সমললৈ যাওক

গুণমালা

ৱিকিউৎসৰ পৰা

গুণ-মালা
শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত

গুণ-মালা

 
 

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত

প্ৰকাশক :

শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা এম্-এ,

দত্তবৰুৱা এণ্ড কোম্পানী

নলবাৰী : অসম

ইং ১৯৭৩ চন

মূল্য — ৬০ পইচা

মুদ্ৰণ :

উমা প্ৰেছ

নলবাৰী : অসম

নিবেদন

 “গুণমালা’ নিত্য প্ৰসঙ্গৰ এখনি শাস্ত্ৰ; ভক্তসকলে নিতৌ গধুলি প্ৰসঙ্গৰ সময়ত ইয়াক পাঠ কৰে। বহুত ভক্তৰ “গুণমালা” আজিলৈকে কণ্ঠস্থ আছে।

 দুখৰ বিষয় এনেহেন পুৰুষানুক্ৰমে মুখস্থ চলি অহা শাস্ত্ৰখনিৰো বৰ্তমানে মিল নোহোৱাত পৰিছে। ইয়াৰ ১ম আৰু শেষ অধ্যায়ৰ পদবোৰ বহুত পুথিৰ লগত পৰস্পৰ মিল আছে, কিন্তু মাজৰ চাৰি অধ্যায়ৰ পদ বহুত পুথিত আগাগোৰা হৈছে; কোনো খনত পদৰ সংখ্যাও কম-বেচি আছে। তদুপৰি এজেঞ্চি কোম্পানী ছপা কৰা গুণমালাত এই কেই অধ্যায়ত বহুত প্ৰক্ষিপ্ত পদ সুমাইছে। অধ্যায়বোৰৰ পদত উল্লেখ কৰা দশম স্কন্ধ ভাগৱতৰ বিষয়বোৰ পৰ্যায়ক্ৰমে নিমিলে; ইয়াৰ ঘোষাবোৰৰ পুৰণি পুথিৰ লগত মিল দেখা নাযায়।

 নগাৱৰ আইভেটি ন সত্ৰৰ (বৰদোৱা) পৰা এখন ডেৰ শ বছৰীয়া পুৰণি “গুণমালা” আনিছিলোঁ; ইয়াৰো মাজৰ দুই অধ্যায়ত গোলমাল থকা যেন অনুমান হয়। সম্প্ৰতি আমি দুখন পুথি মিলাই এইখন “গুণমালা” প্ৰকাশ কৰিলোঁ। কেতিয়াবা ভাল পুৰণি পুথি পালে পুনৰ মিলাবলৈ যত্ন কৰাৰ আশা ৰাখিলোঁ।


নলবাৰী
২২ ভাদ, ৪৬৭ শঙ্কৰাৰ
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা

শ্ৰীকৃষ্ণায় নমঃ


গুণ-মালা

ঘোষা

ৰাম নিৰঞ্জন।  পাতক ভঞ্জন॥

পদ

নমো নাৰায়ণ
ভকত তাৰণ
তুমি নিৰঞ্জন
দানৱ গঞ্জন
বেদান্ত গায়ক
জগত নায়ক
ভকতৰ ঋদ্ধি
বিধাতাৰো বিধি
ভকতি ৰোচন
পাতক মোচন

   

সংসাৰ কাৰণ।
তোহ্মাৰ চৰণ॥
পাতক ভঞ্জন।
গোপিকা ৰঞ্জন॥
বংশী বায়ক।
মুকুতি দায়ক॥
কৰা সৰ্ব্ব সিদ্ধি।
দীন দায়ানিধি॥
দুখ সঙ্কোচন।
কমল লোচন॥

দৈত অন্তকাৰী
ভৱভয়হাৰী
কালিকো দমিলা
দেৱকো তুষিলা
কেশী বৎস বক
লগাইলা চমক
তুমি বাৰম্বাৰ
পৃথিৱীৰ ভাৰ
ইন্দ্ৰকো দমিলা
বনত ভ্ৰমিলা
পশি ৰঙ্গশাল
কৰিয়া আস্ফাল
তযু গুণ নাম
মোক্ষ অৰ্থ কাম
মাৰি দশগ্ৰীৱ
পাইলা সদাশিৱ
তোহ্মাৰ চৰিত্ৰ
পৰম পৱিত্ৰ
পতিত পাৱন
অসুৰ ধাৱন

   

গোৱৰ্দ্ধনধাৰী।
তুমিসি মুৰাৰি॥
পূতনা শুষিলা।
ব্ৰজকো ভুষিলা॥
সমস্তে দৈত্যক।
ডকাইলা যমক॥
হুয়া অৱতাৰ।
খণ্ডিলা অপাৰ॥
ব্ৰহ্মায়ো নমিলা।
গোপীক ক্ৰীড়িলা॥
যত মহামাল।
বধিলা গোপাল॥
ধৰ্ম্ম অনুপাম।
সাধা প্ৰভু ৰাম॥
জনকৰ জীৱ।
তুমি জগজীৱ।
পাতেকীৰ মিত্ৰ।
কৰিলা বিচিত্ৰ॥
এ ভৱ ভাৱন।
তুমিসি বামন॥

অগতিৰ গতি
তোহ্মাত ভকতি
শ্যামল শৰীৰ
গহীন গম্ভীৰ
কুণ্ডলে মণ্ডিত
পাতেক খণ্ডিত
দাৰিদ্ৰ মৰ্দ্দন
বংশী বদন
হাস্য দৰিশন
দোষ মৰিষণ
জগত আধাৰ
সংসাৰতে সাৰ
তুমি ভগৱন্ত
তাৰিলাহা সন্ত
তুমি সুবৎসল
নাহি কিছো ছল
তুমি অৱতৰি
সৃষ্টি আছা ধৰি
অঘাসুৰ ঘালি
দমিলাহা কালি

   

ত্ৰিজগত পতি।
থাকোক সম্প্ৰতি॥
জলদ ৰুচিৰ।
গুণেৰ মন্দিৰ॥
অসুৰ দণ্ডিত।
তুমিসি পণ্ডিত।
কৰুণা সদন।
মূৰুতি মদন॥
পাপ কৰিষণ।
কাম বৰিষণ॥
দৈৱকী কুমাৰ।
চৰণ তোহ্মাৰ॥
মহিমা অনন্ত।
পুৰুষ মহন্ত॥
পুৰুষ নিশ্চল।
ভকত বৎসল॥
অসুৰ সংহৰি।
দেৱ শ্ৰীহৰি॥
মহাবলশালী।
তুমি বনমালী॥

কৰি পৰাভৱ
ভকত বান্ধৱ
কৰি অবিচ্ছেদ
খণ্ডিলাহা খেদ
জগতক বশ্য
ভৈলা মহা মৎস্য
তুমি মহা হংস
হুয়া যদুবংশ
জগত নিশেষ
ভৈল হৃষীকেশ
তুমি পীতাম্বৰ
বধিলা সম্বৰ
তুমিসি অচ্যুত
ভকত বহুত
ধৰি মৎস্য কায়
প্ৰলয় আপায়
কূৰ্ম্ম কলেৱৰ
মথিলা সাগৰ
বৰাহ শৰীৰি
হিৰণ্যাক্ষ বীৰি

   

