পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩ ]


 অশোকৰ ৰাজত্ব কালত তেওঁ ব্ৰাহ্মী আৰু খৰোষ্টী নামৰ দুই প্ৰকাৰ লিপিৰ ব্যৱহাৰ কৰিছিল। তামৰ ফলি, স্তম্ভ, গুহা আৰু দেৱালৰ গাত আজিও সেই কালৰ আখৰ দেখিবলৈ পোৱা যায়। আধুনিক জগতৰ আখৰ পুৰণি আখৰৰ পৰাই পৰিবৰ্ত্তন হৈ আজিৰ এই ৰূপ পাইছে। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে মানুহৰ মনবোৰো পৰিবৰ্ত্তিত হৈছে। সেয়েহে মানুহে অভিৰুচি অনুসাৰে যুগে যুগে আখৰৰ আকৃতি সলনি কৰি আহিছে।