সমললৈ যাওক

হাতৰ আখৰৰ কথা

ৱিকিউৎসৰ পৰা
[ বকলা ]

[ প্ৰথম পৃষ্ঠা ]

হাতৰ আখৰৰ কথা

ওঁ সৰস্বতী মহাভাগে বিদ্যৈ কমললোচনে।
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে॥

 

আগতে আহৰণ তাৰ পিছতহে বিতৰণ।

 

শ্ৰীত্ৰিদশ পাঠক

[ প্ৰকাশন তথ্য ] HATAR AKHARAR KATHA : An introductory description on Assamese Handwritting, written by Sri Tridash Pathak, Tamulpur; published by Author; printed by Mani Manik Press, M. C. Road, Uzanbazar, Guwahati-781001. First published 15 August, 1993. Price -Delux Edition Rs. 20.00, Student Edition Rs 15.00. ⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺


প্ৰথম প্ৰকাশ : ১৫ আগষ্ট, ১৯৯৩ খৃঃ


লিখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত।


মূল্য : শোভন সংস্কৰণ— ২০.০০ টকা৷

 বিদ্যাৰ্থী ’’ ১৫.০০ টকা৷


মুদ্ৰক : মণি-মাণিক প্ৰেছ

এম, চি ৰোড,
উজানবজাৰ, গুৱাহাটী-১

[ উপহাৰ ]


 
 হা
 

 

শ্ৰী______________________________
_____________________________
_____________________________

ভবদীয়--

[ অৰ্পণ ]

অৰ্পণ





’হাতৰ আখৰৰ কথা’ ছাত্ৰ-ছাত্ৰীসকলৰ
বাবেই যুগুত কৰা হৈছিল।
সেই ছাত্ৰ-ছাত্ৰীহঁতৰ
হাততে অৰ্পণ
কৰিলো।

 

লেখক

[ আগকথা ]

আগকথা

 আজিৰ পৰা ১৬ বছৰ আগৰ কথা। “দৈনিক অসম’’ৰ ‘অকণিৰ ৰংঘৰ’ৰ দদায়ে অকণিহঁতলৈ চিঠি লিখোতে এখন চিঠিত হাতৰ আখৰৰ বিষয়ে কিছু কথা উল্লেখ কৰিছিল। চিঠিখন পঢ়ি মই ভাল পাইছিলোঁ। চিঠিখনত বিস্তৃত বিৱৰণ নাছিল। মনতে ভাবিছিলোঁ, মই যদি এলানি নিবন্ধ লিখি দিও কেনে হয়। মন কৰিলেই চন।

 তৎকালিন ‘দৈনিক অসম’ৰ সম্পাদক আছিল শংকৰদেৱ বঁটা বিজয়ী আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাংবাদিক শ্ৰীযুত কীৰ্ত্তিনাথ হাজৰিকাদেৱ। তেওঁৰ লগত মোৰ আগৰেপৰা ভাল চিনাকি আছিল। এদিন কথাটো কলোঁ৷ তেওঁ পোনেই সন্মতি জনালে। “আপুনি লিখি দিয়ক মই প্ৰকাশ কৰিম’’। কথামতেই কাম। লিখি দিছিলোঁ এলানি নিবন্ধ প্ৰকাশ কৰিছিলে হাজৰিকাই ‘দৈনিক অসম’ৰ অকণিৰ ৰংঘৰত। সেই নিবন্ধ কেইটাৰে কিছু পৰিবৰ্ত্তন আৰু কিছু পৰিবৰ্দ্ধন কৰি কিতাপা- কাৰে প্ৰকাশ কৰিবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ। কিতাপখন ছাত্ৰ-ছাত্ৰীসকলৰ কামত আহিলে লেখকৰ শ্ৰম সাৰ্থক হ’ব।

 দোষেগুণে মনুষ্য জীৱন। আমাৰ অল্পমতি জ্ঞানেৰে কিমানদূৰ কৃতকাৰ্য্য হব পাৰিছো কব নোৱাৰো। সেইটো সুধি সমাজে বিচাৰ কৰিব। দোষ-ত্ৰুতিবোৰ আঙুলিয়াই দিলে নথৈ কৃতাৰ্থ হম।

শ্ৰীত্ৰিদশ পাঠক

তামুলপুৰ পূৰণ চ’ক।

ডাকঘৰ-তামুলপুৰ

নলবাৰী (অসম)

১৫ আগষ্ট ’৯৩

[ উক্তি ]

হস্তলিপি সম্বন্ধে বাপুজীৰ উক্তি


 “এটা কথা অৱহেলা কৰাত মই এতিয়াও প্ৰায়শ্চিও কৰিবলগীয়া হৈছে। ক’ত কেনেকৈ মোৰ ধাৰণা হ'ল যে হস্তলিপি ভাল কৰা শিক্ষাৰ এটা অঙ্গ নহয়৷ এই ধাৰণা বিলাতলৈ যোৱালৈকে আছিল। দক্ষিণ আফ্ৰিকাৰ শিক্ষা পোৱা বহুতো ডেকা উকিলৰ সুন্দৰ হাতৰ আখৰ দেখি মোৰ নিজৰ বৰ লাজ লাগিছিল আৰু নিজৰ অৱহেলাৰ বাবে অনুতপ্ত হৈছিলোঁ৷ হাতৰ আখৰ বেয়া হলে শিক্ষা সম্পূৰ্ণ হোৱা নাই বুলি ধৰিব লাগে। নিজৰ হাতৰ আখৰ উন্নতি কৰিবলৈ পাচত বৰ চেষ্টা কৰিছিলোঁ কিন্তু তেতিয়া বৰ পলম হ’ল। সৰুতে কৰা অৱহেলাৰ এতিয়া আৰু ক্ষতিপূৰণ মই কৰিব নোৱাৰোঁ৷ প্ৰত্যেক মুনিহ আৰু তিৰোতাই মোৰ দৃষ্টান্তৰ পৰা শিকি লওক যে ভাল হাতৰ আখৰ শিক্ষাৰ এটা ডাঙৰ অঙ্গ।”

— × —

[ সূচীপত্ৰ ]

সূচীপত্ৰ

  পৃষ্ঠা

আখৰৰ আদি কথা।
প্ৰাচীন কালৰ তিনিটা লিখা পদ্ধতি—
:চুমেৰীয় ত্ৰিকোণী পদ্ধতি-১
:মিছৰীয় চিত্ৰ পদ্ধতি-২
:ভাৰতীয় : সিন্ধু উপত্যকাৰ মোহৰ পদ্ধতি -৩
আদৰ্শ হস্তলিপি-
আখৰ লিখাৰ সঁজুলি
আখৰ লিখাৰ প্ৰণালী-
আখৰৰ প্ৰকৃত ৰূপ-
হস্তাক্ষৰৰ সাধাৰণ দোষ আৰু প্ৰতিকাৰ—
ভাইটিহঁতক কেনেকৈ শিকাবা-
বিৰাম চিহ্ন আৰু তাৰ ব্যৱহাৰ
পৰিশিষ্ট
লিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী-
আখৰ কোন ফালৰপৰা আৰম্ভ কৰিবা : চাৰ্টৰ নমুনা।
অসংযুক্ত আৰু সংযুক্ত আখৰ -
আকৃতি অনুসাৰে প্ৰেছৰ আখৰৰ নাম-
বিভিন্ন জোখৰ কিছুমান কাগজৰ নাম -
কি কাগজত কি চিয়াহী খাটে –
কি চিয়াহী (ৰং) মিহলালে কি চিয়াহী হয় -
কেইটামান চিয়াহী প্ৰস্তুত কৰা প্ৰণালী –







১১
১৪
১৬
১৯
২৩
২৫

৩০
৩৪
৩৫
৩৮

৩৯
৪০
৪১

[  ]
 

আখৰৰ আদি কথা

 আমাৰ পৃথিবীখন একালত আজিৰ নিচিনা মানুহে দুনুহে ভৰা চালে চকুৰোৱা ৰূপে বিনন্দীয়া নাছিল। বহু পৰিবৰ্ত্তনৰ মাজেৰেহে আজিৰ এই ৰূপ পাইছে। শাস্ত্ৰত লিখা মতে তেতিয়া পৃথিবীৰ কোনো অস্তিত্বই নাছিল। চাৰিওফালে কেৱল পানীহে পানী। আজিও পানীৰেই ভৰা। চাৰি ভাগৰ তিনি ভাগেই পানী এভাগহে মাটি।

 প্ৰলয় প্ৰয়োধিৰ মাজত প্ৰাণী হিচাপে প্ৰথম জন্ম হ’ল মাছৰ। তাৰ পিছত কাছৰ। লাহে লাহে তাৰ পাছত জন্ম হ’ল মানুহৰ। আদিম মানুহে নাঙঠ হৈ পৰ্ব্বতৰ গুহাত, গছৰ ধোন্দত, ফল-মূল আৰু কেচা মঙহ খাই জীৱন ধাৰণ কৰিছিল।

 এনেদৰে বহুদিন গ’ল। ক্ৰমবৰ্দ্ধমান মানুহৰ মাজত সভ্যতাই পোখা মেলিলে। কেচা মঙহ খাবলৈ এৰি সিজাই বা পুৰি খাবলৈ ধৰিলে। নাঙঠ হৈ থাকিবলৈ লাজ পোৱা হ’ল। লজ্জা নিবাৰণ কৰিবলৈ জন্তুৰ চাল আৰু গছৰ বাকলি পিন্ধিবলৈ ধৰিলে। থাকিবলৈ ঘৰ সাজিবলৈ ললে। আহাৰৰ বাবে ফচল ৰোৱাৰ দিহা কৰিলে। লাহে লাহে নানান চিন্তাই মনত জুমুৰি দি ধৰিলে। ন-ন তথ্য উদ্‌ভাবন কৰিলে। কিমান দিন ইঙ্গিতেৰে কথা পাতি থাকিব? ভঙ্গীৰে বুজোৱা ভাববোৰ স্থায়ী নহয়। আজি দেখুৱা ভঙ্গীবোৰ কাইলৈ পাহৰি যায়।

 মনৰ ভাব প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন হ’ল। বিভিন্ন গোষ্ঠীৰ মানুহৰ মাজত বিভিন্ন ভাষাৰ সৃষ্টি হ’ল। যেতিয়া ভাষাৰ সৃষ্টি হ’ল মনৰ ভাব প্ৰকাশ কৰিবলৈ সুবিধা হ’ল। নিজস্ব ভাষাৰ মাধ্যমেৰে মানুহে কথা কবলৈ ধৰিলে।

 লিপিবদ্ধ কৰিলে ভাববোৰ যে স্থায়ী হয় এই কথা বহুদিন পিচতহে মানুহৰ [  ] মনলৈ আহে। লিখি নথলে কোৱা কথাবোৰ মানুহে পাহৰি যায়। পাহৰি নগলেও পিচত সেইবোৰ কথা বিশ্বাসযোগ্য নহয়। লিখি নথলে ভাববোৰ হেৰাই যায়। স্মৃতি শক্তি থানবান হৈ পৰে৷ বিবেক নষ্ট হয়৷ কল্পনা শক্তিত আউল লাগি বুদ্ধি নিস্তেজ হৈ পৰে। সেই কাৰণে লিপিবদ্ধ কৰিবলৈ প্ৰয়োজন হ’ল আখৰৰ। বিভিন্ন ভাষাৰ মাজত সৃষ্টি হ’ল বিভিন্ন বৰ্ণ বা আখৰৰ। কিন্তু কোন সময়ত প্ৰথম আখৰৰ সৃষ্টি হয় তাক আজিও সঠিককৈ থাৱৰ কৰিব পৰা নাই। মানৱ জাতি সৃষ্টি হোৱাৰ লগে লগে লিখা পঢ়াৰ সৃষ্টি হোৱা নাছিল। মানৱ সৃষ্টিৰ পিচত ভাষাৰ সৃষ্টি; ভাষাৰ সৃষ্টিৰ পিচত বৰ্ণমালাৰ সৃষ্টি হয়। বৰ্ণমালা বহু হেজাৰ বছৰ পিছতহে সৃষ্টি হয়। পৃথিবীৰ বিভিন্ন দেশৰ আখৰৰ আকৃতি বিভিন্ন ধৰণৰ। কোনো- খন দেশৰ লগত কোনোখন দেশৰ আখৰৰ মিল নাই। সেই কাৰণে কোন দেশত পোণ প্ৰথমে আখৰৰ সৃষ্টি হয় সেই কথা খটাংকৈ কব নোৱাৰি।

