পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২ ]

হব৷ পাখীটো নিবলৈ হলে লগত এটা দোৱাতো লৈ যাব লাগিব। কেনেবাকৈ যদি দোৱাতৰ সাফৰখন খুলিব লাগিল তেনেহলে সোপাকে চিয়াহী গ'ল। হাতে- ভৰিয়ে, কানিয়ে কাপোৰে এসোপা চিয়াহী লগাই খোলা মুখৰ দোৱাত এটা লৈ ফুৰাতকৈ মোনাত পেন এটা লৈ ফুৰা বেছি সহজ। কিন্তু পেনটো নিশ্চয় ভাল হব লাগিব।

 আগেয়ে বজাৰত এবিধ সাফৰ নথকা দোৱাত ওলাইছিল। দোৱাতটোত চিয়াহী ভৰাই বগৰাই দিলেও চিয়াহী নপৰে। ভিতৰলৈ ঘোৰ খোৱা। আজি কালি, সেই বিধ দোৱাত পাবলৈ নোহোৱা হ'ল। আগৰ সেই দোৱাতো গল; পাখীও গ'ল। তাৰ পৰিৱৰ্ত্তে ওলাইছে অসংখ্য সস্তীয়া ফাউন্টেন পেন। এই পেন বিলাকৰ নিব্ বোৰ ভোটা। জিভাবিলাক বেকাঁ। লিখাৰ আগতেই চিয়াহী ‘লিক’ কৰি থাকে।

 আখৰ ভাল কৰিবলৈ হলে সস্তীয়া পেন পৰিহাৰ কৰি ভালপেন লব লাগিব। উপযুক্ত সঁজুলিৰ ওপৰতে আখৰৰ উন্নতি নিৰ্ভৰ কৰে। আখৰ ভাল কৰাৰ ওপৰত তিনিটা বস্তুই প্ৰাধান্য লাভ কৰে

 “কাপ, কাঠি, পাত তেহে চাবা আখৰৰ জাত।” কাপ : নিব্; কাঠি : নাল বা হেণ্ডেল আৰু পাত: কাগজ ভাল নহলে আখৰ ভাল হব নোৱাৰে। ভাল কলম ভাল আখৰ, বেয়া কলম বেয়া আখৰ। লিখা সঁজুলিবোৰ উপযুক্ত হব লাগিব।

 আগৰ দিনৰ কলমৰ ভিতৰত নানাৰকম চৰাইৰ পাখী, পৈণত খাগৰি, ঢেঁকীয়া আৰু বাঁহৰ কাপেই প্ৰধান। তল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক সকলে এই- বোৰ প্ৰশস্ত বুলি কয়। আজৰি পৰত তোমালোকেও ইয়াৰে লিখিব পাৰা।