয়োক সখি॥
কৃষ্ণৰ বচন শুনি সন্ধুক্ষণ।
কৰিল গমণ নচলে চৰণ॥
খৰম দুইখানি মাথে বান্ধি আনি।
হিয়ে মুঠি হানি যান্ত মহামানী॥
দ্বাৰকাৰ বাজ হুয়া বুজি কাজ।
পশি বনমাজ ৰৈলা যদুৰাজ॥
মাধৱে চিন্তিল জ্ঞাতিক নিখিল।
প্ৰভাসক নিল জলত স্নানিল॥
দান দিয়াইলা বাৰুণী পিয়াইলা।
প্ৰমত্ত কৰাইলা মাদুৰী হনাইলা॥
হৰিল চেতন যত যদুগণ।
কৰিলেক ৰণ মিলিল মৰণ॥
কৰি চিত্ত থিৰ ৰাম মহাবীৰ।
প্ৰভাসৰ তীৰ তেজিল শৰীৰ॥
কৃষ্ণে স্নানি জলে অশ্বত্থৰ তলে।
বসিলা অকলে তনু আতি জ্বলে॥
পীত বসন ৰুচিৰ দশন।
হাসিত বয়ন কমল নয়ন॥
খচিত কনক ৰত্নৰ তিলক।
কুটিল অলক শোভে কপলোক॥
মুকুত মাথাত ৰঞ্জে ৰত্ন তাত।
শ্ৰীবত্স হিয়াত চাৰু চাৰি হাত॥
মকৰ কুণ্ডল শোভে গণ্ডস্থল।
চাৰু কুম্বুগল কৌস্তু উজ্জ্বল॥
হিয়ে হেমহাৰ ৰত্নে ৰত্নে জাতিষ্কাৰ।
দিব্য মুকুতাৰ ৰঞ্জে অলঙ্কাৰ॥
বনমালা উৰে আতি জ্যোতি কৰে।
মধু মধুকৰে ভুঞ্জিয়া গুঞ্জৰে॥
কনকে গঠিত মেখলা কটিত।
জঙ্ঘা সুবলিত হোড়ৰে জড়িত॥
চৰণ কমল নুপুৰ উজ্জ্বল।
আতি সুকুমল ৰঙা পদতল॥
ধ্বজ ব্ৰজ যৱ চিহ্ন অভিনৱ।
দেখন্তে উত্সৱ আছন্ত মাধৱ॥
অৰণ্যত পশি কৃষ্ণ মহযশী।
প্ৰকশন্ত বসি যেন কোটি শশী॥
ব্যাধেক আসিল বাণ প্ৰহাৰিল।
লাগিল জানিল দেখিয়া আসিল॥
কৃষ্ণক দেখিল পৰিয়া কান্দিল।
নিৰ্ভয়ে বুলিল স্বৰ্গক চলিল॥
প্ৰভু ভগৱন্ত বসিয়া আছন্ত।
দেখি পৰিলন্ত দাৰুক মহন্ত॥
চাৰিয়ো ঘোটক সহিতে ৰথক।
পঠাই বৈকুণ্ঠক চাইলা দাৰুকক॥
বুলিলন্ত বাপ চলা দ্বাৰকাক।
যিভৈল বিপাক কহিয়ো বাৰ্ত্তাক॥
শুনি চলিলন্ত দাৰুক মহন্ত।
শোকত কান্দন্ত লোতক ঝড়ন্ত॥
ভ্ৰমিয়া ফুৰন্ত উদ্ধৱ মহন্ত।
কৃষ্ণে দেখিলন্ত হাসিয়া বোলন্ত॥
অদ্যাপি ভ্ৰমিয় শঙ্কা কৰা কিয়।
তুমি যেন প্ৰিয় আপুনি জানিয়॥
মোহোৰ নিদান এৰা অপমান।
আসা সখি প্ৰাণ কহো তত্ব জ্ঞান॥
মাধৱে কহিল উদ্ধৱে শুনিল।
হৃদয় দ্ৰবিল পাৱত পৰিল॥
মুখে নাসে মাত কান্দে দোৱাই মাথ।
তেজিলাহা নাথ ভৈলোহো অনাথ॥
উদ্ধৱ কান্দন্ত দেখি ভগৱন্ত।
ধৰি তুলিলন্ত জ্ঞান কহিলন্ত॥
থাকিবে নেদিল প্ৰণাম কৰিল।
শোক উথলিল কান্দতে চলিল॥
ব্ৰহ্মা চিন্তি হিত ত্ৰিদশে সহিত।
মিলিল তহিত গাইল গুণ গীত॥
কতোহো গাৱন্ত কতোহো নাচন্ত।
তুমি উচ্চৰন্ত পুষ্প সিঞ্চিলন্ত॥
দেখি নাৰায়ণ হাসিত বয়ন।
জপাইলা নয়ন চলিবাক মন॥
দেৱক কটক নাকলে কৃষ্ণক।
বিজুলী চটক পাইলা বৈকুণ্ঠক॥
দেখি কৃষ্ণপদ নয়ন তবধ।
যত পাৰিষদ বজাইল শৱদ॥
দেখিয়া মাধৱ প্ৰীতি অভিনৱ।
মিলিল উত্সৱ কৰে জয়ৰৱ॥
জগতৰ তাত মাধৱ তথাত।
অনন্ত শয্যাত থাকিলা সাক্ষাত॥
কৃষ্ণৰ কিঙ্কৰ ৰচিল শঙ্কৰ।
চৰিত্ৰ কৃষ্ণৰ শুনা সবে নৰ॥
কৃষ্ণৰ পাচত কলিৰ ভয়ত।
ধৈৰ্য্য ধৃত ব্ৰত মহাধৰ্ম্ম যত॥
আতি ত্ৰাস মানে সিটো ধৰ্ম্ম গণে।
হৰিৰ কীৰ্ত্তনে পশিল শৰণে॥
যিজন নিপুণ গাৱে হৰিগুণ।
সিসে পাৱে পুইন নিস্তৰে আপোন॥
আন ধৰ্ম্ম প্ৰজা নাম তাৰ ৰজা।
শাস্ত্ৰৰ বুজিয়া মজ্জা জানি এৰা লজ্জা॥
ৰাম নাম গাই ভ্ৰমিও সদায়।
হেলা নুযুৱাই ব্যৰ্থে আয়ু যায়॥
নামেসে সংসাৰ কৰিবে নিস্তাৰ।
নাম বিনে আৰ আন নাহি সাৰ॥
নামে তেজি আশ কাত কৰা সাশ।
অমৃতে নৈৰাশ যেন বিষ গ্ৰাস॥
পাপে চাপি ধৰে নাম নুসুমৰে।
আত্মঘাত কৰে কৌতুকতে মৰে॥
কত তপসাই নৰতনু পায়।
চিন্তামণি পায় হাততে হৰায়॥
জানিয়া সম্প্ৰতি কৰি থিৰ মতি।
অগতিৰ গতি ভজা যদুপতি॥
মাধৱৰ নাম ধৰ্ম্ম অনুপাম।
এড়ি আন কাম বোলা ৰাম ৰাম॥