পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৷৷ ঘোষা ৷৷
৷৷ কহ হৰি ৰাম       নকৰা বিৰাম ৷৷
৷৷ পদ ৷৷
লৈয়া গোপ সঙ্গ         কৰি মখ ভঙ্গ৷
বাসৱৰ খঙ্গ         তোলাই ভৈলা ৰঙ্গ৷৷ ১৪০ ৷৷
ইন্দ্ৰে ক্ৰোধিলা         মেঘ পাঞ্চি দিলা৷
শিলা বৰষিলা         প্ৰলয় মিলিলা৷৷ ১৪১ ৷৷
ইন্দ্ৰৰ দৰ্পক         নাশি মন্দৰক৷
তুলি উপৰক         ৰাখিলা ব্ৰজক৷৷ ১৪২ ৷৷
গৰ্ব পৰ্বতৰ         নামি পুৰন্দৰ৷
কৰিয়া কাতৰ         চলি গৈলা ঘৰ৷৷ ১৪৩ ৷৷
শৰত শীতল         শশাঙ্ক ধৱল৷
বৃন্দাবন স্থল         দেখি কুতূহল৷৷ ১৪৪ ৷৷
আতি সুললিত         ৰঙ্গে গাইলা গীত৷
গোপিকা সহিত         কৰিলন্ত নৃত্য৷৷ ১৪৫ ৷৷
লৈয়া গোপী মিলি         কৰি ঠেলা ঠেলি৷
কণ্ঠে বাহু মিলি         কৰিলন্ত কেলি৷৷ ১৪৬ ৷৷