পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬ ]

মিছৰীয় চিত্ৰ পদ্ধতি— ২

 আফ্ৰিকা মহাদেশৰ মিছৰ বা ইজিপ্ত এখন অদ্ভুত দেশ। সেই দেশত ওখ পাহাৰ বা পৰ্ব্বত দেখিবলৈ পোৱা নেযায়। মাজেৰে নীলনদী প্ৰবাহিত হৈছে। নীল নদীৰ পাৰত গঢ়ি উঠা সভ্যতাকে ‘নীল সভ্যতা’ বোলা হয়। এই নীল সভ্যতাৰে কথা।

 চুমেৰীয় সকলৰ দৰে মিছৰীয় সকলৰ মাজতো আখৰৰ সৃষ্টি হোৱা নাছিল। তেওঁলোকে আখৰৰ পৰিবৰ্ত্তে কিছুমান চিহ্নহে ব্যৱহাৰ কৰিছিল। চিনবোৰ চিত্ৰবোধক আছিল৷ মানুহক বুজাবলৈ মানুহৰ ছবি আৰু জন্তুক বুজাবলৈ জন্তুৰ ছবি আঁকিছিল। হাতত লাখুতি লোৱা কুজা মানুহৰ ছবিয়ে বৃদ্ধাবস্থা বুজাইছিল। পিছত এই ভাববোধক চিহ্নবোৰ অনুকৰণ কৰিয়েই ইজিপ্তত আখৰৰ সৃষ্টি হয়। ফিনিচিয়ান সকলে ইজিপ্তৰ আখৰৰ কিছু সালসলনি কৰি ভাৰত আৰু ইউৰোপক দান কৰা বুলি কিছুমানে কয়। তেওঁলোকে ভাৰতৰ ব্ৰাহ্মী আখৰ ইজিপ্তৰ আখৰৰেই ৰূপান্তৰ বুলি ভাবে। ইজিপ্তৰ পুৰণি হাতৰ আখৰৰ চানেকী তলত দিয়া সম্বলবোৰত পোৱা যায়। পৰ্ব্বতৰ গাত থকা ডাঙৰ শিল, মানুহে কটা তিনি বা চাৰি শিৰীয়া শিলাস্তম্ভ, সোৱৰণী গৃহ, বা ‘পিৰামিড’ আৰু দেৱালয়বোৰত।

 পিৰামিডৰ বেৰত লিখা আখৰৰ পৰা প্ৰাচীন ইজিপ্তৰ বহু কথা জানিব পাৰি। পিৰামিডবোৰ ইজিপ্তৰ পুৰণি ৰজা-ৰাণীৰ একোটি সমাধি গৃহ। প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ ছটাৰে এই পিৰামিডবোৰ নিৰ্ম্মিত। ত্ৰিকোণাকাৰ পিৰামিডবোৰৰ তিনিওটা ফাল ওপৰত গৈ শীৰ্ষ বিন্দুত লগ লাগিছে৷ পিৰামিডবোৰ প্ৰাচীন পৃথিবীৰ সপ্তাশ্বৰ্য্যৰ ভিতৰত অন্যতম। ইয়াৰ বেৰত বটালিৰে আখৰ কাটি ৰং বলোৱা