খেদাইলা দানৱ।
তুমিসি মাধৱ॥
দৈত্য কৰি ভেদ।
উদ্ধাৰিলা বেদ॥
কৰিলা অৱশ্য।
ব্ৰহ্মাৰ নমস্য॥
আসি নিজ অংশ।
বধিলাহা কংস॥
সৱাতো প্ৰৱেশ।
নজানি উদ্দেশ॥
কৰি আড়ম্বৰ।
প্ৰভু বিশ্বম্ভৰ॥
আনন্দে আপ্লুত।
কৰিলা মুকুত॥
সত্যব্ৰত ৰায়॥
তাবিলা লীলায়।
ধৰিলা মন্দৰ॥
নভৈলা ভাগৰ॥
পৃথিৱী উদ্ধাৰি।
মাৰিলাহা ছিৰি॥

নৰসিংহ ৰিপু
বধিলাহা ৰিপু
ভৈলা অদিতিত
মূৰুতি ললিত
জামদগ্নি ৰাম
ক্ষত্ৰিয়ৰ নাম
ভৈলা কৌশল্যাত
ৰাৱণ বিঘাত
ৰাম হলধৰ
মাৰিলা ইতৰ
বুদ্ধ ৰূপে ছন্ন
মুহিলাহা মন
হুয়া কল্কী চণ্ড
কৰি খণ্ড খণ্ড
ধৰি বাৰে বাৰে
পৃথিৱীৰ ভাৰ
কৃষ্ণৰ কিঙ্কৰে
হৰি হৰি নৰে

   

 ভৈলা দিব্য বপু৷
হিৰণ্যকশিপু৷৷
বামন উদিত৷
বলিক ছলিত৷৷
কাটি চামে চাম৷
নথৈলা সংগ্ৰাম৷৷
শ্ৰীৰাম জাত৷
কৰিলা লঙ্কাত৷৷
ৰোহিণী কুমাৰ৷
দ্বিবিদ বানৰ৷৷
কৰি বেদগণ৷
তেজিয়া সজ্জন৷৷
যতেক পাষণ্ড৷
বিহিলাহা দণ্ড৷৷
দশ অৱতাৰ৷
খণ্ডিলা অপাৰ৷৷
ৰচিলা শঙ্কৰে৷
বোলা নিৰন্তৰে৷৷

ঘোষা

হৰি হৰি ৰাম।  হৰি হৰি ৰাম।

পদ

নমো লক্ষ্মীপতি
চৰণে সম্প্ৰতি
গুণ চিন্তামণি
পাপৰ অগনি
ইতি বিতোপন
আকাশে কীৰ্ত্তন
শুনিয়ো দশম
কৃষ্ণৰ পৰম
দৈত্য ভিড়িল
দুখ সাক্ষী দিলা
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে
জন্মিলা জলন্তে
অদ্ভুত বালক
ৰত্নৰ তিলক
হসিত বয়ন
ৰুচিৰ দশন

   

অগতিৰ গতি
কৰিলো প্ৰণতি॥
সংসাৰ তৰণী।
ঘুষিয়োক ছানি॥
ধৰ্ম্ম সনাতন।
কৰে সাধুজন॥
আতি নিৰুপম।
জনম কৰম॥
ভাৰে পীড়িল।
পৃথিৱী কান্দিল॥
আসি ভগৱন্তে।
দৈৱকীত হন্তে॥
কুটিল অলক।
শোভে কপোলক॥
কমল নয়ন।
পীত বসন॥

কিৰীটি কুণ্ডল
কৌস্তভে উজ্জ্বল
হস্ত চাৰিখান
কেয়ূৰ কঙ্কণ
বহল হৃদয়
পৰি গুঞ্জৰয়
ৰতনে ৰচিত
পাট ভুনি পীত
উৰু কৰীকৰ
কনক ৰত্নৰ
চৰণ পল্লৱ
নূপুৰৰ ৰৱ
আঙ্গুলিৰ পান্তি
দেখি খণ্ডে ভ্ৰান্তি
ৰঙ্গা পদতলে
চিহ্ন সকলে
জগতৰ তাত
চাৰি অস্ত্ৰ হাত
দেখি দুয়ো প্ৰাণী
মনে অনুমানি

   

কৰে ঝলমল।
শোভে কম্বুগল॥
আতি বিতোপন।
প্ৰকাশে ভূষণ॥
বনমালা তয়।
ভ্ৰমৰে ৰঞ্জয়॥
মেখলা কটিত।
লোটয় মাটিত॥
জঙ্ঘা মনোহৰ।
ৰঞ্জিত হোড়ৰ॥
পদ্ম অভিনৱ।
শুনন্তে উত্সৱ॥
নখ চন্দ্ৰ কান্তি।
তাত উপশান্তি॥
অঙ্কুশ কমলে।
আতিশয় জ্বলে॥
আছন্ত তথাত।
প্ৰকাশে সাক্ষাত॥
এন্তে চক্ৰপাণি।
বোলে স্তুতি বাণী॥

কৃষ্ণে কথা কৈলা
নিহল ছোড়াইলা
বসুদেৱ সন্ত
ফণায়ে অনন্ত
নমনিয় কূল
চড়াই তাৰ কূল
কৃষ্ণক থৈলন্ত
বসুদেৱ সন্ত
নন্দে দেখিল
উৎসৱ মিলিল
নন্দ যশোদাৰ
কৰিলা বিহাৰ
অনেক যন্ত্ৰণা
আসিল পূতনা
পৰম সঙ্কট
সহিতে শকট
দৈত্য চক্ৰবাত
কৃষ্ণৰ লীলাত
জগতৰ স্বামী
মাতৃ কোলগামী

   

শিশুৰূপ ভৈলা।
কোলে তুলি লৈলা॥
লৈয়া লৰিলন্ত।
ছত্ৰ ধৰিলন্ত॥
যমুনা বিপুল।
পাইলন্ত গোকুল।৷
কন্যাক লৈলন্ত।
দুনাই আসিলন্ত॥
পুত্ৰ উপজিল।
মহাদান দিল॥
গৃহত অপাৰ।
জগত আধাৰ॥
কৰিলা মন্ত্ৰণা।
শুষিল চেতনা।৷
দধি দুগ্ধ ঘট।
কৰিলা উলট॥
ভৈল স্কন্ধপাত।
পৰিয়া শিলাত।৷
প্ৰভু অন্তৰ্য্যামী।
তুলিলন্ত হামি।৷

জগত নিখিল
বিস্ময় মিলিল
কেনে মাটি খাইলি
চৱা বেন্তে বুলি
সকলে জগত
হৰিক মনত
বোলন্ত বিস্ময়
মানুষ্য নোহয়
কেশৱে কুপিলা
ভাণ্ডাকো ভাঙ্গিলা
বাৰি লৈলা কৰে
নামি উড়লৰে
যশোদা খেদন্ত
কান্দন্ত কাম্পন্ত
কৰে ধৰি আনি
বান্ধি চক্ৰপাশি
উড়ল ঘসাই
উভাৰি পেহলাই
দুই দেৱৰৰ
কৰিয়া কাতৰ

   

গৰ্ভত দেখিল৷
যশোদা ডৰিল॥
সুধিলা গুৱালী৷
বাইলা বনমালী॥
দেখন্ত গৰ্ভত৷
স্মৰন্ত ডৰত৷৷
মোহোৰ তনয়৷
ঈশ্বৰ নিশ্চয়॥
ধৰি পটাশীলা৷
যশোদা দেখিলা॥
দেখি দামোদৰে৷
লব দিলা ডৰে॥
ভয়ে ভগৱন্ত৷
বাৰি এৰিলন্ত।
উড়ুখলে টানি৷
চলি গৈলা ৰাণী॥
বৃক্ষত ভেজাই।
ৰঙ্গে আছা চাই॥
দিব্য ৰূপধৰ।
চলি গৈলা ঘৰ॥

