পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুণ-মালা


কিৰীটি কুণ্ডল
কৌস্তভে উজ্জ্বল
হস্ত চাৰিখান
কেয়ূৰ কঙ্কণ
বহল হৃদয়
পৰি গুঞ্জৰয়
ৰতনে ৰচিত
পাট ভুনি পীত
উৰু কৰীকৰ
কনক ৰত্নৰ
চৰণ পল্লৱ
নূপুৰৰ ৰৱ
আঙ্গুলিৰ পান্তি
দেখি খণ্ডে ভ্ৰান্তি
ৰঙ্গা পদতলে
চিহ্ন সকলে
জগতৰ তাত
চাৰি অস্ত্ৰ হাত
দেখি দুয়ো প্ৰাণী
মনে অনুমানি

   

কৰে ঝলমল।
শোভে কম্বুগল॥
আতি বিতোপন।
প্ৰকাশে ভূষণ॥
বনমালা তয়।
ভ্ৰমৰে ৰঞ্জয়॥
মেখলা কটিত।
লোটয় মাটিত॥
জঙ্ঘা মনোহৰ।
ৰঞ্জিত হোড়ৰ॥
পদ্ম অভিনৱ।
শুনন্তে উত্সৱ॥
নখ চন্দ্ৰ কান্তি।
তাত উপশান্তি॥
অঙ্কুশ কমলে।
আতিশয় জ্বলে॥
আছন্ত তথাত।
প্ৰকাশে সাক্ষাত॥
এন্তে চক্ৰপাণি।
বোলে স্তুতি বাণী॥