পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
গুণ-মালা


মোহোৰ নিদান
আসা সখি প্ৰাণ
মাধৱে বুলিল
প্ৰেমে দ্ৰৱিল
মুখে নাসে মাত
তেজিলাহা নাথ
উদ্ধৱ কান্দন্ত
ধৰি তুলিলন্ত
থাকিবে নেদিল
শোক উথলিল
ব্ৰহ্মা চিন্তি হিত
মিলিল তহিত।
কতোহো গাৱন্ত
তুতি উচ্চাৰন্ত
দেখি নাৰায়ণ
জপাইলা নয়ন
দেৱৰ কটক
বিজুলী চটক
দেখি কৃষ্ণপদ
যত পাৰিষদ

   

এৰা অপমান।
কহো তত্ত্ব জ্ঞান॥
উদ্ধৱে শুনিল৷
পাৱত পৰিল॥
কান্দে দমাই মাথ।
ভৈলোহো অনাথ॥
দেখি ভগৱন্ত।
জ্ঞান কহিলন্ত।
প্ৰণাম কৰিল॥
কান্দন্তে চলিল॥
ত্ৰিদশে সহিত।
গাইল গুণ গীত॥
কতোহো নাচন্ত।
পুষ্প সিঞ্চাৰন্ত॥
হসিত বয়ন।
চলিবাক মন॥
নাকলে কৃষ্ণক।
পাইলা বৈকুণ্ঠক॥
নয়ন তবধ।
বজাইলা শৱদ॥