 তথাপি পণ্ডিত সকলে এটা সিদ্ধান্তত উপনিত হৈছে। পুৰণি ৰোম, গ্ৰীচ, চীন, ভাৰতবৰ্ষ, বেবিলন, মিচৰ আদি সভ্য দেশ সমূহৰ আখৰবোৰ চাই চীন দেশেই প্ৰথম আখৰৰ জনক বুলি কব খোজে। কিয়নো চীন দেশতেই পোন প্ৰথম মুদ্ৰা যন্ত্ৰৰ আবিষ্কাৰ হয়। আনহাতে চীনৰ আখৰবোৰ অদ্ভুত ধৰণৰ। চীনৰ একোটা আখৰকে একোটা শব্দ বুলি কব পাৰি। চীনাভাষা শিকিবলৈ যিমান টান কওতেও সিমান উজু নহয়। লিখিবলৈ আৰু বেচি টান। চীনা ভাষা ওপৰৰ পৰা তললৈ আৰু সোঁফালৰ পৰা বাওঁ ফাললৈ লিখিব লাগে।

 আমাৰ অসমীয়া আখৰৰ জনক দেৱনাগৰী। দেৱনাগৰী আখৰক কুটিল লিপিও বোলে। ব্ৰাহ্মী নামৰ আখৰৰ পৰা এই কুটিল বা দেৱনাগৰী আখৰৰ উদ্ভৱ হৈছে। ব্ৰাহ্মী আখৰ মধ্য এচিয়াত প্ৰচলিত আছিল। [  ]  অশোকৰ ৰাজত্ব কালত তেওঁ ব্ৰাহ্মী আৰু খৰোষ্টী নামৰ দুই প্ৰকাৰ লিপিৰ ব্যৱহাৰ কৰিছিল। তামৰ ফলি, স্তম্ভ, গুহা আৰু দেৱালৰ গাত আজিও সেই কালৰ আখৰ দেখিবলৈ পোৱা যায়। আধুনিক জগতৰ আখৰ পুৰণি আখৰৰ পৰাই পৰিবৰ্ত্তন হৈ আজিৰ এই ৰূপ পাইছে। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে মানুহৰ মনবোৰো পৰিবৰ্ত্তিত হৈছে। সেয়েহে মানুহে অভিৰুচি অনুসাৰে যুগে যুগে আখৰৰ আকৃতি সলনি কৰি আহিছে।

[  ]

প্ৰাচীন কালৰ তিনিটা লিখা পদ্ধতি


চুমেৰীয় ত্ৰিকোণী পদ্ধতি— ১

 খৃষ্টপূৰ্ব্ব প্ৰায় চাৰিহেজাৰ বছৰ আগৰ কথা। এচিয়া মহাদেশৰ টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীৰ পাৰত এটি সুসভ্য জাতি বাস কৰিছিল নদী দুখনৰ মাজৰ ঠাইডোখৰক তেতিয়া মেছোপতেমিয়া বোলা হৈছিল। মেছোপতেমিয়াৰ সমতল অঞ্চলক এচিৰীয়া আৰু বেবিলনীয়া নামে দুভাগত ভগোৱা হয়৷ উত্তৰ ভাগ এচিৰীয়া আৰু দক্ষিণ ভাগ বেবিলনীয়া। এচিৰীয়াত ‘চুমেৰীয়’ আৰু বেবিলনীয়াত ‘চেমিষ্টিক’ মানুহৰ নিদৰ্শন পোৱা যায়।

 বেবিলন নগৰৰ শূন্যোদ্যান প্ৰাচীন পৃথিবীৰ সপ্তাশ্চাৰ্য্যৰ আন এটি নিদৰ্শন৷ এই শূন্যোদ্যান বেবিলনৰ সৰ্ব্বশেষ আৰু সৰ্ব্বশ্ৰেষ্ঠ ৰজা নেবুচাদ্ নেজাৰে তেওঁৰ ভাৰ্য্যা এমিটাচৰ বাবে সজায়।

 চুমেৰীয় সকল বিদ্যা বুদ্ধিত পাৰ্গত আছিল। যি সময়ত লিখাৰ বাবে ফলি পেঞ্চিল আৰু আখৰৰ সৃষ্টি হোৱা নাছিল সেই সময়তে লিখাৰ এক কৌশল উদ্ভাবন কৰিছিল৷ চুমেৰীয় সকলে আঠালতীয়া মাটিৰ পিঠা কৰি তাৰে লিখা কাৰ্য্য কৰিছিল। লিখা মানে? পিঠাৰ ওপৰত কিছুমান সাঁচ বহুৱাইছিল। সাঁচবোৰ ত্ৰিকোণী আকাৰৰ 'ষ্টাইলাছ' নামক চাপমৰা সজুলিত কাটি লোৱা হৈছিল। জন্তুৰ হাড়, শিল নাইবা গছ গছনিৰ ঠাল-ঠেঙুলিৰে এই সজুলিবিধ সজা হৈছিল। পোস্ট অফিছৰ [  ] পিয়নে চিঠিৰ ওপৰত তাৰিখৰ মোহৰ মৰাৰ দৰে চুমেৰীয় সকলেও লিখাৰ সময়ত এই চাপ মাৰিছিল। পিচৰ যুগত এনে ধৰণৰ চাপ মৰা মাটিৰ ফলি বহুতো উদ্ধাৰ হৈছে৷ একোটা চাপে একোটা শব্দৰ অৰ্থ প্ৰকাশ কৰিছিল৷ কেতিয়াবা দুটা বা তিনিটা চাপেও এটা শব্দৰ অৰ্থকে প্ৰকাশ কৰিছিল। শব্দৰ উপৰিও বাক্য বা বাক্যাংশৰ চাপও আছিল।

 চুমেৰীয় সকলৰ লিখা-পঢ়াত বৰ ধাউতি আছিল। তেওঁলোকে স্কুল পাতি ল’ৰা-ছোৱালীক শিক্ষা দিছিল। অৱশ্যে আজিকালিৰ নিচিনা সুকীয়া স্কুলঘৰ নাছিল৷ মন্দিৰৰ চৌহদতে স্কুল পাতি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। একোটা মন্দিৰেই তাহানিৰ একোখন বিদ্যালয় আছিল৷ মন্দিৰৰ পুৰোহিতজন আছিল সেই বিদ্যালয়ৰ পণ্ডিত। ছাত্ৰই মন্দিৰত প্ৰৱেশ কৰাৰ আগেয়ে মন্দিৰৰ বাহিৰত দমাই থোৱা আঠালতীয়া মাটিৰে একোখন ফলি তৈয়াৰ কৰি লৈছিল। এই ফলি আমাৰ জুই জ্বলাবলৈ কৰা গোবৰৰ পিঠাৰ দৰে হাতেৰে থপৰিয়াই চেপেটা কৰি লৈছিল। ষ্টাইলাছেৰে সাঁচ বহুৱাৰ পিচত সেইবোৰ ৰ’দত শুকাই জুইত পুৰি টান কৰি লৈছিল। স্কুলত ছাত্ৰই পাচশৰো অধিক চাপ শিকিব লাগিছিল৷ পুৰোহিতে নিষ্ঠাৰে ছাত্ৰক চাপবোৰৰ শিক্ষা দিছিল৷ পঢ়াতকৈ লিখা বিদ্যাতে অধিক গুৰুত্ব দিয়া হৈছিল৷ আখৰ লিখিব জনা ছাত্ৰক মাক-বাপেক, শিক্ষা-গুৰু আৰু সমাজৰ আন সকলো লোকে আদৰ কৰিছিল। তেনে ছাত্ৰৰ খ্যাতি সকলোতে বিয়পি পৰিছিল। বেবিলন নগৰৰ মাটিৰ তলত পুৰণি মন্দিৰ এটাৰ গাত থকা স্কুল এখনৰ ধ্বংসাবশেষ উদ্ধাৰ হৈছে। সেই স্কুলৰ মজিয়াত তাহানি 'ষ্টাইলাছ’ৰ চাপ মৰা বহুতো মাটিৰ ফলি পোৱা গৈছে। আজিকালি পুথিভৰালত কিতাপ জমা কৰি

ৰখাৰ দৰে তাহানিও মাটিৰ ফলিবিলাক তেনেদৰে স্কুলত জমা কৰি ৰাখিছিল। [  ]

মিছৰীয় চিত্ৰ পদ্ধতি— ২

 আফ্ৰিকা মহাদেশৰ মিছৰ বা ইজিপ্ত এখন অদ্ভুত দেশ। সেই দেশত ওখ পাহাৰ বা পৰ্ব্বত দেখিবলৈ পোৱা নেযায়। মাজেৰে নীলনদী প্ৰবাহিত হৈছে। নীল নদীৰ পাৰত গঢ়ি উঠা সভ্যতাকে ‘নীল সভ্যতা’ বোলা হয়। এই নীল সভ্যতাৰে কথা।

 চুমেৰীয় সকলৰ দৰে মিছৰীয় সকলৰ মাজতো আখৰৰ সৃষ্টি হোৱা নাছিল। তেওঁলোকে আখৰৰ পৰিবৰ্ত্তে কিছুমান চিহ্নহে ব্যৱহাৰ কৰিছিল। চিনবোৰ চিত্ৰবোধক আছিল৷ মানুহক বুজাবলৈ মানুহৰ ছবি আৰু জন্তুক বুজাবলৈ জন্তুৰ ছবি আঁকিছিল। হাতত লাখুতি লোৱা কুজা মানুহৰ ছবিয়ে বৃদ্ধাবস্থা বুজাইছিল। পিছত এই ভাববোধক চিহ্নবোৰ অনুকৰণ কৰিয়েই ইজিপ্তত আখৰৰ সৃষ্টি হয়। ফিনিচিয়ান সকলে ইজিপ্তৰ আখৰৰ কিছু সালসলনি কৰি ভাৰত আৰু ইউৰোপক দান কৰা বুলি কিছুমানে কয়। তেওঁলোকে ভাৰতৰ ব্ৰাহ্মী আখৰ ইজিপ্তৰ আখৰৰেই ৰূপান্তৰ বুলি ভাবে। ইজিপ্তৰ পুৰণি হাতৰ আখৰৰ চানেকী তলত দিয়া সম্বলবোৰত পোৱা যায়। পৰ্ব্বতৰ গাত থকা ডাঙৰ শিল, মানুহে কটা তিনি বা চাৰি শিৰীয়া শিলাস্তম্ভ, সোৱৰণী গৃহ, বা ‘পিৰামিড’ আৰু দেৱালয়বোৰত।

 পিৰামিডৰ বেৰত লিখা আখৰৰ পৰা প্ৰাচীন ইজিপ্তৰ বহু কথা জানিব পাৰি। পিৰামিডবোৰ ইজিপ্তৰ পুৰণি ৰজা-ৰাণীৰ একোটি সমাধি গৃহ। প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ ছটাৰে এই পিৰামিডবোৰ নিৰ্ম্মিত। ত্ৰিকোণাকাৰ পিৰামিডবোৰৰ তিনিওটা ফাল ওপৰত গৈ শীৰ্ষ বিন্দুত লগ লাগিছে৷ পিৰামিডবোৰ প্ৰাচীন পৃথিবীৰ সপ্তাশ্বৰ্য্যৰ ভিতৰত অন্যতম। ইয়াৰ বেৰত বটালিৰে আখৰ কাটি ৰং বলোৱা [  ] হৈছিল। গিজেহ ঠাইৰ পিৰামিডবোৰত পুৰণি আখৰৰ নিদৰ্শন পোৱা যায়।

 আখৰ সৃষ্টি হোৱাৰ পিচত ইজিপ্তৰ মানুহে শিলত আখৰ খোদাই কৰিবলৈ এৰি “পেপাৰাচ” নামক কাগজত ৰং আৰু তুলিকাৰে লিখিবলৈ ললে। আমাৰ সাঁচি পাতৰ নিচিনা ‘পেপাৰাচ’ গছৰ বাকলিৰ পৰাই এইবিধ কাগজ প্ৰস্তুত কৰি লৈছিল। লিখিবলৈ কেচা খাগৰি বা বাঁহৰ ঠেঙুলিৰ মূৰ থেতেলাই সৰু সৰু তুলিকা কৰি লৈছিল৷ ক’লা চিয়াহীৰ উপৰিও ৰঙা, নীলা, সেউজীয়া আৰু হালধীয়া ৰঙেৰে আখৰ লিখিছিল। ৰংবোৰ শিলৰ ফলিত লৈছিল।

 আমাৰ দেশৰ দৰে তাহানি কালত ইজিপ্তৰ মানুহেও আখৰ লিখিব জনা মানুহক আদৰ কৰিছিল। ৰজা ঘৰত লিপিকাৰৰ বাবে আছুতীয়া বিষয় বাব আছিল। লিপিকাৰ এজন ডাঙৰ বিষয়া আছিল।


