পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কিবা ভৈলা বুলি         নন্দে বান্ধ মেলি৷
মলচিল ধূলি         কোলে লৈলা তুলি৷৷ ১০১ ৷৷
গোপন সুন্দৰী         বজাৱে চাপৰি৷
আঙ্গি-ভঙ্গি কৰি         নাচে দেৱ হৰি৷৷ ১০২ ৷৷
পসাৰি ডাকিল         কোনে লৈবা ফল৷
শুনিয়া চলিল         কৃষ্ণ দয়াশীল৷৷ ১০৩ ৷৷
ধান্যক দিলন্ত         ফলক লৈলন্ত৷
ৰত্ন অপৰ্যপ্ত         ভাণ্ড ভৰিলন্ত৷৷ ১০৪ ৷৷
গকুল ভৱন         তেজি নাৰায়ণ৷
পাছে বৃন্দাবন         কৰিলা গমন৷৷ ১০৫ ৷৷
বত্স অসুৰ         পৰম দন্দুৰ৷
কৰি মষিমূৰ         নিলা যমপুৰ৷৷ ১০৬ ৷৷
আসি বকগোটে         গিলিলেক চোটে৷
তাক ধৰি ঠোঠে         ছিৰিলা আস্ফোটে৷৷ ১০৭ ৷৷
সৰ্পৰূপে আসি         অঘে তুলি হাসি৷
বদন প্ৰকাশি         গিলিল গৰাসি৷৷ ১০৮ ৷৷
ভেটিলন্ত গল         ভকত বত্সল৷
এৰি মূত্ৰ মল         মৰিল নিষ্খল৷৷ ১০৯ ৷৷
তাৰ কৰি কাল         বত্স বত্সপাল৷
জীয়ায়া তত্কাল         বজাইলা গোপাল৷৷ ১১০ ৷৷
সঙ্গে শিশুগণ         ৰঙ্গে নাৰায়ণ৷
অন্নব্যঞ্জন         কৰিলা ভোজন৷৷ ১১১ ৷৷
গোৰখ দামুৰি         ব্ৰহ্মা কৰি চুৰি৷
থৈয়া ঢাকি ঘূৰি         গৈলা নিজ পুৰি৷৷ ১১২ ৷৷
বত্স বত্সপাল         হুয়া সেহিকাল৷
আপুনি গোপাল         গৈলা ব্ৰজশাল৷৷ ১১৩ ৷৷
অনেক বিভূতি         কৃষ্ণৰ মুৰুতি৷
দেখিয়া বিস্মৃতি         ব্ৰহ্মা ভৈলা ভীতি৷৷ ১১৪ ৷৷