পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


অগতিৰ গতি         ত্ৰিজগত পতি৷
তোহ্মাত ভকতি         থাকোক সম্প্ৰতি৷৷ ১৬ ৷৷
শ্যামল শৰীৰ         জলদ ৰুচিৰ৷
গহীন গম্ভীৰ         গুণৰ মন্দিৰ৷৷ ১৭ ৷৷
কুণ্ডলে মণ্ডিত         অসুৰ দণ্ডিত৷
পাতক খণ্ডিত         তুমিসি পণ্ডিত৷৷ ১৮ ৷৷
দাৰিদ্ৰ্য মৰ্দ্দন         কৰুণা সদন৷
বংশী বদন         মুৰুতি মদন৷৷ ১৯ ৷৷
হাস্য দৰিশন         পাপ কৰি ছন৷
দোষ মৰিষণ         কাম বৰিষণ৷৷ ২০ ৷৷
জগত আধাৰ         দৈৱকী কুমাৰ৷
সংসাৰতে সাৰ         চৰণ তোহ্মাৰ৷৷ ২১ ৷৷
তুমি ভগৱন্ত         মহিমা অনন্ত৷
তাৰিলাহা সন্ত         পুৰুষ মহন্ত৷৷ ২২ ৷৷
তুমি সুবত্সল         পুৰুষ নিশ্চল৷
নাহি কিছু চল         ভকত বত্সল৷৷ ২৩ ৷৷
তুমি অৱতৰি         অসুৰ সংহৰি৷
সৃষ্টি আছা ধৰি         দেৱ শ্ৰীহৰি৷৷ ২৪ ৷৷
অঘাসুৰ ঘালি         মহা বলশালী৷
দামিলাহা কালী         তুমি বনমালী৷৷ ২৫ ৷৷