এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- কৰিলা সাদৰ দেৱদামোদৰ৷
- বিচেষ্টা কংসৰ জানি নিৰন্তৰ৷৷ ১৬৭ ৷৷
- কৰিলা পয়ান পুৰুষ পুৰাণ৷
- অনেক নিশান বজাইলা বিষাণ৷৷ ১৬৮ ৷৷
- দেখি গোপীচয় নসহে হৃদয়৷
- ক্ৰন্দন কৰয় লোতক ঝৰয়৷৷ ১৬৯ ৷৷
- দূতক পঠাইল মাধৱে বুজাইল৷
- ঘোঁৰাক ডকাইল অক্ৰুৰে খেদাইল৷৷ ১৭০ ৷৷
- চলে ৰথখান বায়ুৰ সমান৷
- কৰিবে মধ্যাহ্ন ৰাখিলন্ত যান৷৷ ১৭১ ৷৷
- ৰথ তৰুতলে থৈয়া মহাবলে৷
- অক্ৰূৰে সচলে বুৰ দিলা জলে৷৷ ১৭২ ৷৷
- অনন্ত শয্যাত কৃষ্ণক সাক্ষাত৷
- দেখি প্ৰণিপাত কৰি ষোড়হাত৷৷ ১৭৩ ৷৷
- নানা তুতি ৰড়ি পাছে ৰথে চৰি৷
- মথুৰা নগৰী গৈলা দৰদৰি৷৷ ১৭৪ ৷৷
- অক্ৰূৰক হৰি পঠাই আগকৰি৷
- চাহিবে নগৰী চলি গৈলা হৰি৷৷ ১৭৫ ৷৷
- গজগতি লীলা মথুৰা ভ্ৰমিলা৷
- প্ৰজায়ে দেখিলা আনন্দ মিলিলা৷৷ ১৭৬ ৷৷