পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দৈত অন্তকাৰী         গোৱৰ্দ্ধনধাৰী৷
ভৱভয়হাৰী         তুমিসি মুৰাৰি৷৷ ৬ ৷৷
কালিকো দমিলা         পুতনা শুষিলা৷
দেৱকো তুষিলা         ব্ৰজক ভুষিলা৷৷ ৭ ৷৷
কেশী বৎস বক         সমস্তে দৈত্যক৷
লগাইলা চমক         ডকাইলা যমক৷৷ ৮ ৷৷
তুমি বাৰম্বাৰ         হুয়া অৱতাৰ৷
পৃথিৱীৰ ভাৰ         খণ্ডিলা অপাৰ৷৷ ৯ ৷৷
ইন্দ্ৰকো দমিলা         ব্ৰহ্মায়ো নমিলা৷
বনত ভ্ৰমিলা         গোপীক ক্ৰীড়িলা৷৷ ১০ ৷৷
পশি ৰঙ্গশাল         যত মহামাল৷
কৰিয়া আস্ফাল         বধিলা গোপাল৷৷ ১১ ৷৷
তযু গুণ নাম         ধৰ্ম্ম অনুপাম৷
মোক্ষ অৰ্থ কাম         সাধা প্ৰভু ৰাম৷৷ ১২ ৷৷
মাৰি দশগ্ৰীব         জনকৰ জীৱ৷
পাইলা সদাশিৱ         তুমি জগজীৱ৷৷ ১৩ ৷৷
তোহ্মাৰ চৰিত্ৰ         পাতকীৰ মিত্ৰ৷
পৰম পৱিত্ৰ        কৰিলা বিচিত্ৰ৷৷ ১৪ ৷৷
পতিত পাৱন         এ ভৱ ভাৱন৷
অসুৰ ধাৱন         তুমিসি বামন৷৷ ১৫ ৷৷