পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
গুণ-মালা

অনাই ঋষিবল
মিলাইলা মুষল
ত্ৰিদশে সহিতি
কৰিলন্ত নতি
ভকত বান্ধৱ
কৰিবা মাধৱ
বুজি সবে মত
পৰি দণ্ডৱত
কুলক সংহৰি
বৈকুণ্ঠ নগৰী
মোৰ প্ৰাণ ধন
নপাই নাৰায়ণ
তোহ্মাৰ কিঙ্কৰ
নকৰা অন্তৰ
ধৰিয়া চৰণে
লোতক নয়নে
উদ্ধৱ মহন্ত
দেখি ভগৱন্ত
মোহোৰ হৃদয়
কৰি কুলক্ষয়

   

দিয়া শাপ ছল।
দেখন্তে বিহ্বল॥
আসি প্ৰজাপতি।
অনেক ভকতি॥
কুল পৰাভৱ।
জানিলা উদ্ধৱ॥
কৃষ্ণৰ আগত।
বোলে বিৰলত॥
মোক পৰিহৰি।
চলিবাহা হৰি॥
তোমাৰ চৰণ।
তেজিবো জীৱন॥
কৰোহো কাতৰ।
মোক দামোদৰ৷
বিনয় বচনে।
ঝুৰে অনুক্ষণে॥
পৰিয়া কন্দিন্ত।
হাসিয়া বোলন্ত॥
পাইলা মহাশয়।
চলিবো নিশ্চয়॥