পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গুণমালা


কৃষ্ণে কথা কৈলা   শিশুৰূপ ভৈলা ।
নিহল ছােড়াইলা  কোলে তুলি লৈলা ৷৷
বসুদেৱ সন্ত   লৈয়া লৰিলন্ত ।
ফণায়ে অনন্ত  ছত্ৰ ধৰিলন্ত ॥
নমনিয় কূল  যমুনা বিপুল ।
চড়াই তাৰ কূল  পাইলন্ত গোকুল ।৷
কৃষ্ণক থৈলন্ত  কন্যাক লৈলন্ত ।
বসুদেৱ সন্ত  দুনাই আসিলন্ত ॥
নন্দে দেখিল  পুত্ৰ উপজিল ।
উৎসৱ মিলিল  মহাদান দিল ৷।
নন্দ যশােদাৰ  গৃহত অপাৰ ।
কৰিলা বিহাৰ  জগত আধাৰ ৷৷
অনেক যন্ত্রণা  কৰিলা মন্ত্রণা ।
আসিল পূতনা  শুষিল চেতনা ।৷
পৰম সঙ্কট  দধি দুগ্ধ ঘট ।
সহিতে শকট  কৰিলা উলট ৷।
দৈত্য চক্ৰবাত  ভৈল স্কন্ধপাত ।
কৃষ্ণৰ লীলাত  পৰিয়া শিলাত ।৷
জগতৰ স্বামী।  প্রভু অন্তর্যামী ।
মাতৃ কোলগামী  তুলিলন্ত হামি ।৷