কি ভৈল বুলি
মলচিল ধূলি
বৎশ অসুৰ
কৰি মসিমূৰ
আসি বক গোটে
তাক ধৰি ঠোঠে
সৰ্পৰূপে আসি
বদন প্ৰকাশি
ভেণ্টিলন্ত গল
এৰি মূত্ৰ মল
তাৰ কৰি কাল
জীয়াই তৎকাল
সঙ্গে শিশুগণ
অন্ন ব্যঞ্জন
গোৰখ দামুৰি
থৈলা ঢাকি ঘূৰি
বৎস বৎসপাল
আপুনি গোপাল
অনেক বিভূতি
দেখিয়া বিচুৰিতি

   

নন্দে বান্ধ মেলি।
কোলে লৈলা তুলি॥
পৰম দন্দুৰ।
নিলা যমপুৰ॥
গিলিলেক চোটে।
ছিৰিলা আস্ফোটে॥
অঘে তুলি হাসি৷
গিলিল গৰাসি॥
ভকত বৎসল।
মৰিল নিস্খল॥
বৎস বৎসপাল।
বঝাইলা গোপাল॥
ৰঙ্গে নাৰায়ণ।
কৰিলা ভোজন॥
ব্ৰহ্মা কৰি চুৰি।
গৈল নিজ পুৰি॥
হুয়া তৎকাল।
গৈলা ব্ৰজশাল॥
কৃষ্ণৰ মুৰুতি।
ব্ৰহ্মা ভৈলা ভীতি॥

যেন মৃতৱত
নাহি আৰ তত
ব্ৰহ্মায়ো মৰন্ত
ৰূপ ঢাকিলন্ত
হংস যান এৰি
নানা তুতি ৰড়ি
ধেনুকাক মাৰি
তাল ফল পাৰি
কদম্বে চড়িলা
কালিয়ে ঝড়িলা
ফণাৰ উপৰে
উঠি নৃত্য কৰে
নাগপত্নীচয়
কালিক নিৰ্ভয়
তীৰত চড়িলা
গলত বান্ধিল
নিকালি কালিক
গোপ গোপীক
একচিত্ত কৰি
সাধৈ ব্ৰত ধৰি

   

পৰিল হংসত।
চেতন গাৱত॥
দেখি ভগৱন্ত।
দুনাই জীলন্ত॥
চৰণত পৰি।
গৃহে গৈলা লৰি॥
গাছক আছাৰি।
ভুঞ্জাইলা মুৰাৰি॥
হ্ৰদত পৰিলা।
শিৰত চৰিলা॥
দেৱ দামোদৰে।
সিটো সৰ্প মৰে॥
বুলিলা বিনয়।
দিলা কৃপাময়॥
জ্ঞাতিয়ে বেঢ়িলা।
যশোদা কান্দিল॥
পিলা বনাগ্নিক।
ৰঞ্জিলা অধিক॥
গোপৰ কুমাৰী।
স্বামী হুইবা হৰি॥

বস্ত্ৰ থৈয়া তীৰে
যমুনাৰ নীৰে
কৃষ্ণে কৰি লীলা
কদম্বে চৰিলা
কৰ্ম্মক উচ্ছাদ
পত্নীক প্ৰসাদ
বদতি শঙ্কৰ
আন পৰিহৰ
দিনা কতিপয়
যাইবা যমালয়
বিনা লক্ষ্মীপতি
জানিয়া সম্প্ৰতি
তেবেসে নিস্তৰি
হৃদি ৰূপ ধৰি
মাধৱৰ নাম
এৰি আন কাম

   

 কেৱল শৰীৰে।
স্নানি ধীৰে ধীৰে॥
বস্ত্ৰক হৰিলা।
হাসি বস্ত্ৰ দিলা॥
বিপ্ৰক বিষাদ৷
দিলাহা আহ্লাদ॥
শুনা সৱে নৰ।
ভজা দামোদৰ।
জীৱন নিশ্চয়॥
নাহিকে সংশয়॥
নাহি আন গতি।
কৰিয়ো ভকতি॥
পুৰুষ উদ্ধাৰি।
মুখে বোলা হৰি॥
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥

⸻⸻

ঘোষা

কহ হৰি ৰাম  নকৰা বিৰাম॥

পদ

 লৈয়া গোপ সঙ্গ
বাসৱৰ খঙ্গ
ইন্দ্ৰে ক্ৰোধিল
শিলা বৰিষিলা
ইন্দ্ৰৰ দৰ্পক
তুলি উপৰক
গৰ্ব্ব পৰ্ব্বতৰ
কৰিয়া কাতৰ
শৰত শীতল
বৃন্দাবন স্থল
আতি সুললিত
গোপিকা সহিত
লৈয়া গোপী মিলি
কণ্ঠে বাহু মিলি

   

 কৰি মখ ভঙ্গ।
তোলাই ভৈলা ৰঙ্গ॥
মেঘ পাঞ্চি দিল।
প্ৰলয় মিলিলা॥
নাশি মন্দৰক।
ৰাখিলা ব্ৰজক॥
নামি পুৰন্দৰ।
চলি গৈলা ঘৰ॥
শশাঙ্কে ধৱল।
দেখি কতূহল॥
ৰঙ্গে গাইলা গীত।
কৰিলন্ত নৃত্য॥
কৰি ঠেলা ঠেলি।
কৰিলন্ত কেলি॥

যৈচন মাতঙ্গে
আতি অঙ্গে অঙ্গে
কৃষ্ণৰ মূৰতি
গোপৰ যুৱতী
বসি ঠাৱে ঠাৱে
আতি প্ৰেমভাৱে
সৰ্পেক মিলিল
পাৱে পৰশিল
শঙ্খচূড় মাৰি
আনিলা উদ্ধাৰি
বৰুণ কিঙ্কৰে
নিলা আড়ম্বৰে
কৰে কোলাহল
ভকত বৎসল
ভয় সম্পজিল
পিতৃক তুলিল
উদ্ধাৰি নন্দক
ব্ৰজৰ লোকক
প্ৰলম্ব অশিষ্ট
মাৰিলা গৰিষ্ঠ

   

হস্তিনীৰ সঙ্গে।
ফুৰে লীলা ৰঙ্গে॥
আতি আসকতি।
ভ্ৰম ভৈল মতি॥
কৃষ্ণ গুণ গাৱে।
দিৱস গোৱাৱে॥
নন্দক গিলিল।
সিয়ো নিস্তৰিল॥
গোপৰ কুমাৰী।
ঈশ্বৰ মুৰাৰি॥
নন্দক সত্বৰে।
জলৰ ভিতৰে॥
গুৱাল সকল।
পশিলন্ত জল॥
বৰুণ যজিল।
আশ্চৰ্য্য় মিলিল॥
দেখাই বৈকুণ্ঠক।
দিলা আনন্দক॥
চিন্তিলা অনিষ্ট।
ৰাম বলিষ্ঠ॥

অৰিষ্ট অসুৰ
তাক কৰি চূৰ
কেশী দানৱ
শুনিয়া গলাৰৱ
গোকুলত পশি
কৃষ্ণক পৰশি
ময়ৰ তনয়
কৰিয়া দুৰ্ণয়
নাৰদেও আসি
বচন প্ৰকাশি
কংসে পাঞ্চিলা
ভকতি সাঞ্চিল
কৃষ্ণ খোজচয়
ভৈলন্ত বিস্ময়
ৰোম সিহৰি
কৃষ্ণ কৃষ্ণ ৰড়ি
অনন্তৰে গৈয়া
প্ৰেম উপজিয়া
গাৱত পৰিল
প্ৰণতি কৰিল

