পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]

মনলৈ আহে। লিখি নথলে কোৱা কথাবোৰ মানুহে পাহৰি যায়। পাহৰি নগলেও পিচত সেইবোৰ কথা বিশ্বাসযোগ্য নহয়। লিখি নথলে ভাববোৰ হেৰাই যায়। স্মৃতি শক্তি থানবান হৈ পৰে৷ বিবেক নষ্ট হয়৷ কল্পনা শক্তিত আউল লাগি বুদ্ধি নিস্তেজ হৈ পৰে। সেই কাৰণে লিপিবদ্ধ কৰিবলৈ প্ৰয়োজন হ’ল আখৰৰ। বিভিন্ন ভাষাৰ মাজত সৃষ্টি হ’ল বিভিন্ন বৰ্ণ বা আখৰৰ। কিন্তু কোন সময়ত প্ৰথম আখৰৰ সৃষ্টি হয় তাক আজিও সঠিককৈ থাৱৰ কৰিব পৰা নাই। মানৱ জাতি সৃষ্টি হোৱাৰ লগে লগে লিখা পঢ়াৰ সৃষ্টি হোৱা নাছিল। মানৱ সৃষ্টিৰ পিচত ভাষাৰ সৃষ্টি; ভাষাৰ সৃষ্টিৰ পিচত বৰ্ণমালাৰ সৃষ্টি হয়। বৰ্ণমালা বহু হেজাৰ বছৰ পিছতহে সৃষ্টি হয়। পৃথিবীৰ বিভিন্ন দেশৰ আখৰৰ আকৃতি বিভিন্ন ধৰণৰ। কোনো- খন দেশৰ লগত কোনোখন দেশৰ আখৰৰ মিল নাই। সেই কাৰণে কোন দেশত পোণ প্ৰথমে আখৰৰ সৃষ্টি হয় সেই কথা খটাংকৈ কব নোৱাৰি।

 তথাপি পণ্ডিত সকলে এটা সিদ্ধান্তত উপনিত হৈছে। পুৰণি ৰোম, গ্ৰীচ, চীন, ভাৰতবৰ্ষ, বেবিলন, মিচৰ আদি সভ্য দেশ সমূহৰ আখৰবোৰ চাই চীন দেশেই প্ৰথম আখৰৰ জনক বুলি কব খোজে। কিয়নো চীন দেশতেই পোন প্ৰথম মুদ্ৰা যন্ত্ৰৰ আবিষ্কাৰ হয়। আনহাতে চীনৰ আখৰবোৰ অদ্ভুত ধৰণৰ। চীনৰ একোটা আখৰকে একোটা শব্দ বুলি কব পাৰি। চীনাভাষা শিকিবলৈ যিমান টান কওতেও সিমান উজু নহয়। লিখিবলৈ আৰু বেচি টান। চীনা ভাষা ওপৰৰ পৰা তললৈ আৰু সোঁফালৰ পৰা বাওঁ ফাললৈ লিখিব লাগে।

 আমাৰ অসমীয়া আখৰৰ জনক দেৱনাগৰী। দেৱনাগৰী আখৰক কুটিল লিপিও বোলে। ব্ৰাহ্মী নামৰ আখৰৰ পৰা এই কুটিল বা দেৱনাগৰী আখৰৰ উদ্ভৱ হৈছে। ব্ৰাহ্মী আখৰ মধ্য এচিয়াত প্ৰচলিত আছিল।