পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গুণমালা

কৰি পৰাভৱ         খেদাইলা দানৱ৷
ভকত বান্ধৱ         তুমিসি মাধৱ৷৷ ২৬ ৷৷
কৰি অৱিচ্ছেদ         দৈত কৰি ভেদ৷
খাণ্ডিলাহা খেদ         উদ্ধাৰিলা বেদ৷৷ ২৭ ৷৷
জগতক বশ্য         কৰিলা অৱশ্য৷
ভৈলা মহামত্স্য         ব্ৰহ্মাৰ নমস্য৷৷ ২৮ ৷৷
তুমি মহাহংস         আসি নিজ অংশ৷
হুয়া যদু বংস         বধিলাহা কংস৷৷ ২৯ ৷৷
জগত নিঃশেষ         সৱাতো প্ৰৱেশ৷
ভৈলা হৃষিকেশ         নজানি উদ্দেশ৷৷ ৩০ ৷৷
তুমি পীতাম্বৰ         কৰি আড়ম্বৰ৷
বধিলা সম্বৰ         প্ৰভু বিশ্বম্ভৰ৷৷ ৩১ ৷৷
তুমিসে অচ্যুত         আনন্দে আপ্লুত৷
ভকত বহুত         কৰিলা মুকুত৷৷ ৩২ ৷৷
ধৰি মত্স্য কায়         সত্যব্ৰত ৰায়৷
প্ৰলয় অপায়         তাৰিলা লীলায়৷৷ ৩৩ ৷৷
কূৰ্ম কলেৱৰ         ধৰিলা মন্দৰ৷
মথিলা সাগৰ         নভৈলা ভাগৰ৷৷ ৩৪ ৷৷
বৰাহ শৰীৰ         পৃথিৱী উদ্ধাৰি৷
হিৰণ্যাক্ষ বীৰি         মাৰিলাহা ছিৰি৷৷ ৩৫ ৷৷