পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মাগধ ৰাজ্যৰ         সেনা বাৰেবাৰ ৷
কৰিয়া প্ৰহাৰ         মাৰিলা অপাৰ ৷৷২২৭
দ্বাৰকা সকলে         নিৰ্ম্মিলাহা জলে ৷
প্ৰজাক সকলে         নিলা যোগ বলে ৷৷২২৮
কাল যবনৰ         আগে মনোহৰ ৷
দেখাই কলেৱৰ         যান্ত দামোদৰ ৷৷২২৯
যেন নৱঘন         তনু বিতোপন ৷
সুপীত বসন         কমল নয়ন ৷৷২৩০
কিৰীটি কুণ্ডলে         অলঙ্কাৰ জ্বলে ৷
হাৰ বক্ষস্থলে         পদ্মমালা গলে ৷৷২৩১
ৰত্নৰ মোলান         বাহু চাৰিখান ৷
নাহিকে সমান         সৰ্ব্বাঙ্গ সুঠান ৷৷২৩২
আজানু লম্বিত         মেখলা কটিত ৷
পাট ভুমি পীত         লোটয় মাটিত ৷৷২৩৩
চৰণ পল্লৱ         নূপূৰৰ ৰৱ ৷
সুনন্তে উত্‍সৱ         চলন্ত মাধৱ ৷৷২৩৪
যবনে দেখিল         পাছত খেদিল ৷
লাগক নেদিল         গহ‌বৰে পশিল ৷৷২৩৫
মুচকুন্দ ৰায়         শুতিয়া তথায় ৷
আছে নিদ্ৰা যায়         তাঙ্ক গৈলা পায় ৷৷২৩৬