   

আইলা গোপপুৰ।
নিলা যমপুৰ॥
কৰি পৰাভৱ।
ধাইলন্ত মাধৱ॥
কৰি ধসমসি৷
সিয়ো গৈল নশি॥
ব্যোম দুৰাশয়৷
গৈলা যমালয়॥
কৃষ্ণক উপাসি।
গৈলন্ত সম্ভাষি॥
অক্ৰূৰে বাঞ্চিলা।
চেতন নাছিল॥
দেখি মহাশয়।
নসহে হৃদয়॥
ঝাম্প দিয়া পৰি।
ফুৰন্ত বাগৰি॥
কৃষ্ণক দেখিয়া।
দ্ৰৱ ভৈল হিয়া॥
লোতক ঝৰিল।
মাধৱে ধৰিল॥

কৰিলা সাদৰ
বিশেষ্টা কংসৰ
কৰিলা পয়ান
অনেক নিশান
দেখি গোপীচয়
ক্ৰন্দন কৰয়
দূতক পঠাইল
ঘোড়াক ডকাইল
চলে ৰথখান
কৰিবে মধ্যাহ্ন
ৰথ তৰুতলে
অক্ৰ ৰ সচেলে
অনন্ত শয্যাত
দেখি দানপতি
নানা তুতি ৰড়ি
মথুৰাক লৰি
অক্ৰূৰক হৰি
চাহিবে নগৰী
গজগতি লীলা
প্ৰজায়ে দেখিলা

   

দেৱ দামোদৰ৷
জানি নিৰন্তৰ॥
পুৰুষ পুৰাণ৷
বজাইলা বিষাণ॥
নসহে হৃদয়৷
লোতক ঝৰয়॥
মাধৱে বুজাইল৷
অক্ৰ ৰে খেদাইল॥
বায়ুৰ সমান৷
ৰাখিলন্ত যান॥
থৈয়া মহাবলে৷
বুৰ দিলা জলে॥
কৃষ্ণক সাক্ষাত৷
কৰি যোৰহাত॥
পাছে ৰথে চড়ি৷
গৈলা দৰদৰি॥
পঠায় আগ কৰি৷
চলি গৈলা হৰি॥
মথুৰা ভ্ৰমিলা৷
আনন্দ মিলিলা॥

বঢ়াই আতি ৰতি
কৰি লীলা গতি
যতেক সুন্দৰী
পুষ্পবৃষ্টি কৰি
দেখন্তে মূৰুতি
হোৱে বিচুৰুতি
জুৰাই মন প্ৰাণ
নেত্ৰে কৰে পান
ৰজকৰ কাল
বস্ত্ৰ ভাল ভাল
বেশকাৰ জন
সাৰূপ্য তেখন
পুষ্প অনুপাম
বৰ মন কাম
পিন্ধাইলা সুন্দৰী
তাইক ঋজু কৰি
পশি যাগশাল
ধনুক দুফাল
পাছে নাৰায়ণ
কৰিয়া ভোজন

   

গোপৰ সঙ্গতি৷
যান্ত লক্ষ্মীপতি।
আঞ্জলিক ভৰি৷
চাৱে নেত্ৰভৰি৷৷
আনন্দে স্ফূৰুতি৷
যতেক যুৱতী৷৷
কৰে বহু মান৷
নভাসয় আন ৷৷
কৰি মহা মাল ৷
লৈলন্ত গোপাল ৷৷
পিন্ধাইলা বসন ৷
দিলা নাৰায়ণ ৷৷
দিলেক সুদাম ৷
দিলা কৃষ্ণ ৰাম ৷৷
চন্দন সাদৰি ৷
থৈলা দেৱহৰি ৷৷
ধৰি ততকাল ৷
কৰিলা গোপাল ৷৷
সঙ্গে গোপগণ ৷
কৰিয়া শয়ন ৷৷

প্ৰভাতে ৰজনী
ৰাম কৃষ্ণ শুনি
দ্বাৰৰ ওচৰ
দেখিয়া কুঞ্জৰ
কৃষ্ণে তাক পাৰি
মাৰিলন্ত বাৰী
স্কন্ধে হস্তীদন্ত
শোভে লক্ষ্মীকান্ত
চন্দ্ৰৰ মণ্ডল
তাতে ঘৰ্ম্মজল
ৰূপৰ সম্পত্তি
নাহিকে তৃপতি
আইল যুজো বুলি
আছাড়িয়া তুলি
মুষ্টিক ধৰিল
ৰামে সংহৰিল
আনো যত মাল
ধৰি তত কাল
বজাৱে বাজন
সঙ্গে শিশুগণ

   

 দুন্দুভিৰ ধ্বনি।
লৰিলা আপুনি॥
পাইলা যদুবৰ।
ভেটিলা সত্বৰ॥
দশন উৎপাৰি।
প্ৰাণ গৈলা ছাৰি॥
সভা পশিলন্ত।
ৰঙ্গে লোকে চান্ত॥
বদন বিমল।
ৰঞ্জে গণ্ডস্থল॥
চানুৰে হাম্ফুলি।
মাৰিলা সমূলি॥
সমৰ কৰিল
লীলায়ে মৰিল॥
কৰয় আস্ফাল।
বধিলা গোপাল॥
ৰঙ্গে নাৰায়ণ।
কৰন্ত ভ্ৰমণ॥

চৰণ চলাই
নাচে দুই ভাই
কৃষ্ণৰ কিঙ্কৰে
শুনা সবে নৰে
কত তপসাই
ভকতি বিনাই
আৱে বুধ জন
যাৱত চেতন
নকৰা বিমতি
বিনা লক্ষ্মীপতি
জানি হেন কৰা
আপুনো নিস্তৰা
মাধৱৰ নাম
এৰি আন কাম

   

নূপুৰ বজাই।
প্ৰজা আছে চাই॥
ভণিল শঙ্কৰে।
কৰ্ম্ম কেশৱৰে॥
নৰতনু পাই।
ব্যৰ্থে আয়ু যায়॥
এৰা আন মন।
ভজা নাৰায়ণ।
কলিত সম্প্ৰতি॥
নাহি আন গতি।
কৃষ্ণক সুমৰা।
পুৰুষ উদ্ধাৰা॥
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥


ঘোষা

ত্ৰাহি ৰাম ত্ৰাহি ৰাম। নকৰা বিৰাম॥

পদ

কংসে পাৰে গালি
ডেৱে চাঙ্গ চালি
কেশত কংসৰে
টানি আড়ম্বৰে
পাছে দামোদৰে
জগতৰে ভৰে
মৰি কংসৰায়
বৈকুণ্ঠক পাই
পাছে যদুৰায়
ফুৰাইলা লীলাই
পিতাৰ মাতাৰ
ছোৰি বাৰম্বাৰ
এন্তে চক্ৰপাণি
ডৰে দুয়ো প্ৰাণি

   

শুনি বনমালী ৷
চৰিলা আটালি ৷৷
ধৰি বাম কৰে ৷
পেহ্লাইলা ঈশ্বৰে ৷৷
তাহাৰ উপৰে ॥
পৰিলা সত্বৰে ৷৷
ধৰি দিব্য কায় ॥
থাকিলা লীলাই।
কংসক ঘষাই ৷
লোকক দেখাই ৷৷
নিহল লোহাৰ ৷
কৰি নমস্কাৰ ৷৷
মনে অনুমানি ৷
পঢ়ে তুতি বাণী ৷৷

