পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৷৷ ঘোষা ৷৷
৷৷ হৰি হৰি ৰাম : হৰি হৰি ৰাম ৷৷
৷৷ পদ ৷৷
নমো লক্ষ্মীপতি         জগতৰ গতি৷
চৰণে প্ৰণতি         কৰিলো সম্প্ৰতি৷৷ ৪৫ ৷৷
গুণ চিন্তামণি         সংসাৰ তাৰণী৷
পাপৰ অগনি         ঘুষিয়োক চানি৷৷ ৪৬ ৷৷
ইতি বিতোপন         ধৰ্ম সনাতন৷
আকাসে কীৰ্তন         কৰে সাধুজন৷৷ ৪৭ ৷৷
শুনিও দশম         আতি নিৰুপম৷
কৃষ্ণৰ পৰম         জনম কৰম৷৷ ৪৮ ৷৷
দৈত্যে ভিড়িল         ভাৰে পীড়িল৷
দুখ সাক্ষী দিল         পৃথিৱী কান্দিল৷৷ ৪৯ ৷৷
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে         আসি ভগৱন্তে৷
জন্মিলা জলন্তে         দৈৱকীত হন্তে৷৷ ৫০ ৷৷
অদ্ভুত বালক         কুটিল অলক৷
ৰত্নৰ তিলক         শোভে কপোলক৷৷ ৫১ ৷৷
হষিত বয়ন         কমল নয়ন৷
ৰুচিৰ দশন         পীত বসন৷৷ ৫২ ৷৷