ভাৰতীয় : সিন্ধু উপত্যকাৰ মোহৰ পদ্ধতি—৩

 এচিয়া মাইনৰৰ টাইগ্ৰীচ ইউফ্ৰেটিচ নদীৰ পাৰৰ চুমেৰীয় আৰু বেবিলনিয় সভ্যতা আৰু ইজিপ্তৰ নীল নদীৰ পাৰত নীল সভ্যতা গঢ়ি উঠাৰ দৰে অবিভক্ত ভাৰতৰো সিন্ধু নদীৰ পাৰত “সিন্ধু সভ্যতা” নামে এক সভ্যতা গঢ়ি উঠিছিল।

 এই সভ্যতা আৰ্য্যসকল ভাৰতলৈ অহাৰ প্ৰায় এহেজাৰ বছৰ আগেয়ে ভাৰতত বিৰাজ কৰিছিল। এই সভ্যতাৰ নিদৰ্শন কিছুবছৰ আগেয়ে মাটিৰ তলত খান্দি উলিওৱা পঞ্জাবৰ মন্টগমাৰি জিলাৰ হৰপ্পা আৰু সিন্ধু প্ৰদেশৰ মহেঞ্জোদাৰো নামৰ নগৰ দুখনত পোৱা গৈছে। বৰ্তমান হৰপ্পা আৰু মহেঞ্জোদাৰো ঠাই দুখন পাকিস্থানৰ অন্তৰ্গত হলেও সেই ঠাই দুখনৰ মাটিৰ তলত পোৱা পৌৰাণিক [  ] ভগ্নাৱশেষবোৰে আজিও প্ৰাচীন ভাৰতৰ গৌৰবৰ কথা ঘোষণা কৰি আছে।

 অন্যান্য সামগ্ৰীৰ লগতে প্ৰত্নতাত্বিক সকলে মহেঞ্জোদাৰো, আৰু হৰপ্পাত প্ৰায় চাৰিশমান ছবি থকা বিভিন্ন আকৃতিৰ ‘‘শিল মোহৰ” আবিষ্কাৰ কৰিছে। প্ৰতিটো মোহৰেই চিত্ৰ খোদিত। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰ উপৰিও মোহৰ বোৰত মানুহ, গছ-গছনি, জুই, পানী, মাছ আদিৰ ছবিও আছে। পণ্ডিত সকলে এইবোৰ ছবিৰ সহায়েৰে সিন্ধু উপত্যকাৰ মানুহে আখৰ লিখা বুলি অনুমান কৰে। ছবি- বোৰৰ কাষতে বুজিব নোৱাৰা কেতবোৰ আখৰৰ চিহ্নও আছে। চিহ্নৰ লগত থকা জীৱ-জন্তুৰ ছবিয়ে কি বুজাইছে আৰু এনেয়ে শিলমোহৰত থকা ছবিয়ে কি বুজাইছে নিৰ্ণয় কৰিব পৰা নাই। একেবিধ জীৱৰ ছবিৰ লগত বেলেগ বেলেগ লিপিৰ চিন থকাৰো প্ৰমাণ পোৱা গৈছে। একোটা ছবি একোটা আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল নে, একোটা শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছিল তাকো ক’ব পৰা নাই।

 ‘শিলমোহৰ’ৰ বাহিৰেও তামৰ ফলিত আখৰ লিখাৰো প্ৰমাণ পোৱা গৈছে। মহেঞ্জোদাৰোত দুফালে আখৰ থকা তামৰ ফলি আৱিষ্কাৰ হৈছে। বুজিব নোৱাৰা এই লিপি বিলাকেৰে ধৰ্ম্ম সম্বন্ধীয় কথা লিখা বুলি অনুমান কৰে। ইয়াৰ প্ৰকৃত অৰ্থ উলিওৱাটো দুৰূহ।

 পণ্ডিতসকলে সিন্ধু উপত্যকাৰ আখৰৰ লগত চুমেৰীয় আৰু মিছৰীয় আখৰৰ মিল থকা বুলি কয়।

⸻⸻

[  ]

আদৰ্শ হস্তলিপি


 ইয়াৰ আগেয়ে পুৰণি কালৰ আখৰ লিখা পদ্ধতিৰ বিষয়ে কিছুকথা কলো। ভাল আখৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় তাৰে কিছু কথা কওঁ।

 “ভাল হাতৰ আখৰ ভাল মানুহৰ চিন” বুলি ইংৰাজীত এষাৰ কথা আছে। কাৰ কেনে হাতৰ আখৰ নেদেখিলে কব নোৱাৰি। মানুহজন দেখিয়েই তেওঁৰ হাতৰ আখৰ কেনেকুৱা হ’ব কৈ দিয়াটো সহজ নহয়। আপচু হলেও তেওঁৰ আখৰ ভাল হ’ব পাৰে। কিন্তু আখৰ দেখিয়েই ক’ব পাৰি মানুহজন কেনেকুৱা হ’ব পাৰে। মনোবিজ্ঞানবিদ সকলে কয় হাতৰ আখৰে মানুহৰ চৰিত্ৰ নিৰ্ণয় অৰ্থাৎ আখৰ দেখিয়েই মানুহজনৰ চৰিত্ৰ অনুমান কৰিব পাৰি।

 কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। বেয়া আখৰৰ মানুহো কীৰ্ত্তিবান হোৱাৰ দৃষ্টান্ত আছে। মহাত্মা গান্ধীয়ে তেনেবিধৰ মানুহ আছিল। কিন্তু তেনে মানুহ বিৰল।

 সকলো মানুহৰে আখৰ একে নহয়। তোমালোক আটাইৰে আখৰ ভাল বুলি নকওঁ আৰু বেয়া বুলিও নকওঁ। কিছুমানৰ হয়তো ভাল। কিছুমানৰ হয়তো বেয়া। ভাল আখৰতকৈ বেয়া আখৰৰ সংখ্যাই সৰহ। হাতৰ আখৰ বুলিলে আমি ভাল বেয়া দুয়োবিধ আখৰকে বুজো। ভাল আখৰে ধৈৰ্য্য আৰু সৌন্দৰ্য্য বোধৰ পৰিচয় দিয়ে। সৌন্দৰ্য্য বোধৰ স্পৃহা সকলোৰে থাকিব লাগে।

 “ভাল হাতৰ আখৰ শিক্ষাৰ এটা প্ৰধান অঙ্গ।” জাতিৰ পিতা মহা মানৱ [ ১০ ] মহাত্মা গান্ধীয়ে এই কথা আমাক কেতিয়াবাই কৈ গৈছে। তেওঁৰ উক্তিত পাইছাই। তেওঁৰ বেয়া হাতৰ আখৰ দেখি নিজেই লাজ পাইছিল। সৰুতে ভাল আখৰ লিখিবলৈ যত্ন নকৰা বাবে। নিজকে ধিক্কাৰ দিছিল। সেই বাবে তেওঁ হেনো মৃত্যুৰ আগমুহূৰ্তলৈকে আখৰ ভাল কৰিবলৈ যত্ন কৰিছিল আৰু আনক উপদেশ দিছিল। কোমলতে যিফালেই ভাঁজ দিয়া হয় সেই ফালেই ভাঁজ লয়৷ পুৰঠ হোৱাৰ পিচত ভাঁজ দিয়া সহজ নহয়। মহাত্মা গান্ধীৰো তেনেকুৱাই হৈছিল।

 ভাল আখৰে পৰীক্ষাৰ সময়তো কম সহায় নকৰে। ভাল আখৰৰ বাবে সুকীয়া নম্বৰো থাকে। পৰীক্ষকেও প্ৰশ্ন কাকত চাই ভাল পায়।

 পৰীক্ষকক সন্তুষ্ট কৰাৰ আন এটা উপায় হ’ল আখৰ ধুনীয়া কৰা। ধুনীয়া আখৰক আটায়ে সমাদৰ কৰে। আনৰ কথা নকওঁ নিজৰ ভাল আখৰ দেখিলে নিজৰে ভাল লাগে। ভাল আখৰ নিজৰ চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। মনত ৰখা উচিত লিখাৰ বাবেই লিখা নাইবা আখৰ ভাল কৰাৰ বাবেই লিখা নহয়। লক্ষ্য হব লাগে আত্ম প্ৰকাশ কৰাত। পঢ়ি আয়ত্ব কৰাতকৈ লিখি আয়ত্ত কৰিব পাৰিলে ভাল৷ সহজে মনত ৰয়। আখৰ ভাল হয়নে নহয় সেইটো পিচৰ কথা। চেষ্টা কৰি চোৱাতনো লোকচান কি? চেষ্টাৰ অসাধ্য একো নাই।

⸺ + ⸺

[ ১১ ]

আখৰ লিখাৰ সঁজুলি


 এষাৰ কথা আছে বেলে—“কলম ভালেই আখৰ ভাল।” সঁচা কথা। কলম ভাল হলে আখৰ ভাল হবই। অকল কলম ডাল ভাল হলেই নহব। লিখা কাগজ খিলাও ভাল হব লাগিব। পিচল কাগজত লিখিবলৈ সুচল। কলম আপোনা আপুনি চলি যায়।

 আজিকালি বজাৰত লিখাৰ হৰেক ৰকম সঁজুলি ওলাইছে। তাৰে ভিতৰত ‘ফাউন্টেন পেন’ আৰু ‘দ’ত পেন’ৰ সংখ্যাই সৰহ। প্ৰাইমাৰী স্কুলৰ পৰা বিশ্ব- বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত পঢ়া সকলো ছাত্ৰ-ছাত্ৰীয়ে ফাউন্টেনপেন ব্যৱহাৰ কৰে৷ পাখি বা হেণ্ডেলতকৈ ফাউন্টেন পেনেৰে লিখিবলৈ সহজ। ফাউন্টেন পেনৰ চিয়াহীবোৰ সমানে ওলায়, বজাৰত ফাউন্টেন পেন ওলোৱাৰ আগেয়ে মানুহে বিভিন্ন ধৰণৰ পাখী, ঢেকীয়া, আৰু বাঁহৰ চেকনিৰ, কমেৰে লিখা কাম কৰিছিল।

 প্ৰাইমাৰী স্কুল আৰু হাইস্কুলৰ তল শ্ৰেণীৰ ভাইটি-ভনীটিহঁতে স্কুলত পাখী বা হেণ্ডেলেৰে লিখিব লাগে। ফাউন্টেন পেনৰ ব্যৱহাৰ নিষিদ্ধ। কাৰণ পুৰণা শিক্ষক সকলৰ ধাৰণা-ফাউন্টেন পেনেৰে আখৰ লিখিলে আখৰ বেয়া হয়। যিকালত ফাউন্টেনপেন ওলোৱা নাছিল তেতিয়াহে পাখী কলমৰ ব্যৱহাৰ আছিল। এতিয়া কিন্তু তাৰ ব্যৱহাৰ অচল। মানুহ উন্নতি পথত অগ্ৰহৰ হোৱাৰ লগে লগে মানুহৰ অভিৰুচিও সলনি হৈছে। আজিকালিৰ ছাত্ৰই ফাউন্টেন পেনেৰে লিখা একো দোষণীয়, কাম নহয়। ফাউন্টেন পেনেৰে লিখিলে আখৰ বেয়া নহয়। ভালহে হয়। কাটিব নেজানিলে পাখী বা হেণ্ডেলেৰে লিখিলেও আখৰ বেয়া [ ১২ ] হব৷ পাখীটো নিবলৈ হলে লগত এটা দোৱাতো লৈ যাব লাগিব। কেনেবাকৈ যদি দোৱাতৰ সাফৰখন খুলিব লাগিল তেনেহলে সোপাকে চিয়াহী গ'ল। হাতে- ভৰিয়ে, কানিয়ে কাপোৰে এসোপা চিয়াহী লগাই খোলা মুখৰ দোৱাত এটা লৈ ফুৰাতকৈ মোনাত পেন এটা লৈ ফুৰা বেছি সহজ। কিন্তু পেনটো নিশ্চয় ভাল হব লাগিব।

 আগেয়ে বজাৰত এবিধ সাফৰ নথকা দোৱাত ওলাইছিল। দোৱাতটোত চিয়াহী ভৰাই বগৰাই দিলেও চিয়াহী নপৰে। ভিতৰলৈ ঘোৰ খোৱা। আজি কালি, সেই বিধ দোৱাত পাবলৈ নোহোৱা হ'ল। আগৰ সেই দোৱাতো গল; পাখীও গ'ল। তাৰ পৰিৱৰ্ত্তে ওলাইছে অসংখ্য সস্তীয়া ফাউন্টেন পেন। এই পেন বিলাকৰ নিব্ বোৰ ভোটা। জিভাবিলাক বেকাঁ। লিখাৰ আগতেই চিয়াহী ‘লিক’ কৰি থাকে।