মায়া আৱৰিল
ক্ৰন্দন কৰিল
কৃষ্ণক ভকতি
উগ্ৰসেন তথি
কুলক নিৰ্ভয়
পঢ়িলা বিনয়
পাছে শাস্ত্ৰ জানি
মৰা পুত্ৰ আনি
গোপীৰ প্ৰেমক
পঠাই গোকুলক
কৃষ্ণক স্মৰিল
ক্ৰন্দন কৰিল
কৃষ্ণৰ বচন
প্ৰেমত নয়ন
উদ্ধৱে বুজাইল
কৃষ্ণগুণ গাইল
কৃষ্ণে কৰি লীলা
কুজীকো ৰমিলা
অক্ৰূৰৰ ঘৰ
অক্ৰূৰে বিস্তৰ

   

কৃষ্ণক ধৰিল৷
লোতক ঝৰিল৷৷
কৰি মহামতি৷
ভৈলন্ত নৃপতি৷৷
কৰি কৃপাময়৷
যত দেৱচয়৷৷
গুৰুবাক্য মানি৷
দিলা চক্ৰপাণি৷৷
জানি উদ্ধৱক৷
বুজাইল নন্দক৷৷
চেতন হৰিল৷
লোতক ঝৰিল৷৷
শুনি গোপীগণ৷
ঝৰে অনুক্ষণ৷৷
কিছু স্মৃতি পাইল৷৷
দিৱস গোৱাইল৷৷
বাক্য সাফলিলা৷
মথুৰা ভ্ৰমিলা৷৷
গৈলা দামোদৰ৷
কৰিলা সাদৰ৷৷

মাগধ ৰাজাৰ
কৰিয়া প্ৰহাৰ
দ্বাৰকা সকলে
প্ৰজাক সকলে
কাল যৱনৰ
দেখাই কলেৱৰ
যেন নৱঘন
কেয়ূৰ কঙ্কণ
কিৰীটি কুণ্ডলে
হাৰ বক্ষস্থলে
ৰত্নৰ মোলান
নাহিকে সমান
আজানুলম্বিত
পাট ভুনি পীত
চৰণ পল্লৱ
শুনন্তে উৎসৱ
যৱনে দেখিল
লাগক নেদিল
মুচুকুন্দ ৰায়
আছা নিদ্ৰা যায়

   

সেনা বাৰে বাৰ৷
চিন্তিলাহা মাৰ৷৷
নিৰ্ম্মিলাহা জলে৷
নিলা যোগবলে৷৷
আগে মনোহৰ৷
যান্ত দামোদৰ৷৷
তনু বিতোপন৷
প্ৰকাশে ভূষণ৷
অলঙ্কাৰ জ্বলে৷৷
পদ্মমালা গলে৷
বাহু চাৰিখান৷৷
সৰ্ব্বাঙ্গে সুঠান৷৷
মেথলা কটিত৷
লোতয় মাটিত৷৷
নূপুৰৰ ৰৱ৷
চলন্ত মাধৱ৷৷
পাচত খেদিল৷
গহ্বৰে পশিল৷৷
শুতিয়া তথায়৷
তাঙ্ক গৈয়া পাই৷৷

মাৰিল চৰণে
চাহিলা নয়নে
দেখিলা নৃপতি
কৰিলন্ত নতি
কৈলা উপদেশ
ৰাজ্য ছাড়ি দেশ
কৃষ্ণপদে ৰতি
পাইলন্ত নৃপতি
ৰূপে আসবিশি
বিহাইলা হৰিষি
দেৱৰ সম্পতি
আনি যদুপতি
পৰিহাস কৰি
ৰুক্মিণী সুন্দৰী
কৃষ্ণ পৰিহাস
ভৈলন্ত হতাশ
মৰ্ম্ম গৈল জ্বলি
কেশৱে আকলি
ধৰিলন্ত তুলি
প্ৰিয় বাক্য বুলি

   

জাগিল তেখনে।
মৰিল যৱনে।৷
পাছে যদুপতি।
অনেক ভকতি।৷
মাধৱে নিশেষ।
এৰাইলন্ত ক্লেশ ৷৷
কৰি মহামতি।
ভগৱন্ত গতি।৷
অষ্ট মহিষী।
বিক্ৰম দৰশি।৷
দ্বাৰকাক প্ৰতি।
কৰিলন্ত ৰতি।৷
বুলিলন্ত হৰি।
শুনি গৈলা ডৰি।৷
শুনিয়া নৈৰাশ।
নোহ্লাই উশাস॥
পৰিলন্ত ঢলি।
চাৰি বাহু মেলি।৷
মলছিলা ধূলি।
বান্ধিলন্ত চুলি।৷

লভিলা চেতন
প্ৰেমে অনুক্ষণ
প্ৰিয়ায়ে সহিতে
ক্ৰীড়িলা তহিতে
নৰকক মাৰি
ষোড়শ হাজাৰি
জিনি বজ্ৰপাণি
দ্বাৰকাত আনি
সুধৰ্ম্মা সভাক
বুলি তুতি বাক
একৈক ভাৰ্য্যাত
তনয় সাক্ষাত
কৃষ্ণ পুত্ৰ নিতি
ৰঙ্গে দিনে ৰাতি
ষোড়শ হাজাৰ
কৰিলা বিহাৰ
গৃহৰ সম্পদ
নয়ন তবধ
উঠি গৈল তঙ্ক
কৃষ্ণক কলঙ্ক

   

বুলিলা বচন৷
ঝৰয় নয়ন৷৷
সকৰুণ চিতে৷
বদন সহিতে৷৷
আনন্দে মুৰাৰি৷
পাইলা দিব্য নাৰী৷
পাৰিজাত আনি৷৷
কইলা চক্ৰপাণি৷৷
পাঠাই দ্বাৰকাক৷
গৈলা দেৱজাক৷৷
দশ দশ জাত৷
জগত প্ৰখ্যাত৷৷
ভৰিলেক আতি৷
বঞ্চে যত জ্ঞাতি৷৷
মন্দিৰ আপাৰ৷
জগত আধাৰ৷৷
দেখিয়া নাৰদ৷
ভৈলা নিশৱদ৷৷
সত্ৰাজিত ৰঙ্ক৷ তঙ্ক==ভয়৷
দিলেক নিশঙ্ক৷৷ ৰঙ্ক=মন্দ৷

জাম্বৱন্ত জিনি
আনিলা আপুনি
হৰি দ্বেষী ধন্ধ
কৰিয়া প্ৰৱন্ধ
পশিল শৰণ
ছোড়াইলা বন্ধন
ৰূপে বিতোপন
দেখি ৰাজাগণ
পাৱত পৰিল
লোতক ঝৰিল
পাছে হৃষীকেশ
ভূষিয়া আশেষ
যুধিষ্ঠিৰ ৰায়
অৱনত কায়
ৰাজা শিশুপালে
সেহি যজ্ঞশালে
কুৰু পাণ্ডুবল
লগাইলা কন্দল
মহা ভয়ঙ্কৰ
পৃথিৱীৰ ভাৰ

   

স্যামন্তক মণি৷
দেৱ শিৰোমণি৷৷
ৰাজা জৰাসন্ধ৷৷ ধন্ধ (ধন্দ)
নিপাতিলা কন্ধ৷৷ = সন্দেহকাৰী
যত ৰাজাগণ৷
দেৱ নাৰায়ণ৷৷
দিলা দৰিশন৷
হৰষিত মন৷৷
প্ৰেম উপজিল৷
প্ৰণাম কৰিল৷৷
গুচাই সবে ক্লেশ৷
পঠাই দিলা দেশ৷৷
মাধৱক পাই৷
অৰ্চ্চিলা সদায়৷৷
গৰ্জিলা আস্ফালে৷
বধিলা গোপালে৷৷
খেলাই পাঞ্চল*৷ *পাঞ্চল
ভকত বৎসল৷৷ =পাশা৷
মিলাইলা সমৰ৷
হৰিলা ঈশ্বৰ৷৷

