পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]

পুৰণি কালৰ সাঁচিপতীয়া পুথিবিলাক এইবোৰ কলমেৰেই লিখিছিল। চিয়াহীও কিনা নাছিল। শিলিখা আদি ফলৰ গুটি চেপি ক’লা উত্তম চিয়াহী প্ৰস্তুত কৰি লৈছিল। তাহানিৰ সেই ধুনীয়া চিয়াহী, ধুনীয়া কলম, ধুনীয়া আখৰক আজিও মানুহে আদৰ কৰে।

 আগেয়ে অফিচ কাছাৰীত নিব্ লগোৱা হেণ্ডেলৰ ব্যৱহাৰ আছিল। হেণ্ডেলেৰে লিখিলে আখৰবোৰ কাগজত দকৈ ছাপ খাই যায়। কাগজখন কাটি চিয়াহী ভিতৰত সোমাই যায় বাবে আখৰবোৰ উজ্জ্বল আৰু দীৰ্ঘস্থায়ী হয়।

 পাখী, ঢেঁকীয়া, খাগৰি নাইবা বাঁহৰ চেকনিৰ কলম হলে প্ৰথমে কলমটো ভালকৈ কাটি চাঁচি চুৰুকি লৈ তাৰ আগটো সমানে দুভাগ কৰি ফালি লব লাগে। বৰ বেচি চাঁচিবও নালাগে, ফালিবও নালাগে। সামান্য ভোটা থকাই ভাল।

⸺⸺⸺


বিঃ দ্ৰঃ --পৰিশিষ্টত কেইপদমান লিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী উল্লেখ কৰা হৈছে।