 আখৰ ভাল কৰিবলৈ হলে সস্তীয়া পেন পৰিহাৰ কৰি ভালপেন লব লাগিব। উপযুক্ত সঁজুলিৰ ওপৰতে আখৰৰ উন্নতি নিৰ্ভৰ কৰে। আখৰ ভাল কৰাৰ ওপৰত তিনিটা বস্তুই প্ৰাধান্য লাভ কৰে

 “কাপ, কাঠি, পাত তেহে চাবা আখৰৰ জাত।” কাপ : নিব্; কাঠি : নাল বা হেণ্ডেল আৰু পাত: কাগজ ভাল নহলে আখৰ ভাল হব নোৱাৰে। ভাল কলম ভাল আখৰ, বেয়া কলম বেয়া আখৰ। লিখা সঁজুলিবোৰ উপযুক্ত হব লাগিব।

 আগৰ দিনৰ কলমৰ ভিতৰত নানাৰকম চৰাইৰ পাখী, পৈণত খাগৰি, ঢেঁকীয়া আৰু বাঁহৰ কাপেই প্ৰধান। তল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক সকলে এই- বোৰ প্ৰশস্ত বুলি কয়। আজৰি পৰত তোমালোকেও ইয়াৰে লিখিব পাৰা। [ ১৩ ] পুৰণি কালৰ সাঁচিপতীয়া পুথিবিলাক এইবোৰ কলমেৰেই লিখিছিল। চিয়াহীও কিনা নাছিল। শিলিখা আদি ফলৰ গুটি চেপি ক’লা উত্তম চিয়াহী প্ৰস্তুত কৰি লৈছিল। তাহানিৰ সেই ধুনীয়া চিয়াহী, ধুনীয়া কলম, ধুনীয়া আখৰক আজিও মানুহে আদৰ কৰে।

 আগেয়ে অফিচ কাছাৰীত নিব্ লগোৱা হেণ্ডেলৰ ব্যৱহাৰ আছিল। হেণ্ডেলেৰে লিখিলে আখৰবোৰ কাগজত দকৈ ছাপ খাই যায়। কাগজখন কাটি চিয়াহী ভিতৰত সোমাই যায় বাবে আখৰবোৰ উজ্জ্বল আৰু দীৰ্ঘস্থায়ী হয়।

 পাখী, ঢেঁকীয়া, খাগৰি নাইবা বাঁহৰ চেকনিৰ কলম হলে প্ৰথমে কলমটো ভালকৈ কাটি চাঁচি চুৰুকি লৈ তাৰ আগটো সমানে দুভাগ কৰি ফালি লব লাগে। বৰ বেচি চাঁচিবও নালাগে, ফালিবও নালাগে। সামান্য ভোটা থকাই ভাল।

⸺⸺⸺


বিঃ দ্ৰঃ --পৰিশিষ্টত কেইপদমান লিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী

উল্লেখ কৰা হৈছে। [ ১৪ ]

আখৰ লিখাৰ প্ৰণালী

 কলম ধৰা আৰু কলম কটাৰ দোষতে আখৰৰ অৱনতি ঘটে। কলমৰ আগ সমান নহলে আখৰবোৰ সমান নহৈ সৰু ডাঙৰ নানা আকৃতিৰ হয়। কলম বেঁকা ভাবে ধৰিলে আখৰ বেঁকা-বেকি হয়। কলম বা পেঞ্চিল সদায় তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলিৰ মাজত ধৰিব লাগে। বুঢ়া আঙুলিৰ বাহিৰে বাকী আঙুলি- বোৰ পোণ হৈ থাকিব। পেঞ্চিল বা নিব্ ৰ ঠিক গুৰিতে নধৰি অলপ ওপৰত ধৰিব লাগে। আঙুলিৰ মূৰৰ পৰা আগটো এক ইঞ্চি বা এক চেন্টিমিটাৰ দূৰৈত থাকিব লাগে। তেতিয়াহলে কলম বা পেঞ্চিলৰ মুখখন লিখকৰ চকুত পৰে আৰু আঙুলি বুলোৱাত সহজ হয়।

 লিখাৰ সময়ত কলম বা পেঞ্চিলৰ ওপৰত অনৰ্থক হেঁচা দিব নালাগে। শাৰীৰিক কষ্ট অনুভব নকৰাকৈ আৰমেৰে লিখিব লাগে। কলম চুটি হলে আখৰ লিখিবলৈ অসুবিধা হয়। সেই কাৰণে কলম ডাল অন্ততঃ ছয় ইঞ্চি বা ১৫ চেন্টি মিটাৰমান দীঘল হব লাগে। চুটি পেঞ্চিলত খাগৰি বা বাঁহৰ চুঙা কাটি খুৱাই লব লাগে। লিখাৰ সময়ত কলমৰ মূৰটো কাগজ বা চিলটৰ ওপৰত ৪৫° ডিগ্ৰী কোণ কৰি থাকিব লাগে।

 বয়স আৰু অভিজ্ঞতাৰ লগে লগে বিভিন্ন মানুহৰ বিভিন্ন আকৃতি হয়। আজি তুমি যি আখৰ লিখিছা এবছৰ পিচত সেই আখৰৰ আকৃতি কিছু সলনি হব৷ শিক্ষা বিভাগে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ আখৰৰ জোখ বান্ধি দিছে। প্ৰথম শ্ৰেণীয়ে ৩/৪″ আৰু ১″ আখৰ, দ্বিতীয় শ্ৰেণীয়ে ১/২″ আৰু তৃতীয় শ্ৰেণীৰ পৰা [ ১৫ ] ওপৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ১/৪″ৰ আখৰ লিখব লাগে। হাইস্কুল পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে ১/৪″তকৈ ডাঙৰ আখৰ লিখিব নালাগে। আখৰ যিমানে সৰুকে লিখা যায় সিমানে খৰকৈ বেছি আখৰ লিখিব পাৰি।

 বহা পদ্ধতিৰ ওপৰতো আখৰৰ ভাল বেয়া নিৰ্ভৰ কৰে। ডিঙি বেকা কৰি বা পিঠি কুজা কৰি লিখিব নালাগে। লিখাৰ সময়ত মেৰুদণ্ড পোণ কৰি বহিব লাগে। লিখা চিলট বা বহী গাৰ পৰা ১ ফুট আতৰত ৰাখিব লাগে। শুই বা পেট পেলাই লিখা বেয়া অভ্যাস। ডিঙি বেঁকা কৰি মূৰ গোজা মাৰি লিখা অভ্যাসে চকু বেয়া কৰে।

 আমাৰ চকুৰ দৃষ্টি সদায় সৰল ৰেখাত গতি কৰে। কোনো বস্তুলৈ চাই পঠালে চকুৰ পতাৰ দুই কাষৰ মাংসপেশীবোৰ সমানে লৰচৰ কৰে। বেকাঁকৈ চাই পঠালে পতাবোৰ ইফালে-সিফালে টনাটনি কৰে। এনে কৰাৰ ফলত চকুৱে প্ৰয়োজনতকৈ অধিক কষ্ট কৰিব লাগে।

 লিখাৰ সময়ত বাওঁখন হাতেৰে চিলট বা বহীখন ধৰি থাকিব লাগে। তেতিয়া হলে বহীটো লৰচৰ কৰিব নোৱাৰে। বহী অগাপিচা কৰিবলৈ লিখা ঠাইডোখৰ মুকলি হব লাগে। কুচি-মুচি কম ঠাইতে বহি লিখিব নালাগে। কিছুমানে বিছনাত পেট পেলাই লিখে। তেনেকৈ লিখিলে হাতৰ টিপ ঠিক নাথাকে আৰু স্নায়ুৰ শক্তিও অনেক গুনে হ্ৰাস পায়। বহাৰ নিয়ম সদায় আৰামদায়ক হব লাগে। লিখাৰ সময়ত কিছুমানে মুখেৰে গুণ গুণাই সুৰ তোলে। তেনেকৈ সুৰৰ মাজেৰে শব্দ কৰি লিখিলে আখৰৰ লাইন পোন নহৈ বেঁকা ফালে গতি কৰে।

 লিখা ঠাই খিনিত পৰ্য্যাপ্ত পৰিমাণে পোহৰ পৰিব লাগে। পোহৰ কম হলে দীৰ্ঘ সময়ৰ বাবে লিখা বা পঢ়াত মনোনিবেশ কৰিব নোৱাৰি। পোহৰ বাওঁ [ ১৬ ] ফালৰপৰা আহি লিখা ঠাইত পৰিব লাগে। বাওঁফালৰ পৰা অহা পোহৰে মেজ বা কিতাপৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি চকুত নোসোমায়। সম্মুখৰ পৰা অহা পোহৰ বেয়া। ইয়াৰ প্ৰতিফলিত ৰশ্মি লিখোতাৰ চকুত পৰে।

 ওপৰত উল্লেখিত দোষবোৰ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি একান্তমনে লিখি গলে আখৰ বেয়া হব নোৱাৰে।

— × —


আখৰৰ প্ৰকৃত ৰূপ

 আখৰ আমি আটায়ে দেখিছোঁ। নানা ভাষাৰ নানা আখৰ। আমাৰ মনৰ কথাবোৰ কাগজত আখৰেৰে লিপিবদ্ধ কৰিছোঁ। কিন্তু আখৰৰ প্ৰকৃত ৰূপটোলৈ জানো কেতিয়াবা চিন্তা কৰি চাইছো? আখৰৰ পাক যেনেকৈয়ে নাথাকক লিখিব লাগে লিখো, পঢ়িব লাগে পঢ়ো! ভুলে চুকে এসোপা লিখিব পাৰিলেই হ’ল। এনে ভাব এলাহৰ পৰিচায়ক। ইয়াৰ দ্বাৰাই অসাৱধানতাৰ অভ্যাস জন্মে। ছপা আখৰবোৰ অলপ দকৈ মন কৰি চালে আখৰৰ প্ৰকৃত ৰূপ কেনেকুৱা দেখিবলৈ পাবাহঁক।

 বিশ্বব্ৰহ্মাণ্ডৰ সকলো আখৰৰ ৰূপ মাথোন তিনিটা আকাৰত সীমাবদ্ধ। আঁচ [ - ], বিন্দু [ . ] আৰু অৰ্দ্ধ চন্দ্ৰ [৺ ]। এই তিনিটাৰ কমবেছি ব্যৱহাৰতে সকলো আখৰ লিখা হয়৷ [ ১৭ ]  অসমীয়া ভাষাত মুঠ ৫৮ টা আখৰ। ইয়াৰে স্বৰবৰ্ণৰ ১২ টা আৰু বাকী ৪৬ টা ব্যঞ্জন বৰ্ণৰ। +১ আটাইবোৰ আখৰৰে মাত্ৰা একে নহয়। কেতবোৰৰ আকৌ মাত্ৰাৰ ব্যৱহাৰ মুঠেই নাই। সেইবোৰক মাত্ৰাহীন আখৰ বোলে। সাধাৰণতে মাত্ৰা চাৰি প্ৰকাৰ। পূৰ্ণ মাত্ৰা, বাম মাত্ৰা, সোঁ মাত্ৰা আৰু টিক মাত্ৰা।

 আখৰ লিখোতে মাত্ৰাৰ ব্যৱহাৰ ভালদৰে কৰিব লাগে। নহলে অখৰবোৰ বিকৃত হয়। “য’’ পূৰ্ণ মাত্ৰাৰ আখৰ আৰু “খ” টিক মাত্ৰাৰ আখৰ। থ লিখোতে যদি ওপৰত পূৰ্ণমাত্ৰা দিয়া হয় তেনেহলে তেওঁ হয়তো “থ” টোক “য” বুলিয়েই পঢ়িব।

 তাহানি পাঠশালা স্কুলত চিঞৰি চিঞৰি পঢ়া মনত পৰে। তেতিয়া আকাৰ একাৰৰ জ্ঞান তেনেকৈয়ে পাইছিলোঁ। ক’ত কি ব্যৱহাৰ হয় জনা নাছিলোঁ। মাতোতে মাতোতে কণ্ঠস্থ হৈ গৈছিল। অকল কণ্ঠস্থই নহয় দিনে দিনে চিলটত লিখিও দিছিলোঁ৷ নহলে চেকনিৰ কোব খাব লাগে।

 এ ঐ ও ঔ আদি আখৰৰ নিচিনা আকাৰ [া ], একাৰ [ ে], ঐকাৰ [ ৈ], ওকাৰ [ ো ] আৰু ঔকাৰ [ ৌ] মাত্ৰাহীন | সচৰাচৰ ইহঁতৰ মাত্ৰা নাথাকে। কিন্তু শব্দৰ ভিতৰত লিখিব লাগিলে মাত্ৰা বহে। মাত্ৰা দিহে লিখিব লাগে। কেৰ্কেটুৱাই তামোল কুটে, এই বাক্যত “কেৰ্কেটুৱা” শব্দটোৰ আদিতে একাৰ বহা কাৰণে একাৰত মাত্ৰা নাই। কিন্তু ভিতৰত [ দ্বিতীয় আখৰৰ আগত ] থকা বাবে মাত্ৰা বহিল। সেইদৰে “তামোল” শব্দটোৰ আকাৰ আৰু ওকাৰ ভিতৰত থকা বাবে যথাক্ৰমে সোঁ আৰু বাম আৰু সোঁ টিক মাত্ৰা বহিল।

