পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শ্ৰীকৃষ্ণায় নমঃ

গুণ-মালা

ঘোষা

ৰাম নিৰঞ্জন ।  পাতক ভঞ্জন ॥

পদ

নমো নাৰায়ণ  সংসাৰ কাৰণ ৷
ভকত তাৰণ  তোহ্মাৰ চৰণ ॥
তুমি নিৰঞ্জন  পাতক ভঞ্জন ৷
দানৱ গঞ্জন  গোপিকা ৰঞ্জন ॥
বেদান্ত গায়ক  বংশী বায়ক ৷
জগত নায়ক  মুকুতি নায়ক ॥
ভকতৰ ঋদ্ধি  কৰা সৰ্ব্ব সিদ্ধি ৷
বিধাতাৰো বিধি  দীন দায়ানিধি ॥
ভকতি ৰোচন  দুখ সঙ্কোচন ৷
পাতক মোচন  কমল লোচন ॥