 পৌণ্ড্ৰক ৰাজাৰ
শিৰ ছেদি তাৰ
শাল্ব নৃপতি
দ্বাৰকাক প্ৰতি
বেঢ়ি দ্বাৰকাক
মিলাইলা বিপাক
হাতে চক্ৰ ধৰি
শাল্বক সংহৰি
দ্বাৰকাক থিৰ
কাশি নৃপতিৰ
ৰিপু নৃপ যত
সবাকো ৰণত
বদতি শঙ্কৰ
ইটো সাৰতৰ
হৰি বিনে আৰ
অসাৰ সংসাৰ
পৰলোক ভয়
ঘোৰ যমালয়
কেনমতে তাত
ঘোৰ উতপাত

   

 শুনি অহঙ্কাৰ৷
চিন্তিলাহা মাৰ৷৷
যুদ্ধক সম্প্ৰতি৷
আসিলা দুৰ্ম্মতি৷৷
হানি অস্ত্ৰজাক৷
খেদি আইলা তাক৷৷
দেৱ শ্ৰীহৰি৷
ৰৈলা ৰঙ্গ কৰি৷৷
কৰি মহাবীৰ৷
ছেদিলন্ত শিৰ৷৷
সমৰে শকত৷
কৰিলাহা হত৷৷
শুনা সবে নৰ৷
বেদৰ উত্তৰ৷৷
নাহিকে নিস্তাৰ৷
জানা সাৰে সাৰ৷৷
এতো নুপজয়৷
গমন নিশ্চয়৷৷
যাতনাৰ হাত৷
এৰাইবা সাক্ষাত৷৷

পাতক হৰণ
হৰিৰ চৰণ
ঘোৰ কতিকাল
এৰা আল জাল
কৃষ্ণ গুণ নাম
এৰি আন কাম

   

দুৰ্গতি তাৰণ।
পশিয়ো শৰণ॥
অধৰ্ম্ম বিশাল।
ভজিয়ো গোপাল॥
ধৰ্ম্ম অনুপাম॥
বোলা ৰাম ৰাম॥



ঘোষা

ত্ৰাহি ত্ৰাহি ৰাম  কৰিলো প্ৰণাম॥

পদ

প্ৰদ্যুম্নক ঘৰে
মাৰিবাৰ তৰে
দানৱক মাৰি
পাইলা নিজ নাৰী
বাণৰ কাতৰে
বিজৃম্ভণ শৰে

   

হৰিলা শম্বৰে।
পেহ্লাইলা সাগৰে॥
হৃদয় বিদাৰি।
আনিলা উদ্ধাৰি॥
যুজিলন্ত হৰে।
মোহিত শঙ্কৰে॥

তুতি আৰম্ভিলা
যুদ্ধ উপেক্ষিলা
দানৱ মুগুধ
দিলা হুয়া শুদ্ধ
কৃষ্ণে ৰঙ্গ পাইলা
বিবাহ কৰাইল
ৰামে কৰি লীলা
নাঙ্গল টানিলা
দ্বিবিদ বানৰে
মাৰিবাৰ পৰে
বিবাহ কালত
আপুন ঘৰত
তীৰ্থ স্নান কৰি
কুশক প্ৰহাৰি
পৰম দন্দুৰ
কৰি মসিমুৰ
সাম্যৰ নিদান
কৌৰৱৰ থান
কৌৰৱৰ ছল
জলে ক্ৰোধানল

   

মাধৱে দেখিলা।
বাণক ৰাখিলা॥
এৰিলেক যুদ্ধ।
উষা অনিৰুদ্ধ॥
দ্বাৰকাক আইলা৷
বাজন বজাইল॥
ব্ৰজত ক্ৰীড়িলা।
যমুনা আনিলা॥
উপদ্ৰৱ কৰে৷
দেৱ হলধৰে॥
বলোৰ হাতত৷
ৰুক্মি ভৈলা হত॥
কৰ্ম্মক প্ৰচাৰি৷
সুত থৈলা মাৰি॥
বল্বল অসুৰ৷
নিলা যমপুৰ॥
পুৰুষ পুৰাণ৷
কৰিলা পয়াণ॥
দেখি মহাবল।
ভেজাইলা লাঙ্গল॥

উভতৈ নগৰ
কৰিয়া কাতৰ
সুভদ্ৰা বৰিলা
বলোৱে শুনিলা
দেখি লক্ষ্মীপতি
তুষ্ট ভৈলা মতি
বলোৰ চৰিত্ৰ
হয় দূৰিত
বিপ্ৰ দামোদৰ
কৃষ্ণৰ বাসৰ
মাধৱে ধৰিল
প্ৰেমে দ্ৰবিল
অনেক সাদৰি
ধুৱাইলন্ত ভৰি
কৰুণা সদন
কৰিলা বন্দন
কহিয়া কাহিনী
চাউল ছিড়া আনি
ইন্দ্ৰৰ বিভূতি
পাইলন্ত ভুকুতি

   

ভয়ে তৰতৰ।
দিলা কন্যাবৰ॥
অৰ্জ্জুনে হৰিলা।
লাঙ্গল ধৰিলা॥
বুলিলা মিনতি।
পাণ্ডৱৰ প্ৰতি॥
আতি বিপৰীত।
শুনন্তে ত্বৰিত॥
মহা মনোহৰ।
গৈলা দ্বিজবৰ॥
প্ৰণতি কৰিল।
লোতক ঝৰিল॥
ভৃঙ্গাৰক ধৰি।
অৰ্চ্চিলন্ত হৰি॥
দৈৱকীনন্দন।
পিন্ধাইলা চন্দন॥
বুলি প্ৰিয়বাণী।
ভুঞ্জি চক্ৰপাণি॥
দিলন্ত ভূমিতি।
অনন্ত মুকুতি॥

দাৰিদ্ৰ্য ভঞ্জন
ভকত ৰঞ্জন
জনকৰ ঘৰ
নৃপতি বিস্তৰ
শ্ৰুতদেৱ যাই
চৰণক চাই
কৰিলন্ত তুতি
গুণ নামে গতি
জানো নিৰন্তৰ
থাকন্তে অন্তৰ
শ্ৰৱণ কীৰ্ত্তন
তাতেসে প্ৰসন্ন
ভকতি বিনয়
মনৰ নিশ্চয়
কহিলন্ত পথ
দ্বাৰকাৰ পথ
কোন পথ সন্ত
শুনিয়া মহন্ত
শুনা নৃপবৰ
ভকতিত পৰ

   

পাতক গঞ্জন।
দেৱ নিৰঞ্জন॥
গৈলা দামোদৰ।
কৰিলা সাদৰ।৷
মাধৱক পাই।
অৰ্চ্চিলা সদায়৷৷
তযু যদুপতি।
জানিলো সম্প্ৰতি।
কৰ্ম্মীৰ মনৰ।
হোৱা দামোদৰ।৷
কৰে যিটো জন।
হোৱা নাৰায়ণ৷৷
শুনি কৃপাময়।
গুচাইলা সংশয়৷৷
পূৰি মনোৰথ।
চলাইলন্ত ৰথ৷৷
ৰাজা পুছিলন্ত।
শুকে কহিলন্ত৷৷
বেদৰ উত্তৰ৷
জানা সাৰতৰ৷৷

