পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অৰিষ্ট অসুৰ         আইল গোপপুৰ৷
তাক কৰি চুৰ         নিলা যমপুৰ৷৷ ১৫৭ ৷৷
কেশী দানৱ         কৰে পৰাভৱ৷
শুনি গলাৰৱ         ধাইলন্ত মাধৱ৷৷ ১৫৮ ৷৷
গোকোলত পশি         কৰি ধসমসি৷
কৃষ্ণক পৰশি         সিও গৈল নাশি৷৷ ১৫৯ ৷৷
ময়ৰ তনয়         ব্যোম দুৰাশয়৷
কৰিয়া দুৰ্নয়         গৈল যমালয়৷৷ ১৬০ ৷৷
নাৰদেও আসি         কৃষ্ণক উপাসি৷
বচন প্ৰকাশি         গৈলন্ত সম্ভাষি৷৷ ১৬১ ৷৷
কংসে পাঞ্চালি         অক্ৰূৰে বাঞ্চিল৷
ভকতি সাঞ্চালি         চেতন নাছিল৷৷ ১৬২ ৷৷
কৃষ্ণ খোজচয়         দেখি মহাশয়৷
ভৈলন্ত বিস্ময়         নসহে হৃদয়৷৷ ১৬৩ ৷৷
ৰোম শিহৰি         জাম্প দিয়া পৰি৷
কৃষ্ণ কৃষ্ণ ৰড়ি         ফুৰন্ত বাগৰি৷৷ ১৬৪ ৷৷
অনন্তৰে গৈয়া         কৃষ্ণক দেখিয়া৷
প্ৰেম উপজিয়া         দ্ৰৱ ভৈল হিয়া৷৷ ১৬৫ ৷৷
পাৱত পৰিল         লোতক ঝৰিল৷
ভকতি কৰিল         মাধৱে ধৰিল৷৷ ১৬৬ ৷৷