পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২০ ]


আঁচবোৰ পোন হব লাগে। আঁচবোৰ বেঁকা হলে আখৰৰ লাইনো বেঁকা হব। ৰুল মাৰিডাল খহটা হলে ছিৰিছ কাগজ মাৰি সমান কৰি লব লাগে। আখৰৰ লাইন পোণ নোহোৱালৈকে ৰুল কাগজ ব্যৱহাৰ কৰি থাকিব লাগে। প্ৰথম অৱস্থাত ৰুল কাগজ নোহোৱাকৈ আখৰ লিখাটো দোষৰ কাম। অভ্যাস হোৱাৰ পিচত ৰুল কাগজৰ ব্যৱহাৰ পৰিত্যাগ কৰিব লাগে। অগত্যা কাৰোবাৰ লাইন পোণ নহলে প্ৰথম লাইনটো নখেৰে আঁচ মাৰি তলে তলে লিখি যাব পাৰা। প্ৰথম লাইনটো পোণ হলে বাকী লাইনবোৰ আপোনা-আপুনি পোণ হৈ যাব।

 দুটা আখৰৰ মাজত যি ব্যৱধান দুটা শব্দৰ মাজত তাতকৈ বেছি ব্যৱধান থাকে। কেতিয়াবা এটা আখৰেও এটা সম্পূৰ্ণ শব্দৰ অৰ্থ প্ৰকাশ কৰে৷ যেনে—ক, থ, দ, ৰ, ল, হ ইত্যাদি। ইহঁত একোটা আখৰ আৰু একোটা শব্দও। শব্দ হিচাপে ব্যৱহাৰ কৰিলে দুটা শব্দৰ মাজত যিমান খিনি ব্যৱধান সিমানখিনিহে ৰাখিব লাগে। তাতকৈ কম ৰাখিলে সি আখৰ হৈ পৰিব।

 মাত্ৰাৰ দোষৰ পৰাও আখৰ বেয়া হয়। সকলো আখৰৰ মাত্ৰা একে নহয়। কিছুমান আখৰৰ আকৌ মাত্ৰাই নাই। কোন আখৰৰ কি মাত্ৰা ছপা আখৰ চালেই ধৰিব পাৰি।

 সকলো আখৰ একে সমান নহয়। সংযোগীৰ ঞ্চ, ঞ্জ, ঞ্ছ, ণ্ড আদি আখৰ ডাঙৰ। “ঞ্চ’’ লিখিবলৈ হলে ‘ঞ’ৰ তলত ‘চ’ বা ‘চ’ৰ ওপৰত ‘ঞ’ তুলি দি লিখিলে আখৰ দুটা হয়। ঠায়ো লাগে বহুত সেই কাৰণে যুক্তাক্ষৰ বিলাকক কম ঠাইতে পাক মাৰি দুটা আখৰক এটা কৰি লিখা হয়।

 অসম চৰকাৰে অসমীয়া লিখন যন্ত্ৰত যুক্তাক্ষৰ বিলাক ভাঙি ভাঙি এটা এটাকৈ লিখাৰ দিহা কৰিছে। অসমীয়া লিখন যন্ত্ৰত কেতবোৰ অসুবিধা আছে। সেই