শিৰৰ ৰতন
শ্ৰৱণ কীৰ্ত্তন
ইসে পন্থ সন্ত
নপাই আৰ অন্ত
পিতৃৰ বচনে
কৰাই বস্ত্ৰ ধনে
গোপিকা সহিতি
ভকতিৰ ৰীতি
নন্দ যশোদাক
গৈলা দ্বাৰকাক
প্ৰাৰ্থিলন্ত জানি
ছয় পুত্ৰ আনি
দেৱ কৃপাময়
ৰাখি ধনঞ্জয়
বীৰি নিপুণ
যত হৰি গুণ
বাম হাতে ধৰি
দ্বাৰকা নগৰী
জগত আধাৰ
সংসাৰ নিস্তাৰ

   

মন্ত্ৰৰ বচন।
কৰে অনুক্ষণ॥
কৈলা ভগৱন্ত।
সংসাৰে মহন্ত৷৷
যজ্ঞ ৰঙ্গ মনে।
তুষিলা ব্ৰাহ্মণে॥
আলাপি তহিতি।
কহিলা পীৰিতি॥
বুলি প্ৰিয়বাক।
যত যদুজাক৷৷
দৈৱকী গোসানী।
দিলা চক্ৰপাণি৷৷
আনি দিলা তয়॥
বিপ্ৰৰ তনয়৷৷
আনন্দে আপুন।
বৰ্ণাইলা অৰ্জ্জুন৷৷
নৃগক উদ্ধাৰি।
ৰঙ্গে গৈলা হৰি৷৷
দৈৱকী কুমাৰ।
হুয়া অৱতাৰ৷৷

লীলা বিহাৰ
তাক কহিবাৰ
শুনা নিৰন্তৰ
কৃষ্ণৰ কিঙ্কৰ
কত তপসাই
ভকতি বিনাই
মাধৱেসে পিতা
মাধৱেসে ধাতা
মাধৱত পৰ
নাহিকে ঈশ্বৰ
মিলিবে মৰণ
কৃষ্ণৰ চৰণ
দুৰ্ঘোৰ কলিত
মাধৱত চিত্ত
আয়ু আলে জালে
ভজিয়ো সকলে
গুণ চিন্তামণি
পাপৰ অগনি
নাহিকে চেতন
হৰিৰ কীৰ্ত্তন।

   

কৰিলা আপাৰ।
শকতি কাহাৰ॥
কৰ্ম্ম কেশৱৰ।
ৰচিলা শঙ্কৰ॥
নৰতনু পাই।
ব্যৰ্থে আয়ু যায়॥
মাধৱেসে মাতা।
মাধৱেসে দাতা॥
ত্ৰৈলোক্য ভিতৰ।
জানা সাৰতৰ॥
জগত তাৰণ।
পশিলো শৰণ॥
চিন্তিয়োক হিত।
দিয়া প্ৰতিনিত॥
যাই পাইলে কালে।
ৰাখিব গোপালে॥
দুৰ্গতি তৰণি।
ঘুষিয়োক ছনি॥
কেদিন জীৱন।
কৰিয়ো যতন॥

কীৰ্ত্তন বিনায়
শাস্ত্ৰ অভিপ্ৰায়
তেবেসে নিস্তৰি
হৃদি ৰূপ ধৰি

   

আন পুণ্য নাই।
বুজিয়োক চাই৷৷
আন কৰ্ম্ম এৰি।
বোলা হৰি হৰি৷৷

----
ঘোষা
ছাৰি আন কাম বোলা ৰাম ৰোলা ৰাম।
পদ

কৃষ্ণৰ পৰম
ভৈল অনুক্ৰম
আৱে একাদশ
মুকুতিৰ ৰস
ভাৰক সংহৰি
বিমৰিষ কৰি
ইটো যদুকুল
লগাই হুলস্থূল

   

জনম কৰম।
সম্পূৰ্ণ দশন৷৷
শুনা কৃষ্ণযশ।
ভকতি সৰ্ব্বস৷৷
পৃথিবী উদ্ধাৰি।
বুলিলন্ত হৰি৷৷
ভাৰ সুবিপুল।
কৰিবো নিৰ্ম্মল

অনাই ঋষিবল
মিলাইলা মুষল
ত্ৰিদশে সহিতি
কৰিলন্ত নতি
ভকত বান্ধৱ
কৰিবা মাধৱ
বুজি সবে মত
পৰি দণ্ডৱত
কুলক সংহৰি
বৈকুণ্ঠ নগৰী
মোৰ প্ৰাণ ধন
নপাই নাৰায়ণ
তোহ্মাৰ কিঙ্কৰ
নকৰা অন্তৰ
ধৰিয়া চৰণে
লোতক নয়নে
উদ্ধৱ মহন্ত
দেখি ভগৱন্ত
মোহোৰ হৃদয়
কৰি কুলক্ষয়

   

দিয়া শাপ ছল।
দেখন্তে বিহ্বল॥
আসি প্ৰজাপতি।
অনেক ভকতি॥
কুল পৰাভৱ।
জানিলা উদ্ধৱ॥
কৃষ্ণৰ আগত।
বোলে বিৰলত॥
মোক পৰিহৰি।
চলিবাহা হৰি॥
তোমাৰ চৰণ।
তেজিবো জীৱন॥
কৰোহো কাতৰ।
মোক দামোদৰ৷
বিনয় বচনে।
ঝুৰে অনুক্ষণে॥
পৰিয়া কন্দিন্ত।
হাসিয়া বোলন্ত॥
পাইলা মহাশয়।
চলিবো নিশ্চয়॥

ভৈল বিৰকতি
কহিবো সম্প্রতি
যত মহাজ্ঞান
কৰিলা ব্যাখ্যান
দেখাইলন্ত সম
ভক্তি মুখ্যতম
নিৰ্গুণ ভকতি
নিৰ্গুণ ৰতি
নিৰ্গুণ জ্ঞান
নিৰ্গুণ স্থান
জ্ঞানত কৰ্ম্মত
ভকতি যিমত
ব্ৰহ্মা লক্ষ্মী হৰ
তাতো শ্রেষ্ঠতৰ
ভকতেসে জ্ঞান
ভকত সমান
দেৱতো তীর্থত
তাৰিবে শকত
চিত্তে মােক ধৰি
দ্বাৰকাক এৰি

   

জ্ঞান ভকতি।
শুনা মহামতি॥
যত যােগ ধ্যান।
পুৰুষ পুৰাণ॥
কৈলা নিৰূপম।
পুৰুয় উত্তম॥
নিৰ্গুণ মতি।
নিৰ্গুণ গতি।
নিৰ্গুন ধ্যান।
কৈলা সৰ্ব্বজান ॥
কৰি সাৰ তত্ত্ব।
কৰিলাে বেকত॥
ইটো কলেৱৰ।
ভক্ত প্রিয়তৰ॥
ভকতেসে ধ্যান।
নাহি মােৰ আন॥
কৰিয়া ভকত।
কহিলাে বেকত॥
শােক পৰিহৰি।
চলা শীঘ্ৰ কৰি॥

দেখিয়োক সম
বদৰিকাশ্ৰম
শুনি মহাবীৰ
কৃষ্ণে পাৱে শিৰ
চৰণ নেৰন্ত
দেখি ভগৱন্ত
উঠিয়োক সখি
বাহিৰে নিৰেখি
কৃষ্ণৰ বচন
ঝৰয় নয়ন
খৰম দুইখানি
হিয়ে মুঠি আনি
দ্বাৰকাত বাজ
পশি বনমাজ
মাধৱে চিন্তিল
প্ৰভাসক নিল
দানক দিয়াইল
প্ৰমত্ত কৰাইল
হৰিল চেতন
কৰিলেক ৰণ

