পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
গুণ-মালা


যৈচন মাতঙ্গে
আতি অঙ্গে অঙ্গে
কৃষ্ণৰ মূৰতি
গোপৰ যুৱতী
বসি ঠাৱে ঠাৱে
আতি প্ৰেমভাৱে
সৰ্পেক মিলিল
পাৱে পৰশিল
শঙ্খচূড় মাৰি
আনিলা উদ্ধাৰি
বৰুণ কিঙ্কৰে
নিলা আড়ম্বৰে
কৰে কোলাহল
ভকত বৎসল
ভয় সম্পজিল
পিতৃক তুলিল
উদ্ধাৰি নন্দক
ব্ৰজৰ লোকক
প্ৰলম্ব অশিষ্ট
মাৰিলা গৰিষ্ঠ

   

হস্তিনীৰ সঙ্গে।
ফুৰে লীলা ৰঙ্গে॥
আতি আসকতি।
ভ্ৰম ভৈল মতি॥
কৃষ্ণ গুণ গাৱে।
দিৱস গোৱাৱে॥
নন্দক গিলিল।
সিয়ো নিস্তৰিল॥
গোপৰ কুমাৰী।
ঈশ্বৰ মুৰাৰি॥
নন্দক সত্বৰে।
জলৰ ভিতৰে॥
গুৱাল সকল।
পশিলন্ত জল॥
বৰুণ যজিল।
আশ্চৰ্য্য় মিলিল॥
দেখাই বৈকুণ্ঠক।
দিলা আনন্দক॥
চিন্তিলা অনিষ্ট।
ৰাম বলিষ্ঠ॥