পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চৰণ চলাই         নূপুৰ বজাই ৷
নাচে যদুৰাই প্        ৰজা আছে চাই ৷৷১৯৬
কৃষ্ণৰ কিঙ্কৰ         ৰচিল শঙ্কৰ ৷
শুনা সৱ নৰ         কৰ্ম্ম কেশৱৰ ৷৷১৯৭
কত তপসাই         নৰ তনু পাই ৷
ভকতি বিনাই         ব্যৰ্থে আয়ু যায় ৷৷১৯৮
আবে বুধজন         এৰা আন মন ৷
যাৱত চেতন         ভজা নাৰায়ণ ৷৷১৯৯
নকৰা বিমতি         কলিত সম্প্ৰতি ৷
বিনা লক্ষ্মীপতি         নাহি আন গতি ৷৷২০০
জানি হেন কৰা         কৃষ্ণক সুমৰা ৷
আপোনো নিস্তৰা         পুৰুষ উদ্ধাৰা ৷৷২০১
মাধৱৰ নাম         ধৰ্ম্ম অনুপাম ৷
এড়ি আন কাম         বোলা ৰাম ৰাম ৷৷২০২