   

যায়ো নিৰুপম।
উদ্ধৱ উত্তম॥
চিত্ত নোহে থিৰ।
দিয়া ঝৰে নিৰ॥
প্ৰেমত কান্দন্ত।
প্ৰবোধ বোলন্ত॥
হিয়ে মোক দেখি।
ভ্ৰমিয়োক সখি॥
শুনি অনুক্ষণ।
নচলে চৰণ॥
মাথে বান্ধি আনি।
যান্ত মহামানী॥
হুয়া বুজি কাজ।
ৰইলা যদুৰাজ॥
জ্ঞাতি লিখিল।
জলত স্নানিল॥
বাৰুণী পিয়াইল।
মাদুৰি হনাইল॥
যত যদুগণ।
মিলিল মৰণ॥

কৰি চিত্ত থিৰ।
প্ৰভাসৰ তীৰ
কৃষ্ণে স্নানি জলে
বসিলা একলে
পীত বসন
হসিত বয়ন
খচিত কনক
কুটিল অলক
মুকুট মাথাত
শ্ৰীবৎস হিয়াত
মকৰ কুণ্ডল
চাৰু কম্বুগল
হিয়ে হেম হাৰ
দিব্য মুকুতাৰ
বনমালা গলে
মধু মধুকৰে
কনকে গঠিত
জঙ্ঘা সুবলিত
চৰণ কমল
আতি সুকোমল

   

ৰাম মহাবীৰ।
তেজিল শৰীৰ॥
অশ্বত্থৰ তলে।
তনু আতি জ্বলে॥
ৰুচিৰ দশন।
কমল নয়ন॥
ৰত্নৰ তিলক।
শোভে কপোলক।
ৰঞ্জে কেশ তাত॥
চাৰু চাৰি হাত।
শোভে গণ্ডস্থল।
কৌস্তুভে উজ্জ্বল॥
ৰত্নে জাতিস্কাৰ।
ৰঞ্জে অলঙ্কাৰ॥
আতি জ্যোতি কৰে।
পৰিয়া গুঞ্জৰে॥
মেখলা কটিত।
হোড়ৰে জড়িত॥
নূপুৰে উজ্জ্বল।
ৰঙ্গা পদতল॥

ধ্বজ বজ্ৰ যৱ।
দেখন্তে উৎসৱ
অৰণ্যত পশি
প্ৰকাশন্ত বসি
ব্যাধেক আসিল
লাগিল জানিল
কৃষ্ণক দেখিল
নিৰ্ভয় বুলিল
প্ৰভু ভগৱন্ত
দেখি পৰিলন্ত
ছাৰিয়ো ঘোটক
পঠাই বৈকুণ্ঠক
বুলিলন্ত বাক
যি ভৈলা বিপাক
শুনি চলিলন্ত
শোকত কান্দন্ত
ভ্ৰমিয়া ফুৰন্ত
কৃষ্ণে দেখিলন্ত
মদ্যাপি ভ্ৰমিয়
চুমি যেন প্ৰিয়

   

চিহ্ন অভিনৱ।
আছন্ত মাধৱ॥
কৃষ্ণ মহাযশী।
যেন কোটি শশী॥
বাণ প্ৰহাৰিল।
খেদিয়া আসিল॥
পৰিয়া কান্দিল।
স্বৰ্গক চলিল॥
বসিয়া আছন্ত।
দাৰুক মহন্ত॥
সহিতে ৰথক।
চাইলা দাৰুকক॥
চলা দ্বাৰকাক।
কহিয়ো বাৰ্ত্তাক॥
দাৰুক মহন্ত।
লোতক ঝৰন্ত॥
উদ্ধৱ মহন্ত।
হাসিয়া বোলন্ত॥
শঙ্কা কৰা কিয়।
আপুনি জানিয়॥

মোহোৰ নিদান
আসা সখি প্ৰাণ
মাধৱে বুলিল
প্ৰেমে দ্ৰৱিল
মুখে নাসে মাত
তেজিলাহা নাথ
উদ্ধৱ কান্দন্ত
ধৰি তুলিলন্ত
থাকিবে নেদিল
শোক উথলিল
ব্ৰহ্মা চিন্তি হিত
মিলিল তহিত।
কতোহো গাৱন্ত
তুতি উচ্চাৰন্ত
দেখি নাৰায়ণ
জপাইলা নয়ন
দেৱৰ কটক
বিজুলী চটক
দেখি কৃষ্ণপদ
যত পাৰিষদ

   

এৰা অপমান।
কহো তত্ত্ব জ্ঞান॥
উদ্ধৱে শুনিল৷
পাৱত পৰিল॥
কান্দে দমাই মাথ।
ভৈলোহো অনাথ॥
দেখি ভগৱন্ত।
জ্ঞান কহিলন্ত।
প্ৰণাম কৰিল॥
কান্দন্তে চলিল॥
ত্ৰিদশে সহিত।
গাইল গুণ গীত॥
কতোহো নাচন্ত।
পুষ্প সিঞ্চাৰন্ত॥
হসিত বয়ন।
চলিবাক মন॥
নাকলে কৃষ্ণক।
পাইলা বৈকুণ্ঠক॥
নয়ন তবধ।
বজাইলা শৱদ॥

দেখিয়া মাধৱ
মিলিল উৎসৱ
জগতৰ তাত
অনন্ত শয্যাত
কৃষ্ণৰ কিঙ্কৰ
চৰিত্ৰ কৃষ্ণৰ
কৃষ্ণৰ পাচত
ধৈৰ্য্য ধৃতি ব্ৰত
আতি ত্ৰাস মনে
হৰিৰ কীৰ্ত্তনে
যি জন নিপুণ
সি সি পাৱে পুইণ
আন ধৰ্ম্মে প্ৰজা
শাস্ত্ৰৰেসে মজ্জা
ৰাম নাম গাই
হেলা নুযুৱাই
নামেসে সংসাৰ
নাম বিনে আৰ
নাম তেজি আশ
অমৃত নৈৰাশ

   

প্ৰীতি অভিনৱ।
কৰে জয় ৰৱ॥
মাধৱ তথাত।
থাকিলা সাক্ষাত॥
ৰচিলা শঙ্কৰ।
শুনা সবে নৰ।৷
কালৰ ভয়ত।
মহা ধৰ্ম্ম যত॥
সিটো ধৰ্ম্মগণে।
পশিলো শৰণে॥
গাৱে হৰি গুণ।
নিস্তৰে আপুন।
নামে তাৰ ৰাজা।
জানি এৰা লজ্জা॥
ভ্ৰমিয়ো সদায়।
ব্যৰ্থে আয়ু যায়॥
কৰিবো নিস্তাৰ।
আন নাহি সাৰ॥
কাত কৰা সাস।
যেন বিষে গ্ৰাস॥

পাপে চাপি ধৰে
আত্মঘাত কৰে
কত তপসায়
চিন্তামণি প্ৰায়
জানিয়া সম্প্ৰতি
অগতিৰ গতি
মাধৱৰ নাম
এৰি আন কাম

   

নাম নুসুমৰে।
কৌতুকতে মৰে॥
নৰ তনু পায়।
হাততে হৰায়॥
কৰি থিৰ মতি।
ভজা যদুপতি॥
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥

−:সমাপ্ত:−

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )