পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


পাপে চাপি ধৰে   নাম নুসুমৰে
আত্মঘাত কৰে   কৌতুকতে মৰে
কত তপসায়   নৰ তনু পায়
চিন্তামণি প্ৰায়   হাততে হৰায়
জানিয়া সম্প্ৰতি   কৰি থিৰ মতি
অগতিৰ গতি   ভজা যদুপতি
মাধৱৰ নাম   ধৰ্ম্ম অনুপাম
এৰি আন কাম   বোলা ৰাম ৰাম
−:সমাপ্ত:−