পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
গুণ-মালা


উভতৈ নগৰ
কৰিয়া কাতৰ
সুভদ্ৰা বৰিলা
বলোৱে শুনিলা
দেখি লক্ষ্মীপতি
তুষ্ট ভৈলা মতি
বলোৰ চৰিত্ৰ
হয় দূৰিত
বিপ্ৰ দামোদৰ
কৃষ্ণৰ বাসৰ
মাধৱে ধৰিল
প্ৰেমে দ্ৰবিল
অনেক সাদৰি
ধুৱাইলন্ত ভৰি
কৰুণা সদন
কৰিলা বন্দন
কহিয়া কাহিনী
চাউল ছিড়া আনি
ইন্দ্ৰৰ বিভূতি
পাইলন্ত ভুকুতি

   

ভয়ে তৰতৰ।
দিলা কন্যাবৰ॥
অৰ্জ্জুনে হৰিলা।
লাঙ্গল ধৰিলা॥
বুলিলা মিনতি।
পাণ্ডৱৰ প্ৰতি॥
আতি বিপৰীত।
শুনন্তে ত্বৰিত॥
মহা মনোহৰ।
গৈলা দ্বিজবৰ॥
প্ৰণতি কৰিল।
লোতক ঝৰিল॥
ভৃঙ্গাৰক ধৰি।
অৰ্চ্চিলন্ত হৰি॥
দৈৱকীনন্দন।
পিন্ধাইলা চন্দন॥
বুলি প্ৰিয়বাণী।
ভুঞ্জি চক্ৰপাণি॥
দিলন্ত ভূমিতি।
অনন্ত মুকুতি॥