 গৌৰীকান্তই পাঠ পঢ়ে —এই বাক্যত শব্দৰ আদিতে ঔকাৰ বহা বাবে ঔকাৰ মাত্ৰাহীন; কিন্তু ভিতৰত লিখিব লগা হলে সোঁ আৰু বাম দুটা মাত্ৰা দিব লাগিব। হ্ৰস্ব ইকাৰ [ ি ] আৰু দীৰ্ঘ ঈকাৰ [ী ] পূৰ্ণ মাত্ৰাৰ। ইহঁতক য’তেই [ ১৮ ] নিলিখক ইহঁতৰ মাত্ৰাৰ পৰিবৰ্ত্তন নহয়। এই দুটা ইকাৰ ব্যৱহাৰ কৰোতে বহুতৰে ভুল হয়৷ সাধাৰণতে এটা নিয়ম মনত ৰাখিবা ইক প্ৰত্যয়ত সদায় হ্ৰস্ব ইকাৰ হয়। যেনেঃ- সাময়িক। শব্দৰ শেষত যদি তাল প্ৰত্যয় থাকে তেনেহলে আগৰ আখৰৰ দীৰ্ঘ ঈকাৰ হ্ৰস্ব ইকাৰ হয়। যেনেঃ সহযোগী, সহযোগিতা। “ক” পূৰ্ণ মাত্ৰাৰ আখৰ। “ক” লিখিবলৈ হলে পূৰ্ণমাত্ৰাৰ মাজৰ পৰা লিখিব লাগে। সোঁ বা বাম দুই মূৰৰ পৰা মাত্ৰা দি লিখিলে ভুল হব। সেইদৰে জ, ঠ, ড, হ আৰু ড় পূৰ্ণ মাত্ৰাৰ আখৰ।

 ৰ,ণ, স, ব, ম, য়, ৱ শুদ্ধ আখৰ। যদি সোঁফালে মাত্ৰা দিয়া হয় ভুল হব। মূৰ্দ্ধন্য “ণ” মাত্ৰাহীন। মূৰ্দ্ধন্য “ণ” মাত্ৰা দিলে দন্ত্য “ন’’ হব। দন্ত্য “ধ’’ টিক মাত্ৰাৰ আখৰ “ধ’’ৰ ওপৰৰ হাকোটাদাল মাত্ৰাৰ সীমাৰেখাৰ পাৰ হব নেলাগে। অ, ই আৰু হ আখৰটোৰ বাওঁফালে থকা অৰ্দ্ধ চন্দ্ৰৰ মূৰটোৱে মাত্ৰাডাল স্পৰ্শ কৰি থাকিব লাগে।

 হাতৰ আখৰ লিখা এটা অনুকৰণ কৰা কাৰ্য্য। অনুকৰণত বিশেষ পৰ্য্যবেক্ষণ নহলে এনেবোৰ ভুল হোৱা স্বাভাৱিক। সকলোবোৰ আখৰৰ জোখ একে সমান নহয়। কোনোটো সৰু কোনোটো ডাঙৰ। কোন আখৰৰ কোন ভাগ সৰু কোন ভাগ ডাঙৰ ইয়াৰ মাত্ৰা আছেনে নাই; যদি আছে কি মাত্ৰা? দুটা আখৰ বা দুটা শব্দৰ মাজত কিমানখিনি ব্যৱধান এই আটাইবোৰৰ বিচাৰ আৰু পৰ্য্যবেক্ষণৰ দৰ্কাৰ৷

 +১ অসম ৰাজ্যিক পাঠ্য পুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত প্ৰাইমাৰী স্কুলৰ ১ম শ্ৰেণীৰ “কুঁহিপাঠ”ত বৰ্ণমালাৰ সংখ্যা হ্ৰাস কৰি কেৱল ৫২টাহে দিয়া হৈছে। স্বৰবৰ্ণৰ ১১ টা আৰু ব্যঞ্জনবৰ্ণ ৪১টা।

— + —

[ ১৯ ]

হস্তাক্ষৰৰ সাধাৰণ দোষ আৰু
প্ৰতিকাৰ


 হস্তাক্ষৰ লিখা এটা অনুকৰণ কাৰ্য্য। অনুকৰণত বিশেষ পৰ্য্যবেক্ষণ নহলে ভুল হোৱাটো স্বাভাবিক। অনুকৰণ কৰি লিখিলে আখৰ, ধুনীয়া হয়।

 এজন ছাত্ৰই তেওঁৰ পঢ়া কোঠাত চাৰ্ট এখন কৰি ৰাষ্ট্ৰীয় সঙ্গীতটো লিখি থৈছিল। ধুনীয়া আখৰ। আখৰ কেইটাত মোৰ চকু নিবদ্ধ হল। বজাৰত তেনে চাৰ্ট দেখা মনত নপৰে।

 ছাত্ৰজনক সোধাত তেওঁ সেইখন ডাঙৰ আখৰেৰে ছপা কৰা কিতাপ এখনৰ পৰা অনুকৰণ কৰি লিখা বুলি কলে। এনে ধুনীয়াকৈ লিখিছে চালে ছপা কৰা যেন লাগে। অনুকৰণ কৰি লিখা বাবে আখৰকিটাৰ শুদ্ধ আকৃতিয়ে ধুনীয়া দেখাইছিল।

 শুদ্ধ আখৰৰ আকৃতি মনত ৰাখিবলৈ হলে স্মৃতি শক্তিৰো আৱশ্যক। অন্ধ স্কুল বিলাকত ছাত্ৰ-ছাত্ৰী সকলক “ব্ৰেইলী” পদ্ধতিৰে আখৰৰ জ্ঞান দিয়া হয়। ব্ৰেইলী কিছুমান ওখ ওখ আখৰ। অন্ধ ছাত্ৰ-ছাত্ৰী সকলে হাতেৰে স্পৰ্শ কৰি আখৰবোৰৰ আকৃতি মনত ৰাখে। আমি সদায় দেখি থকা আখৰবোৰকে লিখোতে ভুল কৰোঁ। কাৰণ পৰ্যবেক্ষণৰ অভাৱ।

 আখৰ লিখোতে সাধাৰণতে তলত দিয়া দোষবোৰ দেখা যায়।

 ৰুল টনাৰ ভুলৰ বাবেও আখৰ বেয়া হব পাৰে। ৰুল মাৰিডাল আৰু টনা [ ২০ ] আঁচবোৰ পোন হব লাগে। আঁচবোৰ বেঁকা হলে আখৰৰ লাইনো বেঁকা হব। ৰুল মাৰিডাল খহটা হলে ছিৰিছ কাগজ মাৰি সমান কৰি লব লাগে। আখৰৰ লাইন পোণ নোহোৱালৈকে ৰুল কাগজ ব্যৱহাৰ কৰি থাকিব লাগে। প্ৰথম অৱস্থাত ৰুল কাগজ নোহোৱাকৈ আখৰ লিখাটো দোষৰ কাম। অভ্যাস হোৱাৰ পিচত ৰুল কাগজৰ ব্যৱহাৰ পৰিত্যাগ কৰিব লাগে। অগত্যা কাৰোবাৰ লাইন পোণ নহলে প্ৰথম লাইনটো নখেৰে আঁচ মাৰি তলে তলে লিখি যাব পাৰা। প্ৰথম লাইনটো পোণ হলে বাকী লাইনবোৰ আপোনা-আপুনি পোণ হৈ যাব।

 দুটা আখৰৰ মাজত যি ব্যৱধান দুটা শব্দৰ মাজত তাতকৈ বেছি ব্যৱধান থাকে। কেতিয়াবা এটা আখৰেও এটা সম্পূৰ্ণ শব্দৰ অৰ্থ প্ৰকাশ কৰে৷ যেনে—ক, থ, দ, ৰ, ল, হ ইত্যাদি। ইহঁত একোটা আখৰ আৰু একোটা শব্দও। শব্দ হিচাপে ব্যৱহাৰ কৰিলে দুটা শব্দৰ মাজত যিমান খিনি ব্যৱধান সিমানখিনিহে ৰাখিব লাগে। তাতকৈ কম ৰাখিলে সি আখৰ হৈ পৰিব।

 মাত্ৰাৰ দোষৰ পৰাও আখৰ বেয়া হয়। সকলো আখৰৰ মাত্ৰা একে নহয়। কিছুমান আখৰৰ আকৌ মাত্ৰাই নাই। কোন আখৰৰ কি মাত্ৰা ছপা আখৰ চালেই ধৰিব পাৰি।

 সকলো আখৰ একে সমান নহয়। সংযোগীৰ ঞ্চ, ঞ্জ, ঞ্ছ, ণ্ড আদি আখৰ ডাঙৰ। “ঞ্চ’’ লিখিবলৈ হলে ‘ঞ’ৰ তলত ‘চ’ বা ‘চ’ৰ ওপৰত ‘ঞ’ তুলি দি লিখিলে আখৰ দুটা হয়। ঠায়ো লাগে বহুত সেই কাৰণে যুক্তাক্ষৰ বিলাকক কম ঠাইতে পাক মাৰি দুটা আখৰক এটা কৰি লিখা হয়।

 অসম চৰকাৰে অসমীয়া লিখন যন্ত্ৰত যুক্তাক্ষৰ বিলাক ভাঙি ভাঙি এটা এটাকৈ লিখাৰ দিহা কৰিছে। অসমীয়া লিখন যন্ত্ৰত কেতবোৰ অসুবিধা আছে। সেই [ ২১ ] অসুবিধাবোৰ দূৰ কৰাৰ বাবেই তেনে ব্যৱস্থা লোৱা হৈছে। এটা কথা মনত ৰাখিবা যুক্তাক্ষৰ লিখোতে আখৰটো আগৰ বা পিছৰ আখৰতকৈ ডাঙৰকৈ নিলিখিবা। আখৰ সৰুকৈ লিখিলে কম ঠাইতে বেছি আখৰ লিখিব পাৰি।

 ঠাচৰ ভুলৰ বাবেও আখৰ বেয়া হয়। কোনোৱে সোঁফালে, কোনোৱে বাওঁ- ফালে হেলনীয়াকৈ আৰু কোনোৱে জধে-মধে আখৰ লিখে। এই কোনোটো ঠাচেই শুদ্ধ নহয়৷ আখৰ সদায় পোণ ঠাচে লিখিব লাগে। সোঁ বা বাওঁফালে হেলনীয়াকৈ লিখিলে শৰীৰৰ অংগ চালনাত ব্যাঘাত জন্মে। আখৰ পোণকৈ লিখিলে কষ্ট বা জটিলতা অনুভৱ কৰিব নালাগে। পোণ ঠাচে লিখিলে কলমো ভালে থাকে। হেলনীয়াকৈ লিখিলে নিব্ ৰ এফালে প্ৰয়োজনতকৈ অধিক হেঁচা পৰে ফলত নিব্ টোৰ ফাল দুটা সমান নেথাকি এফলে ওপৰলৈ উঠি যায়। তেতিয়া নিব্ টো বেয়া হ’ল বুলি পেলাই এটা নতুন নিব্ লোৱা।

 সংস্কৃতত এষাৰ কথা আছে — “সমানি সমশীৰ্ষানি ঘনানি বিৰলানি চ।’’ হাতৰ আখৰ সমান আৰু গোট গোট হব লাগে। আখৰৰ মূৰ তলে ওপৰে সমান হব লাগে। আখৰবোৰ ঘনঘনকৈ লিখি প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্যৰ মাজত যথেষ্ট ফাক ৰাখিব লাগে। এটা সৰু, এটা ডাঙৰ, এটা ওপৰত, এটা তলত এই ভাবে আখৰ লিখিলে আখৰ দেখিবলৈ ধুনীয়া নহয় আৰু পঢ়িবলৈও উজু নহয়। সকলোবোৰ আখৰ পৰিপাটিকৈ সমানে লিখিলে ঠায়ো লাগে কম আৰু পঢ়িবলৈও সহজ হয়৷ আখৰৰ ঠাচ যেনেকুৱাই নহওক আখৰবোৰ সমান হলে ধুনীয়া দেখায়।

