পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৷৷ ঘোষা ৷৷
৷৷ ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম ৷৷
পদ
কংসে পাৰে গালি         শুনি বনমালী ৷
দেৱে চাঙ্গ চালি         চৰিলা আটালি ৷৷২০৩
কেশত কংসৰে         ধৰি বাম কৰে ৷
টানি আড়ম্বৰে         পেহ্লাইলা ঈশ্বৰে ৷৷২০৪
পাচে দামোদৰে         তাহাৰ উপৰে ৷
জগতৰ ভৰে         পৰিলা সত্বৰে ৷৷২০৫
মৰি কংস ৰায়         ধৰি দিব্য কায় ৷
বৈকুণ্ঠক পাই         থাকিলা লীলায় ৷৷২০৬
পাছে যদুৰাই         কংসক ঘসাই ৷
ফুৰাইলা লীলাই         লোকক দেখাই ৷৷২০৭
তাৰ অষ্টভাই ক্        ৰোধে আসে ধাই ৷
দেখি যদুৰাই         মাৰিলা কোবাই ৷৷২০৮
পিতা মাতাৰ         নিহল লোহাৰ ৷
ছোড়ি বাৰম্বাৰ         কৰি নমস্কাৰ ৷৷২০৯
এন্তে চক্ৰপাণি         মনে অনুমানি ৷
দৰে দুয়ো প্ৰাণী         নোবোলন্ত বাণী ৷৷২১০