পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন

 “গুণমালা’ নিত্য প্ৰসঙ্গৰ এখনি শাস্ত্ৰ; ভক্তসকলে নিতৌ গধুলি প্ৰসঙ্গৰ সময়ত ইয়াক পাঠ কৰে। বহুত ভক্তৰ “গুণমালা” আজিলৈকে কণ্ঠস্থ আছে।

 দুখৰ বিষয় এনেহেন পুৰুষানুক্ৰমে মুখস্থ চলি অহা শাস্ত্ৰখনিৰো বৰ্তমানে মিল নোহোৱাত পৰিছে। ইয়াৰ ১ম আৰু শেষ অধ্যায়ৰ পদবোৰ বহুত পুথিৰ লগত পৰস্পৰ মিল আছে, কিন্তু মাজৰ চাৰি অধ্যায়ৰ পদ বহুত পুথিত আগাগোৰা হৈছে; কোনো খনত পদৰ সংখ্যাও কম-বেচি আছে। তদুপৰি এজেঞ্চি কোম্পানী ছপা কৰা গুণমালাত এই কেই অধ্যায়ত বহুত প্ৰক্ষিপ্ত পদ সুমাইছে। অধ্যায়বোৰৰ পদত উল্লেখ কৰা দশম স্কন্ধ ভাগৱতৰ বিষয়বোৰ পৰ্যায়ক্ৰমে নিমিলে; ইয়াৰ ঘোষাবোৰৰ পুৰণি পুথিৰ লগত মিল দেখা নাযায়।

 নগাৱৰ আইভেটি ন সত্ৰৰ (বৰদোৱা) পৰা এখন ডেৰ শ বছৰীয়া পুৰণি “গুণমালা” আনিছিলোঁ; ইয়াৰো মাজৰ দুই অধ্যায়ত গোলমাল থকা যেন অনুমান হয়। সম্প্ৰতি আমি দুখন পুথি মিলাই এইখন “গুণমালা” প্ৰকাশ কৰিলোঁ। কেতিয়াবা ভাল পুৰণি পুথি পালে পুনৰ মিলাবলৈ যত্ন কৰাৰ আশা ৰাখিলোঁ।


নলবাৰী
২২ ভাদ, ৪৬৭ শঙ্কৰাৰ
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা