পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মায়া আৱৰিল
ক্ৰন্দন কৰিল
কৃষ্ণক ভকতি
উগ্ৰসেন তথি
কুলক নিৰ্ভয়
পঢ়িলা বিনয়
পাছে শাস্ত্ৰ জানি
মৰা পুত্ৰ আনি
গোপীৰ প্ৰেমক
পঠাই গোকুলক
কৃষ্ণক স্মৰিল
ক্ৰন্দন কৰিল
কৃষ্ণৰ বচন
প্ৰেমত নয়ন
উদ্ধৱে বুজাইল
কৃষ্ণগুণ গাইল
কৃষ্ণে কৰি লীলা
কুজীকো ৰমিলা
অক্ৰূৰৰ ঘৰ
অক্ৰূৰে বিস্তৰ

   

কৃষ্ণক ধৰিল৷
লোতক ঝৰিল৷৷
কৰি মহামতি৷
ভৈলন্ত নৃপতি৷৷
কৰি কৃপাময়৷
যত দেৱচয়৷৷
গুৰুবাক্য মানি৷
দিলা চক্ৰপাণি৷৷
জানি উদ্ধৱক৷
বুজাইল নন্দক৷৷
চেতন হৰিল৷
লোতক ঝৰিল৷৷
শুনি গোপীগণ৷
ঝৰে অনুক্ষণ৷৷
কিছু স্মৃতি পাইল৷৷
দিৱস গোৱাইল৷৷
বাক্য সাফলিলা৷
মথুৰা ভ্ৰমিলা৷৷
গৈলা দামোদৰ৷
কৰিলা সাদৰ৷৷