পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুণ-মালা

নৰসিংহ ৰিপু
বধিলাহা ৰিপু
ভৈলা অদিতিত
মূৰুতি ললিত
জামদগ্নি ৰাম
ক্ষত্ৰিয়ৰ নাম
ভৈলা কৌশল্যাত
ৰাৱণ বিঘাত
ৰাম হলধৰ
মাৰিলা ইতৰ
বুদ্ধ ৰূপে ছন্ন
মুহিলাহা মন
হুয়া কল্কী চণ্ড
কৰি খণ্ড খণ্ড
ধৰি বাৰে বাৰে
পৃথিৱীৰ ভাৰ
কৃষ্ণৰ কিঙ্কৰে
হৰি হৰি নৰে

   

 ভৈলা দিব্য বপু৷
হিৰণ্যকশিপু৷৷
বামন উদিত৷
বলিক ছলিত৷৷
কাটি চামে চাম৷
নথৈলা সংগ্ৰাম৷৷
শ্ৰীৰাম জাত৷
কৰিলা লঙ্কাত৷৷
ৰোহিণী কুমাৰ৷
দ্বিবিদ বানৰ৷৷
কৰি বেদগণ৷
তেজিয়া সজ্জন৷৷
যতেক পাষণ্ড৷
বিহিলাহা দণ্ড৷৷
দশ অৱতাৰ৷
খণ্ডিলা অপাৰ৷৷
ৰচিলা শঙ্কৰে৷
বোলা নিৰন্তৰে৷৷