 দুটা শব্দৰ মাজত যিমান ব্যৱধান থাকিব লাগে তাতকৈ বেছি থাকিব লাগে দুটা শাৰীৰ মাজত। কমা (,) চেমিকোলন (;) আদিত দুটা শব্দতকৈ কম ব্যৱধান আৰু ডাৰিত (৷ ) সম্পূৰ্ণ দুটা শব্দৰ মাজৰ ঠাইৰ ব্যৱধান এৰিব লাগে। [ ২২ ] এটা লাইনৰ তলত আন এটা লাইন লিখিবলৈ হলে তলে-ওপৰে সমান ঠাই এৰিব লাগে। এটা লাইনৰ হ্ৰস্ব ইকাৰ আৰু দীৰ্ঘ ঈকাৰ বা হ্ৰস্ব উকাৰ আৰু দীৰ্ঘ উকাৰ আন এটা লাইনৰ ওপৰত বা তলত যাতে নেলাগে তালৈ লক্ষ্য ৰাখিব লাগে।

 আখৰ ভাল কৰাৰ লগে লগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও চকু দিব লাগিব। আখৰ যেনিবা ভালেই হ’ল তাতে যদি লেপথেপকৈ এসোপা চিয়াহী লাগি থাকে তেনেহলে সেই আখৰ ভাল দেখক ছাৰি বেয়াহে দেখাব। কিছুমানে ধূন লগাবলৈ গৈ ঘঁহি ঘঁহি আখৰ বেয়া কৰি পেলায়। পাৰিলে আখৰ এপাকতে লিখি শেষ কৰিব লাগে৷ হাতৰ ঘাম বা চিয়াহীৰ দাগ বহীত নেলাগিবলৈ হাতৰ তলত এখিলা কাগজ লোৱা যুগুত। ওপৰা-ওপৰিকৈ লিখা আঙুলিৰে মোহৰা চিয়াহীৰ দাগ বা টোপাল পেলোৱা এই বিলাক বেয়া অভ্যাস। আখৰ সদায় পৰিষ্কাৰ হব লাগে। থুল-মূলকৈ আখৰ ভাল কৰাৰ উপায় কেইটামানৰ কথা কলোঁ। তোমালোকে চেষ্টা কৰি চাবা।

⸻⸻

[ ২৩ ]

ভাইটিহঁতক কেনেকৈ শিকাবা

 তোমাৰ ভাইটি বা ভন্টীজনীক আখৰ লিখিবলৈ শিকাব লাগে— তুমি কি কৰিবা? প্ৰথমে সিহঁতক লিখিবলৈহে দিবা, আখৰ ভাল কৰিবলৈ নাচাবা৷

 ডেৰ বছৰত শিশুৱে কথা কবলৈ শিকে। তাৰ পিছত ডাঙৰ হৈ পঢ়িবলৈ আৰু তাৰ পিছতহে লিখিবলৈ শিকে। লিখা আৰু পঢ়া দুটা বিভিন্ন বিষয় হলেও দুয়োটা কাম একে সময়তে হয়। শিশুৱে পঢ়াৰ লগে লগে লিখিবলৈও শিকে।

 পাঁচ বছৰলৈকে শিশুৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লেহুকা হৈ থাকে। পাঁচ বছৰৰ পিচত সেইবোৰ লাহে লাহে সক্ৰিয় হৈ উঠিব ধৰে যেতিয়ালৈকে শিশুৱে চক বা পেঞ্চিল ধৰিব পৰা নহয়, যেতিয়ালৈকে সিহঁতৰ আঙুলিৰ মাংসপেশী আৰু পেঞ্চিলৰ লগত মনৰ সংযোগ নঘটে তেতিয়ালৈকে সিহঁতক আখৰ লিখিবলৈ নিশি- কোৱাই ভাল। মনৰ লগত পেঞ্চিল আৰু আঙুলিৰ সংযোগ ঘটাবলৈ হলে প্ৰথমে সিহঁতক ইচ্ছামতে যিহকে ভাল পায় তাকে আঁকিবলৈ দিবা। বিশেষকৈ সিহঁতে আঁচ নাইবা বৃত্ত আঁকি ভাল পায়। আঁচবোৰ অথালিয়ে-পথালিয়ে আৰু বৃত্তবোৰ তলে ওপৰে যেনিয়ে তেনিয়ে যিমান পাৰে আঁকিবলৈ দিবা৷ যেতিয়া সিহঁতৰ আঙুলি- বোৰ সক্ষম হৈ উঠিব তেতিয়া সমজাতীয় আখৰ যেনে—ব ৰ ৱ ক ধ ঝ আদি চক নাইবা পেঞ্চিলেৰে বোৰ্ড নাইবা চিলটত ডাঙৰ ডাঙৰকৈ লিখি তাৰ ওপৰে ওপৰে লিখাবলৈ আৰম্ভ কৰিবা। আঙুলি পূৰঠ নহয় মানে নেৰিবা।

 এনেদৰে কিছুদিন ওপৰে ওপৰে লিখিবলৈ দি তাৰ পিচত সেইবোৰ চাই চাই [ ২৪ ] তলে তলে লিখিবলৈ দিবা। তলে তলে লিখা হোৱাৰ পিচত নোচোৱাকৈ লিখিবলৈ দিবা।

 আখৰ লিখাওঁতে আখৰৰ শুদ্ধ আকৃতি লক্ষ্য কৰিবলৈ দিবা৷ লিখিব পৰা হলে তাৰ পিচত বৰ্ণ যোগ কৰি সৰু সৰু শব্দ লিখিবলৈ দিবা৷ এনে শব্দ দিবা যাতে পূৰ্ণ আখৰটো বিকৃত নহয়। যুক্তাক্ষৰ নিদিয়াই ভাল।

 শিশুৱে নিজৰ নামটো চাই উৎফুল্ল হৈ পৰে। গতিকে প্ৰথমে তাৰ নামটোকে লিখিবলৈ শিকাবা। কাগজ বা চিলটত নামটো লিখি দি তলে তলে তাক চাই লিখিবলৈ দিবা। কেইবাৰমান চাই লিখিবলৈ দি তাৰ পিচত সেইখিনি মচি নোচোৱাকৈ লিখিবলৈ দিবা। নামটো লিখিব পৰা হলে বাকী আন, শব্দবোৰ নিজেই লিখিবলৈ অভ্যাস কৰিব।

 শিশু হলেও বিবেচনা শক্তি সিহঁতৰো আছে। নিজৰ হাতৰ আখৰৰ ভাল বেয়া নিজে যদি উপলব্ধি কৰিব পাৰে তেনেহলে আখৰৰ উন্নতি অতি সোনকালে হব। নিজৰ আখৰৰ ভাল বেয়াৰ বিচাৰক নিজে হব পৰাটো কম কৃতিত্ব নহয়! ছপা আখৰ চাই লিখা অভ্যাস হলে নিজে চিন্তা কৰি নিজৰ মনেৰে লিখিবলৈ দিবা। নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত ধুনীয়াকৈ লিখি দিব পৰাটো নিজৰেই কৃতিত্ব৷

— + —


বিঃ দ্ৰঃ --পৰিশিষ্টত কোন ফালৰ পৰা আখৰ লিখিবলৈ আৰম্ভ কৰিব লাগে কাঁড়

চিনেৰে দেখুৱা হৈছে। [ ২৫ ]

বিৰাম চিহ্ন আৰু তাৰ ব্যৱহাৰ


 বিৰাম চিহ্নৰ ব্যৱহাৰ নাজানিলে লিখা কথা বা বাক্যৰ অৰ্থ ফটফটীয়াকৈ ওলাই নপৰে। আমি কথা কওতে মাজে মাজে জিভাই বিৰাম বা বিশ্ৰাম লয়। জিভাৰ এই বিৰতিৰ সময় নিৰূপণ কৰিবলৈ কথাৰ মাজে মাজে যিবোৰ চিন ব্যৱহাৰ কৰা হয় তাকে বিৰাম চিহ্ন বোলে।

 ক’ত কেতিয়া কেনেকৈ ৰব লাগে বিৰাম চিহ্নবোৰে বুজাই দিয়ে। বিৰাম চিনে লিখকৰ বক্তব্য খিনি পাঠকৰ আগত বিতংভাবে বুজাই দিয়াত সহায় কৰে। বিৰাম চিনবোৰ হ’ল ভাষাৰ ভাব বুজোৱা কিছুমান সংকেত। ভাষাও ভাব প্ৰকাশৰ সংকেত। সেই কাৰণে যি কথাই নহওক লিখাৰ লগে লগে বিৰাম চিহ্ন ব্যৱহাৰ কৰিব লাগে।

 লিখকে ব্যক্ত কৰিব খোজা কথাখিনিৰ ভাব প্ৰকাশক সাংকেতিক চিহ্নৰে পাঠকক বুজাই দিয়ে; যাতে পাঠকে তেওঁৰ কথাখিনি পঢ়ি বা শুনি তেওঁক ভুল নুবুজে। সেই বাবেই বিৰাম চিহ্ন ব্যৱহাৰ কৰা হয়। ধৰা, দেউতাকে পোনাকণক কৈছে—তুমি খালা। এই বাক্যটো কি ভাবত পোনাকণক কৈছে সেইখিনি আমি বিৰম চিহ্ন চাই কব পাৰিম। যদি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিহ্ন থাকে তেনেহলে আমি প্ৰশ্ন কৰা বুলি জানিম। যদি আশ্চৰ্য্য বা ভাব বোধক চিন থাকে তেনেহলে আচৰিত ভাবে সোধা বুলি জানিম। যদি ডাড়ি বা ছেদ থাকে তেনেহলে সাধাৰণ বিবৃতি কৰা বুলি জানিম। এনেদৰে বিৰাম চিহ্নবোৰে লিখকৰ ভাব প্ৰকাশ কৰাত সহায় কৰে। [ ২৬ ]  বিৰাম চিহ্ন কেইবা প্ৰকাৰৰো আছে। তাৰে ভিতৰত কমা বহু প্ৰকাৰত ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে কমা ( , ), ছেমিকোলন ( ; ) আৰু ডাড়িত (। ) এক, দুই, তিনি গণনা কৰোতে যিমান সময় লাগে এই বিৰাম চিহ্ন বোৰত যথাক্ৰমে সিমান সময় ৰব লাগে।

 যঁতি—কেতিয়াবা বিৰাম চিহ্ন নাথাকিলেও অৰ্থ অনুসাৰে অ’ত ত’ত ৰবলগীয়া হয়। তাকে যঁতি বোলে। যেনেঃ— সুমথিৰা খাবলৈ ভাল। এই বাক্যৰ ‘সুমথিৰা’ শব্দত অধিক জোৰ দিয়া হৈছে। সুমথিৰা শব্দৰ শেষত বিৰাম চিহ্ন নাথাকিলেও পঢ়োতে বাক্যটো চাই কিছু সময় ৰব লাগে। পাঠৰ প্ৰকৃত অৰ্থ উলিয়াবলৈ পঢ়াৰ সময়ত অৰ্থ অনুসাৰে বাক্যৰ কোনো কোনো শব্দত অধিক জোৰ দি পঢ়িব লাগে। লিখাৰ সময়ত বিৰাম চিহ্ন শুদ্ধ ভাবে স্থাপন কৰিব লাগে।

 কমা ( , )

 বিৰাম চিহ্নৰ ভিতৰত কমাৰ ব্যৱহাৰেই অধিক। সচৰাচৰ তলত দিয়া কাৰণ বোৰত আমি কমা বেচিকৈ ব্যৱহাৰ কৰোঁ৷

 (১) বহুতো বিশেষ্য পদ বা বিশেষণ পদ একেলগে থাকিলে শেষৰটো এৰি আগৰ কেইটাৰ শেষত কমা চিন দিয়া হয়। যেনে :-

 (ক) আম, কঠাল, আনাৰস, সুমথিৰা, মধুৰি আম খাবলৈ সোৱাদ।

 (খ) ৰাম গুণী, জ্ঞানী, মানী, দয়ালু আৰু সত্যবাদী ৰজা আছিল।

 (২) দীঘলীয়া সংখ্যাৰ মাজে মাজে কমা চিন দিয়া হয়। যেনে : ১২,৩১,৭৯,৮২৫ (বাৰ কোটি, একত্ৰিশ লাখ, উনআশী হাজাৰ, আঠশ পঁচিশ )

 (৩) সৰু সৰু বাক্যবোৰ কমাৰে যোগ কৰা হয়। যেনে :— ওচৰলৈ আহা, এই টকা ছটা নিয়া, যি কিনা কিনিবা, মোক ধাৰ সুজিব নালাগে। [ ২৭ ]  চেমি কোলন ( ; )

 সম্বন্ধ থকা দুটা বাক্য বেলেগ কৰি দেখুৱাবলৈ চেমি কোলন ব্যৱহাৰ কৰা হয়। যেনে :— তুমি আহিবা; মই আগতেই জানো।

 কোলন ( : )

 নিয়মিত উদ্ধৃতি দিবৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়। যেনে :— নিউটনে কৈছে : “বস্তু মাত্ৰেই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে।”

 কোলন ডেচ ( :- )

 কোনো উদাহৰণ দিলে এই চিন দিয়া হয়। যেনে :— ৰাষ্ট্ৰীয় পতাকাৰ ৰং তিনিটা৷ যেনে :- গেৰুৱা, বগা আৰু সেউজীয়া।

 দাড়ি বা ছেদ ( ৷ )

 বাক্য শেষ হোৱা বুজাবলৈ এই চিন দিয়া হয়। যেনে :— পদুম ফুল বোকাত জন্মে।

 আশ্চৰ্য্যবোধক চিন ( ! )

 আশ্চৰ্য্য ভাব প্ৰকাশ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা যায়। যেনে :— আই ঔ! মৰিলোঁ!!

 প্ৰশ্নবোধক চিন ( ? )

 প্ৰশ্ন সোধোতে এই চিন ব্যৱহাৰ কৰা হয়। যেনে:—তুমি কোন শ্ৰেণীত পঢ়া?

 পৰিচ্ছেদ ( § )

 লিখা কথা বা কোনো ঠাইত উল্লেখ কৰিবলগীয়া হলে এই চিন ব্যৱহাৰ কৰা হয়। যেনে:—মৃত্যু কি? এই বিষয়ে গীতাত উল্লেখ আছে। ( §সংখ্যা যোগ দ্ৰষ্টব্য)। [ ২৮ ] লোপ চিন ( ...... বা ★★★ )

 লিখাৰ সময়ত কোনো অংশ ইচ্ছা কৰি বাদ দিলে সেই ঠাইত লোপ চিন দিয়া হয়। যেনেঃ--“মোক পৰমেশ্বৰে সকলো শক্তিয়েই দিছে ........ আনৰ ওপৰত কিয় নিৰ্ভৰ কৰিম?”

হাইফেন ( - )

 বহুত শব্দৰ মাজত অৰ্থৰ একতা আনিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনেঃ— তেওঁ লিখিব নোৱাৰা-গণিব নোৱাৰা বুজাব নোৱাৰা-জুখিব নোৱাৰা-অপাৰ- অশেষ-ভাল পোৱা-মৰম যাচিলে।

ডেচ ( — )

 বাক্যৰ কোনো অংশত জোৰ দিবলৈ নাইবা ঢিলাই দিবলৈ এই চিন দিয়া হয়। যেনেঃ—ভাৰতবৰ্ষ দেশটো নহয় —ই যেনিবা বিশ্বৰ যাদুঘৰ।

চন্দ্ৰ বন্ধনী ( ( ) )

 বাক্য বা বাক্যৰ ভিতৰৰ কোনো কঠিন শব্দৰ অৰ্থ দেখুৱাব লগা হলে এই চিনৰ ভিতৰত দেখুওৱা হয়। যেনেঃ— অসমত বিভিন্ন জাতৰ খেচ’ৰ ( চৰাই ) আছে ৷

কুটিল বন্ধনী ({ })

 একাষে লিখা কেইবাটাও শাৰীৰ কথা সিকাষে এটা শাৰীতে লিখি শেষ কৰিব। লগীয়া হলে এই চিন ব্যৱহাৰ কৰা হয়। যেনেঃ—

সুৰেশ
যতীন
ৰমেশ
দিবাকৰ
আটাই কেয়োজন ভাই ককাই৷
 
[ ২৯ ]
বৰ বন্ধনী ( [ ] )

 বাক্যৰ লগত সম্পৰ্ক নথকা কথা বুজাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে – শ্ৰেণীত শিক্ষকে বুজাই আছিল, হঠাৎ বিপিনক অন্য মনস্ক হোৱা যেন দেখি প্ৰশ্ন কৰিলে; “কোৱা মই কি কৈছো?” [ বিপিন নিমাত, কি কব ভাবিব ধৰিলে। ]

উদ্ধৃতি (“ ” বা ‘ ’)

 কোনোৱে কোৱা কথা হুবহু তুলি দিলে এই চিন দিয়া হয়। যেনে? :- ডঃ কাকতিদেৱে কৈছে—“সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা।”

উৰ্ধ কমা (')

 কোনো শব্দৰ ধ্বনি লোপ হলে সেই শব্দৰ পাচ ফালে ওপৰত উৰ্ধ কমা দিয়া হয়। যেনে:— মই আক’ (আকৌ ) যাবলৈ ওলাইছিলোঁ।

যুৰীয়া কমা (”)

 ওপৰত লিখা কথা তলত আকৌ সেই কথাকে লিখিব লগা হলে বাৰে বাৰে কথাখিনি নিলিখি যুৰীয়া কমা দি বুজোৱা হয়। যেনে :-

কি কি মুদ্ৰা লগ লাগি পইচা হয়।
” ।
১০ ” ।
কাটকুট (^)

 লিখোতে বাক্যৰ ভিতৰত কোনো শব্দ ৰৈ গলে পিচত সেই শব্দ লিখিব লগা হলে সেই ঠাইৰ তলত কাটকুট চিন দি ওপৰত শব্দটো লিখা হয়। যেনে –

ঘৰ
‘দেশেই নাট ^ ৰাইজেই ভাৱৰীয়।”
[ ৩০ ]

 তৰা (★) অসি (+) যুৰীয়া অসি ( ≠ )

 ওপৰত লিখা কথাৰ তলত সেই বিষয়ে টোকা বা ব্যাখ্যা দিব লগা হলে এই চিন দিয়া হয়। যেনে: জিৰো★ কি নিমিত্তে বিখ্যাত তাক সোধা হৈছিল।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

★ অৰুণাচল ৰাজ্যৰ সোৱনশিৰী অঞ্চলৰ সদৰ ঠাই।

⸺⸺


পৰিশিষ্ট

কেতবোৰ জ্ঞাতব্য বিষয় জানি থোৱা ভাল

লিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী

 পাখী কলম—

 এইবিধ কলম চৰাইৰ পাখীৰ পৰা কৰা হয়। ভাৰতত বিশেষকৈ ম’ৰা চৰাইৰ পাখী কলমৰ বাবে উৎকৃষ্ট। নিব্ ৰ দৰে পাখীৰ আগটো কাটি চাচি-চুৰুকি জোঙা কৰি সমানে ফালি লব লাগে।

 হেণ্ডেল কলম—

 কাঠৰ নলত নিব্ খুৱাই লোৱা এইবিধ সঁজুলিৰে লিখিলে কাগজত আখৰ দকৈ বহি যায়৷ কাগজ কাটি চিয়াহী সোমায় যায় বাবে আখৰ উজ্জ্বল আৰু দীৰ্ঘ- স্থায়ী হয়। [ ৩১ ]  খাগৰি ঢেঁকীয়া আৰু চেকনি কলম —

 এইবিধ কলমেৰে পোষ্টাৰত ডাঙৰ আখৰ লিখিব পাৰি। কিছুমানে ডাঙৰ আখৰ লিখিবলৈ মৰাপাটৰ কাই নাইবা বিড়ি কলম হিচাপে ব্যৱহাৰ কৰে।

 মাটি পেঞ্চিল—

 এইবিধ পেঞ্চিলেৰে চিলটত লিখিব পাৰি।

 কাঠ পেঞ্চিল—

 ইয়াৰে আখৰ লিখিলে আখৰ ৰবৰেৰে মচিব পাৰি। কাঠ পেঞ্চিল দুই প্ৰকাৰৰ। এবিধ ঢিলা আৰু আনবিধ টান। যিবিলাক পেঞ্চিলৰ গাত H. B. লিখা থাকে সেই বিলাক সাধাৰণ পেঞ্চিল। যিবিলাকৰ গাত B বুলি লিখা থাকে সেই বিলাক কলা। 2B বিলাক ঢিলা আৰু কলা। 3B বিলাক বেচি ঢিলা আৰু কলা। 4B, 5B আৰু 6B বিলাক বিশেষ ধৰণৰ বেচি ঢিলা আৰু কলা পেঞ্চিল।

 ৰঙিল পেঞ্চিল—

 চিত্ৰ আঁকোতে বিভিন্ন ৰঙিল পেঞ্চিল ব্যৱহাৰ কৰা হয়। বজাৰত বিভিন্ন ৰঙৰ পেঞ্চিল কিনিবলৈ পোৱা যায়।

 কাৰবন পেঞ্চিল—

 কাঠ পেঞ্চিলৰ নিচিনা ইয়ো এবিধ ঢিলা কলা পেঞ্চিল। ইয়াৰো ভাগ আছে। যিবিলাকৰ গাত B বুলি লিখা থাকে সেই বিলাক সাধাৰণ কলা। যিবিলাকৰ গাত BB লিখা থাকে সেই বিলাক বেচি কলা আৰু যিবিলাকৰ গাত BBB লিখা থাকে সেই বিলাক খুউব ঢিলা আৰু বেচি কলা।

 চক পেঞ্চিল—

 চ’ক পেঞ্চিলেৰে স্কুল কলেজৰ ব্লেক বোৰ্ডত লিখা হয়। ইয়াক বিভিন্ন [ ৩২ ] ৰঙৰ কৰি লব পাৰি।

 তুলি—

 জন্তুৰ নোমৰ সৰু ব্ৰাচ। ইয়াৰে যেনে ধৰণে ইচ্ছা কৰা যায় তেনে ধৰণে লিখিব আৰু আঁকিব পৰা যায়। চেপেটা, গোল, জোঙা বিভিন্ন আকৃতিৰ তুলি পোৱা যায়। ইয়াৰ গাত কাঠৰ নাল লগোৱা থাকে।

 ফাউন্টেন পেন—

 ষ্টিলৰ নিব্ লগোৱা চিয়াহী ভৰাই লৈ ফুৰিব পৰা এবিধ প্লাষ্টিকৰ সঁজুলি। ইয়াক সকলোতে পোৱা যায় আৰু সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

 ড্ৰপাৰ পেন—

 ফাউন্টেন পেনৰ নিচিনাই ষ্টিল নাইবা প্লাষ্টিকেৰে সজোৱা। ইয়াৰ চিয়াহী ৰবৰৰ দীঘল মোনা এখনৰ ভিতৰত থাকে। নিব্ ৰ আগটোৰ বাহিৰে বাকী অংশ দেখা পোৱা নেযায়।

 বোপেন—

 কাটা কম্পাচৰ নিচিনা এই বিধ সঁজুলি বৃত্ত অঁকাত ব্যৱহাৰ হয়। বৃত্তৰ পৰিধি ডাঙৰ সৰু কৰিব পাৰি।

 দ’ত পেন—

 ইয়াৰ চিয়াহী প্লাষ্টিকৰ পাইপ এডালৰ ভিতৰত থাকে। চিয়াহীবোৰ গোটা। ইয়াত বেলেগে নিব্ নাথাকে। পাইপডালৰ মূৰটোত এটা নিকেলৰ টোপ আছে। টিপা মাৰি মূল কলমৰ পৰা মুৰটো ওলোৱা সোমোৱা কৰিব পাৰি।

 লাইন পেন—

 স্কেল নোহোৱাকৈ এইবিধ সঁজুলিৰে আঁচ পোন কৰিব পাৰি। আচবোৰ [ ৩৩ ] আৱশ্যক অনুসৰি ডাঙৰ বা সৰু কৰিব পাৰি।

 স্কেল—

 লিখাৰ সময়ত আঁচ টানিবলৈ স্কেল ব্যৱহাৰ কৰা হয়। সমান জোখত খৰকৈ আঁচ টানিবলৈ গোটা কাঠৰ ৰোলমাৰি ব্যৱহাৰ কৰিব পাৰি।

 কাগজ—

 ৰুচি অনুযায়ী লিখিবলৈ বিভিন্ন ৰঙৰ বিভিন্ন জোখৰ কাগজ ব্যৱহাৰ কৰিব পাৰি। বিভিন্ন জোখৰ কাগজৰ নাম পিচৰ এটা অধ্যায়ত সন্নিবিষ্ট কৰা হৈছে।

 চিয়াহী—

 বিভিন্ন কাগজত বিভিন্ন ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিব পাৰি।

 ব্লটিং পেপাৰ

 লিখা আখৰ শুকাবলৈ এইবিধ কাগজ ব্যৱহাৰ কৰা হয়। ইয়াৰ গুণ শোষণ কৰা। আখৰৰ ওপৰত হেচা দিলেই ই চিয়াহী শুহি লয়।

 চাফা কাগজ এখিলা—

 লিখাৰ সময়ত হাত থবলৈ এখিলা চাফা কাগজ লব লাগে। তেনেকৈ কাগজ ললে হাতৰ দাগ লিখা কাগজত নালাগে।

 কাঠ বোৰ্ড বা পিচ বোৰ্ড এখন—

 শুদা মাটিত বহি নাইবা থিয় হৈ লিখাৰ সময়ত লিখা কাগজ থবলৈ এই বোৰ্ড ব্যৱহাৰ কৰা হয়। ইয়াক প্লাইউদ নাইবা ডাঠ বাকলাৰে কৰি লব পাৰি। [ ৩৪ ]

আখৰ কোন ফালৰ পৰা আৰম্ভ কৰিবা : চাৰ্টৰ নমুনা

[ ৩৫ ]

অসংযুক্ত আৰু সংযুক্ত আখৰ

 অসংযুক্ত-

 এটা আখৰক অসংযুক্ত আখৰ বুলি কোৱা হয়। স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ আটাইবোৰ আখৰেই অসংযুক্ত। তাৰে ভিতৰত পৰস্পৰে মিল থকা কেইটামান আখৰ হল-

ড়
য়
ঢ়

 সংযুক্ত-

 এটাতকৈ বেছি আখৰ লগ হৈ এটা হোৱাকে সংযুক্ত আখৰ বোলে। সিপিঠিত দিয়াবোৰ সংযুক্ত আখৰ। [ ৩৬ ]

ঙ্কু
ঙ্ক্ষু
ঞ্ছু
ন্দু
ত্ত
ৰ্ত্তৃ
ন্ঠ
দ্ধ্ব
ন্ত্ব
চ্ছু
ম্নু
প্ম
ড্গ

ঙ্কৃ
ণ্ডু
ঞ্জু
ম্দ্ধ
ক্তৃ
ৰ্ত্তি
ন্ঠি
ৰ্দ্ধ্ব
ক্কু
চ্ছৃ
ৰ্দ্ধ
প্স
ড্ড

ঙ্খু
ম্ভু
ম্পু
স্তু
জ্ব
ণ্ট
দ্দ
ন্দ্ব
ট্ট
চ্ছ্ৰ
ত্থ
ক্স
ল্গু

ঙ্গু
গু
ম্ফু
ঞ্চূ
জ্জ্ব
ণ্টি
দ্দৃ
ন্ধ্ব
ট্টি
ৰ্চ্ছ
ৰ্ব্ভ
ল্গ
ফ্ল

ঙ্ঘু
ঞ্চু
ম্ত্ত
ম্ভ্ৰ
ত্তৃ
ণ্টী
দ্দ্ব
ন্ধ্ৰ
ৰ্জ্জু
ল্লু
প্ল
ল্ড
ম্ৰু

[ ৩৭ ]

শ্ৰু
দ্ৰু
ব্ৰূ
ষ্ট্ৰী
ব্লু
শ্চ
জ্ন
ঙ্খু
শ্ন
স্ফু
দ্ভু
স্ক্ৰু
স্ত্ৰু

ভু
ত্ৰু
প্ৰূ
ষ্ট্ৰি
ফ্লু
শ্ছ
চ্ঞ
ৰ্শ্ব
থ্ব
হ্ম
হ্ল
স্থু
স্কু

ব্ৰু
স্ৰূ
ধ্ৰূ
ষ্টী
প্লু
ব্জ
ষ্টু
হ্ন
শ্ৰী
ক্ৰ
ন্দ্ৰ
ন্মু
স্ৰ

প্ৰু
শ্ৰূ
দ্ধ্ৰ
ষ্ট্ৰ
স্খ
ব্ঝ
গ্ধ
হ্ণ
খ্ৰী
ক্ৰু
স্পৃ
হ্ৰ
ষ্প্ৰ

ধ্ৰু
ভ্ৰূ
ত্ৰূ
ষ্ঠি
গ্দ
জ্ঞ
ষ্ণু
ধ্ন
স্পু
ম্প্ৰ
স্কৃ
ক্ষ্ব
দ্ভূ

[ ৩৮ ]

আকৃতি অনুসাৰে প্ৰেছৰ আখৰৰ নাম

(১) নন পাৰেল (২) মিনিয়ন (৩) ব্ৰিভিয়াৰ (৪) বৰ্জ্জাইচ (৫) পাইকা (৬) স্মল পাইকা (৭) টু লাইন পাইকা (৮) টু লাইন স্মলপাইকা (৯) পাইকা এণ্টিক (১০) স্মল পাইফা এণ্টিক (১১) গ্ৰেট এণ্টিক (১২) গ্ৰেট প্ৰাইমাৰ (১৩) লং প্ৰাইমাৰ (১৪) ডাবল গ্ৰেট (১৫) ডাব গ্ৰেট কম্প্ৰেচ।

 এই বিলাক সৰু আখৰ য'তে ত’তে ব্যৱহাৰ কৰিব পাৰি।ইয়াতকৈও ডাঙৰ আখৰ আছে। ডাঙৰ আখৰ কম ব্যৱহাৰ হয়।


বিভিন্ন জোখৰ কিছুমান কাগজৰ নাম

  1. পট্, ডবল পট
  2. ফুলস্কেপ, ডবল ফুলস্কেপ
  3. ক্ৰাউন, ডবল ক্ৰাউন, কোয়াৰ্ড ক্ৰাউন
  4. ডিমাই, ডবল ডিমাই, কোয়াৰ্ড ডিমাই।
  5. ৰয়েল, ডবল ৰয়েল, চুপাৰ ৰয়েল, কোয়াৰ্ড ৰয়েল।
  6. পোষ্ট, লাৰ্জ পোষ্ট।
  7. মিডিয়ম।
  8. ইম্পিৰিয়েল।
  9. নিউজপ্ৰিণ্ট।

[ ৩৯ ]

কি কাগজত কি চিয়াহী খাটে

 বগা, ঘা-বৰণীয়া, ক্ৰীম, সূৰ্য্যমুখী আৰু পাতল ৰঙৰ যি কোনো কাগজত গাঢ় যি কোনো ৰঙেই খাটে।

 সেউজীয়া কাগজত—

 কলা, ৰঙা, মুগা, মেৰুণ, বেঙেনা ফুলীয়া, কমলা, ক্ৰীম, সূৰ্য্যমুখী আৰু পিতল বৰণ।

 হালধীয়া কাগজত—

 কলা, গাঢ় সেউজীয়া, মাহবৰণীয়া সেউজীয়া, পিতল বৰণীয়া সেউজীয়া, ৰঙা, মেৰুণ, বেঙেনা ফুলীয়া, মুগা বৰণীয়া, নীলা, আকশী নীলা আৰু পকা নীলা।

 পাতল গোলাপী কাগজত—

 ৰঙা, কলা, বেঙেনা ফুলীয়া, পিতল বৰণীয়া, সেউজীয়া, মাহ বৰণীয়া সেউজীয়া আৰু গাঢ় সেউজীয়া৷

 বাদামী কাগজত—

 কলা, ৰঙা, মেৰুণ, বেঙেনা ফুলীয়া, পাতল নীলা, মাহ বৰণীয়া সেউজীয়া আৰু গাঢ় সেউজীয়া।

 বেঙেনাফুলীয়া কাগজত—

 বগা, ৰঙা, হালধীয়া আৰু ক্ৰীম।

 নীলা কাগজত—

 বগা, ৰঙা, হালধীয়া, গোলাপী, বেঙেনা ফুলীয়া, কলা, সেউজীয়া, কমলা, মাহ বৰণীয়া, সূৰুযমুখী আৰু পাতল কমলা।

 পিতল বৰণীয়া কাগজত—

 সোণালী, ৰূপালী, তামবৰণীয়া ৰঙা, নীলা আৰু সেউজীয়া। [ ৪০ ]

কি চিয়াহী (ৰং) মিহলালে কি চিয়াহী হয়

 মূল ৰং তিনিটা। ৰঙা, নীলা আৰু হালধীয়া। ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত কমলা, নীলা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সেউজীয়া, ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত বেঙেনা ফুলীয়া ৰঙৰ সৃষ্টি হয়। ইয়াৰউপৰি তলত দিয়া ধৰণে মিহলাই বিভিন্ন ৰঙৰ সৃষ্টি কৰিব পাৰি।

কলা+বগা = মাটিয়া।
বগা+ৰঙা =গোলাপী।
কলা+নীলা =গাঢ় নীলা।
কলা+হালধীয়া= পিতল বৰণীয়া সেউজীয়া।
ৰঙা + নীলা = মেৰুন।
নীলা+বগা = পাতল নীলা।
পিতল নীলা + বগা = আকাশী নীলা।
ৰঙা + পিতল নীলা =বেঙেনা ফুলীয়া।
কলা+ৰঙা+হালধীয়া =পাতল মুগা।
কলা+নীলা+হালধীয়া = গাঢ় সেউজীয়া।
কলা+হালধীয়া + পিতল নীলা =ঘন সেউজীয়া।
ৰঙা+হালধীয়া+নীলা =মুগা।
ৰঙা + হালধীয়া + পিতল নীলা = ঘন কলা
হালধীয়া + ৰঙা + বগা = উজ্জ্বল ৰঙা।


[ ৪১ ]

কেইটামান চিয়াহী প্ৰস্তুত কৰা প্ৰণালী

 ঘৰতে কৰিব পৰা তিনিটা প্ৰণালী।

 ১ম প্ৰণালী—

 চাউল ভাজি দোৱাই তপতে তপতে গুৰি কৰি পানীত গুলি চেকি লৈ লিখা চিয়াহী কৰিব পাৰি।

 ২য় প্ৰণালী—

 ডেৱা গছৰ ছাল পটাত থেতেলাই পানীত সিজাই জোখ মতে পানী শোহাই ললে চিয়াহী হয়।

 ৩য় প্ৰণালী—

 কেচা বা শুকান শিলিখা খুন্দি লো এডোখৰ দি এসপ্তাহমান পানীত ডুবাই থৈ তাৰ পিচত লো ডোখোৰ গুচাই পানীখিনি চেকি তপতাই উপযুক্ত অনুমান কৰি পানী ৰাখিলেই চিয়াহী হয়।

 ৪ৰ্থ প্ৰণালী—

 বজাৰত সেন্দুৰ কিনিবলৈ পোৱা যায়। প্ৰথমে সেন্দুৰ খিনি কিস্তিত ভাল দৰে মাৰিলৈ তাৰ পিচত গৰম পানী মিহলাই যিমান পাৰা যায় মাৰি লব লাগে। মাৰোতে মিহি হোৱা যেন পালে আন্দাজ কৰি চাউল খচা পানী দিলে লিখা চিয়াহী হয়।

 ৫ম প্ৰণালী—

 মাজুফল, হিৰাকষ গছ আৰু ভাল চাফা চেনী বেলেগে বেলেগে ৰ’দত শুকাই [ ৪২ ] গুৰি কৰি পানীত মিহলালে লিখা চিয়াহী প্ৰস্তুত হয়।

 ৬ষ্ঠ প্ৰণালী—

 মাজুফল, হিৰাকষ আৰু খয়ৰ দিও চিয়াহী কৰিব পাৰি। প্ৰথমে মাজুফল খিনি গুৰা কৰি কেইদিনমান পানীত তিয়াই থব লাগে। তাৰ পিচত পানীখিনি অধিক জাল দি তপতাই আন্দাজ কৰি খয়ৰ আৰু হিৰাকষ দি আকৌ সিজাব লাগে বাৰম্বাৰ সিজাই থাকোতে পানীখিনি কলা ৰং ধৰিব। পানীখিনি জুইৰ পৰা নমাই পাতল কাণিৰে চেকিলৈ দহদিন মান এনেয়ে থব লাগে। তাৰ পিচত আকৌ চেকিলৈ কিছু নীল আৰু মেজেণ্টৰ দিলে উত্তম চিয়াহী তৈয়াৰ হয়।

 ৭ম প্ৰণালী—

 বকম কাঠ আৰু মাজুফল থেতেলাই সিদ্ধ কৰি গম মিহলাই ৫/৬ দিন থব লাগে। তাৰ পিচত হিৰাকষ গুৰা কৰি আৰু ১০/১২ দিন ৰাখি চেকি পেলালে কলা চিয়াহী প্ৰস্তুত হব।

 অষ্টম প্ৰণালী—

 চেনী আৰু মাজুফল গুৰিকৰি এসপ্তাহমান পানীত তিয়াই দিনে দুবাৰকৈ লাৰি থাকিব। তাৰ পিচত চেকিলৈ চালফিউৰিক এচিড আৰু হিৰাকষ মিহলালে সুন্দৰ নীলা-কলা চিয়াহী হয়।

 ইয়াৰ উপৰিও নানান প্ৰক্ৰিয়াৰে নীলা, ৰঙা, সেউজীয়া, বেঙেতা ফুলীয়া, হালধীয়া আদি বিভিন্ন ৰঙৰ চিয়াহী প্ৰস্তুত কৰিব পাৰি।

সমাপ্ত

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।